অসমৰ আটাইতকৈ পুৰণিকলীয়া আদিবাসী কলিতাসকলৰ সংকটাপন্ন অস্তিত্বৰ প্ৰশ্ন

অসমৰ আটাইতকৈ পুৰণিকলীয়া আদিবাসী কলিতাসকলৰ সংকটাপন্ন অস্তিত্বৰ প্ৰশ্ন
  • 19 Feb, 2025

প্ৰা চীন অসমৰ প্ৰথমটো ঐতিহাসিক ৰাজবংশ— বৰ্মন বংশ। পুষ্যবৰ্মনে প্ৰতিষ্ঠা কৰা আৰু মুঠ ১৩জন ৰজাই কালক্ৰমে ৰাজত্ব কৰা বৰ্মনবংশী ৰজাসকল আছিল কলিতা। এই বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজাজন কুমাৰ ভাস্কৰ বৰ্মন। বৰ্মন বংশৰ ৰজাসকলে পুৰণি অসম বা কামৰূপত ৩৫০ খ্ৰীষ্টাব্দৰ পৰা ৬৬০ খ্ৰীষ্টাব্দ পৰ্যন্ত প্ৰায় ৩০০ বছৰ মহাপৰাক্ৰমেৰে ৰাজত্ব কৰিছিল। ভাস্কৰ বৰ্মনৰ ৰাজত্ব কালত অহা চীনা পৰিব্ৰাজক হিউৱেনচাঙৰ টোকাৰ পৰা জনা যায় যে কামৰূপ ৰাজ্যৰ বিস্তৃতি প্ৰায় ১৬৭৫ মাইল আৰু ৰাজধানী প্ৰাগজ্যোতিষপুৰৰ বিস্তৃতি ৬ মাইল আছিল।

বুৰঞ্জীবিদ কনকলাল বৰুৱাৰ Early History of Kamrup গ্ৰন্থত উল্লেখ আছে— “…৪০০ বছৰৰ পূৰ্বে জলপাইগুৰি, ৰংপুৰ, কোচবিহাৰ আৰু পূৰ্ব মৈমনসিংহৰ অধিবাসীবিলাক প্ৰায় ১৫০০ বছৰ কামৰূপী আছিল।… আমি জানো যে— ৰংপুৰ, মৈমনসিংহ, জলপাইগুৰি আৰু কোচবিহাৰৰ কলিতাবিলাক বঙালী কায়স্থ হোৱা আজি বেছি দিন হোৱা নাই। আজি প্ৰায় ১২০ বছৰৰ আগেয়ে ড° বুকাননে এইবিলাক জিলাত বিস্তৰ কলিতা মানুহ দেখিছিল। সেই কলিতাবিলাকৰ তিৰোতাই মেখেলা পিন্ধিছিল আৰু তেওঁলোক তাঁত বোৱাত পটু আছিল। এই ১২০ বছৰৰ ভিতৰতে তাত কলিতা মানুহবোৰৰ চিনচাব নোহোৱা হ’ল।”

পদ্মনাথ গোহাঞিবৰুৱা কৃত ‘অসমৰ বুৰঞ্জী’ত কলিতা জাতিৰ সন্দৰ্ভত লিখা কথাখিনি এনেধৰণৰ— “ইবিলাক অসমৰ আটাইতকৈ পুৰণিকলীয়া আদিবাসী। অসমত কলিতাৰ ৰজা আছিল নৰকাসুৰ, ভগদত্ত, বজ্ৰদত্ত প্ৰভৃতি ৰজাসকলক কলিতাৰ আদিপুৰুষ বুলি ধৰা হৈছে। পিছত ক্ষত্ৰিয় কুলৰ পৰা নমাৰ কাৰণে ইবিলাকক কলিতা (কুললুপ্ত) বোলা হয়। বৰকলিতা আৰু সৰু কলিতা বুলি দুই জাতৰ খেল আছে, দুয়ো খেলৰ মানুহে নাঙ্গল ধৰি কৃষি কৰে।”

অসম বা আহোমৰ বুৰঞ্জীত বাৰভূঞাসকলৰ উল্লেখ সকলোৱে জনা কথা। কলিতা কুলৰ এই বাৰভূঞা সামন্তীয় ৰজাসকলে ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণপাৰে কছাৰী ৰাজ্যৰ পশ্চিমফালে (অবিভক্ত নগাঁও জিলা) আৰু উত্তৰপাৰে চুতীয়া ৰাজ্যৰ পশ্চিমৰ অঞ্চল (অবিভক্ত দৰং জিলা)ত ৰাজত্ব কৰিছিল। আহোমৰ দ্বিতীয়খন অস্থায়ী ৰাজধানী (১২৪০ খ্ৰীষ্টাব্দ) খ্যাত আৰু আজি টাই আহোম ঐতিহ্যৰ উল্লেখযোগ্য পৰ্যটন ক্ষেত্ৰ ৰূপে জনাজাত হৈ পৰা হাবুং আচলতে কলিতাসকলৰ ৰাজ্য আছিল। হাবুঙত কলিতাসকলে খ্ৰীষ্টীয় দশম শতিকামানৰ পৰাই প্ৰতিৱেশী চুতীয়া ৰাজশক্তিৰ লগত যুঁজ-বাগৰ কৰি সালসলনিৰে ৰাজত্ব কৰি আছিল। হাবুঙেই কলিতাসকলৰ অন্তিমখন ৰাজ্য। শিলালিপিৰ তথ্য অনুসৰি কামৰূপৰ পাল ৰাজবংশৰ ৰত্নপালে দশম শতিকাতে হাবুঙত একাংশ ব্ৰাহ্মণকো বসতি স্থাপনৰ দিহা কৰি দিছিল। হাবুঙৰ প্ৰখ্যাত কলিতা ৰজাসকল হ’ল— সুৱলী (১২২৫-১২৫০ খ্ৰীঃ), পদ্মনাৰেণ (১২৫০-১২৭৫ খ্ৰীঃ), মহেন্দ্ৰনাৰেণ (১২৭৫-১৩০০ খ্ৰীঃ), প্ৰেমনাৰেণ (১৩০০-১৩২৫ খ্ৰীঃ), লক্ষ্মীনাৰেণ (১৪০০-১৪৩৪ খ্ৰীঃ)। আহোম যুগৰ বুৰঞ্জীসমূহত উল্লেখ থকা মতে চুতীয়া ৰাজ্য দখলৰ পাছত আহোম ৰজা চুহুংমুঙ (১৪ চাওঁ চ্যু-হ্যুণ-মু’ঙ, ৰাজত্বকাল: ১৪৯৭-১৫৩৯)-এ ভূঞাসকলক বস কৰি তেওঁলোকৰ সকলোবোৰ অঞ্চল স্থায়ীভাৱে আহোম ৰাজ্যৰ অন্তৰ্ভুক্ত কৰি লৈছিল।

কামৰূপৰ বুৰঞ্জীত পশ্চিম দেশৰ পৰা কামৰূপ/ অসমলৈ কলিতাসকল অহাৰ কথা আছে। নৱম আৰু দশম শ্ৰেণীৰ দ্ৰুতপাঠ ‘বৈচিত্ৰ্যময় অসম’ (তৃতীয় প্ৰকাশ নৱেম্বৰ, ২০২০) নামৰ পাঠ্যপুথিৰ ‘কলিতাসকল’ নামৰ পাঠটোত উল্লেখ আছে যে পশ্চিম দিশৰ হিমালয়ৰ পাদদেশৰ সমতল অঞ্চলেৰে কলিতা জনগোষ্ঠীৰ পূৰ্বপুৰুষ আলপাইনসকলে বিভিন্ন কাৰণত প্ৰব্ৰজন কৰি আহি ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চলত প্ৰৱেশ কৰে। পূবলৈ আগবাঢ়ি গৈ গৈ পাটকাই পৰ্বতলানি পোৱাৰ পাছত আলপাইনসকলৰ অগ্ৰগতি স্তব্ধ হয়।… আজিৰ পৰা সাত হাজাৰ বছৰ পূৰ্বে খ্ৰীষ্টপূৰ্ব পাঁচ হাজাৰৰ পৰা চাৰিহাজাৰ পাঁচশৰ ভিতৰত কলিতা পূৰ্বপুৰুষসকলৰ প্ৰথমটো দলে ব্ৰহ্মপুত্ৰ উপত্যকাত ভৰি দিয়েহি বুলি অনুমান কৰিব পাৰি— পাঠ্যপুথিখনত উল্লেখ আছে। পুৰণি কামৰূপ প্ৰাগজ্যোতিষত কলিতাসকলে ৰাজত্ব কৰাৰ উপৰিও অসমৰ পূব প্ৰান্ততো এখন কলিতা ৰাজ্য থকাৰ কিছুমান প্ৰমাণ আছে। পণ্ডিত ড° বাণীকান্ত কাকতিৰ গ্ৰন্থ ‘কলিতা জাতিৰ ইতিবৃত্ত’ত সেইসমূহ তথ্যৰ উল্লেখ আছে। যথা— পুৰণি সাঁচিপতীয়া কথা-গুৰু-চৰিত এখনত প্ৰসিদ্ধ সন্ত ভৱানীপুৰীয়া গোপাল আতাৰ বংশাৱলী নিৰ্ণয় কৰোঁতে তাত অচম দেশ আৰু কলিতা দেশ বুলি দুখন ৰাজ্যৰ নাম উল্লেখ কৰিছে। অচম (অসম) দেশ মানে উজনি অঞ্চলৰ আহোম ৰাজ্য আৰু চৰিত পুথিখনত কৰা বৰ্ণনা অনুযায়ী কলিতা দেশখন পূৰ্ব-উত্তৰ অসমৰ সীমান্ত ভূমিৰ পৰা পোন্ধৰ দিনৰ বাটৰ দূৰত্বত আছিল।… এশ বছৰৰ আগেয়ে ছপা হোৱা ইংৰাজ পণ্ডিত এগৰাকীৰ এটি প্ৰবন্ধতো পূব অসমত থকা এই কলিতা দেশখনৰ কথা উল্লেখ আছে। প্ৰবন্ধটোত উল্লেখ যে সেই কলিতা ৰাজ্যখন বৰ্তমান শদিয়াৰ উত্তৰে আৰু তিব্বতীসকলৰ পূবফালে অৱস্থিত আছিল। কলিতাসকলৰ ক্ষমতা, ৰাজ্য আৰু ৰাজশ্ৰী অসম (আহোম) ৰজাৰ অতি উন্নত যুগৰ শ্ৰীবৃদ্ধিতকৈও বহুগুণে বেছি আছিল। অচম (আহোম) দেশ আৰু কলিতা দেশৰ মাজত যাতায়াত, যোগাযোগো আছিল। আহোম ৰজা ৰাজেশ্বৰ সিংহ (১৭৫১-১৭৬৯)ৰ দিনত অহা দিহিং নদীৰ প্ৰলয়ংকৰী বানপানীৰ ফলত এই কলিতা ৰাজ্যখন ধ্বংস হৈ গৈছিল।

‘কলিতা জাতিৰ ইতিবৃত্ত’ নামৰ গ্ৰন্থখনত আকৌ উল্লেখ আছে— “পুৰণি অসমত কলিতাসকলৰ ইমানেই আধিপত্য আৰু প্ৰতিপত্তি আছিল যে বিদেশী গ্ৰন্থকাৰসকলে অসমৰ সমস্ত অধিবাসীকেই কলিতা আৰু আনজাতি বুলি দুভাগে ভাগ কৰিছিল। মীৰজুমলাৰ অভিযান (১৬৬২ খ্ৰীষ্টাব্দ)ৰ লগত অহা ফাৰ্চী পণ্ডিত এগৰাকীয়ে তেওঁৰ ৰচিত বুৰঞ্জী Fatiyah-i-Ibriah (ৰচনাকাল: ১৬৬২-৬৩)-অত ঠিক একেদৰে উল্লেখ কৰিছে যে কলিয়াবৰৰ পৰা আৰম্ভ কৰি নামনি অসমৰ অধিবাসীসকলক নেপাল, ভূটান আৰু অসমৰ আন মানুহেও কলিতা আৰু কোঁচ বুলি দুভাগ কৰে। ইংৰাজ প্ৰত্নতত্ত্বজ্ঞ মাৰ্টিন চাহাবে কয় যে পুৰণি কামৰূপৰ অন্তৰ্গত ৰংগপুৰ (বৰ্তমান বাংলাদেশৰ অন্তৰ্গত) জিলাত এসময়ত কলিতাসকলৰ বিশেষ আধিপত্য আছিল। তেওঁলোকে ধৰ্ম আৰু শাস্ত্ৰ চৰ্চা কৰিছিল। কোঁচ জাতিৰ মানুহে কলিতা গুৰু আৰু পুৰোহিতৰ দ্বাৰা ধৰ্মীয় কামবোৰ কৰোৱাইছিল। এই কলিতা জাতিৰ ভালেমান ধৰ্ম উপদেশক অসম দেশতো আছিল আৰু তেওঁলোকৰ শিষ্যৰ সংখ্যা দহ-বাৰ হাজাৰৰ কম নহ’ব। এজন কলিতা গুৰুৰ প্ৰতি কৰা অপমানৰ বাবেই অসমৰ ৰজাই সিংহাসন হেৰুৱাব লগা হৈছিল আৰু কোম্পানীৰ বাহুবলৰ সহায় নোপোৱা হ’লে তেওঁ আকৌ এই সিংহাসনত উঠিব নোৱাৰিলেহেঁতেন।”… ইত্যাদি। ওপৰত উল্লিখিত কলিতা গুৰু বিশেষণটিয়ে মোৱামৰীয়া গোসাঁইৰ কথা বুজাইছে বুলি ড° কাকতিয়ে টিপ্পনী দিছে। আনহাতে লখিমপুৰ, শোণিতপুৰ, মাজুলী আদিত আজিও বৰ্ণহিন্দু গাঁওবোৰক জনজাতীয় বা জনগোষ্ঠীয় বহু লোকে সহজভাৱে কলিতা গাঁও বুলিয়েই কৈ পেলোৱা কথাটো আমি প্ৰত্যক্ষ কৰোঁ।

এইটো অনস্বীকাৰ্য যে কলিতা অসমৰ এক অতি পুৰণি আৰু ঐতিহ্যমণ্ডিত জাতি। পুৰণি কামৰূপ ৰাজ্যৰ সংখ্যাগৰিষ্ঠ অধিবাসী আৰু শাসকমণ্ডলী কলিতা জাতিৰে আছিল। ইয়াৰ অসংখ্য প্ৰমাণ হিন্দু আৰু বৌদ্ধ উভয় ধৰ্মৰ ধৰ্মীয় পুথি-পাঁজি, শিলালিপি, তাম্ৰলিপি আদিত উল্লেখ আছে। বৌদ্ধজাতক, যোগিনীতন্ত্ৰ, মহাযানী বৌদ্ধ গ্ৰন্থ মঞ্জুশ্ৰীমূলকল্প, মাৰ্কেণ্ডেয় পুৰাণ, কালিকা পুৰাণ আদিত কলিতাৰ উল্লেখ আছে। ভাস্কৰবৰ্মাৰ ডুবি তাম্ৰলিপি, নিধানপুৰ তাম্ৰলিপি, নালন্দাৰ মোহৰ আদি কলিতা জাতিৰ তথা অসমৰ অমূল্য ঐতিহাসিক সমল। কলিতাসকলেই ব্ৰহ্মপুত্ৰ উপত্যকাত এটা সু-সভ্য আৰু প্ৰগতিশীল সভ্যতা গঢ়ি তুলিছিল। পৰ্যায়ক্ৰমে এই সভ্যতাৰ লগত সকলোবোৰ জাতি-জনগোষ্ঠী জীণ গৈ বৃহত্তৰ অসমীয়া জাতি গঠন কৰি পেলাইছিল। উল্লেখযোগ্য যে অসমীয়া জাতি গঠন প্ৰক্ৰিয়াটো এতিয়াও সম্পূৰ্ণ হৈ উঠাগৈ নাই। যি নহওক, এতিয়া ‘অসমীয়া’ বুলি পৰিচিত ভাষাটিও মূলতঃ কলিতাসকলৰে ভাষা। ইতিহাসৰ বিভিন্ন সময়ত বড়ো মূলীয়— চুতীয়া, মৰাণ, মটক, বৰাহী, সোণোৱাল, ঠেঙাল আদি মংগোলীয় নৃগোষ্ঠীসমূহ আৰু ১২২৮ খ্ৰীষ্টাব্দত সৌমাৰপীঠত প্ৰৱেশ কৰা টাই আহোমসকলে নিজৰ মুখৰ ভাষা আৰু বহুখিনি নিজা বস্তুগত (materialistic) আৰু ভাবগত (idealistic) সংস্কৃতি এৰি কলিতাসকলৰ ভাষা আৰু সংস্কৃতিকে আপোন বুলি আঁকোৱালি লৈ আচলতে ব্ৰহ্মপুত্ৰ উপত্যকাৰ পুৰণি কলিতা সভ্যতাকে অসমীয়া সভ্যতালৈ উন্নীত কৰি পেলাইছিল। সেয়ে বুৰঞ্জীবিদ কালিৰাম মেধিয়ে লিখিছিল— Assam is the homeland of Kalita and it’s civilization is prominently a Kalita civilization. Other sub-caste follow the Kalita’s social law and customs in their entirely.। অৰ্থাৎ, অসম কলিতাৰ গৃহভূমি আৰু ইয়াৰ সভ্যতা বিশিষ্টভাৱে কলিতা সভ্যতা। আন আন উপজাতিবোৰে কলিতাৰ সামাজিক নিয়ম আৰু ৰীতি-নীতি সম্পূৰ্ণৰূপে অনুসৰণ কৰে।

আহোম যুগৰ সৰ্ববৃহৎ জনগোষ্ঠীটোৱেই আছিল কলিতা। ১৮৭১-৭২ চনৰ বৃটিছ ভাৰতৰ প্ৰথমটো লোকপিয়লৰ তথ্যমতে অসমৰ মুঠ পোন্ধৰ লাখ জনসংখ্যাৰ ভিতৰত কলিতাৰ জনসংখ্যা আছিল ৩,৩৯,৯৭১ জন। আধুনিক অসমতো অতি প্ৰভাৱশালী আৰু জনসংখ্যাৰ ফালৰ পৰা সংখ্যাগৰিষ্ঠ তিনিটা থলুৱা জাতি কোঁচ, কলিতা আৰু আহোম হিচাপে স্বীকৃত। কলিতা কুলজাত অসংখ্য অসমীয়াই ঐতিহাসিক কালৰ পৰাই জাতীয় জীৱনলৈ বহুমূলীয়া অৱদান আগবঢ়াই গৈছে। অসমীয়া ধৰ্ম সমাজ সাহিত্য আৰু সংস্কৃতিৰ গুৰু খ্যাত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ, শ্ৰীশ্ৰীমাধৱদেৱ, অনিৰুদ্ধদেৱ, বকুল কায়স্থ, স্বাধীনতা সংগ্ৰামী তথা চাহ খেতিয়ক মণিৰাম দেৱান, অসমৰ প্ৰথমজন গ্ৰেজুৱেট তথা আই চি এছ আনন্দৰাম বৰুৱা, উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ মৰ্যাদা লাভ কৰা প্ৰথমজন অসমীয়া হলিৰাম ডেকা, অম্বিকাগিৰী ৰায়চৌধুৰী, হৰিনাৰায়ণ দত্তবৰুৱা, সত্যনাথ বৰা, নকুল চন্দ্ৰ ভূঞা, বিমলা প্ৰসাদ চলিহা, বিষ্ণুৰাম মেধি, ড° বাণীকান্ত কাকতি, ৰত্নকান্ত বৰকাকতি, ৰঘুনাথ চৌধাৰী, মিত্ৰদেৱ মহন্ত, ৰায়বাহাদুৰ সূৰ্যকুমাৰ ভূঞা, শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ, নিবাৰণ বৰা, অণিমা গুহ, নিৰুপমা তামুলী (বৰগোহাঞি) আদি সহস্ৰজন প্ৰাতঃস্মৰণীয় মহান অসমীয়া কলিতা জাতিৰে লোক। অতিসম্প্ৰতিও আৰ্থ-সামাজিক, ৰাজনৈতিক আদি প্ৰতিটো দিশতে অলেখ গুণৱন্ত কলিতাই অসমীয়া জাতিক নেতৃত্ব দি আছে। কিন্তু কলিতাসকলৰ ডাঙৰ বৈশিষ্ট্যটো হ’ল যে তেওঁলোক গোষ্ঠীগত সংকীৰ্ণ ভাবনাৰ দ্বাৰা পৰিচালিত হোৱাতকৈ অসমীয়াত্ব ভাবনাতহে বেছি উদ্বুদ্ধ আৰু সেইমতে পৰিচালিত বা পৰিচিত হৈ বেছি ভাল পায়। কলিতাসকলৰ এনে চাৰিত্ৰিক বৈশিষ্ট্যৰ বাবেই যদি এফালে বৃহত্তৰ অসমীয়া জাতিৰ অশেষ কল্যাণ হৈছে, আনফালে আকৌ কলিতাসকলৰ স্ব-গোষ্ঠীগত বহু স্বাৰ্থ আৰু অধিকাৰ নষ্টও হৈছে।

দেশে স্বাধীনতা লাভ কৰাৰ পাছত বৰ অসম বহুধাবিভক্ত হ’ল। অৱশিষ্ট অসমৰ কেইবাটাও অংশ পৰৱৰ্তী কালত সংবিধানৰ ষষ্ঠ অনুসূচীভুক্ত হৈ ক্ৰমে বিটিআৰ, কাৰ্বিআংলং স্বায়ত্তশাসিত অঞ্চল আৰু ডিমাহাচাও স্বায়ত্তশাসিত অঞ্চলত ক্ৰমে বড়ো, কাৰ্বি আৰু ডিমাচা জনজাতিসকলৰ বাবে সংৰক্ষিত হৈ পৰিল। আনহাতে, ১৯৪৭ চনতে তদানীন্তন গোপীনাথ বৰদলৈৰ নেতৃত্বৰ কংগ্ৰেছ আৰু ট্ৰাইবেল লীগৰ প্ৰাদেশিক চৰকাৰে ‘অসম ভূমি আৰু ৰাজহ আইন ১৮৮৬’-ৰ সংশোধন কৰি মূল আইনৰ ভিতৰত দশম অধ্যায় (Chapter X, Protection of Backward Classes) সন্নিৱিষ্ট কৰি ৩৩টা ট্ৰাইবেল বেল্ট আৰু ব্লক গঠন কৰে। ১৯৪৭ চনৰ ৫ ডিচেম্বৰ তাৰিখে ঘোষিত R/D-69/46/19 নং জাননীত উল্লেখ যে উক্ত ৩৩টা বেল্ট আৰু ব্লকত ভৈয়ামৰ জনজাতি, পাহাৰীয়া জনজাতি, চাহ বাগানৰ চাওতাল, নেপালী আৰু অনুসূচিত জাতিৰ কৃষকসকলৰ বাবে ভূমি সংৰক্ষিত হ’ল। উক্ত বেল্ট ব্লকসমূহত বাহিৰৰ আন জাতিৰ মানুহে ভূমি বন্দৱস্তি বা হস্তান্তৰ আদি কৰিব নোৱৰাৰ নিষেধাজ্ঞা আৰোপিত হ’ল। বৰ্তমান ৰাজ্যত এনে বেল্ট ব্লকৰ সংখ্যা ৪৭টা।

বৰদলৈ নেতৃত্বৰ তদানীন্তন চৰকাৰে এইদৰে ট্ৰাইবেল বেল্ট ব্লক তৈয়াৰ কৰি একাংশ থলুৱা জাতি জনজাতিৰ বাবে ভূমি সংৰক্ষণ কৰাৰ পদক্ষেপ লোৱাটো এটা দিশৰ পৰা সময়োচিত পদক্ষেপ আছিল যদিও সংৰক্ষণৰ আওতাৰ পৰা কলিতা, কেওট, বামুণ আদি আন থলুৱা জাতিক বাহিৰত ৰাখি যোৱাৰ ভয়াৱহ পৰিণাম আজি এই জাতি-গোষ্ঠীসমূহে ভোগ কৰিব লগা হৈছে। ৰাজ্যত দিনে দিনে জনজাতিসমূহক স্বায়ত্তশাসিত অঞ্চল প্ৰদান কৰি যোৱা প্ৰক্ৰিয়া চলি থকাৰ হেতু অসমৰ আদিম অধিবাসীখ্যাত কলিতাসকলৰ ভূমিৰ অধিকাৰ দিনে দিনে আৰু সংকুচিত হৈ গৈ আছে। শেহতীয়াকৈ, আহোম, চুতীয়া, মৰাণ, মটক, কোঁচ আৰু চাহ জনগোষ্ঠীৰ জনজাতিকৰণ আৰু সাংবিধানিক সুৰক্ষাৰ কথাবোৰো আগলৈ আহি আছে। আজিৰ পৰা এশ-ডেৰশ বছৰৰ পূৰ্বে বৃটিছে চাহখেতিৰ শ্ৰমিক হিচাপে অনা চাহ জনগোষ্ঠীয় লোকসকল আৰু হাবি ভাঙিবলৈ অনা বা গো-পালনৰ বাবে নিজে অহা নেপালী জনগোষ্ঠীৰ লোকসকল স্বাধীন দেশৰ ন ন আইনৰ সুবিধাত ইতিমধ্যেই সমগ্ৰ ৰাজ্যতে ভূমিৰ অধিকাৰ আৰু সংৰক্ষণ লাভ কৰি প্ৰৱীণ বহু জনগোষ্ঠীৰ সমানে গজগজীয়া হৈছে। অলপতে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বিশ্বনাথৰ এখন সভাত অসমৰ গোৰ্খা (নেপালী)সকলে ৰাজ্যৰ সকলো ট্ৰাইবেল বেল্ট ব্লকত নিৰাপদ জনগোষ্ঠী হিচাপে মৰ্যাদা পাব বুলি ৰাজহুৱাকৈ ঘোষণা কৰিছে। অৰ্থাৎ জনজাতিৰ বাবে সংৰক্ষিত অঞ্চলবোৰতো গোৰ্খাসকলে ভূমিৰ সকলো অধিকাৰ ভোগ কৰিব পাৰিব। কিছু মাহৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে শদিয়া সংৰক্ষিত বেল্টত মৰাণ, মটক, আহোম, চুতীয়া, চাহ জনগোষ্ঠী আৰু নেপালীসকলে নিৰাপদ জনগোষ্ঠীৰ মৰ্যাদা পাব বুলি একেধৰণৰ ঘোষণা কৰিছিল। কিন্তু, দুৰ্ভাগ্যজনকভাৱে ব্ৰহ্মপুত্ৰ উপত্যকাৰ চাবেক অধিবাসী কলিতাসকলৰ সমস্যাৰ ফালে দৃষ্টি দিবলৈ আজিকোপতি মুখ্যমন্ত্ৰীগৰাকীৰ সময় নহ’ল।

ভাৰতীয় সংবিধানৰ জাতিগত সংৰক্ষণবিহীন শ্ৰেণী হিচাপে পৰিগণিত কলিতা জাতিৰ সমস্যা ইয়াতেই শেষ হোৱা নাই। চৰকাৰী নিযুক্তি, পঞ্চায়তী ব্যৱস্থা, উচ্চ শিক্ষা, চিকিৎসা, অভিযান্ত্ৰিক আদিৰ দৰে কাৰিকৰী আৰু বৃত্তিমুখী শিক্ষানুষ্ঠানবোৰতো দৰিদ্ৰ কলিতাৰ বাবে কোনো দিশৰ পৰাই সামান্যতম সকাহ নাই। আনহাতে, ৰাজ্যৰ সংৰক্ষণমুক্ত অঞ্চলৰ মাটি-বাৰীবোৰত দিনে দিনে বহিৰাগত সম্প্ৰদায়, পুঁজিপতি বণিক গোষ্ঠীবোৰৰ দপদপনি বৃদ্ধি হৈ গৈয়ে আছে। পৰিণামত আজি সংবিধানৰ সংৰক্ষণহীন সাধাৰণ শ্ৰেণী কলিতা, কেওট আদি গোষ্ঠীৰ ৰাইজ স্ব-গৃহতে গোলাম হোৱাৰ উপক্ৰম হৈছে। অস্তিত্বৰ সংকটত পৰা কলিতা জাতিৰ প্ৰশ্নবোৰক চৰকাৰে হৃদয়ংগম কৰক আৰু কিছু সকাহ দিয়ক— এই লেখাৰ এয়ে আহ্বান।

❧ | আৰু পঢ়ক:

অসমৰ আটাইতকৈ পুৰণিকলীয়া আদিবাসী কলিতাসকলৰ সংকটাপন্ন অস্তিত্বৰ প্ৰশ্ন | অনিৰ্বাণ দত্ত

Follow Nilacharai on Facebook