নীলা চৰাই | অসমীয়া সাহিত্য, বাৰ্তা, আলোচনা

অসমীয়া সাহিত্য, বাৰ্তা আৰু আলোচনা

কৰ্ম

কৰ্ম
উম্বেৰ্টো চাবা
মূল (ইটালিয়ান (Lavoro)) উম্বেৰ্টো চাবা
08 Jun, 2021

(George Hochfield and Leonard Nathan-অৰ ইংৰাজী অনুবাদ (Work)-ৰ পৰা)


সহজ আছিল মোৰ এই জীৱন
পৃথিৱীয়ে মোক দিছিল
ফুল আৰু ফল অগণন।

এতিয়া মই
এটুকুৰা মাটি চহাওঁ
কঠিন আৰু শুকান।
শিল আৰু লদাত ঠোকৰ খাই
থমকি ৰয় মোৰ কোৰখন।
তদাপি দি যাওঁ দকৈ চাব সিহঁতৰ দৰে যিয়ে
অহৰহ খেদি ফুৰে সপোনৰ ৰতন।

Umberto Saba
উম্বেৰ্টো চাবা

উম্বেৰ্টো চাবা

উম্বেৰ্টো চাবা (Umberto Saba) এগৰাকী ইটালিয়ান কবি আৰু ঔপন্যাসিক আছিল। তেখেতৰ জন্ম হৈছিল ১৮৮৩ চনৰ ৯ মাৰ্চ তাৰিখে আৰু মৃত্যু হৈছিল ১৯৫৭ চনৰ ২৫ আগষ্ট তাৰিখে।

সহজ-সৰল, ছন্দময় প্ৰকাশভঙ্গী আৰু আত্মজৈৱনিক লেখাৰ বাবে উম্বেৰ্টো চাবা বিশেষভাৱে জনাজাত। ১৯২১ চনত প্ৰকাশিত তেখেতৰ ‘দ্য ছংবুক’ গ্ৰন্থৰ বাবে উম্বেৰ্টো চাবাই কবি হিচাপে বিশেষ প্ৰসিদ্ধি লাভ কৰে।

তেখেতৰ প্ৰকাশিত গ্ৰন্থৰ অন্যতম হৈছে— ‘পয়েমছ’ (১৯১১), ‘ৱিথ মাই আইজ’ (১৯১২), ‘প্ৰিল্যুড এণ্ড ছংছ’ (১৯২৩), ‘দ্য প্ৰিজ’নাৰছ’ (১৯২৪)।

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক

পাঠকৰ মন্তব্য (0)

কেৱল সদস্য আৰু লেখকৰ বাবে

সদস্যৰ বিশেষ আলোচনা

এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।

মন্তব্যসমূহ লোড হৈ আছে...

আপুনি হয়তো ভাল পাব: