জুবিন এটা কবিতা হ’ব নোৱাৰিলে
অৰ্থহীন পাকঘূৰণি মাথোন
ছন্দ স্পন্দনৰ জীৱন
জুবিন এটা গল্প— জুবিন এখন উপন্যাস
হ’ব নোৱাৰিলে
কলম ম্ৰিয়মাণ
জুবিন এটা গান হৈ উঠিব নোৱাৰিলে
সুৰ তাল লয়ৰ
জীৱন ব্যৰ্থ
জুবিন এখন ছবি হ’ব নোৱাৰিলে
তুলিকাৰ চকুত
চকুপানী
সিৰাই ধমনীয়ে উজান-ভাটি কৰা
এসোঁতা তেজ হ’ব নোৱাৰিলে
জুবিন মাথোঁ এক নিৰুদ্বেগ কণ্ঠ
জুবিন কল্যাণময় এচাকি পোহৰ হ’ব নোৱাৰিলে
কান্দোনত জহিব
আমাৰ আকাশ
আমাৰ প্ৰাৰ্থনাৰ দুৱাৰমুখত
কেৱল আন্ধাৰ
সেই সৰ্বনাশী আন্ধাৰত
জুবিন কেনেকৈ থাকিব
জগত পোহৰ কৰি আহিব প্লাৱন বুলি
কেনেকৈ গাব?
আৰু পঢ়ক
জুবিন: শেষ বুলিলেইতো শেষ নহয়
ড° দুলাল হাজৰিকা

টু কিল এ জুবিন গাৰ্গ
ড° কঙ্কন ডেকা

জুবিন গাৰ্গৰ কবিতাত প্ৰেম আৰু প্ৰতিবাদ
ড° দুলাল হাজৰিকা

ৰিডম জিৰোৰ জুবিন গাৰ্গ
পল্লৱপ্ৰাণ গোস্বামী

তোমাৰ গানেৰে
উদয় শইকীয়া
HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক





