স্বৰ্গৰথ: পৰিপাটি কাহিনী-চিত্ৰনাট্যৰে উপভোগ্য ছবি

স্বৰ্গৰথ: পৰিপাটি কাহিনী-চিত্ৰনাট্যৰে উপভোগ্য ছবি
  • 09 Jun, 2024

সমীয়া ছবি উদ্যোগলৈ আশাৰ জোৱাৰ কঢ়িয়াই মুক্তি পাইছে অসমৰ জনপ্ৰিয় পৰিচালক ৰাজেশ ভূঞা আৰু যুৱ চিত্ৰনাট্যকাৰ শান্তনু ৰৌমূৰীয়াৰ কাহিনী-চিত্ৰনাট্যৰে নিৰ্মিত চলচ্চিত্ৰ ‘স্বৰ্গৰথ’-এ। এ এম টেলিভিচনৰ বেনাৰত সঞ্জীৱ নাৰায়ণ আৰু ড° অক্ষিতা নাৰায়ণৰ প্ৰযোজনাত নিৰ্মিত ছবিখনৰ পৰিপাটি কাহিনী, গতিশীল চিত্ৰনাট্য, উপভোগ্য সংলাপ তথা অভিনয়ে দৰ্শকক আমোদ প্ৰদান কৰাই নহয়, সমাজৰ বহু দিশৰ ছবি তুলি ধৰি উপভোগ্য নিটোল অসমীয়া ছবি হিচাপে পৰিগণিত হৈছে। ছবিগৃহৰ ভিতৰত শিশুৰ পৰা বয়োজ্যেষ্ঠজনলৈ বিভিন্ন বয়সৰ ছবিপ্ৰেমীৰ উপস্থিতিয়েই প্ৰমাণ কৰিছে ছবিখনৰ সফলতা।

ছবিখন উপভোগ কৰাৰ পাছত দৰ্শক হিচাপে একেষাৰেই ক’ব পাৰি যে ‘স্বৰ্গৰথ’ এখন উন্নত মানৰ, শেহতীয়া প্ৰযুক্তি, কলা-কৌশল সমৃদ্ধ পৰিয়ালৰ সকলোৰে উপভোগ্য এখন ভাল ছবি। ছবিখন যিহেতু বৰ্তমানে ছবিঘৰত চলি আছে, সেয়ে ছবিখনৰ স্বাৰ্থত কাহিনীটো সম্পূৰ্ণকৈ বৰ্ণনা কৰাৰ পৰা বিৰত থাকি এটা কথাই কওঁ যে এটি সুন্দৰ কাহিনী যুৱ প্ৰজন্মৰ এগৰাকী সুদক্ষ, চিত্ৰনাট্যকাৰ শান্তনু ৰৌমূৰীয়া আৰু প্ৰতিষ্ঠিত পৰিচালক ৰাজেশ ভূঞাই আগবঢ়াই নিছে ‘স্বৰ্গৰথ’ৰ মাজেৰে। ছবিখনৰ কাহিনীটো সাধাৰণ যদিও প্ৰতিগৰাকী অভিনয় শিল্পীৰ অভিনয়-দক্ষতাই দৰ্শকক ছবিখন চাই থকা গোটেই সময়খিনি বান্ধি ৰখাত সফলকাম হৈছে বুলি একে আষাৰতে ক’ব পাৰি।

স্বৰ্গৰথৰ পোষ্টাৰ

ছবিখনত উপস্থাপন কৰা হৈছে এগৰাকী স্বৰ্গৰথ (মৃতদেহ কঢ়িওৱা বাহন)ৰ চালকৰ জীৱনৰ ঘাত-প্ৰতিঘাত, তেওঁৰ একমাত্ৰ কন্যাৰ এক ভাল ভৱিষ্যতৰ বাবে অহৰহ দেখা সপোনবোৰৰ এক জীয়া বাস্তৱ ছবি। তদুপৰি তিনিগৰাকী বন্ধু আৰু দুগৰাকী আৰক্ষীৰ জীৱনে কিদৰে ঘটনাৰ পাকচক্ৰত নতুন মোৰ লয়, কিদৰে এই তিনিগৰাকী বন্ধুয়ে সহজলভ্য ধনৰ বাসনাত এক কু অভিসন্ধি ৰচনা কৰে আৰু অৱশেষত তেওঁলোকৰ জীৱনৰ কি পৰিৱৰ্তন হয়, সেয়াও খুব নিটোল ৰূপত দাঙি ধৰা হৈছে ‘স্বৰ্গৰথ’ ছবিখনত। ছবিখনত কোৱা হৈছে— স্বৰ্গৰথে কেৱল মৃতদেহেই নকঢ়িয়াই, স্বৰ্গৰথে কঢ়িয়াই বহুতৰ বহু সপোন, বহু আৱেগ, বহু কিবাকিবি। আনহাতে বিশ্বাসে কোনো কোনো ক্ষেত্ৰত আটাইতকৈ ভয়ংকৰ অবিশ্বাসৰ ৰূপ লয়। সেই কথা ছবিখনৰ প্ৰায় প্ৰতিটো দৃশ্যত প্ৰতিফলিত হৈছে। আকৌ ভাল আৰু সৎ মানুহৰ জীৱনৰ আৰম্ভণি সদায় বেয়া হয়, কষ্টকৰ হয়। সেইখিনি অনুভৱো এই ছবিখনৰ জৰিয়তে প্ৰকাশ হৈছে। টকাৰ বাবে সমাজৰ উচ্চ মধ্যবিত্তসকলৰ মাজত ঘটা নৈতিক স্খলনৰ বিপৰীতে কষ্ট কৰি চলা সাধাৰণ চামৰ মাজত দেখা দিয়া টকাৰ প্ৰয়োজন, সংগ্ৰাম, যুৱ উচ্ছৃংখলতা, বিমুদ্ৰাকৰণৰ প্ৰভাৱ আদি সমাজত নিত্য নৈমিত্তিক ঘটি থকা ঘটনাৰ খুব বাস্তৱ ছবি এখন ‘স্বৰ্গৰথ’ৰ মাজেৰে ৰসোত্তীৰ্ণ ৰূপত অংকন কৰাত কাহিনীকাৰে সফলতা অৰ্জন কৰা বুলি একেমুখে ক’ব লাগিব।

ছবিখনৰ আটাইতকৈ উল্লেখনীয় দিশটো হৈছে ছবিখনৰ গতিময়তা। কাহিনী অতি দ্ৰুত গতিত আগবঢ়াই নিয়া বাবে দৰ্শকৰ বাবে আমনিদায়ক হোৱাৰ ক’তো থল নাথাকিল। ছবিখন প্ৰত্যাশিত ধৰণেৰে শেষ কৰা হৈছে যদিও দৰ্শকলৈ এক নতুন চিন্তাৰ ইংগিতো এৰি দিছে। বৰ্তমানৰ সমাজিক অৱক্ষয়ৰ কিছুমান স্খলিত চিত্ৰৰ প্ৰতীকধৰ্মী সফল উপস্থাপনে প্ৰতিগৰাকী দৰ্শকক চিন্তাৰ খোৰাক যোগাবলৈ সক্ষম হৈছে।

ছবিখনৰ কাহিনীৰ পাছতেই আন এক উল্লেখনীয় দিশ হৈছে অভিনেতা-অভিনেত্ৰীসকলৰ সুন্দৰ আৰু সুদক্ষ অভিনয়। অভিনয়ৰ প্ৰসংগত এটা কথা উল্লেখ কৰিবই লাগিব যে ছবিখনৰ অভিনয় শিল্পীসকলৰ প্ৰতিজনৰে অভিনয় জড়তাবিহীন, কাৰোৰেই অভিনয় আৰু সংলাপ প্ৰক্ষেপণত অতিৰঞ্জিত ভাবাৱেগৰ নাটকীয় প্ৰকাশভংগী নাই। জনপ্ৰিয় ধাৰাবাহিক ‘বেহাৰবাৰী আউটপোষ্ট’ৰ কেকে ছাৰৰ চৰিত্ৰৰে অসমবাসীৰ মৰম বুটলিবলৈ সক্ষম হোৱা বলিষ্ঠ অভিনেতা সিদ্ধাৰ্থ শৰ্মাৰ জীৱনৰ অন্যতম পৰিশীলিত, পৈণত আৰু সংযমী অভিনয় ‘স্বৰ্গৰথ’ৰ চালকজনৰ ৰূপত দৰ্শকে লাভ কৰিছে বুলি একাষাৰে ক’ব পাৰি। অভিনয়ৰ ক্ষেত্ৰত তেওঁৰ ক’তো অকণমানো অতিৰিক্ততা নাই। কেইটামান দৃশ্যৰ কোনো কোনো সময়ত বিষাদৰ মুহূৰ্তবোৰত তেওঁৰ মুখৰ অভিব্যক্তি সঁচাই হৃদয়স্পৰ্শী হৈছে।

স্বৰ্গৰথ

বহুকেইখন ছবিত ইতিমধ্যে নিজৰ সাৱলীল অভিনয়েৰে জনপ্ৰিয় হৈ পৰা যুৱ প্ৰজন্মৰ চিনাকি অভিনেতা কমল লোচনৰ অভিনয় যথেষ্ট পৰিপক্ব আৰু মনোগ্ৰাহী হৈছে। আন এগৰাকী প্ৰতিষ্ঠিত অভিনেতা কেনী বসুমতাৰীয়ে নিজৰ চৰিত্ৰটো সুন্দৰকৈ ফুটাই তোলাত সফল হোৱা বুলিব পাৰি। ‘বেহাৰবাৰী আউটপোষ্ট’ৰ জনপ্ৰিয় অভিনেতা ৰিণ্টু বৰাই ছবিখনৰ এটি মুখ্য চৰিত্ৰত সাৱলীল আৰু স্বাভাৱিক অভিনয়েৰে পৰিপক্বতাৰ পৰিচয় দিছে। ইতিমধ্যে কেবাখনো ধাৰাবাহিকত অভিনয় কৰা ৰিণ্টু বৰাৰ পূৰ্ণদৈৰ্ঘ্যৰ ছবিৰ ক্ষেত্ৰত বিশেষভাৱে দীঘলীয়া চৰিত্ৰত এয়া প্ৰায় প্ৰথম খোজ যদিও ক’তো উজুটি নোখোৱাকৈ চৰিত্ৰটো আগবঢ়াই নি ভৱিষ্যতৰ প্ৰতিশ্ৰুতি বহন কৰিছে বুলি ক’ব পৰা যায়।

অন্যান্য চৰিত্ৰসমূহৰ ভিতৰত অসমৰ প্ৰবীণ অভিনেত্ৰী মাধুৰীমা চৌধুৰী, যুৱ অভিনয় শিল্পী হিমাংশু গগৈ, বনী দেউৰী, উদ্ভাৱন শইকীয়া, ৰিমঝিম ডেকা, অনুষ্কা, পঞ্চি, প্ৰতিষ্ঠিত অভিনেতা আকিদ জামান আৰু পৱন মহন্তৰ অভিনয়ে মন চুই গ’ল। অন্যান্য পাৰ্শ্ব চৰিত্ৰত প্ৰীতম বৰুৱা, মনোজ শইকীয়া, অকু বোথ্ৰাকে ধৰি সকলোৱে ছবিখনৰ সফলতাত সবল ভূমিকা পালন কৰিছে।

সংগীতৰ ক্ষেত্ৰত ছবিখনত প্ৰয়োজন নোহোৱাকৈ কাহিনীৰ গতিশীলতাত বাধা হ’ব পৰাকৈ গীত নাই। শেষত যি এটা গীত আছে, সেই গীতটিৰ কথা-সুৰ, সংগীতসজ্জা খুবেই সুন্দৰ। প্ৰতিভাশালী সংগীত পৰিচালক অনুৰাগ শইকীয়াৰ সংগীত পৰিচালনা আৰু অৰূপজ্যোতি বৰুৱাৰ কণ্ঠত ‘মনবন্ধু’ গীতটো ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। ‘পে পে পে…’ খ্যাত কৰিশ্মা নাথৰ অভিনয়েৰে বিশেষভাৱে চৰ্চিত গীতটোৰ প্ৰতীকধৰ্মী উপস্থাপন শৈলী মন কৰিবলগীয়া। তদুপৰি অমৃত প্ৰীতম আৰু দেৱজিৎ চাংমাইৰ শব্দ সংমিশ্ৰণ, গৌৰাঙ্গ শেখৰ আৰু অংকুৰজ্যোতিৰ সময়োপযোগী আৱহ সংগীতেও ছবিখনৰ সফলতাত ইন্ধন যোগাইছে।

‘স্বৰ্গৰথ’ ছবিখনৰ অন্যতম উল্লেখনীয় সফলতা হৈছে দৃশ্যায়ন। বহুকেইটা দৃশ্য আৰু বিশেষকৈ ‘মনবন্ধু’ গীতটোৰ চিত্ৰগ্ৰহণ এক কথাত হিন্দী ছবি বা দক্ষিণৰ ছবিৰ সৈতে ফেৰ মাৰিব পৰা ধৰণৰ হৈছে। সম্প্ৰতি বিভিন্ন উন্নত প্ৰযুক্তি, থ্ৰীডি, ফ’ৰডি চলচ্চিত্ৰ উপভোগ কৰা অসমীয়া দৰ্শক, বিশেষকৈ যুৱ প্ৰজন্মই যে কেৱল অসমীয়া ছবি হোৱা বাবেই স্বৰ্গৰথ চাবলৈ যাব, সেই কথা নহয়, ছবিখনৰ মান, কাৰিকৰী প্ৰযুক্তি, কেমেৰাৰ ব্যৱহাৰ, কাহিনী, সংলাপ এইবোৰত বিচৰাখিনি নাপালে কেতিয়াও ছবিঘৰলৈ নাযায়, গতিকে এই দিশবোৰ যথেষ্ট ভাল হোৱাৰ বাবেই ছবিখন ইতিমধ্যেই এখন উন্নত আৰু সফল ছবি হিচাপে পৰিগণিত হৈছে। প্ৰকৃতপক্ষে, পৰিচালকৰ লগতে অন্যান্য কলা-কুশলী, অভিনয় শিল্পীসকলে এই দিশতো যথেষ্ট সচেতনতা আৰু দক্ষতাৰ পৰিচয় দিছে বুলি ক’ব লাগিব।

এক সন্তুলিত ৰূপত দৰ্শকে এক মুহূৰ্তও আমনি নোপোৱাকৈ কাহিনী আগুৱাই নিয়াত কাহিনীকাৰ শান্তনু ৰৌমূৰীয়া আৰু অভিজ্ঞ পৰিচালক ৰাজেশ ভূঞা সফল হৈছে বুলি ক’ব পাৰি। তেখেতসকলৰ পৰা আমি আগলৈও ভাল ছবি আশা কৰিব পাৰোঁ।

❧ | আৰু পঢ়ক:

স্বৰ্গৰথ: পৰিপাটি কাহিনী-চিত্ৰনাট্যৰে উপভোগ্য ছবি | হিমাংশু ৰণ্‌জন ভূঞা

Follow Nilacharai on Facebook