শি ক্ষা হ’ল মানৱ সমাজৰ প্ৰগতি আৰু উত্তৰণৰ মুখ্য চালিকাশক্তি, সামাজিক জীৱনৰ ঘাই সুৰক্ষা বেহু। এই বেহু সুদৃঢ় নহ’লে শৈক্ষিক তথা সামাজিক জীৱনত আউল লগাটোৱেই স্বাভাৱিক। সেইবাবে পৃথিৱীৰ প্ৰতিখন কল্যাণকামী দেশেই শিক্ষাক মৌলিক প্ৰয়োজন হিচাপে গ্ৰহণ কৰি আহিছে। প্ৰকৃততে এখন দেশৰ সমৃদ্ধি আৰু জীৱন নিৰ্বাহৰ প্ৰগতি নিৰ্ভৰ কৰে মানসম্পন্ন শিক্ষা ব্যৱস্থাৰ ওপৰত। দেশ এখন যিমানেই সম্পদশালী নহওক কিয়, শিক্ষাৰ দিশটো যদি পুতৌ লগা হয়, তেতিয়াহ’লে দেশখনে কেতিয়াও প্ৰগতিৰ পথত আগবাঢ়িব নোৱাৰে।
সাম্প্ৰতিক সময়ত সমগ্ৰ বিশ্বত শিক্ষা বিষয়টোত যথেষ্ট গুৰুত্ব প্ৰদান কৰি শিক্ষাৰ সামগ্ৰিক উন্নয়নৰ হেতু ‘সকলোৰে বাবে শিক্ষা’— এই ব্যৱস্থাৰ বাস্তৱ ৰূপায়ণৰ বাবে বিভিন্ন পন্থা গ্ৰহণ কৰিছে। বিশ্বৰ প্ৰায়বোৰ ৰাষ্ট্ৰতে আধুনিক শিক্ষাৰ মান উন্নত কৰাৰ অৰ্থে বিভিন্ন আঁচনি আৰু বিভিন্ন পৰিকল্পনা যুগুতাই শিক্ষানীতিক বাস্তৱমুখী কৰি তোলাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সম্প্ৰসাৰণ আৰু প্ৰভাৱৰ অপৰিহাৰ্যতাক আধুনিক শিক্ষা ব্যৱস্থাত অন্তৰ্ভুক্ত কৰি বৃত্তিমুলক শিক্ষাৰ প্ৰসাৰ ঘটাই প্ৰগতিমুখী কৰি তুলিছে, যাৰ ফলত মানুহে জীৱন নিৰ্বাহৰ জটিল গতিত নতুন পথৰ সন্ধান লভিবলৈ সক্ষম হৈছে।
ভাৰতবৰ্ষত সংবিধানৰ ৪৫ নং অনুচ্ছেদৰ অধীনত ৬ ৰ পৰা ১৪ বছৰ বয়সলৈকে সকলো শিশুৰ বাবে বিনামূলীয়া আৰু বাধ্যতামূলক প্ৰাথমিক শিক্ষাৰ ব্যৱস্থাটো নিৰ্দেশাত্মক নীতি হিচাপে গ্ৰহণ কৰি সাৰ্বজনীন প্ৰাথমিক শিক্ষাৰ লক্ষ্যসমূহ পূৰণ কৰিবলৈ বিভিন্ন ধৰণৰ আঁচনি গ্ৰহণ কৰা হয়। এই আঁচনিবোৰৰ ভিতৰত অপাৰেচন ব্লেক-বৰ্ড, পুনৰ বিন্যাসিত আৰু পুনৰ গঠিত শিক্ষক প্ৰশিক্ষণ ব্যৱস্থা, জিলা প্ৰাথমিক শিক্ষা আঁচনি, মধ্যাহ্ন ভোজন আঁচনি, অনানুষ্ঠানিক শিক্ষা, শিক্ষা নিশ্চিতকৰণ আঁচনি, বিকল্প আৰু উদ্ভাৱনামূলক শিক্ষা ব্যৱস্থা, জনশালা আঁচনি আৰু সৰ্বশিক্ষা অভিযানে সাৰ্বজনীন শিক্ষাৰ লক্ষ্যসমূহত উপনীত হোৱাৰ ক্ষেত্ৰত থকা ব্যৱধানসমূহ আঁতৰ কৰাৰ বাবে যথেষ্ট বৰঙণি আগবঢ়াইছে।
২০০২ চনৰ ভাৰতীয় সংবিধানৰ ৮৬ সংখ্যক সংশোধনীয়ে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰসমূহক ২০০৯ চনত আইন হিচাপে ৰূপায়ণ কৰাৰ পথ সুচল কৰি তোলে। ২০০৯ চনৰ এই আইনখনে প্ৰত্যেক শিশুৰ বাবে কোনো ধৰণৰ বৈষম্য আৰু বহিষ্কৰণ নোহোৱাকৈ গুণগত শিক্ষা আহৰণ কৰাৰ এটা পৰিৱেশ গঢ়ি তুলিব বিচাৰিছে, যাৰ বাবে সকলোৰে বাবে গুণগত শিক্ষা প্ৰদান আৰু উপযোগী শিক্ষা পদ্ধতি কাৰ্যকৰী হৈছে। ফলত গুণগত শিক্ষা, সমতা, বৈষম্যহীনতা আৰু শিক্ষাৰ অধিকাৰে শিশুৰ স্বাধীনতা সুনিশ্চিত কৰিছে
একেদৰে, কুৰি শতিকাৰ মাজভাগৰ পৰাই আমাৰ ৰাজ্য অসমত বুজন সংখ্যক প্ৰাথমিক, মাধ্যমিক, উচ্চ মাধ্যমিক পৰ্যায়ৰ বিদ্যালয় গঢ় লৈ উঠিছে আৰু অসমৰ ভৱিষ্যত প্ৰজন্মক গঢ় দিয়াৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। এইটো সুখৰ কথা; কিন্তুু বিদ্যালয় প্ৰতিষ্ঠা হ’লেই, ছাত্ৰ-ছাত্ৰী বিদ্যালয়লৈ পাঠগ্ৰহণৰ বাবে আহিলেই, শিক্ষকসকল পাঠদানৰ বাবে বিদ্যালয়লৈ আহিলেই আমাৰ ভৱিষ্যত প্ৰজন্মই নিজকে এগৰাকী প্ৰকৃত মানৱ সম্পদ হিচাপে গঢ়ি তুলিব পাৰিব জানো? কেতিয়াও নোৱাৰে। এক কথাত, এই বৌদ্ধিক অনুশীলনীৰ লগত সংশ্লিষ্ট হৈ থকা শিক্ষক, ছাত্ৰ-ছাত্ৰী, অভিভাৱক, প্ৰশাসক, চৰকাৰী বিভাগৰ সমন্বয়ত গঢ়ি উঠা সমন্বয় সূত্ৰ নিৰ্ণয়ৰ ওপৰতহে শৈক্ষিক বাতাবৰণৰ প্ৰকৃত ছবিখন জিলিকি উঠিব আৰু ফলপ্ৰসূভাৱে সোণত সুৱগা চৰি জিলিকি উঠিব। এই দিশত শিক্ষানুষ্ঠানখনৰ মুৰব্বীগৰাকীৰ সবল নেতৃত্ব, সৃষ্টিশীলতা আৰু কৰ্মোদ্যমেহে মুখ্য ভূমিকা গ্ৰহণ কৰে আৰু তেতিয়াহে শিক্ষাৰ দিশটোৱে পূৰ্ণতা লাভ কৰে বুলি ক’ব পৰা যায়।
সম্প্ৰতি প্ৰাথমিক আৰু মাধ্যমিক স্তৰত শিক্ষা ব্যৱস্থা অধিক ফলপ্ৰসূ কৰিবৰ বাবে কেন্দ্ৰীয় চৰকাৰে শিক্ষাৰ গুণগত মান নিৰ্ধাৰণ, বিদ্যালয় গৃহ নিৰ্মাণ, আচবাব যোগান, খোৱাপানীৰ ব্যৱস্থা, প্ৰস্ৰাৱাগাৰৰ ব্যৱস্থা আদি বিভিন্ন দিশৰ উন্নয়নৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। এখন বিদ্যালয় নিয়াৰিকৈ পৰিচালনা কৰিবৰ বাবে, পঢ়া আৰু পঢ়োৱাৰ পৰিৱেশ গঢ়ি তুলিবলৈ হ’লে বিদ্যালয়গৃহ আৰু ইয়াৰ চৌদিশৰ পৰিৱেশ অনুকূল হোৱা আৰু নিম্নতম প্ৰয়োজনীয় আচবাব আৰু শিক্ষাদানৰ সা-সঁজুলি আদি সকলো ব্যৱস্থাৰে পৰিপূৰ্ণ এটা অৱস্থা থকাটো নিতান্তই আৱশ্যক। কিন্তুু এই সমূহৰ জৰিয়তেও এখন বিদ্যালয়ৰ শৈক্ষিক মান কেতিয়াও উন্নত হ’ব নোৱাৰে। সকলোতকৈ গুৰুত্বপূৰ্ণ কথা হ’ল— উপযুক্ত লোকৰ ওপৰত শিক্ষাদানৰ দায়িত্ব অৰ্পণ কৰা বিষয়টোহে। দৰাচলতে প্ৰত্যেকজন শিক্ষকেই নিজকে এগৰাকী প্ৰকৃত শিক্ষাগুৰু হিচাপে গঢ়ি ল’ব পাৰিলেই শিক্ষাৰ গুণগত মান উন্নত হ’ব আৰু তেতিয়াহে ছাত্ৰ-ছাত্ৰীসকলে প্ৰকৃত শিক্ষা লাভ কৰিবলৈ সক্ষম হ’ব।
এই কথা অস্বীকাৰ কৰিব পৰা নাযায় যে আমাৰ ৰাজ্যখনত শিক্ষাৰ দিশত সম্প্ৰতি প্ৰাথমিক পৰ্যায়ৰ পৰা উচ্চ মাধ্যমিক পৰ্যায়লৈ এটা প্ৰধান কেৰোণ লাগিছে। শিক্ষাৰ মান উন্নত কৰিবলৈ হ’লে যিটো পৰ্যায়ত অধিক অগ্ৰাধিকাৰ দিয়া উচিত, সেই পৰ্যায়টোকেই আমাৰ ৰাজ্যখনত চৰম অৱহেলা কৰা হৈছে। ফলত শিক্ষাৰ চৰম অৱনতি ঘটিছে আৰু বিৰূপ প্ৰভাৱ পৰিছে। উল্লেখ কৰা নিষ্প্ৰয়োজন যে ভেটি বা বুনিয়াদটোৱেই যদি সোলোক-ঢোলোক হয়, তেন্তে সামগ্ৰিকভাৱে শিক্ষাৰ মান উন্নত কৰাটো কেতিয়াও সম্ভৱ হ’ব নোৱাৰে। গতিকে শিক্ষাৰ মান উন্নত কৰিবৰ বাবে উপযুক্ত চিন্তা-চৰ্চাৰে উপযুক্তভাৱে প্ৰতিখন বিদ্যালয়ত প্ৰয়োজন অনুসৰি শিক্ষক নিযুক্তি হ’ব লাগিব। উপযুক্ত প্ৰশিক্ষণেৰে শিক্ষকসকলক প্ৰশিক্ষিত কৰি তুলিব লাগিব। সবাতোকৈ গুৰুত্বপূৰ্ণ বিষয় হ’ল, আমাৰ ৰাজ্যখনত বহুতো শিক্ষানুষ্ঠানত শিক্ষকৰ অভাৱ। কোনো বিদ্যালয়ত বিজ্ঞান বিষয়ৰ শিক্ষক আছে, কিন্তু কলা বিষয়ৰ শিক্ষক নাই। কোনো বিদ্যালয়ত আকৌ ইয়াৰ বিপৰীত ছবি। ফলত শিক্ষাৰ উন্নয়নৰ দিশত যদিও বিভিন্ন পদক্ষেপ লোৱা হৈছে, তথাপিতো ইপ্সিত ফল লাভ কৰিবলৈ সক্ষম হোৱা নাই।
কেন্দ্ৰীয় চৰকাৰৰ নীতি অনুসৰি শিক্ষক আৰু শিক্ষাৰ্থীৰ অনুপাত প্ৰাথমিক পৰ্যায়ত ১:৩০, উচ্চ প্ৰাথমিক পৰ্যায়ত ১:৩৫ আৰু মাধ্যমিক পৰ্যায়ত ১:৪০। অৰ্থাৎ প্ৰাথমিক বিদ্যালয়ৰ পৰা মাধ্যমিক বিদ্যালয়ত ক্ৰমে ত্ৰিশৰ পৰা চল্লিশগৰাকী ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে একোজনকৈ শিক্ষক নিযুক্তি হোৱাটো প্ৰয়োজন। কিন্তুু অসমৰ শিক্ষানুষ্ঠানসমূহত এই বিন্যাস হৈছেনে? এই দিশত সুপৰিকল্পিত আঁচনিৰ প্ৰয়োগ হৈছেনে? আজি প্ৰাথমিক পৰ্যায়ৰ এক বহু চৰ্চিত বিষয় হৈছে, শ্ৰেণীভিত্তিক শিক্ষক নিযুক্তি। এতিয়াও গ্ৰামাঞ্চলৰ বহু প্ৰাথমিক বিদ্যালয় আছে, য’ত ছাত্ৰ ছাত্ৰী আছে চাৰি কুৰিৰো অধিক, কিন্তুু শিক্ষক আছে মাত্ৰ দুগৰাকী। তাৰে প্ৰধান শিক্ষকগৰাকী মধ্যাহ্ন ভোজনৰ বাবে বজাৰ কৰাৰ পৰা কাৰ্যালয়ৰ বিভিন্ন কামলৈকে ব্যস্ত হৈ পৰিবলগীয়া হয়। বিভিন্ন সময়ত বিভিন্ন বিভাগীয় আলোচনা, সভা-সমিতিত উপস্থিত থাকিবলগীয়া হয়। গতিকে অধিকাংশ সময় সহকাৰী শিক্ষকজনে অকলেই বিদ্যালয়ৰ ‘ক’ শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে আটাইকেইটা শ্ৰেণীত পাঠদানৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ সকলো দিশ চোৱা-চিতা কৰিবলগীয়াত পৰে। এনে পৰিস্থিতিত শিক্ষাদান আৰু গ্ৰহণ কাৰ্য কিমান ফলপ্ৰসূ হ’ব, সেয়া নক’লেও সকলোৱে বুজি পাব।
এগৰাকী শিক্ষকে একেলগে একে সময়তে ছটাকৈ শ্ৰেণীত পাঠদান কৰিবলগীয়া হোৱা বিষয়টো শৈক্ষিক ক্ষেত্ৰৰ বাবে কোনো কাৰণতে গ্ৰহণযোগ্য হ’ব নোৱাৰে। আনহাতে আকৌ এনে বহু বিদ্যালয়ো আছে, য’ত ছাত্ৰ-ছাত্ৰীতকৈ শিক্ষকৰ সংখ্যা তুলনামূলকভাৱে বহু বেছি। সকলোৱে ইতিমধ্যে এই কথা স্বীকাৰ কৰিছে যে প্ৰাথমিক পৰ্যায়ত যেতিয়ালৈকে শ্ৰেণী অনুপাতে শিক্ষক নিযুক্তিৰ ব্যৱস্থা কৰা নহ’ব, তেতিয়ালৈকে অসমত প্ৰাথমিক শিক্ষাৰ উপযুক্ত বিকাশ সম্ভৱপৰ হৈ নুঠিব। এই সমুদায় বিষয়ৰ ওপৰত তাৎক্ষণিকভাৱে ব্যৱস্থা লোৱাটো অতিকে প্ৰয়োজন।
বিগত ২০১৭ বৰ্ষত অসম চৰকাৰে প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণী পৰ্যন্ত পাঠদান কৰা বিদ্যালয়সমূহত ‘গুণোৎসৱ’ নামকৰণৰে বিদ্যালয়ৰ মান নিৰূপণৰ এক আঁচনি গ্ৰহণ কৰিছিল। আমাৰ ৰাজ্য অসম হ’ল গুণোৎসৱ উদ্যাপন কৰা ভাৰতবৰ্ষৰ দ্বিতীয়খন ৰাজ্য। প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক পৰ্যায়ৰ শিক্ষাৰ গুণগত মান উন্নত কৰি চৰকাৰী শিক্ষা ব্যৱস্থাৰ প্ৰতি ৰাইজক আগ্ৰহী কৰি এক আশাৰ বতৰা বিয়পোৱাৰ উদ্দেশ্য লৈয়ে আমাৰ ৰাজ্য চৰকাৰে গুণোৎসৱ কাৰ্যসূচী ৰূপায়ণৰ ব্যৱস্থা কৰিছিল আৰু সফলো হৈছে। শিক্ষাৰ অন্তৰায়সমূহ চিনাক্ত কৰি নিদানমূলক শিক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লক্ষ্যও গ্ৰহণ কৰি মুঠ তিনিটা পৰ্যায়ত সম্পন্ন হোৱা এই গুণোৎসৱৰ ফলাফলো ইতিমধ্যে প্ৰকাশ হৈছে। শিক্ষা গ্ৰহণৰ বাবে চৰকাৰী বিদ্যালয়সমূহ উপযুক্ত নহয়, চৰকাৰী বিদ্যালয়সমূহে শিক্ষা ব্যৱস্থাত কোনো পৰিৱৰ্তন আনিব পৰা নাই— এই ধৰণৰ ধ্যান-ধাৰণাক তল পেলাই বিদ্যালয়সমূহক উন্নত পৰ্যায়লৈ উন্নীত কৰাৰ দিশত গুণোৎসৱ এক উপযুক্ত পদক্ষেপ আৰু এই পদক্ষেপ পৰৱৰ্তী সময়লৈ বাহাল ৰাখিলে শিক্ষাৰ ক্ষেত্ৰত আশানুৰূপ উন্নতি হ’ব বুলি সকলোৱে ইতিমধ্যে স্বীকাৰ কৰিছে।
দৰাচলতে অসমৰ শিক্ষা জগতখনৰ আটাইতকৈ আসোঁৱাহপূৰ্ণ আৰু আপত্তিজনক দিশটো হৈছে পাঠ্যপুথিৰ প্ৰণয়ন, প্ৰকাশন আৰু বিতৰণৰ ব্যৱস্থাটো। পাঠ্যপুথিৰ সংস্কাৰ সাধনৰ নামত এতিয়ালৈকে যিখিনি ব্যৱস্থা লোৱা হৈছে, সেই সকলো যেন পৰীক্ষা-নিৰীক্ষাৰ বাবেহে কৰা হৈছে। পৰীক্ষা পদ্ধতি আৰু ফলাফল ঘোষণালৈকে যিমান কাম কৰিবলগীয়া থাকে, সেই সমূহো ত্ৰুটিপূৰ্ণ বুলি সৰ্বত্ৰে চৰ্চা হৈ আহিছে। যদিওবা ছাত্ৰ-ছাত্ৰীসকলক উৎসাহ প্ৰদানৰ বাবেই হাইস্কুল শিক্ষান্ত পৰীক্ষাত স্থানপ্ৰাপ্ত বা ষ্টাৰ মাৰ্কপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰীক লেপটপ্ প্ৰদান, উচ্চতৰ মাধ্যমিকৰ কৃতী ছাত্ৰীলৈ স্কুটি প্ৰদান, দুখীয়া ছাত্ৰীসকলৰ সুবিধাৰ বাবে চাইকেল বিতৰণ, অষ্টম শ্ৰেণীলৈ বিনামূলীয়া পোছাক প্ৰদানৰ আঁচনি, মেধা বৃত্তি প্ৰদান আঁচনি আদি যথেষ্ট উৎসাহজনক ভালেসংখ্যক আঁচনি চৰকাৰীভাৱে গ্ৰহণ কৰা হৈছে আৰু কাৰ্যকৰী কৰিছে, তথাপিতো এই আঁচনিসমূহ যথা সময়ত যথা নিয়মৰ মাজেদি কাৰ্যকৰী হৈছে নে নাই, এই সম্পৰ্কত চৰকাৰ সচেতন হোৱাৰ যথেষ্ট প্ৰয়োজন আছে। ছাত্ৰ-ছাত্ৰীসকলে দুৰ্নীতি-অনিয়মৰ ছবিখন যাতে স্কুলীয়া পৰ্যায়তে নেদেখে, সেয়া ভৱিষ্যত প্ৰজন্মৰ স্বাৰ্থতে নিশ্চিত কৰাটো অত্যন্ত প্ৰয়োজন।
মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত অসমত স্বাধীনতাৰ পাছত গঠিত হোৱা মুডালিয়ৰ আয়োগ (১৯৫২-৫৩), কোঠাৰী আয়োগ (১৯৬৪-৬৬), ৰাষ্ট্ৰীয় শিক্ষানীতি (১৯৮৬)ৰ আধাৰত শিক্ষাৰ বিকাশৰ ধাৰা মনোগ্ৰাহী কৰিবৰ বাবে চেষ্টা চলাই থকা হৈছে যদিও বিকাশৰ ধাৰা এই পৰ্যন্ত মনোগ্ৰাহী যে হোৱা নাই সেই সম্পৰ্কে সৰ্বস্তৰতে আলোচিত হৈছে।
পৰিশেষত ক’ব পাৰি যে আমাৰ ৰাজ্যত জীৱন নিৰ্মাণৰ ভেটিস্বৰূপ এই প্ৰাথমিক আৰু মাধ্যমিক স্তৰৰ শিক্ষা ব্যৱস্থাক সজীৱ কৰি তুলিবৰ বাবে সচেতন শিক্ষিত লোকসকল, অভিভাৱক তথা শিক্ষক সমাজ একত্ৰিত হোৱাটো অতিকে প্ৰয়োজন আৰু শিক্ষা বিভাগেও শৈক্ষিক জগতত হোৱা নৈৰাজ্যসমূহ দূৰ কৰাৰ বাবে সুপৰিকল্পিত আঁচনি গ্ৰহণ কৰিবলৈ আগবাঢ়ি অহাটো সময়ৰ আহ্বান হিচাপে মানি লোৱা উচিত। অন্যথা ইতিহাসে কেতিয়াও ক্ষমাৰ দৃষ্টিৰে বিষয়সমূহ গ্ৰহণ কৰিব বুলি আশা কৰিব পৰা নাযাব।
❧ | আৰু পঢ়ক: