সী মিত সুবিধাৰ মাজেদি প্ৰৱল আন্তৰিকতা, একান্ত ইচ্ছা আৰু চেষ্টাৰ ফলত সফলতাৰ বৰভেটি নিৰ্মাণ কৰা বহু লোকে অসমৰ কলা-সংস্কৃতিৰ জগতখনক উজ্জ্বল কৰি তোলাৰ উদাহৰণ অনেক আছে। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, নটসূৰ্য ফণী শৰ্মা, শোণিতকোঁৱৰ গজেন বৰুৱা, গীতিকবি পাৰ্বতিপ্ৰসাদ বৰুৱা আদি বৰেণ্য শিল্পীসকলে অসমীয়া জাতিৰ শিৰ উচ্চ কৰি তোলাত যি অৰিহণা যোগাইছে, সেয়া জাতিটোৰ ইতিহাসত চিৰদিন স্বৰ্ণ-আখৰেৰে জিলিকি থাকিব। এইসকল প্ৰথিতযশা ব্যক্তিৰ ছাঁ গচকি আগবাঢ়ি যোৱা অনেক ব্যক্তিয়ে নিজৰ প্ৰতিভা বিকাশৰ পথত অগ্ৰসৰ হৈ অসমীয়া জাতিৰ ভাষা-সংস্কৃতিৰ উন্নয়নৰ হকে নিষ্ঠা আৰু একাগ্ৰতাৰে সেৱা কৰি অহা বহু লোকৰ জীৱনৰ কৰ্মৰাজি সম্পৰ্কত এতিয়াও যথোযোগ্যভাৱে আলোচনা হোৱা নাই। এনে লোকসকলৰ ত্যাগ আৰু কৰ্মৰাজিৰ সঠিক মূল্যায়ন হোৱাটো নিতান্তই আৱশ্যক। ইতিমধ্যেই পাহৰণিৰ গৰ্ভত সোমাইপৰা তেনে এগৰাকী বিশিষ্ট শিল্পী হ’ল জামুগুৰিহাটৰ শিৱপ্ৰসাদ ভট্টাচাৰ্য। বহুমুখী প্ৰতিভাৰ অধিকাৰী, সমাজ সংস্কাৰক শিৱপ্ৰসাদ ভট্টাচাৰ্যৰ বিষয়ে বিভিন্ন শিতানৰপৰা তথ্য সংগ্ৰহ কৰি সংস্কৃতিপ্ৰেমী ৰাইজক জনাবলৈকে আমাৰ এই লেখা আগবঢ়াবলৈ চেষ্টা কৰিছোঁ।
মাত্ৰ ৩০ বছৰ বয়সতে অকাল মৃত্যুক সাবটি লোৱা শিৱপ্ৰসাদ ভট্টাচাৰ্যৰ মৃত্যুৰ বাতৰিত শোকাভিভূত হৈ পৰা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই লিখিছিল— ‘টকা নাই, পইচা নাই, সি প্লুৰেছি ৰাক্ষসীৰ কৰাল গৰাহত। কেৱল ডেৰকুৰি বছৰ! কিমাননো বয়স! চুপহিতে সুৰভি বিলাই সি ঢোপাকলিতে মৰহি গ’ল।’ আনহাতে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাই লিখিছিল— ‘অসমীয়া যশস্বী শিল্পীসকলৰ ভিতৰত আমাৰ অতি চেনেহৰ শিৱপ্ৰসাদ ভট্টাচাৰ্যও এজন। জীয়াই থকা হ’লে ভট্টই অসমৰ গীতিসাহিত্য আৰু সুৰ জগতৰ উন্নতিত যে বহুতো বৰঙণি যোগালেহেঁতেন, তাত সন্দেহ নাই’। এই গৰাকীয়েই শিৱপ্ৰসাদ ভট্টাচাৰ্য, যিগৰাকীয়ে মাত্ৰ ত্ৰিশ বছৰ বয়সৰ জীৱনেৰে অসমৰ সংগীত জগতখনলৈ বলিষ্ঠ অৱদান আগবঢ়াই গ’ল। শিৱপ্ৰসাদ ভট্টাচাৰ্য সম্পৰ্কত বকুলবনৰ কবি আনন্দ চন্দ্ৰ বৰুৱাই কৈছিল— ‘শিৱপ্ৰসাদ ভট্টাচাৰ্যৰ এটি সুমধুৰ কণ্ঠস্বৰ আছিল, কল্পনাত সপোন আছিল, গীত ৰচনা আৰু সুৰ সংযোজনত তেওঁ প্ৰতিভাৰ পৰিচয় দিছিল।’
শিৱপ্ৰসাদ ভট্টাচাৰ্য
মহাবাহু ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত আৰু কালিকা পুৰাণ প্ৰসিদ্ধ ভট্টাৰিকা অৰ্থাৎ জীয়াভৰলী নৈৰ পূব পাৰত অৱস্থিত জামুগুৰিহাটৰ চিলাবন্ধা মৌজা সাহিত্য-সংস্কৃতিৰ সাৰুৱা ভূমি। অসমীয়া সাহিত্যৰ ‘বেকন’ নামেৰে জনাজাত প্ৰসিদ্ধ গদ্য লেখক সত্যনাথ বৰাৰ পূৰ্বপুৰুষ আছিল চিলাবন্ধা মৌজাৰ বাসিন্দা। এই চিলাবন্ধা মৌজাৰে ভৰলী নৈত জাহ যোৱা টঙনাঝাৰ গাঁৱতেই শৈশৱ পাৰ হৈছিল অগ্নিকবি কমলাকান্ত ভট্টাচাৰ্যৰ। এই চিলাবন্ধা মৌজাৰ কেন্দ্ৰস্থলত অৱস্থিত নন্দীকেশ্বৰ গাঁৱতেই জন্ম হৈছিল ‘আৰু নৱজাবি বীণ বাটৰুৱা’ৰ স্ৰষ্টা শিৱপ্ৰসাদ ভট্টাচাৰ্যৰ।
অসমৰ প্ৰখ্যাত অভিনেত্ৰী অনুপমা ভট্টাচাৰ্যৰ স্বামী, প্ৰখ্যাত গায়িকা-শিল্পী ৰুণুমী বৰঠাকুৰৰ পিতৃ শিৱপ্ৰসাদ ভট্টাচাৰ্যৰ জন্ম হৈছিল চিলাবন্ধা মৌজাৰ ডেকাচুক গাঁৱত ১৯২৩ চনৰ ৩ জুলাই তাৰিখে। জন্মৰ কিছুদিনৰ পাছতেই শিৱপ্ৰসাদ ভট্টাচাৰ্যৰ পিতৃসহ ভাই-ককাইৰ আটাইকেইটা পৰিয়াল ডেকাচুকৰপৰা উঠি আহি স্থায়ীকৈ বসবাস আৰম্ভ কৰে নন্দীকেশ্বৰ গাঁৱৰ নন্দীকেশ্বৰ দেৱালয়ৰ সমীপত। তেখেতৰ পিতৃৰ নাম আছিল ৰজনী ভট্টাচাৰ্য। পিতৃ ৰজনী ভট্টাচাৰ্যই মিজিকা চাহ বাগিচাত জমাদাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ৰজনী ভট্টাচাৰ্যৰ পত্নী দুগৰাকীৰ ভিতৰৰে ডাঙৰগৰাকী পত্নী লক্ষেশ্বৰী ভট্টাচাৰ্যৰ পুত্ৰ সন্তান আছিল দুজন। ডাঙৰজন হ’ল আমি আলোচনালৈ অনা শিৱপ্ৰসাদ ভট্টাচাৰ্য আৰু দ্বিতীয়জন পুত্ৰ আছিল ঈশ্বৰ ভট্টাচাৰ্য। আনহাতে দ্বিতীয়গৰাকী পত্নীৰ ভাইটি, চুনু আৰু কণ নামৰ তিনিজন পুত্ৰ সন্তান আছিল। সেই হিচাপত ৰজনী ভট্টাচাৰ্যৰ পাঁচগৰাকী পুত্ৰ সন্তানৰ ভিতৰৰে জ্যেষ্ঠ পুত্ৰ হ’ল শিৱপ্ৰসাদ ভট্টাচাৰ্য।
শিৱপ্ৰসাদ ভট্টাচাৰ্যই প্ৰাথমিক শিক্ষা লাভ কৰিছিল চিলাবন্ধা ল’ৰা এম ভি স্কুলত। এই বিদ্যালয়ত শিক্ষা সমাপ্ত কৰি তেওঁ তেজপুৰ চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত নামভৰ্তি কৰি সেইখন বিদ্যালয়ৰপৰাই প্ৰথম বিভাগত মেট্ৰিক পাছ কৰে। মেট্ৰিকৰ ফলাফল ওলোৱাৰ কিছুদিনৰ পাছতেই তেখেতৰ মাকৰ বিয়োগ ঘটাত আৰু পৰিয়ালৰ আৰ্থিক অৱস্থা বেয়াৰ দিশলৈ গতি কৰাত শিক্ষা জীৱন সিমানতে সামৰিবলৈ বাধ্য হৈ পৰিছিল। ইয়াৰ পাছতেই তেখেতৰ সকলো দায়িত্ব খুৰাক কীৰ্তিপ্ৰসাদ ভট্টাচাৰ্যই গ্ৰহণ কৰে আৰু খুৰাকৰ ছত্ৰছায়াতেই শিৱপ্ৰসাদ ভট্টাচাৰ্যৰ পৰৱৰ্তী জীৱনে গতি লাভ কৰে। কীৰ্তিপ্ৰসাদ ভট্টাচাৰ্য জামুগুৰিহাট অঞ্চলৰ এগৰাকী বিশিষ্ট সমাজকৰ্মী, শিল্পী, অভিনেতা আৰু সৰ্বোপৰি ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী অগ্ৰণী সেনানী আছিল। তেখেতৰে সুযোগ্য পুত্ৰ অসমীয়া চলচ্চিত্ৰৰ বলিষ্ঠ অভিনেতা বিভূতি ভট্টাচাৰ্য। দৰদী শিল্পী শিৱপ্ৰসাদ ভট্টাচাৰ্যৰ সংগীত চৰ্চাৰ দিশত কীৰ্তিপ্ৰসাদ ভট্টাচাৰ্যৰ অৱদান আছিল অতিকে বেছি।
মেট্ৰিক পাছ কৰাৰ পাছতেই আৰ্থিক অনাটনে জুৰুলা কৰা শিৱপ্ৰসাদ ভট্টাচাৰ্যই পোনতে এ আৰ পি বিভাগত ১৯৪২ চনত চাকৰিত সোমায় যদিও দ্বিতীয় বিশ্বযুদ্ধৰ পাছত সেই চাকৰি ইস্তফা দি গুৱাহাটীত থকা কামৰূপ বেংকৰ শাখা পৰিচালক হিচাপে যোগদান কৰে। কিন্তু বেংকটো দেউলিয়া হোৱাত চাকৰি হেৰুৱাব লগাত পৰে। ইয়াৰ পাছতে তেওঁ সংগীত সাধনাত আত্মনিয়োগ কৰে আৰু চন্দ্ৰকান্ত লাহন নামৰ এগৰাকী সংগীত শিল্পীৰ ওচৰত সংগীত শিক্ষা গ্ৰহণ কৰে। একান্ত ইচ্ছা আৰু চেষ্টাৰ ফলত কম দিনৰ ভিতৰতেই তেওঁ জলতৰংগ, বাঁহী, অৰ্গেন আৰু বেহেলাবাদনত পাৰ্গত হৈ উঠে আৰু তেজপুৰৰ বাণ থিয়েটাৰৰ লগত জড়িত হৈ এগৰাকী সুগায়ক হিচাপে স্বীকৃতি লাভ কৰে। ১৯৪৪ চনত কলিকতাৰ অনাতাঁৰ কেন্দ্ৰত কমল নাৰায়ণ চৌধুৰী আৰু পুৰুষোত্তম দাসৰ যত্নত তেওঁ অসমীয়া গীত পৰিৱেশন কৰিবলৈও সুবিধা লাভ কৰে। তেওঁ কলিকতাত থকা সময়তে কিছু গীত ৰেকৰ্ড কৰাৰ সুযোগ লাভ কৰিছিল।
নটসূৰ্য ফণী শৰ্মা আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই পৰিচালনা কৰা ‘চিৰাজ’ ছবিখনে মুক্তি লাভ কৰিছিল ১৯৪৮ চনত। এই ছবিখনৰ সংগীত পৰিচালনা কৰিছিল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই আৰু সহকাৰী পৰিচালক আছিল সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা আৰু শিৱপ্ৰসাদ ভট্টাচাৰ্য। ছবিখনৰ ‘আৰু নবজাবি বীণ বাটৰুৱা’ গীতটিৰ ৰচক আৰু সুৰকাৰ আছিল শিৱপ্ৰসাদ ভট্টাচাৰ্য। জনপ্ৰিয়তাৰ উচ্চ শিখৰ লাভ কৰা এই গীতটিত ভট্টাচাৰ্যই নিজে কণ্ঠদান কৰাৰ উপৰি চলচ্চিত্ৰখনৰ এটা উল্লেখযোগ্য চৰিত্ৰত অৱতীৰ্ণ হৈছিল। এই গীতটি ইমানেই জনপ্ৰিয় হৈছিল যে সেই সময়ত সকলো লোকৰ মুখতেই আৰু সকলো অনুষ্ঠানতেই গীতটো পৰিৱেশন কৰা হৈছিল। এই গীতটিৰ বাহিৰেও ছবিখনৰ আটাইকেইটা গীতেই জনপ্ৰিয়তা লাভ কৰিছিল।
এজন সমাজ সংস্কাৰক আৰু জাগ্ৰত বিপ্লৱী আছিল শিৱপ্ৰসাদ ভট্টাচাৰ্য। ‘চিৰাজ’ ছবিৰ নিৰ্মাণ কাৰ্যত জড়িত হৈ থকাৰ সময়তেই সেই সময়ৰ কঠোৰ সামাজিক বাধা নেওচি গোড়া ব্ৰাহ্মণ পৰিয়ালৰ সন্তান হৈও অদম্য সাহসেৰে তেওঁ বিধবা বিবাহ কৰাই বহল মনৰ পৰিচয় দিছিল। এই সম্পৰ্কত ‘অসমীয়া প্ৰতিদিন’ কাকতৰ ২০১২ চনৰ ১৫ ছেপ্টেম্বৰ তাৰিখৰ ‘নাৰী দৰ্পণ’ শিতানত ‘অনুপমা ভট্টাচাৰ্য: যেন জুয়ে পোৰা সোণ’ শীৰ্ষক সুৰেশ কুমাৰৰ সাক্ষাৎমূলক এটি লেখাত উল্লেখ কৰিছে এনেভাৱে— “১৯২৮ চনৰ ২৮ আগষ্ট তাৰিখে অনুপমা ভট্টাচাৰ্যৰ জন্ম হৈছিল শিৱসাগৰত। তেওঁৰ পিতৃ আছিল লক্ষ্মীনাথ বেজবৰুৱাৰ বংশৰ গোপাল বেজবৰুৱা আৰু মাতৃ আছিল কবি আনন্দ চন্দ্ৰ বৰুৱাৰ বায়েক গুণদা বেজবৰুৱা। পিতৃ-মাতৃৰ অনুশাসনভৰা শৈশৱটো পাৰ হ’ল কি নাই, ১২ বছৰ বয়সত অনুপমাৰ বিয়া ঠিক হ’ল সৰ্থেবাৰী (বৰপেটা)ৰ এজন ল’ৰাৰ লগত। কইনা হৈ সৰ্থেবাৰী পায়গৈ মানে ১২ বছৰীয়া ছোৱালীজনীৰ দুই-তিনিদিন ধৰি তীৰকঁপে জ্বৰ উঠিল। বৰৰ ঘৰত ধৰ্মীয় আনুষ্ঠানিকতাৰ অংশ হিচাপে বিয়াৰ দুই-চাৰিদিন পাছতে কৰা এখন পূজাৰ পাছতে দৰাজন ঢুকাই থাকিল। ফুলকুমলীয়া ছোৱালীজনী ঘৰ পালেহি। পিন্ধাই দিয়া হ’ল ফ্ৰকৰ সলনি বিধৱাৰ সাজ। খোৱাৰ তালিকাৰপৰা বাদ পৰিল মাছ-মাংস সকলো। এনেকৈয়ে চাৰি বছৰমান যোৱাৰ পাছত এদিন ফণী শৰ্মা আহিল তেওঁলোকৰ ঘৰলৈ । ‘চিৰাজ’ ছবিত অভিনয় কৰাৰ বাবে অনুপমাক লাগে। মাকে আপত্তি কৰিছিল। কিন্তু গোপাল বেজবৰুৱাই ক’লে— ‘তাই যদি ইচ্ছা কৰে কৰক। তাইৰ কিবা এটা ভাল-বেয়া হ’লে সমাজখনে ৰক্ষা নকৰে নহয়।’ দেউতাকৰ সেই উদাৰতাৰ আশীৰ্বাদ লৈ অনুপমা তেজপুৰ পালেগৈ শ্বুটিং কৰিবলৈ। শ্বুটিঙৰ সময়ত তেওঁৰ খোৱা-লোৱাৰ তদাৰক কৰিবলৈ ল’ৰা এজন নিয়োগ কৰিছিল ফণী শৰ্মাই— অনুপমাৰ মাকক দিয়া আশ্বাস অনুসৰি। কাৰণ তেওঁ বিধৱা। এদিন সকলোৱে একেলগে ভাত খাই থাকোঁতে সংগীত শিল্পী শিৱপ্ৰসাদ ভট্টাচাৰ্যই ক’লে— ‘অনুৰ পাতত মাংস দে।’ সকলো আচৰিত। ভট্টাচাৰ্যই আকৌ ক’লে— ‘মই তাইক বিয়া কৰাম।’ এইদৰে এটা নতুন জীৱনৰ আৰম্ভণি ঘটিল। অনু হৈ পৰিল অনুপমা ভট্টাচাৰ্য।”
এইদৰেই এগৰাকী বিধৱাক জীৱনসংগিনী কৰি তেওঁ সাহসেৰে সমাজ সংস্কাৰৰ আদৰ্শ দাঙি ধৰিছিল। তাৰ বাবে সেই সময়ৰ অতি গোড়া ৰক্ষণশীল সমাজখনৰ কোপদৃষ্টিত পৰি তেওঁ কঠোৰ দণ্ডৰে দণ্ডিত হ’ব লগা হৈছিল। সি যি নহওক, এই সংস্কৃতিৰ পূজাৰীগৰাকীয়ে সকলো আওকাণ কৰি উদ্যম আৰু সাহসেৰে জীৱন যুদ্ধত আগুৱাই গৈছিল। পৰৱৰ্তী সময়ত পৰিয়ালৰ ভৰণ-পোষণৰ স্বাৰ্থতেই ফুলবাৰী চাহ বাগিচাত মহৰীৰ চাকৰিত যোগদান কৰিছিল। সেই ফুলবাৰীতেই জন্ম হৈছিল তেওঁলোকৰ কন্যা সন্তান ৰুণুমীৰ। এই ৰুণুমীয়েই এদিন হৈ পৰিল অসমৰ সুকণ্ঠী কণ্ঠশিল্পী ৰুণুমী বৰঠাকুৰ।
শিৱপ্ৰসাদ ভট্টাচাৰ্যই ‘চিৰাজ’ ছবিত সহকাৰী সংগীত পৰিচালক হিচাপে সফলতা লাভ কৰাৰ পাছত ১৯৪৮ চনত অজিত সেন পৰিচালিত ‘বিপ্লৱী’ নামৰ ছবিত সংগীত পৰিচালকৰ দায়িত্ব গ্ৰহণ কৰিছিল। ইয়াৰ পাছত তেওঁ অনুপমা প্ৰডাক্শ্যন নাম দি এটা অনুষ্ঠান খুলি ‘সংসাৰ’ নামৰ এটি কাহিনীৰ চিত্ৰৰূপ দিবৰ কাৰণে প্ৰচেষ্টা চলাইছিল। কিন্তু তেওঁ সফল হ’ব নোৱাৰিলে।
শিৱপ্ৰসাদ ভট্টাচাৰ্যই জীৱনৰ শেষৰ কেইবাবছৰমান (১৯৫০-৫১) শিৱসাগৰত কটাইছিল। সেই সময়ত শিৱসাগৰত ৰংপুৰ জ্যোতি সংঘ নামেৰে এটি সক্ৰিয় সামাজিক-সাংস্কৃতিক অনুষ্ঠান আছিল। শিৱসাগৰত থকা সময়ছোৱাত ভট্টাচাৰ্যই এই ৰংপুৰ জ্যোতি সংঘৰ লগত সক্ৰিয়ভাৱে জড়িত হৈ পৰিছিল। এই সম্পৰ্কত ‘প্ৰান্তিক’ আলোচনীৰ ১৬-২০ জুন (২০১৪) সংখ্যাত প্ৰকাশিত উমেশ চন্দ্ৰ ঠাকুৰৰ ‘আৰু নবজাবি বীণ বাটৰুৱাৰ স্ৰষ্টা শিৱপ্ৰসাদ ভট্টাচাৰ্যৰ সুৰ, কণ্ঠ আৰু জীৱন’ শীৰ্ষক লেখাত উল্লেখ কৰিছে এইদৰে— “সেই সময়ৰ এই সংঘৰ প্ৰতিষ্ঠাপক সদস্যৰপৰা ভট্টাচাৰ্যৰ অভিনয়, সৃষ্টিশীল প্ৰতিভাৰ বিষয়ে জানিব পাৰি অভিভূত হৈ পৰিছিলো। ১৯৫০ চনত শিৱসাগৰ মঞ্চত (পুৰণা ক্লাব ঘৰ, বৰ্তমানৰ নাট্যমন্দিৰ) জ্যোতিসংঘৰ দ্বাৰা মঞ্চস্থ হোৱা ‘ৰুণুমী’ নাটকত শিল্পীগৰাকীৰ সংগীত প্ৰতিভা, সৃজনীশক্তি, আৱহ সংগীতৰ পৰিকল্পনা আৰু প্ৰয়োগৰ কথা তেখেতৰ সান্নিধ্যত থকাসকলে আজিও শ্ৰদ্ধাৰে স্মৰণ কৰে। সুৰৰ যাদুকৰগৰাকীৰ আঙুলি যেতিয়া পিয়ান’ বা অৰ্গেনৰ ৰীডৰ ওপৰেদি বাগৰি গৈছিল, সেই আঙুলিৰ প্ৰতিটো পৰশ হৈ পৰিছিল এটি নতুন সুৰ, এটি নতুন সৃষ্টি।”
অৱশেষত আহিছিল সেই মৰ্মান্তিক শোকৰ দিনটো। প্লুৰেছি নামৰ এটি দুৰাৰোগ্য ৰোগে শিল্পীগৰাকীক আৱৰি ধৰিলে। ১৯৫৩ চনৰ ২৯ এপ্ৰিল। পৱিত্ৰ পূৰ্ণিমাৰ এই দিনটোতেই মহান শিল্পীগৰাকীৰ জীৱনৰ বন্তিগছ অকালতে নুমাই থাকিল। দৰিদ্ৰতাৰ লগত যুঁজি, গোড়া সমাজখনৰ লোহাৰ শিকলি ছিঙি সুন্দৰৰ আৰাধনা কৰিবলৈ আগবাঢ়ি অহা শিল্পীগৰাকী এনেভাৱেই চিৰদিনৰ বাবে হেৰাই গ’ল অসমী আইৰ বুকুৰপৰা। এগৰাকী মহান শিল্পীৰ দেহাৱসান ঘটিল। কিন্তু সমাজখনে তেওঁৰ মৃত শৰীৰটোক কি দিলে? তেওঁ পালেনে যথোচিত সন্মান? এই বিষয়ত ‘প্ৰান্তিক’ আলোচনীত প্ৰকাশিত উমেশ চন্দ্ৰ ঠাকুৰৰ লেখাটোত উল্লেখ হৈছে— “মৃত্যুতেই জানো সকলো শেষ! দুৰাৰোগ্য ৰোগত মৃত্যুবৰণ কৰা, বিধৱা বিবাহ কৰোৱা শিল্পীগৰাকীৰ শেষকৃত্যৰ বাবে গোড়া সমাজখনৰ কোনো লোক ওলাই আহিবলৈকো শংকাবোধ কৰিলে। অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিবলৈ আগবাঢ়ি আহিল ৰংপুৰ জ্যোতি সংঘৰ সৎ সাহসী, সংস্কৃতিপ্ৰেমী, নিৰ্ভীক কেইজনমান ডেকা। অনুপমা ভট্টাচাৰ্যৰ ওচৰচুবুৰীয়া জ্যোতি সংঘৰ অন্যতম প্ৰতিষ্ঠাপক সদস্য চণ্ডীপ্ৰসাদ বৰুৱাই (বৰ্তমান আশীৰ ঊৰ্ধ্বৰ) আগভাগ ল’লে। এই মহৎ কামৰ বাবে আগবাঢ়ি অহা কেইবাজনৰো ইতিমধ্যে দেহাৱসান হৈছে। সেইসকল হৈছে— হেমন্ত বৰুৱা, গেব্ৰিয়েল থিন চিন, বিভূতি চলিহা, জেহিৰুদ্দিন আহমেদ, ধীৰেন চক্ৰৱৰ্তী (কেউজন প্ৰয়াত) আৰু চণ্ডীপ্ৰসাদ বৰুৱা, গোপাল বৰুৱা আৰু ভুৱন বৰঠাকুৰ। আজি দুবছৰমান আগেয়ে অনুপমা ভট্টাচাৰ্যক লগ পাওঁতে তেখেতে এই ডেকাকেইজনে সেইদিনা দেখুওৱা সঁচা সমাজসেৱাৰ আদৰ্শৰ কথা শ্ৰদ্ধা আৰু কৃতজ্ঞতাৰে সুঁৱৰিছিল। দিখৌ পাৰৰ শ্মশানত শিল্পীগৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হৈছিল। এনেভাৱেই শেষ হৈ গৈছিল এগৰাকী সংস্কৃতিৰ পূজাৰীৰ জীৱন।”
শিৱপ্ৰসাদ ভট্টাচাৰ্যৰ মৃত্যুৰ পাছত তেখেতৰ পত্নী অনুপমা ভট্টাচাৰ্যই শিল্পীগৰাকীয়ে ৰচনা কৰা কিছু গীত সংগ্ৰহ কৰি ‘হিয়াৰ কহিনুৰ’ নামেৰে এখন গীতি-কবিতাৰ পুথি প্ৰকাশ কৰিছিল (প্ৰথম সংস্কৰণ অক্টোবৰ, ১৯৫৪)। পৰিয়ালৰপৰা জানিব পৰা মতে তেজপুৰৰ পৰা নিমাতী ঘাটলৈ শিল্পীগৰাকীয়ে ব্ৰহ্মপুত্ৰইদি জাহাজেৰে ভ্ৰমণ কৰোঁতে অকস্মাৎ গীতৰ পাণ্ডুলিপি নদীত পৰি যায়। গতিকে বহু গীত উদ্ধাৰ কৰিব পৰা নগৈছিল। আমি সংগ্ৰহ কৰিব পৰা কেইটিমান গীতৰ কলি উল্লেখ কৰা হ’ল:
-
বাট বুলি ভাগৰি পৰিলে জিৰাম তোমাৰ স্মৃতিৰ শীতল ছাঁত
-
মলয়া অ’ প্ৰিয়াৰ দেশলৈ যা
-
কলিজাৰ ৰঙা তেজেৰে বোলোৱা/ বাবৰ লিপিকাখনি তোমাৰ কোমল বুকুত পৰশি চকুলো আনিলে জিনি (এই গীতটো এইচ্ এম ভিত ৰেকৰ্ড কৰা)
-
সাতাম পুৰুষীয়া পেঁপাটি মোৰ/ মাণিকী মধুৰি মাত অ’ তাৰ মাণিকি মাধুৰি মাত/ মৰমৰ কুঁহি ফুল সুৰে বিচাৰি যায়/ মৰমীৰ আলফুল গাত
-
ৰঙালী অ’ ৰঙালী অ’ বহাগৰ ৰঙালি অ’/ বাৰিষাৰ বতৰা আনিলি অ’/ ৰহালি ৰঙতে ৰঙিলি অ’
-
নেতাই ধুবুনীৰে ঘাট অ’ বেউলা নেতাই ধুবুনীৰে ঘাট।
এনেধৰণৰ বহু গীত ৰচনা কৰি সুৰ দি জনপ্ৰিয় হৈপৰা শিল্পীগৰাকীৰ কণ্ঠৰে নিগৰা পুৰুষোত্তম দাস ৰচিত অতি জনপ্ৰিয় আৰু সমাদৃত গীত আছিল— অ ৰূপহী সূৰুয উঠা দেশৰপৰা সেন্দূৰ গুলি আনি/ কোনে দিলে গোপনে তোৰ দুগালতে সানি। শিল্পী নৃপেন মহন্তই ‘স্মৃতিৰ নিজৰা’ নামৰ এখন চিডিত শিৱপ্ৰসাদ ভট্টাচাৰ্যৰ ‘আৰু নবজাবি বীণ বাটৰুৱা/ নবজাতি তোৰ বীণ,/ নাই তোৰ এতিয়া সপোন সুৰীয়া/ তাহানিৰ হেৰুৱা দিন’ গীতটি বাণীবদ্ধ কৰিছে।
শিৱপ্ৰসাদ ভট্টাচাৰ্যই মাত্ৰ ৩০ বছৰ বয়সৰ ভিতৰতে অসমৰ সাংস্কৃতিক জগতখনলৈ আগবঢ়াই গ’ল অতুলনীয় অৱদান।
❧ | আৰু পঢ়ক: