বিশ্ব পৰিৱেশ দিৱস ২০২১: ‘পৰিৱেশতন্ত্ৰৰ পুনৰুদ্ধাৰ’ দশক

বিশ্ব পৰিৱেশ দিৱস ২০২১: ‘পৰিৱেশতন্ত্ৰৰ পুনৰুদ্ধাৰ’ দশক
  • 04 Jun, 2021

মা নুহৰ একমাত্ৰ বাসভূমি এই পৃথিৱীত ক্ৰমে ক্ৰমে প্ৰবলতৰ হৈ উঠা পৰিৱেশজনিত সমস্যা, খাদ্যবস্তুৰ অপচয় আৰু লোকচান, নিৰ্বননীকৰণ, গোলকীয় উষ্ণতা বৃদ্ধি আদি সমস্যাবোৰ সমাধান আৰু সজাগতাৰ উদ্দেশ‍্যে ১৯৭৩ চনৰ পৰাই ৫ জুনৰ দিনটো ‘বিশ্ব পৰিৱেশ দিৱস’ ৰূপে পালন কৰি অহা হৈছে। মানুহৰ জীৱনত সেউজ আৰু স্বাস্থ‍্যসন্মত পৰিৱেশৰ গুৰুত্ব সম্পৰ্কত বিশ্বজুৰি সজাগতা সৃষ্টিয়ে এই দিৱসৰ মূল লক্ষ্য। পৰিৱেশ-অনুকূল ইতিবাচক কাম-কাজৰ জৰিয়তে আমাৰ চাৰিওফালে মূৰ দাঙি উঠা পৰিৱেশজনিত সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত সজাগতা বৃদ্ধি, সমাজৰ প্ৰতিজন লোকেই যে তেওঁৰ পৰিৱেশ সংৰক্ষণ কৰাত দায়বদ্ধ, এই কামৰ বাবে কোনো বিশেষ ব্যক্তি বা অনুষ্ঠানৰ মুখলৈ আমি চাই থকা উচিত নহয়— সেই ধৰণৰ সজাগতা সমগ্ৰ বিশ্বৰ সাধাৰণ মানুহৰ মাজলৈ লৈ যোৱাটো এই দিৱসৰ অন্যতম লক্ষ্য।

সেই উদ্দেশ্যে আৰু লক্ষ‍্য আগত ৰাখি প্ৰতি বছৰে এটা বিষয়বস্তু আৰু শ্লোগান সমগ্ৰ বিশ্বতে প্ৰচাৰৰ আঁচনি কৰা হয়। কাৰ্বনমুক্ত পৰিৱেশ আহৰণত সফলতা লাভৰ বাবে বননীকৰণ, সেউজ গৃহৰ পাৰ্শ্বক্ৰিয়া হ্ৰাসকৰণ, জৈৱ-ইন্ধন উৎপাদনত উদগনি, বিদ্যুৎ উৎপাদনত জলবিদ্যুৎ প্ৰকল্পৰ ব্যৱহাৰ, ছ’লাৰ ৱাটাৰ হিটাৰ ব্যৱহাৰত সাধাৰণ মানুহক উৎসাহিত কৰা, সৌৰ উৎসৰ পৰা শক্তি উৎপাদন, নতুন জল নিষ্কাষণ ব্যৱস্থাৰ বিকাশ, প্ৰবাল-চৰ আৰু মেংগ্ৰোভৰ প্ৰতিষ্ঠা বা পুনঃপ্ৰতিষ্ঠাত সহায় কৰা যাতে বান আৰু খহনীয়াৰ কবলৰ পৰা দ ঠাইবিলাক ৰক্ষা কৰিব পাৰি— ইত্যাদি বিষয়বোৰক মানুহৰ মাজত জনপ্ৰিয় কৰাৰ উদ্দেশ্য আগত ৰাখি এই দিৱস উদযাপন কৰা হয়।

বিশ্ব পৰিৱেশ দিৱস প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদ আৰু ৰাষ্ট্ৰসংঘৰ পৰিৱেশ আঁচনিয়ে (UNEP) ১৯৭২ চনৰ ৫-ৰ পৰা ১৬ জুনলৈকে অনুষ্ঠিত মানৱ পৰিৱেশ (Human Environment) সন্মিলনত আৰম্ভ কৰিছিল। পাছৰ বছৰত ‘Only one Earth’ মূল বিষয়বস্তুৰে এই দিৱস উদযাপন কৰা হয়। ১৯৭৪ চনৰ পৰাই বিশ্বৰ বিভিন্ন দেশৰ মহানগৰবোৰত এই পৰিৱেশ দিৱস উদযাপন কৰিবলৈ লোৱা হয় আৰু পৰৱৰ্তী কালত ই বিশ্বজনীন হৈ পৰে।

বিভিন্ন সামাজিক গোট আৰু সম্প্ৰদায়ৰ মানুহক এই দিৱসত জড়িত কৰাই তেওঁলোকক এই বিষয়ৰ সজাগতাৰ ক্ষেত্ৰত সক্ৰিয় নেতৃত্ব ল’বলৈ উৎসাহিত কৰি অহা হৈছে। পৰিৱেশৰ পৰা নেতিবাচক পৰিৱৰ্তনবোৰক বাধা দিয়া নিতান্তই দৰকাৰী। নিৰাপদ, পৰিচ্ছন্ন আৰু সমৃদ্ধিপূৰ্ণ ভৱিষ্যৎ এটা পাবৰ বাবে যে আমি আমাৰ চৌপাশ সুৰক্ষিত আৰু পৰিচ্ছন্ন কৰি ৰাখিব লাগে, সেই কথা সাধাৰণ মানুহৰ উপলব্ধিৰ মাজলৈ লৈ যোৱাটোও এই দিৱসৰ গুৰুত্বপূৰ্ণ লক্ষ্য হৈ পৰিছে, যাৰ ফলত বিশ্বৰ জনসাধাৰণে সুস্থ-সবল পৰিৱেশ নিৰ্মাণৰ প্ৰতি সচেতন হ’বলৈ আৰম্ভ কৰিছে।

ৰাষ্ট্ৰসংঘৰ দ্বাৰা নিৰ্ণীত একোটা বিশেষ বিষয়ক ভিত্তি কৰি প্ৰতি বছৰৰ বিশ্ব পৰিৱেশ দিৱস উদযাপনকৰা হয়, যাতে এই উদযাপনে অধিক মানুহক সামৰি লয় আৰু অধিক কাৰ্যকৰী হয়। বিশ্ব পৰিৱেশ দিৱসৰ এই বৰ্ষ (২০২১)ৰ মূলমন্ত্ৰ হ’ল— ‘পৰিৱেশ তন্ত্ৰৰ পুনৰুদ্ধাৰ’। এই মূলমন্ত্ৰৰ উদ্দেশ্য হ’ল বিশ্ব জুৰি প্ৰতিখন মহাদেশৰ, প্ৰতিখন মহাসাগৰৰ পৰিৱেশতন্ত্ৰৰ অৱক্ষয় প্ৰতিৰোধ কৰা, অৱক্ষয়ৰ গতিৰুদ্ধ কৰি পৰিৱশতন্ত্ৰৰ আমূল পৰিৱৰ্তন কৰা, যিয়ে দৰিদ্ৰতা নিৰ্মূল কৰিব, জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিব, যাৰ দ্বাৰা সামূহিক বিনাশ ৰুদ্ধ হ’ব। এই সফলতাৰ বাবে বিশ্বৰ প্ৰতিজন নাগৰিক এই মূলমন্ত্ৰৰ অংশীদাৰ হ’ব লাগিব।

ইতিমধ‍্যে ৰাষ্ট্ৰসংঘই অহা দশকটো ‘পৰিৱেশতন্ত্ৰৰ পুনৰুদ্ধাৰ’ দশক ৰূপে ঘোষণা কৰিছে। লগতে কোৱা হৈছে যে ধ্বংস হ’বলৈ ধৰা পৃথিৱীৰ পৰিস্থিতিতন্ত্ৰক পুনৰ ঘূৰাই অনাৰ প্ৰয়োজন এতিয়াৰ দৰে পূৰ্বে কেতিয়াও উপলব্ধি কৰা হোৱা হোৱা নাছিল। এই প্ৰয়োজনীয়া যাতে অহা দশকটোৰ ভিতৰত বিশ্বৰ প্ৰতিজন ব‍্যক্তিয়ে বুজি পাই তাৰ বাবেই এইবাৰৰ এই আয়োজন।

বিশ্ব পৰিৱেশ দিৱস

২০২১ বৰ্ষৰ বিশ্ব পৰিৱেশ দিৱসৰ আঁত ধৰিব চুবুৰীয়া পাকিস্তানে

এই বছৰৰ পৰা ‘ইকোচিষ্টেম ৰিষ্টোৰেচন ২০২১-২০৩০’ বিষয়ত ৰাষ্ট্ৰসংঘৰ বিশেষ সজাগতা কাৰ্যসূচী শুভাৰম্ভ হ’ব। এইবাৰ পাকিস্তানত ৰাষ্ট্ৰসংঘৰ পৰিৱেশ দিৱসৰ মূল কাৰ্যসূচী পালন কৰা হ’ব।

ৰাষ্ট্ৰসংঘৰ পৰিৱেশ বিভাগৰ মতে, পাকিস্তানৰ প্ৰধান মন্ত্ৰীৰ প্ৰতিনিধি হিচাপে জলবায়ু পৰিৱৰ্তন মন্ত্ৰী মালিক আমিনে ৰাষ্ট্ৰসংঘৰ পঞ্চম পৰিৱেশ বিধানসভাৰ সীমাবদ্ধতাক স্বীকাৰ কৰি পৰিৱেশতন্ত্ৰৰ সংৰক্ষণ, সজাগতা আদিৰ ক্ষেত্ৰত আলোচনাৰ বাবে ৰাষ্ট্ৰসংঘৰ কাৰ্যবাহী সঞ্চালক ইংগাৰ এণ্ডাৰছনক সাক্ষাৎ কৰিছে। বিবৃতিটোত ইয়াকো কোৱা হৈছে যে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ নেতৃত্বত বিগত ৫ বছৰত ১০ লাখ গছপুলি ৰোপণেৰে ছুনামি আঁচনিৰ জৰিয়তে এক বৃহৎ বনানীকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

দেশখনে পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি মেনগ্ৰোভ আৰু অৰণ্য স্থাপন কৰাৰ লগতে বিদ্যালয়, মহাবিদ্যালয়, ৰাজহুৱা উদ্যান আৰু সেউজীয়া বেল্টকে ধৰি নগৰ অঞ্চলত গছ ৰোপণৰ পৰিকল্পনা হাতত লৈছে। পাকিস্তানে পৰিৱেশ তন্ত্ৰৰ লগতে জৈৱ বৈচিত্ৰ্য সংৰক্ষণ আৰু বননীকৰণৰ বাবে পৰিৱেশতন্ত্ৰ পুনৰুদ্ধাৰত বিশেষ পুঁজিও আৱণ্টন দিছে। শেহতীয়াকৈ পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে ৭,৩০০ বৰ্গ কিল’মিটাৰতকৈও অধিক ভূমি অঞ্চল সংৰক্ষণ আৰু ৫,৫০০ তকৈও অধিক বননীকৰণৰ বাবে সমগ্ৰ দেশত ১৫টা সুৰক্ষিত অঞ্চল বিকশিত কৰিবলৈ উদ্যোগ হাতত লৈছে।

মন্ত্ৰী মালিক আমিন আছলামে কোৱা মতে, পাকিস্তান চৰকাৰে ১০ বিলিয়ন গছ ছুনামি আঁচনিৰ জৰিয়তে সমগ্ৰ দেশত ১ নিযুত হেক্টৰতকৈও অধিক ভূমিত বননীকৰণৰ মাধ্যমেৰে জলবায়ু পৰিৱৰ্তনৰ সমস্যা সমাধানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। তেওঁ লগতে কয় যে এই বছৰৰ বিশ্ব পৰিৱেশ দিৱসৰ জৰিয়তে বিশ্বজুৰি পৰিৱেশ তন্ত্ৰৰ পুনৰুদ্ধাৰ প্ৰচেষ্টাৰ বাবে তেওঁলোকে সমৰ্থন আগবঢ়াইছে।

সমান্তৰালকৈ, ৰাষ্ট্ৰসংঘৰ পৰিৱেশ কাৰ্যসূচীৰ কাৰ্যবাহী সঞ্চালক ইংগাৰ এণ্ডাৰছেনে কয় যে ২০২০ চনত মহামাৰীৰ লগতে প্ৰকৃতিৰ প্ৰতি বহু পৰিমাণে সংকট আহিছিল। সেয়ে ২০২১ চনত এই সংকটৰ পৰা পৰিত্ৰাণ পাবলৈ সকলোৱে পদক্ষেপ গ্ৰহণ কৰিব লাগিব৷ মানুহ জীয়াই থাকিবলৈ প্ৰকৃতি সংৰক্ষণ অতি প্ৰয়োজন বুলি তেওঁ উল্লেখ কৰি পাকিস্তানে লোৱা পদক্ষেপক প্ৰশংসা কৰে।

❧ | আৰু পঢ়ক: প্ৰেম, প্ৰকৃতি, উন্নয়ন, মহামাৰী ইত্যাদি

উল্লেখ যে বিশ্বৰ মুঠ জনসংখ্যাৰ প্ৰায় ৪০ শতাংশ লোকে পৰিৱেশ প্ৰদূষণৰ ফলত বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে। সেইবোৰৰ ভিতৰত খোৱা পানীৰ অভাৱ, মাটিৰ উৰ্বৰতা হ্ৰাস আদি প্ৰধান। বিজ্ঞানীসকলে ধাৰণা কৰা মতে যদিহে এই হাৰত পৰিৱেশ প্ৰদূষণ হৈ থাকে, তেনেহ’লে বিশ্বত এক চৰম পৰ্যায়ৰ সন্মুখীন হ’ব লাগিব সমগ্ৰ মানৱ জাতি। সেয়েহে ৰাইজৰ সজাগতাৰ বাবে ৰাষ্ট্ৰসংঘৰ পৰিৱেশ বিভাগে বিশেষ ব্যৱস্থা গ্ৰহণ কৰি আহিছে‌।

Featured image courtesy: Twitter/@UNEP
বিশ্ব পৰিৱেশ দিৱস ২০২১: ‘পৰিৱেশতন্ত্ৰৰ পুনৰুদ্ধাৰ’ দশক | ৰূপজ্যোতি গোস্বামী

Follow Nilacharai on Facebook