নীলা চৰাই | অসমীয়া সাহিত্য, বাৰ্তা, আলোচনা

অসমীয়া সাহিত্য, বাৰ্তা আৰু আলোচনা

ব্যাকুল বিদ্ৰোহী: নীলমণি ফুকনলৈ শ্ৰদ্ধাঞ্জলি

ব্যাকুল বিদ্ৰোহী: নীলমণি ফুকনলৈ শ্ৰদ্ধাঞ্জলি

সাৰে থাকিছিল তেওঁ
ওৰে ৰাতি

পিয়াপি দি ফুৰিছিল
হাতত সাৰে
ভৰিত সাৰে

নৈঃশব্দৰ অৰণ্যত

বিচাৰি ফুৰিছিল
শূন্যতাৰ শব্দৰ উঁহ

বুকুত নিজৰ
লুকুৱাই ৰাখিছিল
খৰিকাজাঁই এপাহ

ঢেকীয়াৰ আঙুলি কাটি
আজাৰৰ আন্ধাৰত বেচা বাইজনীৰ কথা কোৱা
তেওঁ
সৃষ্টিৰ প্ৰথম সূৰ্যোদয়টোৰ
সাক্ষী আছিল

তেওঁ প্ৰজ্জ্বলিত গ্ৰীষ্মৰ
ব্যাকুল বিদ্ৰোহী

নৃতৰতা পৃথিৱীৰ
প্ৰেমিক

এতিয়া মাথোঁ

চকুত ইন্দ্ৰধনু লৈ
বৃন্দাবনলৈ যোৱা
তেওঁৰ
কবিতা পঢ়োঁ
আৰু উচুপি উঠোঁ

❧ | আৰু পঢ়ক:

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক

পাঠকৰ মন্তব্য (0)

কেৱল সদস্য আৰু লেখকৰ বাবে

সদস্যৰ বিশেষ আলোচনা

এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।

মন্তব্যসমূহ লোড হৈ আছে...

আপুনি হয়তো ভাল পাব: