খোজ, খোজকঢ়া আৰু খোজ-কাটল

খোজ, খোজকঢ়া আৰু খোজ-কাটল
  • 08 Jul, 2024

স্মৃ তিয়ে ঢুকি নোপোৱা কোনোবা এটা দোকমোকালিত আদিম মানৱৰ কোনোবা এটা গোট গভীৰ অৰণ্যৰ ওখ গছৰ পৰা মাটিলৈ নামিল। এটি শিশুৱে প্ৰথম খোজ কাঢ়িবলৈ শিকাৰ দৰে নিশ্চয় কোনোবা এটাই দুই ভৰিৰ ওপৰত থিয় হ’ব পাৰিলে। খুব সন্তৰ্পণে এটা-দুটা খোজ পেলালে। কেইহাতমান আগবঢ়িল। সেই উজ্জ্বল ৰাতিপুৱাটো আছিল সভ্যতাৰ প্ৰথম প্ৰভাত। সেই অপৰিপক্ব খোজকেইটা আছিল মানৱ সভ্যতাৰ প্ৰথম খোজ। ইয়াৰ পাছত আৰু উভতি চাবলগীয়া হোৱা নাই। সেই দণ্ডায়মান পুৰুষে (Homo Erectus) সময়ৰ বোকোচাত পূৰ্ণতা লাভ কৰিলে জ্ঞানী পুৰুষ (Homo sapiens)-লৈ।

খোজকঢ়া মানৱ জীৱনত সকলোতকৈ গুৰুত্বপূৰ্ণ অভ্যাস। দুই ভৰিৰ ওপৰত থিয় হৈ খোজ কাঢ়িবলৈ শিকাৰ পৰা মানুহৰ হাত দুখন মুক্ত হ’ল। মাতৃসকলৰ বাবে সন্তান লালন-পালনত সুবিধা হ’ল। পুৰুষসকলে হাতেৰে আহিলা সাজিব পাৰিলে। সেই আহিলাৰে চিকাৰ কৰাত সহজ হ’ল, কৃষি-কৰ্ম সম্ভৱ হ’ল।

স্বাধীনতাৰ প্ৰথমটো ঢাপ খোজ। যিদিনাখনলৈকে শিশুটো কোলাই-বোকোচাই থাকে, সেইদিনালৈকে সি বা তাই নিজৰ ইচ্ছামতে কলৈকো যাব নোৱাৰে। যি দিনাখনৰ পৰা খোজ কাঢ়িবলৈ শিকিলে, তেতিয়াৰ পৰা আৰু কোনে পায়,— যেনিয়েই মন যায়, তেনিয়েই যাব পাৰে। স্বাধীনতাৰ এই সোৱাদ পৰিলক্ষিত হয় শিশুটোৰ ব্যৱহাৰত। খোজ কাঢ়িবলৈ নিদিয়াকৈ ৰখাই হ’ল বন্দিত্ব। স্বাধীনতাই হ’ল উদ্ভাৱন আৰু সৃষ্টিৰ প্ৰাথমিক চৰ্ত।

খোজ হ’ল যোগাযোগৰ আদিমতম সাহোন। ঐতিহাসিকসকলৰ বহুতে বিশ্বাস কৰে, আদিম মানৱৰ উৎপত্তি হৈছিল আফ্ৰিকা মহাদেশত। কালক্ৰমত ইয়াৰ পৰাই পৃথিৱীৰ বিভিন্ন অংশলৈ মানৱৰ স্থানান্তৰ হৈছিল। ইয়াক কোৱা হয় স্থানান্তৰ আৰ্হি (Replacement Model) মত। ভাবি চাবলৈ গ’লে খোজেই হ’ল প্ৰাচীন বাহন, যাৰ সহায়ত মানুহ পৃথিৱীৰ সৰ্বত্ৰ বিয়পি পৰিল। ইতিহাসৰ আদিম ভ্ৰমণকাৰীসকলে খোজকাঢ়িয়েই বিশ্ব ভ্ৰমণ কৰিছিল। হিউৱেন চাং, ফাহিয়ান, আলবেৰুণী, ইবন বটুতা আদি সকলে খোজকঢ়িয়েই জ্ঞানৰ অন্বেষণ কৰিছিল। খোজেই মানুহক চৌপাশৰ পাৰিপাশ্বিৰ্কতাৰ বিষয়ে জ্ঞান দিয়ে। যিমানে খোজ কাঢ়ি ইফালে-সিফালে যোৱা যায়, সিমানেই ন ন অভিজ্ঞতা আহৰণ কৰিব পৰা যায়। আৰু অভিজ্ঞতাই মানুহক পূৰঠ কৰে।

খোজ অবিহনে আমি স্থানু। খোজেই হ’ল পৰিৱৰ্তনৰ পৰিচয়। খোজে যে এজন ব্যক্তিক স্থানৰ পৰিৱৰ্তন কৰাত সহায় কৰে এনে নহয়, খোজে সমাজ ব্যৱস্থাৰ পৰিৱৰ্তন কৰিব পাৰে, ৰাজনৈতিক ব্যৱস্থাত বিপ্লৱ আনিব পাৰে। ইতিহাসত এনে বহু সামূহিক খোজৰ উদাহৰণ আছে, যি নেকি নতুনত্ব আনিছিল। মোজেচৰ নেতৃত্বত ইহুদিসকলৰ ইজিপ্তৰ পৰা কৰা সেই পৌৰাণিক যাত্ৰা, আৰ্যসকলৰ ভাৰতত প্ৰৱেশ— এই সকলোবোৰ সামূহিক খোজেই গঢ়িছে মানৱ সভ্যতা। এই ক্ষেত্ৰত আমি গান্ধীজীৰ সেই বিখ্যাত দাণ্ডি যাত্ৰা, মাও চে তুঙৰ লং মাৰ্চ, মুছোলিনিৰ ৰোম যাত্ৰা, আচাৰ্য বিনোৱা ভাৱেৰ ভূ-দান যাত্ৰাৰ কথা মনত পেলাব পাৰোঁ।

খোজ মানসিক অৱস্থা আৰু ব্যক্তিত্বৰ পৰিচায়ক। আমাৰ সমাজত থকাৰ দৰে সকলো সমাজতে খোজ সম্পৰ্কত বহু ধ্যান-ধাৰণা আছে। খোজ কেনেকুৱা হ’ব লাগে, সেই বিষয়েও উপদেশ আছে। আচলতে খোজত এজন ব্যক্তিৰ ব্যক্তিত্ব প্ৰকাশ পায়। ব্যক্তিজন কেনেকুৱা— ধীৰ-স্থিৰ নে চঞ্চল, আত্মবিশ্বাসী নে দুৰ্বল, সুস্থ নে অসুস্থ সকলো অৱস্থাৰ প্ৰতিফলন ঘটে মানুহৰ খোজত। আত্মবিশ্বাসী আৰু দৃঢ় মনোবলৰ খোজৰ উৎকৃষ্ট উদাহৰণ হ’ল— মহাত্মা গান্ধী, জন এফ কেনেডী, ইন্দিৰা গান্ধী আদি ব্যক্তিসকলৰ খোজ। এনে বহু ব্যক্তি আছে, যিসকলৰ খোজত ফুটি উঠে দৃঢ়তা। আমাৰ কথাতে কয় নহয়— ‘খোজত মেদিনী কঁপে’— ই শক্তিৱন্ত মানুহৰ পৰিচায়ক। নাৰীৰ ক্ষেত্ৰতো খোজক লৈ নানা বিচাৰ আছে। অৱশ্যে এই সকলোবোৰ আজিৰ দিনত প্ৰযোজ্য নহয়। আজিৰ বোৱৰীয়ে দীঘল ওৰণি নলয়, সেয়েহে মাটিলৈ চাই খোজ কঢ়াৰ প্ৰয়োজনো নাই। সময়ৰ পৰিৱৰ্তনৰ লগে লগে খোজৰ ওপৰত থকা পৌৰাণিক ধ্যান-ধাৰণাও সলনি হৈছে।

আন্তৰ্জাতিক স্কুললৈ খোজকঢ়া দিৱস। ৮ অক্টোবৰৰ দিনটো International Walk to School Day হিচাপে পালন কৰা হয়। প্ৰথমতে আমেৰিকা যুক্তৰাষ্ট্ৰত এই দিৱসৰ সূচনা হয়। আজিৰ দিনত বিশেষকৈ চহৰ-নগৰত স্কুললৈ খোজকাঢ়ি যোৱাৰ অভ্যাস কৰাটো অতি প্ৰয়োজন হৈ পৰিছে। প্ৰায়বিলাক অভিভাৱকে খোজকাঢ়িব পৰা দূৰত্বকণো সন্তানক গাড়ীৰে স্কুললৈ অনা-নিয়া কৰে। ই যান-জঁট, পৰিৱেশ প্ৰদূষণ সৃষ্টি কৰাৰ উপৰিও ছাত্ৰ-ছাত্ৰীৰ শাৰীৰিক আৰু মানসিক দিশত বহুত ক্ষতি কৰিছে। চহৰ অঞ্চলত বিদ্যালয়ৰ সমুখত পুৱা-আবেলি কি সমস্যা হয়, সকলোৰে অভিজ্ঞতা আছে। গ্ৰাম্যাঞ্চলৰ স্কুলত ই এক সমস্যা হিচাপে দেখা দিয়া নাই যদিও খোজকাঢ়ি অহা-যোৱা কৰিব পৰা দূৰত্বৰ ছাত্ৰ-ছাত্ৰীয়েও টেম্পো, অটো, মেজিক আদি সৰু বাহনত অহা-যোৱা কৰা দেখা যায়। এই দিশত অভিভাৱকসকল সচেতন হোৱা প্ৰয়োজন। কিয়নো খোজকঢ়াটো বিশেষকৈ ছাত্ৰ-ছাত্ৰীৰ বাবে অতি প্ৰয়োজন। ই কেইবাটাও দিশত ছাত্ৰ-ছাত্ৰীক সহায় কৰে।

walking

(ক) খোজকঢ়াৰ অভ্যাসে ছাত্ৰ-ছাত্ৰীৰ সু-স্বাস্থ্য গঠনত সহায় কৰে। হাড় আৰু মাংসপেশীৰ গঠন সবল হয়। মেদবহুলতাৰ পৰা আঁতৰি থাকিব পাৰি। দেহ ঋজু হয়। সুস্থ-সৱল শৰীৰে ৰোগ প্ৰতিৰোধ কৰিব পাৰে।
(খ) খোজকঢ়াৰ অভ্যাসে মনৰ পৰা উত্তেজনা, বিষাদ, মানসিক হেঁচা দূৰ কৰে।
(গ) স্কুললৈ সামান্য খোজকাঢ়ি আহিলে শৰীৰৰ অতিৰিক্ত শক্তিৰ দহন হয়। ই ছাত্ৰ-ছাত্ৰীৰ পঢ়াত মনোসংযোগ ঘটাত সহায় কৰে।
(ঘ) পথত খোজকঢ়াৰ অভ্যাসৰ জৰিয়তে পথ-সতৰ্কতা (Road Safety)ৰ বিষয়ে জ্ঞাত হয়।
(ঙ) সাধাৰণতে স্কুললৈ খোজকাঢ়ি আহোঁতে কেইবাগৰাকী ছাত্ৰী একেলগে অহা হয়। এই অভ্যাসে সামাজিক পৰিৱেশত খাপ খাব পৰাকৈ মানসিক উৎকৰ্ষ সাধন কৰে। লগতে ব্যক্তি স্বাধীনতা গঢ় দিয়াত সহায় কৰে।
(চ) খোজকাঢ়ি আহিব পৰা দূৰত্বকণ খোজকাঢ়ি আহিলে ধনৰ ৰাহি হয়। ছাত্ৰ-ছাত্ৰীসকলে সেই ধন ৰাহি কৰি গ’লে ভৱিষ্যতে কিবা এটা ভাল কামত খৰচ কৰিব পাৰে।
(ছ) বহু ক্ষেত্ৰত খোজকাঢ়ি গ’লে (কম দূৰত্বৰ ক্ষেত্ৰত) সময় ৰাহি হয়। কেতিয়াবা বহু সময় গাড়ীৰ বাবে অপেক্ষা কৰিবলগীয়া হয়। কেতিয়াবা ভিৰৰ বাবে ৰ’বল’গা হয়। স্কুল ছুটীৰ লগে লগে খোজকাঢ়িলে হয়তো আগতেই গৈ ঘৰ পাব পাৰে।
(জ) ছাত্ৰ অৱস্থাতে খোজ কঢ়াৰ অভ্যাস গঢ় লৈ উঠিলে ভৱিষ্যতেও এই অভ্যাস থাকি যায়। বয়স বৃদ্ধিৰ পৰা হ’ব লগা বহু ৰোগ খোজকঢ়াৰ অভ্যাস থাকিলে হ’ব নোৱাৰে।

ছাত্ৰ-ছাত্ৰীসকলে অকল স্কুললৈ অহা-যোৱা কৰা বুলিয়ে নহয়, সদায়েই খোজকঢ়াটো অভ্যাসত পৰিণত কৰিব লাগে। অন্ততঃ দৈনিক আধা ঘণ্টা খোজকাঢ়িবই লাগে। অৱশ্যে এই খোজকঢ়াৰ লগত গতিবেগৰ সংগতি আছে। এক নিৰ্দিষ্ট গতি নোহোৱাকৈ খোজকাঢ়িলে খোজকঢ়া নহয়। আমি নিশ্চয় এনেকৈ ভাবিব পাৰোঁ যে খোজকাঢ়িবলৈ শিকিব পৰা হোৱাৰ আঁৰত আছে মানৱ সভ্যতাৰ বিকাশ। সেই মূল্যায়নৰে আমি খোজকাঢ়িব লাগে।

ছাত্ৰ-ছাত্ৰীৰ খোজত গতি থকাটো নিতান্তই বাঞ্ছনীয়। কিয়নো আগবাঢ়ি যোৱাৰ প্ৰাৰম্ভিক চৰ্তই হৈছে গতি। গতি অবিহনে কোনো আগবাঢ়িব নোৱাৰে। কবিৰ ভাষাত ক’বলৈ হ’লে ‘গতিয়েই জীৱন’। বহু সময়ত ছাত্ৰীসকলে ইজনীয়ে সিজনীৰ হাতত ধৰি স্কুলৰ বাৰাণ্ডাত খোজ কাঢ়ে। এই লেখাৰ এছোৱাত উল্লেখ কৰা হৈছে যে খোজত ব্যক্তিত্ব প্ৰকাশ পায়। হয়, হাতত ধৰাধৰিকৈ কেতিয়াবা খোজ কাঢ়িবলগা হয়। কোনোবা ভিৰৰ মাজত (মেলা, বজাৰ, ব্যস্ত ৰে’ল ষ্টেচন ইত্যাদি) হেৰাব বুলি ইজনে সিজনৰ হাতত ধৰা যায়। কিন্তু স্কুলত কিয় হাতত ধৰা ধৰিকৈ খোজ কাঢ়িব লাগে? আমি এটা কথা মনত ৰখা ভাল যে জীৱনত আমি অকলেই আগবাঢ়িব লাগিব। আৰু এটা কথা, কোনো শাৰীৰিক বিসংগতি নাথাকিলে ছেণ্ডেল চোঁচৰাই খোজকঢ়াটো অশোভনীয় হোৱাৰ লগতে ই আত্মবিশ্বাসৰ অভাৱ সূচায়। শুদ্ধ খোজ-কাটলে সু ব্যক্তিত্ব গঢ় দিয়াৰ লগতে ব্যক্তিগত জীৱনৰ উন্নতিৰ সহায়ক হয়।

❧ | আৰু পঢ়ক:

খোজ, খোজকঢ়া আৰু খোজ-কাটল | মহেন্দ্ৰ কাকতি

Follow Nilacharai on Facebook