বৃ টিছ শাসকে বিভিন্ন কৰ-কাটলেৰে ভাৰতীয়ক শোষণ কৰাৰ এক ক’লা অধ্যায় আছে। এই অধ্যায়ৰে এক অংশ হ’ল দুখীয়া কৃষকৰ ওপৰত আৰোপ কৰা ‘নাঙল কৰ’, মাটিৰ কৰ আদি। অসমো ইয়াৰ ব্যতিক্ৰম নাছিল। ঊনৈশ শতিকাৰ নৱম দশকৰ সময়ছোৱাত বৃটিছ শাসকে অসমৰ মাটি নতুনকৈ জৰীপ কৰি বস্তি মাটি, ৰোপিত মাটি আৰু ফৰিঙতি মাটি— এই তিনি ভাগত ভাগ কৰি প্ৰতি ভাগতে পৃথক পৃথক পৰিমাণৰ খাজনা নিৰ্ধাৰণ কৰে। অত্যধিক খাজনাৰ বোজাই কৃষকসকলৰ ৰাজহাঁড় ভাঙি পেলোৱাৰ উপক্ৰম কৰিছিল। ইয়াৰ পৰা পৰিত্ৰাণৰ উপায় উলিয়াবলৈ দৰঙৰ প্ৰজাই ৰাইজমেল পাতিলে। ইতিমধ্যে ৰঙিয়া, নলবাৰী, বজালী, সৰুক্ষেত্ৰী, বৰমা, বৰভাগ আদি ঠাইৰ ৰাইজে বৰ্ধিত খাজনা আদায় নিদিবলৈ লোৱা সিদ্ধান্তৰ বাতৰি নামনি অসমৰ চুকে-কোণে বিয়পি পৰাত দৰঙী ৰাইজেও তেনে এক সিদ্ধান্ত গ্ৰহণ কৰি ১৮৯৪ চনৰ ২৮ জানুৱাৰীত বৰ্ধিত খাজনাৰ প্ৰতিবাদকল্পে পথৰুঘাট (পাথৰিঘাট/ পাথৌঘাট) নামৰ ঠাইত মিলিত হ’ল। ৰাইজে বৰ্ধিত খাজনা প্ৰত্যাহাৰ কৰিবলৈ জিলাধিপতি এণ্ডাৰচন আৰু মহকুমাধিপতি ৰেমচনক অনুৰোধ জনালে যদিও চৰকাৰী প্ৰতিনিধিবৰ্গই সেই অনুৰোধ প্ৰত্যাখান কৰিলে আৰু সেই ঠাই এৰি যাবলৈ নিৰ্দেশ জাৰি কৰিলে। ৰাইজে সেই নিৰ্দেশ অমান্য কৰিলে। লাহে লাহে পৰিস্থিতি উত্তপ্ত হৈ আহিল আৰু এটা সময়ত চৰকাৰী বাহিনীয়ে প্ৰথমে লাঠী চালনা আৰু তাৰ পাছত নীৰস্ত্ৰ ৰাইজৰ ওপৰত গুলী চালনা কৰিলে। কিংকৰ্তব্যবিমূঢ় ৰাইজেও গুলীৰ উত্তৰ পথাৰৰ দলি-চপৰা, খৰি আদিৰে দিবলৈ চেষ্টা কৰিলে। পুলিচৰ গুলীত সাত কুৰি (১৪০) লোকৰ মৃত্যু হ’ল, প্ৰায় ১৫০জন লোক ঘুণীয়া হ’ল; অৱশ্যে চৰকাৰী হিচাপত নিহতৰ সংখ্যা ১৫ আৰু আহতৰ সংখ্যা ৩৭। এই ঘটনাক পৰৱৰ্তী সময়ত ‘পথৰুঘাটৰ কৃষক বিদ্ৰোহ’, ‘পথৰুঘাটৰ ৰণ’, ‘পাথৌঘাটৰ ধেৱা’ আদি নামেৰে অভিহিত কৰা হৈছে। শাসকৰ শোষণৰ বিৰুদ্ধে জাতি-বৰ্ণ-ধৰ্ম নিৰ্বিশেষে ‘হৰি বোল’ আৰু ‘আল্লা হু আকবৰ’ ধ্বনিৰে একগোট হোৱা ৰাইজৰ প্ৰতিৰোধৰ এক প্ৰেৰণাদায়ক উদাহৰণ হ’ল পথৰুঘাটৰ ৰণ!
এই সমস্ত ঘটনাৰ প্ৰত্যক্ষদৰ্শী আছিল জনৈক নৰোত্তম। অনাখৰী নৰোত্তমে এই সমস্ত ঘটনা পদ্য আকাৰে মুখে মুখে ৰচনা কৰি বিবৃত কৰিছিল। ঘটনাৰ পচপন্ন বছৰৰ পাছত ১৯৪৯ চনত নৰোত্তমৰ ৰচনাখিনি মঙলদৈৰ ‘বামুণপাৰা-ভেবাৰঘাট ছাত্ৰ সংঘ’ই ‘পাথৰিঘাটৰ ৰণ বা দলি পুৰাণ’ শিৰোনামেৰে ছপা কৰি উলিয়াই। কালক্ৰমত পুস্তিকাখনি পাবলৈ নোহোৱা হয়। প্ৰথম প্ৰকাশৰ ৬৫ বছৰৰ পাছত ২০১৪ চনত পুস্তিকাখনি দৰং জিলা বাৰ্তাজীৱী সংঘ আৰু পথৰু সমন্বয় গোষ্ঠীয়ে পুনৰ প্ৰকাশ কৰে। অসহায় প্ৰজাই বৃটিছ সৈন্যৰ বন্দুকৰ প্ৰতিৰোধকল্পে হাতত তুলি লোৱা পথাৰৰ দলি-চপৰাৰ প্ৰসংগতেই পুস্তিকাখনিৰ নাম ‘দলি পুৰাণ’ হোৱা বুলি ধাৰণা কৰা যায়।
পুস্তিকাখনিৰ ঐতিহাসিক মূল্য আৰু বিবৃত তথ্যৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি তথা গৱেষক, ছাত্ৰ-ছাত্ৰী আৰু সাধাৰণ ৰাইজৰো হাতে ঢুকি পোৱাতে থাকক বুলি ‘দলি পুৰাণ’ নীলা চৰাইত ইলেক্ট্ৰনিক ৰূপত পুনৰ প্ৰকাশ কৰাৰ সিদ্ধান্ত লোৱা হ’ল। এই আপাহতে পথৰুঘাটৰ ৰণৰ শ্বহীদ আৰু প্ৰতিবাদী ৰাইজখনক আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। এই ঘটনাক পৰৱৰ্তী প্ৰজন্মলৈ বৈ নিয়াৰ দায়িত্ব স্বপ্ৰণোদিত হৈ পালন কৰা নৰোত্তমৰ স্মৃতিত আমি মূৰ দোঁৱাইছোঁ। বামুণপাৰা-ভেবাৰঘাট ছাত্ৰ সংঘ, দৰং জিলা বাৰ্তাজীৱী সংঘ আৰু পথৰু সমন্বয় গোষ্ঠীৰ সামাজিক দায়িত্ব পালনৰ সজ প্ৰচেষ্টাৰ আমি শলাগ লৈছোঁ।
—সম্পাদক, নীলা চৰাই।
পাথৰিঘাটৰ ৰণ বা দলি পুৰাণ
‘দলি-পুৰাণ’ পদটি প্ৰয়াত নৰোত্তমে ৰচনা কৰা। তেখেত আছিল এগৰাকী হোজা গাঁৱলীয়া। তেখেতৰ বিশেষ পৰিচয় আৰু দিবলৈ নাই। পাথৰিঘাট মঙলদৈৰ এখন প্ৰধান ঠাই। ইং ১৮৯৪ চনত মিঃ ৰেমচন যেতিয়া মঙলদৈৰ মহকুমাধিপতি আছিল, তেতিয়া মাটি পিয়ল নকৰাকৈ খাজনা অতিপাত বৃদ্ধি কৰাত মঙলদৈয়া প্ৰজাই খাজনা নিদিয়াকৈ আছিল। দৰং জিলাৰ বৰ চাহেব মিঃ এণ্ডাৰচনে এই বিষয়ে বিচাৰ কৰিবলৈ পাথৰিঘাটলৈ গ’ল। লগত নিলে এক ডজন চিপাহী আৰু মঙলদৈৰ মহকুমাধিপতিক।
জিলা চাহাবৰ আগত খাজনাৰ বিষয়ে আপত্তি জনাবলৈ মঙলদৈৰ সকলো ঠাইৰ পৰা প্ৰায় পাঁচ-ছয় হেজাৰমান মানুহ আহি পাথৰিঘাটত থুপ খালে। চাহাবৰ ওচৰলৈ অহা মানুহৰ ইমান হেতা-ওপৰা হ’ল যে ওপৰৱালাৰ হুকুম মতে চিপাহীয়ে নিৰীহ জনতাক বন্দুক আৰু সঙ্গীনেৰে খুচি পিছ হোঁহকাই দিলে। জনতাৰ মাজত চাঞ্চল্যৰ সৃষ্টি হোৱাত চিপাহীয়ে গুলি চলাই প্ৰায় ছকুৰি নিৰীহ মানুহৰ জীৱন নাশ কৰে। চিপাহীয়ে মাৰিলে গুলি, আমাৰ জনতাই আত্মৰক্ষাৰ কাৰণে চিপাহীলৈ মাৰিলে মাটি চপৰা আৰু ফৰ্মূটি। কিন্তু বন্দুকৰ আগত সি তিকিব নোৱাৰিলে। ইয়াৰ পাছত চিপাহীহঁতে বহুত মানুহ ধৰি লৈ যায় আৰু তাৰ পাছত বৰ চাহেবৰে সৈতে প্ৰায় আঢ়ৈকুৰি অশ্বাৰোহী বগা সৈনিক হিন্দুঘোপালৈ গৈ কৰ আদায় কৰে।
এয়েই হ’ল ঘটনাটিৰ মুঠ কথা।
আমাৰ ক’বলগীয়া— লেখক হোজা গাঁৱলীয়া, গতিকে পদটিৰ প্ৰায়বিলাকেই গাঁৱলীয়া শব্দ। কিন্তু সেইবিলাকত হাত নিদি মাত্ৰ ইয়াক ৰাইজৰ আগত দাঙি ধৰিলো। ভাল-বেয়া, দোষ-গুণ ৰাইজে বিচাৰ কৰিব। লগতে অনুৰোধ— অতীতৰ মঙ্গলদৈয়াৰ তেজৰ কথা যেন আমাৰ সকলোৱে এবাৰ সুঁৱৰি চায়।
ৰাইজৰ সেৱক—
বামুণপাৰা ভেবাৰঘাট ছাত্ৰ সংঘ
মঙ্গলদৈ (অসম)
ছাত্ৰ-সংঘ কাৰ্যালয়,
বামুণপাৰা
১৩৫৫ চন (ভাস্কৰাব্দ)
(১৯৪৯ খ্ৰীষ্টাব্দ)
[‘(ভাস্কৰাব্দ)’ আৰু ‘(১৯৪৯ খ্ৰীষ্টাব্দ)’— এই দুটা তথ্য নীলা চৰাইৰ সম্পাদকৰ সংযোজন]
✽
পাথৰিঘাটৰ ৰণ বা দলি পুৰাণ
পদ
নমো নমো নাৰায়ণ নতে নিৰঞ্জন।
ব্ৰহ্মাহৰে চিন্তে যাৰ অৰুণ চৰণ॥
নমো নমো নাৰায়ণ চৰণ যুগল।
যাহা সেৱিলে পায় মৃক্ষ পদ মূল॥
জয় জয় কৃষ্ণ জগতৰ আদি মূল।
যাহাক সেৱিলে হয় পাতক নিৰ্মূল॥
সংসাৰত গুৰু বৈষ্ণৱ আছে যত যত।
এক চিত্তে প্ৰণাম কৰোঁ সবাৰো চৰণ॥
জয় জয় লক্ষ্মীদেৱী জয় সৰস্বতী।
গুৰু ব্ৰাহ্মণক মই কৰোঁহো প্ৰণতি॥
কালিদাস বন্দো আদি যত কবিগণ।
এক চিত্তে মনে শুন দলিৰে পুৰাণ॥
সাধু মহন্তক মই কৰোঁ নমস্কাৰ।
দলি পুৰাণ পদ কৰিবো প্ৰচাৰ॥
তযু নাভিকমলত ব্ৰহ্মা ভৈলা জাত।
কালাইগাঁও বৰবাগিচাত পাতিলেক হাট॥
কতোই বেচে আলু-কচু কতোই বেচে পাণ।
এই মতে কালাইগাঁৱৰ হ’ল হাট খান॥
কতোই বেছে হাঁহ-পাৰ কতোই বেছে ডিমা।
ৰাজ-কৰ বঢ়া কথা নাপায় কোনোই সীমা॥
শিলাইকুচিৰ গাঁঠিয়া বুঢ়াই আলু বেচিব যায়।
সদায় আলু বেচি বুঢ়াই পইচা থাকে পায়॥
কি বস্তুৰ কি দাম চাহাবে নিয়ে লেখি।
বুঢ়াই আলু বেচা চাহাবে আছে দেখি॥
পইচাৰৰ আলু ডোখৰ ভাগ পাতি থৈলা।
হাট ফুৰি চাহাবেও বুঢ়াক দেখা পালা॥
ই কি বুলি বুঢ়াক চাহাবে সোধয়।
ইয়াৰ নাম আলু বুলি বুঢ়াই কহয়॥
বুঢ়াই পাছে চল চাই কথা কয় ভাঙি।
মোৰ আলু হৈছে হুজুৰ দুমুনিয়া সাঙি॥
চাহাবে কহয় বুঢ়া শুনা দিয়া মন।
আজি আলু বেচি বুঢ়া পালা কিমান ধন॥
লাহে লাহে বুঢ়াই কয় চল পাই।
আজি হজুৰ একো পইচা নাই॥
পইচাৰ পইচাৰ আলু ভাগ পাতি থ’লো।
কোনোমতে আলু বেচি টকা তিনি পালো॥
চাহাবে সোধয় বুঢ়া মাটি ৰোৱা কেই দোন।
ভাৰত বুঢ়া আলু আনা তুমি কেই মোন॥
হাঁহি এটা মাৰি বুঢ়ায় ক’ব ধৰয় কথা।
বছৰেকত মাটি হুজুৰ ৰোওঁ এক কঠা॥
গাত বল নাই মোৰ অস্থি-চৰ্ম হাৰা।
ভাৰখনত আলু হুজুৰ আনো চাৰি ধাৰা॥
আত অনন্তৰে শুনা যেন কথা ভৈলা।
কথা শুনি চাহাবে ঘৰলৈকে গৈলা॥
দলি পুৰাণৰ পদ অমৃত সমান।
কহে নৰোত্তমে ডাকি বোলা ৰাম ৰাম॥
✽
পদ
আত অনন্তৰে শুনা যেন কথা ভৈলা।
কথা শুনি চাহাবো ঘৰলৈকে গৈলা॥
ভাবি চিন্তি চাহাবে উপায় নেপায়।
বাগিচালৈ কুলি বিচাৰিব যায়॥
গাঁও ধনী হ’ল, কুলি পাবলৈ নাই।
ভাবি ভাবি চাহাবে উলালে উপায়॥
সোনকালে দুখীয়া হওক খাজনা বেছি কৰোঁ।
কুলি পাবলৈ আৰু কিহৰ ভয় কৰোঁ॥
এই বুলি চাহাবে মহাৰাণীক হেণ্ডনোট দিলা লেখি।
মহাৰাণী হুকুম দিলা সেই কাগজ দেখি॥
মহাৰাণীৰ হুকুম আহি মঙ্গলদৈ পাইলা।
চাহাবে দস্তক কৰি ত’চিলদাৰক দিলা॥
ত’চিলদাৰে পৰণা লেখি গাঁওবুঢ়াক দিলা।
গাঁওবুঢ়াই আহি পাছে ঘৰে ঘৰে ক’লা॥
গাঁওবুঢ়াই বোলে ভাই হ’ব লগা হ’ল।
পাঁচ সিকিয়া খাজনা গুচি পাঁচটকীয়া হ’ল।
দুতিৰাম বামুণে চিঠি লিখে গাত নাই উলি।
মঙ্গলবাৰে পাথৰিঘাটত মেল হ’ব বুলি॥
এই বুলি দুতিৰামে চিঠি লিখিলা।
তিনি দিনৰ মূৰত আহি মঙ্গলবাৰ ভৈলা॥
সেইদিনা ওলাল ৰাইজ ভাত-পানী খাই।
সকল ৰাইজে ওজৰ কৰে ত’চিলদাৰক চাই॥
ৰাইজে উঠি কয়, দেউতা খাজনা দিব নাই।
পাঁচ টকীয়া খাজনা কেনেকৈ দিওঁ আদায়॥
পাঁচ সিকিয়া খাজনা দিবৰ উপায় নাই।
এই বুলি ৰাইজে আগবাঢ়ি কয় যায়॥
কথা শুনি ত’চিলদাৰে ৰাইজৰ দিকে চাই।
হাঁহি মাৰি কথা কয় চকু পিৰিকাই॥
ত’চিলদাৰে বোলে ভাইহঁত কিনো উপায় কৰোঁ।
মহাৰাণীৰ হুকুম মই লৰাব নোৱাৰোঁ॥
যি হওক সি হওক ৰাইজ ঘৰলৈ যোৱা।
চাহাব চিপাহী আহিব পৰহি দিনা॥
সেই দিনা আহি ৰাইজ ওজৰ কৰিবি।
আজি ৰাইজ ঘৰক যোৱা সেই দিনা আহিবি॥
সেই দিনাৰ মেল থাকিল বহি।
পিচদিনা আহি পালা চাহাব চিপাহী॥
চিপাহীয়ে দেখি-শুনি থিৰ কৰে পিছে।
দিৰ্গজ*ৰ দক্ষিণ ফালে বৰপথাৰ আছে॥
শুনি গাঁঠি চিপাহীয়ে মন থিৰ কৰে।
কুলি লগাই পথাৰৰ হাবি বন জোৰে॥
বাঁহ বেত আনি পাছে বৰঘৰ বান্ধিলা।
এই মতে চাৰিউফালে গঢ় বেৰা দিলা॥
যেন মতে বিশ্বকৰ্মে লঙ্কাক সাজিলা।
সেই মতে বৰপথাৰত ঘৰ সাজি লৈলা॥
যেন মতে কথাতে ৰজনী ভৈলা ক্ষয়।
অনন্তৰে আসি ভৈলা আদিত্য উদয়॥
দলি পুৰাণৰ পদ অতি অনুপম।
কহে নৰোত্তমে ডাকি বোলা ৰাম ৰাম॥
_ (*পাথৰিঘাটৰ এখন মৰা নৈ)_
✽
পদ
আত অনন্তৰে তাত যি যি ঘটিল।
সকলো কথাকে মই কৰোহো বেকত॥
দলি পুৰাণৰ পদ অতি অনুপম।
মেনা যোৱা কথা কওঁ শুনা দিয়া মন॥
বৰাবেৰীয়া যোগী গৈলা হাতত টোকন ধৰি।
ব্যাসপেৰীয়া গণক গৈলা দীঘল ফোঁটা মাৰি॥
থেকেৰাবেৰীয়া ধনী গৈলা চাউলৰ বেপাৰী।
প্ৰদীপৰায় পাটগিৰি গৈলা গোঁফকেইডাল মোচাৰি॥
বানেইকুচিয়া ডেকা গৈলা জোলোঙা জোকাৰি।
তুৰাইগঞা মুচলমান গৈলা আল্লা আল্লা কৰি॥
শিশুৰাম ওলাই গৈলা তিৰোতা ঘৰত থৈ।
আমচকলীয়া ৰাম গৈলা পাঁজি হাতত লৈ॥
নৰহৰি মুক্তিয়াৰ গৈলা কাণত কলম ধৰি।
ভাথিৰাই গাঁওবুঢ়া গৈলা ঘদৌ মদৌ কৰি॥
ডাহিৰ তপধন ডেকা গৈলা কথাৰ জানে গতি।
ক’লাজেৰীয়া মুচলমানহঁতে ফুৰেই মানুহ মাতি॥
দুতিৰাম বামুণে লিখেই চিঠি গাত নাই উলি।
বুদু ওজা ওলাই গৈলা নেবান্ধিলা চুলি॥
সৰাবেৰীয়া কমলা ওলাল টকাৰ মহাজন।
পাতিদৰঙীয়া অগন ওলাল ৰাইজৰ মানী জন॥
বাণেশ্বৰ দলেই ওলাল খাই ডিমা ভাজা।
উমা মণ্ডল কুবুদ্ধিয়া ওলাল বুদ্ধিৰ ৰাজা॥
পাতিদৰঙীয়া আঠীয়া ওলাল জকৰা ভাত খাই।
ৰামচন্দ্ৰ পাটগিৰি ওলাল কথাৰ পিনে ঘাই॥
লোক্ৰোই গঞা জয়ধন ওলাল আৰু ওলাল হয়।
পাতিদৰঙীয়া বহু ডাৰীয়া ওলাল ধানৰ ভাৰ থৈ॥
বামুণপেৰীয়া সাৰদা ওলাল সেওঁতাটি ফালি।
লোজেৰীয়া গাঁওবুঢ়া ওলাল চুলিকেইডাল মেলি॥
চুৰামণি ধৰমাৰ ওলাল গঢ়শালি সামৰি।
বিহুৰাম শালেই গৈলা লৰালৰি কৰি॥
কালিৰায় ডেকা গৈলা পিন্ধি মুগাৰ ভুনি।
ৰং মেনা ওলাই গৈলা মেলৰ কথা শুনি॥
বৰ মেনা ওলাই গৈলা কথা কয় সেহায়।
(অস্পষ্ট) মেনা ওলাই গৈলা পাছত ৰোহেই॥
ৰঞ্জিত শালেই ওলায় গৈলা জালৰ পাহি গুঠি।
বোধৰু কোঁচ ওলাই গৈলা শয্যাৰ পৰা উঠি॥
খটেৰীয়া ধনী গৈলা কিলত আধামৰা।
বৰলিকিৰা ওলাই গৈলা পাছত লোতোমখোৰা॥
হাঁহিৰাম ওলাই গৈলা ভৰিৰে মাৰি গোৰ।
সিফালৰ পৰা ওলাই গৈলা পেৰা হাঁহ চোৰ॥
কাহি মাতি তামোল কাতি ওলাল হৰি।
লোজেৰীয়া হাই দিয়া গৈলা ভবা চিন্তা কৰি॥
পাতিদৰঙীয়া পুনু ওলাল গোসাঁই ধুৱাই।
মঙ্গলদৈৰ ধৰ্মপাণ্ডা ওলাল পৰমান্ন খাই॥
অসংখ্যাত মানুহ গৈলা তাৰ নাই সীমা।
দলি পুৰাণৰ পদৰ অদ্ভুত মহিমা॥
কতো গৈলা কোঁচ কলিতা কতো গৈলা হিৰা।
দূৰবটীয়া বাপুসকলে কিনি নিলা চিৰা॥
কতো গৈলা বামুণ গণক কতো গৈলা শুৰি।
এই মতে মেলক মেনা গৈলা বহু কুৰি॥
দলি পুৰাণৰ পদ অতি অনুপম।
কহে নৰোত্তমে ডাকি বোলা ৰাম ৰাম॥
✽
পদ
এইদৰে যাই ৰাইজ ভাত পানী খাই।
সকল ৰাইজে ওজৰ কৰে চাহাবলৈ চাই॥
ৰাইজে উঠি বোলে হুজুৰ খাজনা দিবা নৰো।
পাঁচটকীয়া খাজনা আমি কেনেকৈ আদায় কৰোঁ॥
পাঁচসিকিয়া খাজনাকে দিবৰ উপাই নাই।
ক’লাজেৰীয়া মাণিকে আগবাঢ়ি কয় যায়॥
হেন শুনি চাহাবে মনে শুনি চাই।
হাতজোৰ কৰি কয় ৰাইজৰ দিকে চাই॥
হেঁচাঠেলা কৰি ৰাইজে ওজৰ কৰেই যাই।
চাহাবে কথা কয়, কেৰা কৰি চাই॥
চাহাবে বোলে ৰাইজ কিনো উপায় কৰোঁ।
মহাৰাণীৰ হুকুম মই লৰাব নোৱাৰোঁ॥
মনে মনে থাক ৰাইজ মোৰ কথা লবি।
পাঁচ টকীয়া খাজনাৰ কিছু কম পাবি॥
নেপেলাওঁ ৰাইজৰ কথা সাৰোগত ল’লো।
টকাই দুই আনা হিচাপে খাজনা কমাই দিলো॥
হেন শুনি ৰাইজসকলৰ গাত নাই উলি।
চাহাবক ঠেলি গৈলা ওজৰ কৰোঁ বুলি॥
হেন দেখি চাহাবৰ মনে ভয় হৈলা।
হাতে হাতে বন্দুক লৈ চিপাহী ওলাইলা॥
হাওৱালদাৰ চাহাব ওলাল কৰি ঘুনুক ঘানাক।
ৰাইজৰ দিকে চাই বোলে মনে মনে থাক॥
এইদৰে চাহাবে কথা কয় লেখি।
চিপাহীয়ে ৰাইজক পিছে পিছে নিলা খেদি॥
খেদা খোৱা ৰাইজৰ গাত নাই উলি॥
ঢেঁকীঠোৰা লৈ গ’ল ওজৰ কৰোঁ বুলি॥
হেন দেখি চিপাহীৰ গাত নাই উলি।
চিপাহীক হুকুম দিলা বন্দুক দিয়া বুলি॥
ইতিক্ষণে চিপাহীয়ে বন্দুক মাৰিলা।
গুলি খাই কতলোক বাগৰি পৰিলা॥
হেন দেখি ৰাইজে মনে গুণি চাইলা।
লাহে লাহে ভাবি চিন্তি হাতে ফৰ্মোত লৈলা॥
ৰঙাই মাৰে দলি চপৰা লয়নে মাৰে খৰি।
ফৰ্মোত পৰি চাহাবৰ টুপী গৈলা পৰি॥
প্ৰলয় কালত যেন সৃষ্টিক নাশিলা।
সেই মতে পাথৰিঘাটত ৰণ ভৈলা॥
প্ৰথমতে শিশুৰাম মৰিল গলত পৰি গুলি।
ৰাইজ লৰ মাৰেই ধাৱা দলা বুলি॥
প্ৰাণহৰি মৰি গৈলা গলত পৰি গুলি।
ৰাইজ লৰ মাৰে মানুহ মাৰেই বুলি॥
লয়ন কোঁচ লৰ মাৰেই বৰ কথা কৈ।
ৰঙা সালেং লৰ মাৰে হাতে ফৰ্মোত লৈ॥
পথৰু সেখ লৰ মাৰেই কেনে পালি জুতি।
ধাতুজন্ম লৰ মাৰেই কৰি কাতিকুতি॥
ভুৱন কোঁচ লৰ মাৰেই লৰৌ ফৰৌ কৰি।
কত ৰাইজ মৰি গেল বৰ ধাৱাত পৰি॥
প্ৰদীপ ৰাই লৰ মাৰেই হৰি হৰি কৰি।
আলিৰ কাষত থাকিল উজুটি খাই পৰি॥
গুৰূম্ গুৰূম্ কৰি পাছে বন্দুক মাৰিলা।
কত মানুহ গুলি পৰি কেঁকাই থাকিলা॥
কতৰ প্ৰাণ বাহিৰ হ’ল কত গেল মৰি।
গছ এডালত গুলি পৰি সিয়ো হ’ল ছিৰাছিৰি॥
শুনাহে শুনা ভাই শুনা বিদ্যমানে।
পুৰাণৰ লীলা খেলা ক’লো সাৱধানে॥
শত শত মানুহ মৰিল তাৰ সীমা নাই।
চোৱা ভাই খেদা খোৱা ৰাইজৰ বিলায়॥
কপালত পৰি আঠীয়াৰ দেৰিহল তেজ।
কান্ধত গুলি পৰি মৰিল সৰু বাপু বেজ।
পৰিছিল ৰতিৰামৰ হাতত ভাল হোৱা টান।
লোক্ৰোৰেই গঞা হলিৰ ছিঙি গৈলা কাণ॥
তপধন ডেকাৰ গুলি পৰি বাহিৰ হ’ল নাড়ী।
বাগৰু কোঁচ পৰি আছে বাপা বাপা কৰি॥
কিনাৰামৰ হাতত পৰি বাহু গেল ফুটি।
শম্ভু কোঁচক আঁঠুত পৰি সিয়োঁ পালা একজুতি॥
বাটৰুৱা ভিক্ষুক এজনে আছিল চাই।
বুকুত গুলি পৰি মৰিল হামকুৰি খায়॥
চাউলো গেল চৰু গেল আৰু গেল চিৰা।
পেটত গুলি পৰি মৰিল বৰ লিকিৰা॥
কতৰ ভাঙিল হাত কতৰ ভাঙিল ভৰি।
কত ৰাইজ থাকিল অচেতন হৈ পৰি॥
কিমান গুলি পৰি কিমান মৰি যায়।
কতই হাঁহা কান্দা কৰে তাৰ সীমা নাই॥
কতোই বোলে হায় হল সদ্গতি।
এই বুলি লৰ মাৰেই কৰি আতিমুতি॥
যেন মতে দেখিলো তেন মতে লেখিলো।
দলি পুৰাণৰ কথা বিস্তাৰি কহিলো॥
ব্ৰাহ্মণ সজ্জনক মই কৰোঁ নমস্কাৰ।
সকলোবোৰ দোষ মোৰ ক্ষমিবা ইবাৰ॥
মধ্যস্থজনক লাগি মই বোলো প্ৰিয়বাণী।
নিন্দা নকৰিবা মোক অতি অল্প জানি॥
উচ্চকুলে জন্ম দিলা প্ৰভু ভগৱান।
নাজানো ভাগৱত গাব ভাৰত পুৰাণ॥
কলিৰ পৰম ধৰ্ম জানা হৰিৰ নাম।
পুৰাণৰ পদ ডাকি বোলা ৰাম ৰাম॥
(অন্ত)