মোৰ হিয়াৰ প্ৰতিটো মৃদু কঁপনিত
জ্বলে
তোমাৰ প্ৰেমৰ শলিতা
দুচকুত জ্বলে জীৱন গান
পাহৰি পাহৰি আহে
সপোন
মোৰ চোতালত কৰে
শৈশৱৰ খেলা
তাৰ প্ৰাণোচ্ছল হাঁহিয়ে আঁকে
এখনি ৰামধেনু
আবেলিৰ উকা আকাশত
ডকা ফুটা মোৰ বুকুৰ পৰা
উৰি যায়
এজাক বগলী
আকাশ ধিয়াই
❧ | আৰু পঢ়ক:
HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক