অমূল্য বৰুৱাৰ কবিতা ‘কুকুৰ’: সামাজিক নিষ্পেষণৰ বলিষ্ঠ প্ৰতিবাদ

অমূল্য বৰুৱাৰ কবিতা ‘কুকুৰ’: সামাজিক নিষ্পেষণৰ বলিষ্ঠ প্ৰতিবাদ
  • 27 Jun, 2022

ধুনিক অসমীয়া কাব্য ইতিহাসত ৰোমাণ্টিক যুগৰ পাছতেই নতুন বা সাম্প্ৰতিক কবিতা হিচাপে আখ্যা পোৱা কবিতাৰাজিৰ উন্মেষ হয় ‘জয়ন্তী’ কাকতৰ পাতত। চল্লিশৰ দশকৰ মাজভাগত প্ৰকাশিত ‘জয়ন্তী’ত যিসকল কবি-সাহিত্যিকে কবিতাৰ যোগেৰে সমাজৰ বাস্তৱ উদঙাই দেখুৱাবলৈ আগবাঢ়ি আহিছিল, সেই সকলৰ ভিতৰত অমূল্য বৰুৱা আছিল অন্যতম অগ্ৰদূত। ক’ব পাৰি, অমূল্য বৰুৱা অসমীয়া ৰোমাণ্টিক কবিতাৰ অস্তাচল আৰু নতুন কবিতাৰ উদয়াচলৰ যুগসন্ধিৰ কবি। তেওঁৰ কবিতাত পোনপ্ৰথমে নব্য মানৱতাবাদ, বাস্তৱবাদ আৰু সাম্যবাদৰ সুৰ প্ৰতিধ্বনিত হোৱা শুনা যায়। ৰোমাণ্টিক কবিতাৰে কাব্য জীৱনৰ পাতনি মেলা অমূল্য বৰুৱাই জীৱনৰ শেষৰ তিনি বছৰমানহে প্ৰগতিবাদী চিন্তাধাৰাৰে কবিতা ৰচনা কৰিছিল আৰু সেই কবিতাখিনিৰেই তেওঁ অসমীয়া কাব্যজগতত উজ্জ্বল নক্ষত্ৰ ৰূপে আজিও জিলিকি আছে।

কুৰি শতিকাৰ চতুৰ্থ দশকটো অসমীয়া কবিতাৰ কাৰণে এটা বিশেষত্বপূৰ্ণ সময়। এই সময়ছোৱাতে অসমীয়া কবিতাত সঞ্চাৰ হোৱা কিছু নব্যানুভূতিয়ে পূৰ্বৰ ৰোমাণ্টিক ভাৱধাৰাৰ পৰা ফালৰি কটাই নি কবিতাক এক সুকীয়া মৰ্যাদা প্ৰদান কৰিলে। ৰোমাণ্টিক যুগৰ আকাশলংঘী কল্পনাৰ উচ্চাস স্তিমিত হৈ বাস্তৱ সচেতনতাই গা কৰি উঠিল। কবিতাৰ আংগিক আৰু বিষয়বস্তু দুয়োটাতে পৰিৱৰ্তন হ’ল। নতুন নতুন ভাৱ, নিত্য-নতুন অভিজ্ঞতা, মানুহ আৰু জগতৰ প্ৰতি বাস্তৱ দৃষ্টিভংগীয়ে অসমীয়া কবিতাৰ বোৱতী সুঁতিত যি নতুন লহৰ তুলিলে, তাৰ নামেই হ’ল নতুন কবিতা বা আধুনিক কবিতা।

সেই সময়ছোৱাত অমূল্য বৰুৱাই তেওঁৰ সমসাময়িক সমাজখনৰ ক্ষয়িষ্ণু ৰূপৰ চিত্ৰণ কবিতাৰ যোগেদি দাঙি ধৰিছিল আৰু বৈপ্লৱিক চেতনাৰে পাঠক সমাজক উদ্বুদ্ধ কৰি এখন সুস্থ সমাজ গঢ়াত গুৰুত্ব আৰোপ কৰিছিল। অমূল্য বৰুৱাই তেওঁৰ কবিতাত মানুহৰ সামাজিক প্ৰগতি বিচাৰিছিল আৰু লাঞ্ছিত, অপমানিত, শোষিত সৰ্বসাধাৰণ মানুহৰ মুক্তি কামনা কৰিছিল। অমূল্য বৰুৱাৰ এই কবিতাখিনি যুদ্ধবিধস্ত পৃথিৱীৰ অভিজ্ঞতাৰ প্ৰকৃত প্ৰতিনিধিত্বমূলক চিত্ৰলিপি।

মহাযুদ্ধৰ পাছত অসমৰ বৌদ্ধিক সমাজ আৰু চিন্তাশীল লোকৰ মানসপটত সমাজবাদী দৃষ্টিভঙ্গী আৰু সমাজ-সচেতন মনোভাৱ গঢ় লৈ উঠিছিল আৰু এনে চিন্তা-চেতনা গঢ়ি উঠাৰ ক্ষেত্ৰত এহাতে যিদৰে গান্ধীজীৰ ৰাজনৈতিক গণতান্ত্ৰিক দৰ্শনে প্ৰভাৱ পেলাইছিল, অন্যহাতে প্ৰভাৱ পেলাইছিল মাৰ্ক্সীয় দৰ্শনেও। অমূল্য বৰুৱাৰ কবিতাত এই দুয়োটা দৰ্শনৰে যেন প্ৰভাৱ পৰিছিল আৰু তেওঁৰ কাব্যসৃষ্টিয়ে সমাজৰ কদৰ্য ৰূপ দাঙি ধৰাৰ লগতে সাম্যবাদী মনোভাৱো প্ৰকাশ কৰিছিল। কবিতাসমূহৰ মাজেৰে অমূল্য বৰুৱাৰ জাতীয় চেতনা, সমাজৰ উচ্চ শ্ৰেণীৰ ভেম-ভণ্ডামিৰ তীব্ৰ বিৰোধিতা আদি নিৰ্ভীকভাৱে প্ৰকাশ পাইছিল। এক বিদ্ৰোহাত্মক জীৱন দৰ্শনে তেওঁৰ কবিতাৰাজিৰ মাজত ভুমুকি মাৰিছে। তেওঁৰ এই বিদ্ৰোহ আছিল প্ৰকৃততে সামাজিক ভণ্ডামিৰ বিৰুদ্ধে, অন্যায়-অবিচাৰৰ বিৰুদ্ধে আৰু শোষণ-নিষ্পেষণৰ বিৰুদ্ধে।

অমূল্য বৰুৱাৰ কবিতাতেই প্ৰথমে পোৱা গৈছিল সমাজৰ শোষক শ্ৰেণীৰ প্ৰতি শোষিতসকলৰ উচ্চাৰিত ঘৃণা। প্ৰগতিবাদী মাৰ্ক্সীয় দৰ্শনৰ উদাৰ নৈতিক চেতনা আৰু সাম্যবাদেৰে সঞ্জীৱীত অমূল্য বৰুৱাৰ অন্তৰে সামাজিক গাঁথনিৰ ক্ষিপ্ৰ পৰিৱৰ্তন বিচাৰি ব্যাকুল হৈ পৰিছিল। সামাজিক নিষ্পেষণ আৰু ক্ষুধাৰ বাবেই এটি অতি ঘৃণিত জীৱন গ্ৰহণ কৰিবলগা হোৱা বেশ্যাসকলৰ বুকুৰ যন্ত্ৰণা, দেহৰ কেঁচা তেজেৰে প্ৰভুৰ পুঁজি শকত কৰা কয়লাখনিৰ বনুৱা আৰু এটুকুৰা ৰুটিৰ কাৰণে ডাষ্টবিনত কুকুৰৰ সৈতে যুঁজ কৰা ভিখাৰী ল’ৰা-ছোৱালীৰ দুৰ্দশা দেখি অমূল্য বৰুৱা অতিষ্ঠ হৈছিল। শ্ৰেণী বৈষম্য, সামাজিক অসাম্য আৰু অনীতিয়ে, পুঁজিপতি দালালৰ শোষণ-নিপীড়নে এচাম লোকক যে দিনৰ পাছত দিন ধৰি বঞ্চিত আৰু লাঞ্ছিত কৰি আহিছে, সেই কথা অনুভৱ কৰিয়েই কবি-হৃদয় ক্ষোভ আৰু বেদনাত গুজৰি-গুমৰি আছিল। তাৰে ফলস্বৰূপে বৰুৱাৰ কলমৰ পৰা জন্ম হৈছিল ‘কয়লা’, ‘বেশ্যা’, ‘কুকুৰ’, ‘বিপ্লৱী’, ‘আজি আমাৰ বিহু’, ‘ভাৰতীয় স্বপ্ন’ আদি কবিতাগুচ্ছ।

অমূল্য বৰুৱাৰ কবিতা

কুকুৰ

সউদল কুকুৰ
প্ৰত্যেকটো ৰাস্তাৰ
আৱৰ্জনাৰ দ’মবিলাকৰ কাষে কাষে
সিহঁতৰ প্ৰত্যেকৰে মুখে মুখে
ৰস নাইকিয়া শুকান একোডোখৰ
জাতি-বৰ্ণ বিচাৰ নোহোৱা হাড়;
নাইবা কোনোটোৰ মুখত
ফুটা জোতাৰ একো টুকুৰা লেকেটা চামৰা।
দুই-এটা ভাগ্যৱানৰ বাহিৰে
চুৱা-পাতনিৰ ভাতৰো সিহঁতৰ বাবে অনাটন।
সিহঁতৰ পাছে পাছে ফুৰিছে
গাৰ ছাঁৰ দৰে আন্ধাৰ বুভুক্ষা।
ক্ষুধাৰ তাড়নাত সিহঁতে পাহৰি যায়—
“অহিংসা পৰম ধৰ্ম”
সিহঁতৰ অশৃংখল কোলাহলপূৰ্ণ, হিংসামত্ত সমাজত
ক্ষুধা নিবাৰণৰ কেৱল কঠোৰ সংগ্ৰাম!
যুধিষ্ঠিৰৰ লগত স্বৰ্গাৰোহণৰ আশাত
ধৰ্মযাত্ৰা কৰিবৰ মৰসাহ আৰু সিহঁতৰ নাই।
ক্ষুধাৰ তাড়না,
লোভৰ লেলাৱতি
আৰু চোকা দাঁতৰ কুট্ কুটনিত,
নীৰস হাড় আৰু লেকেটা চামৰাও হয়
সিহঁতৰ বাবে
সৰস আৰু প্ৰটিন’ৰ দৰে কোমল।
ইমান তৃপ্তি সিহঁতৰ!
দাঁতত পেলাই চোবোৱাৰ
নানা কৌণিক ভংগিমাৰে
সিহঁতে যেন আৰু জটিল কৰি দিয়ে
সৃষ্টিৰ এটা পুৰণি জটিল প্ৰশ্ন— “আমি কেৱল খাবৰ বাবে জীছোঁ নে
আমি জীৱৰ বাবে খাইছোঁ?”
কিন্তু, “খোৱা, পিয়া আৰু স্ফূৰ্তি কৰা”
খাবৰ বাবে জী থকাৰ প্ৰত্যেকটো আহিলাৰে যে
সিহঁতৰ অভাৱ!
জীৱৰ বাবে খাবলৈ
খাদ্যৰ নামতো সিহঁতে পায় মহামাৰীৰ বীজ!
এনেকৈয়ে সিহঁতে মৃত্যুক নিজে মাতি মৰিব,
সিহঁত নিৰুপায়!
সিহঁতৰ প্ৰত্যেকৰে কপালত যে সনা আছে
কুৰি শতিকাৰ সভ্যতাৰ নিলাজ হাতৰ চেকা;
আন্ধাৰ নিশাৰ প্ৰভুৰ ঐশ্বৰ্য-চন্দুক বিশ্বাসী প্ৰহৰী
পোহৰত দুৰ্বল নিষ্পেষিত ঘৃণিত প্ৰভুভক্ত ঢেকুৰা
সকলোৱে সিহঁতক উপলুঙা কৰে;
এইখন পৃথিৱীত কি যে কূট চক্ৰান্ত!
এই দল খাবলৈ নোপোৱা কুকুৰ
ইহঁত নিম্নবংশ জাত।
কিন্তু আৰু এদল আছে
সেই দল কুকুৰে খাবলৈ পায়,
সিহঁত উচ্চ বংশজাত।
সেই দলৰ খাবলৈ পোৱাৰ সভ্যতাত
গঢ়ি উঠিছে
এই দলৰ খাবলৈ নোপোৱাৰ বৰ্বৰতা।
দুয়ো দলৰ নাম কুকুৰ।

সমাজ যেতিয়া বিভেদকামী ৰূপে পৰিগণিত হয়, উচ্চ-নীচ জাতৰ সৃষ্টি হয়, তেনে সমাজক বিশৃংখলতাই আগুৰি ধৰে আৰু তাত এটা শ্ৰেণীৰ লোকসকল উচ্চ জাতৰ হয় আৰু আনটো নিম্ন জাতৰ হয়। এনেহেন বৈষম্যমূলক সমাজৰ বিভেদ নাশ কৰিবলৈ কঠোৰ সংগ্ৰাম কৰিবলগীয়া হয়। তাৰেই প্ৰতিফলন ঘটিছে অমূল্য বৰুৱাৰ ‘কুকুৰ’ কবিতাটোত। কবিতাটিত প্ৰধানকৈ বৈষম্যমূলক সমাজ-ব্যৱস্থা আৰু শ্ৰেণীসংগ্ৰামৰ চিত্ৰ নিৰ্ভীকভাৱে অতি নিটোল ৰূপত চিত্ৰিত হৈছে। কবিয়ে এই কবিতাটো ৰচনা কৰিছে বিগত শতিকাৰ চতুৰ্থ দশকত দেশত সৃষ্টি হোৱা ভয়াবহ দুৰ্ভিক্ষৰ এক বিশেষ পটভূমিত। দ্বিতীয় মহাসমৰৰ সময়ত, ১৯৪৩ চনত যোৰহাটৰ বিষ্ণুৰাম বৰুৱা হলৰ কাষত থকা ডাষ্টবিনত আমেৰিকান মিলিটাৰীয়ে পেলাই যোৱা ৰুটিৰ টুকুৰা বিচাৰি মগনীয়া আৰু কুকুৰৰ যি টনা-আঁজোৰা, সেই দৃশ্যই ‘কুকুৰ’ কবিতাৰ উৎস। বুভুক্ষাৰ বাবেই কুকুৰ আৰু মানুহৰ মাজত পাৰ্থক্য হেৰাই যায়। ডাষ্টবিনৰ পেলনীয়া ৰুটিৰ টুকুৰা লৈ মানুহ আৰু পশুৰ যি টনা-আঁজোৰা, সেয়াই জীৱন-সংগ্ৰামৰ কঠোৰতা আৰু জীয়াই থকাৰ তাড়নাৰ সঁচা বাস্তৱ ছবি। কবিয়ে মানৱতাবাদৰ মূল্যায়ন নোহোৱা ধ্বংসপ্ৰাপ্ত সমাজ এখনৰ চিত্ৰ আঁকিবলৈ গৈ ‘কুকুৰ’ প্ৰতীকৰ আশ্ৰয় লৈছে—

“এই দল খাবলৈ নোপোৱা কুকুৰ
ইহঁত নিম্নজাতৰ
কিন্তু আৰু এদল আছে
সেইদল কুকুৰে খাবলৈ পায়
সিহঁত উচ্চ বংশজাত।”

খাবলৈ নোপোৱা কুকুৰৰ জাতটো অহৰ্নিশ খাদ্য বিচৰাত ব্যস্ত থাকে। ৰাস্তাৰ কাষত আৱৰ্জনাৰ দ’মৰ কাষে কাষে ক্ষুধাৰ তাড়নাত ক্লান্ত হৈ সিহঁতে এটুকুৰা জাতি-বৰ্ণ পৰিচয়হীন, ৰসহীন শুকান হাড় বা এপাট জোতাৰ লেকেটা চামৰা মুখত লৈ চোবাই আছে। দুই-এটি ভাগ্যবান কুকুৰৰ বাহিৰে সিহঁতৰ বাবে চুৱা পাতনিত পৰি থকা ভাতৰো অনাটন। দুৰ্গন্ধময় পচা খাদ্যও সিহঁতৰ বাবে সৰল আৰু সুস্বাদু হয়। কবিয়ে কবিতাটোৰ মাজেৰে ‘অহিংসা পৰম ধৰ্ম’— এই মহামন্ত্ৰৰ ওপৰতো কুঠাৰাঘাট নকৰাকৈ থকা নাই। নিম্নজাতৰ কুকুৰ শ্ৰেণীয়ে জীয়াই থাকিবলৈ প্ৰয়োজন অনুসাৰে খাবলৈ পোৱা নাই। আন্ধাৰৰূপী বুভুক্ষাই সিহঁতক পিছে পিছে খেদি লৈ ফুৰে। পেটৰ ভোকৰ তাড়নাত সিহঁতে পৰস্পৰক আক্ৰমণ কৰিছে অৰ্থাৎ হিংসাৰ আশ্ৰয় লৈ অহিংসা যে পৰম ধৰ্ম সেয়া পাহৰি পেলাইছে। কবিয়ে কুকুৰৰূপী সৰ্বহাৰা নিপীড়িত মানৱ শ্ৰেণীৰ ক্ষুধা বা ভোকৰ উপশম কোনোদিনে নহয় বুলি ব্যঞ্জনাপূৰ্ণ ভাষাৰে কবিতাটিত বৰ্ণনা কৰিছে। সংস্কাৰকামী বিদ্ৰোহী ভাবাপন্ন কবিয়ে সমসাময়িক সমাজ ব্যৱস্থাৰ নগ্ন-নিষ্ঠুৰ ৰূপ-ছবি দেখি বিব্ৰত হৈছে। ক্ষয়িষ্ণু সমাজৰ ছবি আঁকিবলৈ গৈ কবিৰ মনত সেয়ে প্ৰশ্ন হৈছে— ‘আমি কেৱল খাবৰ বাবে জীয়াই আছোঁ নে জীৱৰ বাবে খাইছোঁ?’

ক্ষুধাৰ তাড়নাই মানুহক পশুৰ স্তৰলৈ অৱনমিত কৰা দেখি কবি চিত্তত হাহাকাৰ ধ্বনিত হৈছে। সেয়ে কবিয়ে ব্যথিত অন্তৰেৰে কৈছে—
“খাবৰ বাবে জী থকাৰ প্ৰত্যেকটো আহিলাৰে যে
সিহঁতৰ অভাৱ
জীৱৰ বাবে খাবলৈ
খাদ্যৰ নামতো সিহঁতে পায় মহামাৰীৰ বীজ।”

আনহাতে, সমাজৰ আনটো শ্ৰেণীৰ মানুহ যেন কেৱল খাবলৈহে জীয়াই আছে। সেইসকল অহৰহ ভোগ-বিলাসত মত্ত হৈ থাকে। কুৰি শতিকাৰ ধ্বংসমুখী সভ্যতাৰ বিকৃত স্পৰ্শই মানৱ সমাজৰ কপালত লিখি দিছে দুখৰ লেখা। বৰ্তমান মানৱ সমাজৰ দুটা ৰূপে মানৱ সমাজক দুটা ভাগত বিভক্ত কৰিছে— এটা ধনী, আনটো দুখীয়া। ধনিক শ্ৰেণীটো সকলো ফালৰ পৰাই সুবিধাবাদী। এই শ্ৰেণীটোৱে দুখীয়াক শোষণ কৰি খায়। সিহঁতৰ শোষণ-নিষ্পেষণত সৰ্বহাৰাৰ দল জৰ্জৰিত। দেশৰ বিপৰ্যয়ৰ সুবিধাত গঢ়ি উঠা মুনাফাখোৰ চোৰাং বেপাৰীৰ কূট-কৌশলৰ বলি হ’ব লগা হৈছে সাধাৰণ মানুহখিনি। সেই সময়ৰ শাসকৰ গোলামি কৰি ধন অৰ্জন কৰা সেই ‘কুকুৰ’বোৰৰ শোষণৰ ফলতেই নিৰীহ, শান্ত জনতায়ো কুকুৰৰ দৰে জীৱন যাপন কৰিবলগীয়া হৈছে। কবিৰ ভাষাত ‘উচ্চ কুকুৰ’ ৰূপে পৰিগণিত—

“সেইদলৰ খাবলৈ পোৱাৰ সভ্যতাত
গঢ়ি উঠিছে
এই দলৰ খাবলৈ নোপোৱা বৰ্বৰতা
দুয়ো দলৰ নাম কুকুৰ।”

শুকাই-খীণাই যোৱা, খাবলৈ নোপোৱা ‘কুকুৰ’ৰূপী মানুহবোৰৰ পিনে চাবলৈ এইচাম মানুহৰ সময় নাই। ক্ষয়িষ্ণু সমাজ ব্যৱস্থাৰ মানৱতাবাদৰ মূল্যায়ন কবি অমূল্য বৰুৱাই ‘কুকুৰ’ কবিতাটিত অতি সাৰ্থকভাৱে অংকন কৰিছে। কবিতাটোত বৰ্ণিত হৈছে বৰ্তমান সভ্যতাত মানৱ সমাজৰ দুটা ৰূপ— এটা দিনৰ পোহৰত দেখা পোৱা স্বৰূপ, আনটো ৰাতিৰ অন্ধকাৰত প্ৰকাশিত বিকৃত ৰূপ। ‘আন্ধাৰ নিশা’ প্ৰতীকৰ দ্বাৰা বৰ্তমান সময়ছোৱাত সভ্যতাই সৃষ্টি কৰা নিষ্ঠুৰতা আৰু বিষময় ফলৰ কথা কবিতাটোত ব্যক্ত কৰিছে। নৈতিকভাৱে অধঃপতিত মানুহৰ ভ্ৰষ্টাচাৰ আৰু দুনীৰ্তিয়ে মানৱ সভ্যতাকে আজি তীব্ৰ ব্যংগ কৰিছে।

আনহাতে ‘ঐশ্বৰ্য চন্দুক’ সভ্যতাৰ ধনাঢ্য ৰূপ। ধনৰ জিলমিলনিতেই আচলতে মানুহৰ মনৰ পৰা আজি চিৰন্তণ প্ৰমূল্যবোৰ অন্তৰ্হিত হৈছে। টকাৰ বাবেই আজি মানুহ পশুৰ শাৰীলৈ নামি গৈছে। আন্ধাৰ নিশাৰ ঐশ্বৰ্য চন্দুকৰ বিশ্বাসী প্ৰহৰী মানুহেই। কুকুৰে যেনেকৈ প্ৰভুৰ ঐশ্বৰ্যৰ পহৰা দিয়ে, ৰাতি চোৰ ডকাইতৰ পৰা প্ৰভুৰ সম্পত্তি ৰক্ষা কৰে, ঠিক তেনেদৰে কিছুমান প্ৰভুভক্ত ভৃত্যস্বৰূপ মানুহেও নৈতিকতাহীন, ভ্ৰষ্টাচাৰী মানুহৰ দুৰ্নীতিক প্ৰশ্ৰয় দিছে, ৰক্ষণাৱেক্ষণ দি আহিছে। কবিয়ে শ্লেষধৰ্মী ভাষাৰে কৈছে যে আনক শোষণ কৰি ধনী হোৱা দালাল ব্যক্তিজনৰ ‘বহুৱা’জনো দিনৰ পোহৰত অপ্ৰয়োজনীয় হৈ পৰা কুকুৰৰ নিচিনা। কাৰণ বহুৱাজনৰ ভোকৰ কথা মালিকে গম নাপালেও সি কিন্তু মালিকৰ বিশ্বাসী ভৃত্য হৈয়ে কাম কৰি গৈছে। তেওঁৰ বৰ্ণনাৰ ক্ষমতা, তীব্ৰ বিদ্ৰূপ আৰু সহানুভূতিপূৰ্ণ কাৰুণ্যৰ প্ৰকাশ তলৰ পংক্তিটোত লক্ষ্য কৰা যায়—

“আন্ধাৰ নিশাত প্ৰভুৰ ঐশ্বৰ্য চন্দুকৰ বিশ্বাসী প্ৰহৰী
পোহৰত দুৰ্বল নিষ্পেষিত ঘৃণিত প্ৰভুভক্ত ধেকুৰা।”

ইয়াত ‘ধেকুৰা’ শব্দৰ অৰ্থ হ’ল সৰ্বহাৰা শ্ৰেণী, যি উৎপীড়িত, শোষিত আৰু পদদলিত। প্ৰভুৰ উৎপাদন আৰু ঐশ্বৰ্য বৃদ্ধিয়েই যাৰ একান্ত কাম্য, হাজাৰ লাঞ্ছনা-গঞ্জনা পায়ো যি প্ৰভুৰ অত্যাচাৰৰ বিৰুদ্ধে থিয় হ’ব নোৱাৰে। এইদৰে কবি অমূল্য বৰুৱাই আধুনিক সভ্যতাই সৃষ্টি কৰা নৈতিক প্ৰমূল্যহীনতাৰ কথা কবিতাটিত সাৱলীলভাৱে প্ৰতিফলিত কৰিছে।

কবিতাটিত কবিয়ে কাব্যিক চেতনাক সাম্যবাদলৈ প্ৰবাহিত কৰিছে। আত্মমুক্তিৰ বিপৰীতে নিৰ্যাতিত, নিপীড়িত, ক্ষুধাৰ তাড়নাত দিন কটোৱা জনতাক মুক্তি দিবলৈ, এসাঁজ তৃপ্তিৰে খাবলৈ ভাত, পিন্ধিবলৈ এযোৰ কাপোৰ দিবলৈ কবিয়ে আশা কৰিছে। তেওঁ ক’ব বিচাৰিছে, যিখন সমাজ বৈষম্যৰে ভৰপূৰ, শোষণকাৰী দালালৰে আবৃত, তাত সংগ্ৰামৰ প্ৰয়োজনীতা অধিক। প্ৰকৃত মানৱতাই মূল্যবোধৰ নিদৰ্শন হিচাপে সাম্যবাদ প্ৰতিষ্ঠা কৰিবলৈ সংগ্ৰাম কৰি যাব লাগিব শোষক শ্ৰেণীৰ বিৰুদ্ধে। এনেদৰে অমূল্য বৰুৱাই ‘কুকুৰ’ কবিতাত প্ৰতীকৰ সহায়ত সমকালীন বাস্তৱতাৰ এক স্পষ্ট ছবি অঙ্কন কৰিছে। তেওঁৰ প্ৰকাশভংগীত চিৰাচৰিত সাহিত্যিক অলংকাৰৰ বিপৰীতে প্ৰতিকী অৰ্থব্যঞ্জক ভাৱ প্ৰকাশৰ চেষ্টা লক্ষ্য কৰা যায়। তেওঁৰ কবিতাৰ শব্দচয়ন সৰল যদিও সৰলতাৰ মাজেদিয়েই শব্দবিলাকে বলিষ্ঠ আৰু নিৰ্ভীক চেতনাৰ পৰিচয় দিছে।

❧ | আৰু পঢ়ক:

অমূল্য বৰুৱাৰ কবিতা ‘কুকুৰ’: সামাজিক নিষ্পেষণৰ বলিষ্ঠ প্ৰতিবাদ | হিমাংশু ৰণ্‌জন ভূঞা

Follow Nilacharai on Facebook