অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ বৰ্তমান আৰু ভৱিষ্যৎ

জ্যোতিপ্ৰসাদৰ ‘জয়মতী’ৰে আৰম্ভ হোৱা অসমীয়া চলচ্চিত্রই এক বর্ণিল পৰিক্ৰমা অতিক্রম কৰিছে; বহু ঘাত-প্রতিঘাত, উত্থান-পতনৰ মাজেৰে আজিৰ পর্যায় পাইছে। বিকাশ আৰু পৰিৱৰ্তনৰ বাটেৰে আগবঢ়া এই চলচ্চিত্র আজি গণমাধ্যমৰ শ্রেষ্ঠতম কলা হৈয়েই থকা নাই, ই এক স্বয়ংসম্পূর্ণ বৃহৎ পৰিসৰৰ ব্যৱসায়ো হৈ পৰিছে। অসমীয়া ছবি বর্তমান এক উদ্যোগত পৰিণত হৈছে যদিও ঔদ্যোগিক বিকাশে আজিও আশা কৰা মতে গা কৰি উঠিব পৰা নাই। অন্য অর্থত চাৰি কুৰি বছৰীয়া এই ছবি উদ্যোগলৈ সম্প্রতি বিভিন্ন কাৰণৰ বাবে দুর্দিন নামি আহিছে। বর্তমান অসমীয়া ছবি সংকটৰ গৰাহত। দৰাচলতে অসমীয়া ছবিৰ বিকাশ আৰু প্ৰসাৰৰ দিশত সবল খোজ পেলাবৰ বাবে কাৰিকৰী দিশ, উন্নত প্রযুক্তিৰ ব্যৱহাৰ, অভিনয় শৈলীৰ পৰিৱৰ্তন আদি বিভিন্ন দিশত উপযুক্ত পদক্ষেপ লোৱাৰ লগতে চৰকাৰৰ সদিচ্ছাও অতিকে প্রয়োজনীয়। চৰকাৰৰ উপযুক্ত চলচ্চিত্র নীতি অবিহনে আঞ্চলিক ভাষাৰ ছবি উদ্যোগে সুস্থ গতি লাভ কৰিব নোৱাৰে। আনহাতে সর্বসাধাৰণৰ মাজত জাতীয়তাবোধো জাগ্ৰত হ’ব লাগিব। নিজৰ ভাষাৰ, নিজৰ আপোন ছবি উদ্যোগটোৰ প্রতি ভালপোৱা ভাব সকলো দর্শকৰ মনত থাকিব লাগিব। দর্শকে অসমীয়া ছবি চাম বুলি ছবিগৃহলৈ যোৱাৰ মানসিকতা গঢ় ল’ব লাগিব। যোৱা বছৰ যুৱ প্ৰজন্মৰ হার্টথ্রৱ জুবিন গার্গে নির্মাণ কৰা ‘মিছন চাইনা’ই অসমীয়া ছবি উদ্যোগলৈ সুখৰ খবৰ কঢ়িয়াই প্রায় চাৰি কোটি টকাৰ ব্যৱসায় কৰি আশাৰ ৰেঙণি কঢ়িয়াই আনিছিল যদিও পৰৱৰ্তী সময়ত বিশেষ একো পৰিৱৰ্তন হোৱা দেখা পোৱা নগ’ল। ‘মিছন চাইনা’ এক আৱেগৰ ঢৌহে হৈ পৰিল। ই বিশেষ একো সুখবৰ কার্যক্ষেত্ৰত কঢ়িয়াই আনিব নোৱাৰিলে। ‘মিছন চাইনা’ৰ পাছত পুনৰ সেই একেই গতি অসমীয়া ছবি উদ্যোগৰ। কিন্তু ছবি নির্মাণ নোহোৱাকৈয়ো থকা নাই। বহুকেইখন ভাল ভাল ছবিয়ে মুক্তি লাভ কৰিলে। ভালেসংখ্যক উচ্চ মানৰ ছবি বর্তমান মুক্তিৰ আপেক্ষাত আছে। কিন্তু দর্শক হে নাই। দর্শকৰ অভাৱৰ বাবেই ছবি নির্মাতাসকল থমকি ৰ’বলগীয়া হৈছে। ইয়াৰ বিপৰীতে আঞ্চলিক ভাষাৰ ছবি উদ্যোগৰ বিকাশ আৰু প্ৰসাৰৰ ইতিবাচক উদাহৰণ হ’ল তামিল-তেলুগু-কানাড়া আদি দক্ষিণাত্যৰ ছবি উদ্যেগসমূহ। যিসমূহ ছবি বলিউদৰ ব্যয়বহুল হিন্দী ছবিক প্রত্যাহ্বান জনাব পৰাকৈ সবল। সেয়া ছবিত কেতিয়াও দর্শকৰ অভাৱ ঘটা নাই। কিন্তু আমাৰ অসমীয়া ছবিৰ অৱস্থা আজি দুখ লগা কিয়?

এটা সময়ত আমাৰ অসমত অসমীয়া ছবিয়ে দর্শকক ইমানেই মোহাচ্চন্ন কৰি ৰাখিছিল যে বলিউদৰ জনপ্রিয় হিন্দী ছবিয়েও সেই সময়ত অসমত বিশেষ প্রাধান্য লাভ কৰিবলৈ সক্ষম হোৱা নাছিল । প্ৰায়বোৰ অঞ্চলতে ন্যূনতম এটাকৈ হলেও চিত্ৰগৃহ আছিল। জ্যোতিপ্ৰসাদে এৰি থৈ যোৱা চলচ্চিত্র ধাৰাটোক সমৃদ্ধ কৰা সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা, ডঃ ভবেন্দ্ৰ নাথ শইকীয়া, পদুম বৰুৱা, ব্ৰজেন বৰুৱা, জাহ্ন বৰুৱাৰ পৰা অশোক কুমাৰ বিষয়া, মুনীন বৰুৱালৈকে বহুকেইজন স্বনামধন্য ছবি পৰিচালকৰ বলিষ্ঠ পৰিচালনাত এখনৰ পাছত আনখন চুপাৰহিট অসমীয়া ছবিয়ে মুক্তি লাভ কৰিছিল। দর্শকে গাঁৱৰ পৰা বাছ ভাড়া কৰি অসমীয়া ছবি চাবলৈ চিনেমা হললৈ গৈছিল। আঠৰ দশকৰ পৰা একবিংশ শতিকাৰ আৰম্ভণিলৈকে অসমীয়া চলচ্চিত্ৰৰ ভাল দিন চলি আছিল। কিন্তু লাহে লাহে অসমীয়া চলচ্চিত্র জগতখনত কেণা লাগিবলৈ আৰম্ভ কৰিলে। বহু চিত্ৰগৃহ ক্ৰমাৎ বন্ধ হ’বলৈ আৰম্ভ কৰিলে। তাৰ পাছৰছোৱা সময় মাথোঁ সংগ্রাম। অসমীয়া চলচ্চিত্র নির্মাণৰ গতি মন্থৰ হ’বলৈ ধৰিলে। বহু খ্যাতনামা পৰিচালকে ছবি নির্মান কৰিবলৈ আগবাঢ়ি আহিবলৈ সাহস নকৰা হ’ল। প্রযোজকে বৃহৎ অংকৰ ধন বিনিয়োগ কৰিবলৈ ভয় কৰা হ’ল। কাৰণ, অসমীয়া মানুহে ছবিঘৰত টিকট কাটি অসমীয়া ছবি নাচায়। ক’ৰ পৰা বিনিয়োগ কৰা ধন ঘূৰি আহিব? অৱশ্যে বিগত প্রায় দুটা দশকত ভালেকেইখন ভাল ভাল অসমীয়া ছবি নির্মাণ হৈছে। কেবাখনো অসমীয়া ছবিয়ে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি লাভ কৰি আমাৰ ছবিজগতক সমৃদ্ধ কৰিছে। কিন্তু অসমত সেই ছবিৰ দর্শক নাই। ক’ৰবাত যদি এটা দর্শনীত বিশজন, আন ক’ৰবাত দহজন দর্শক। ছবিঘৰৰ স্বত্ত্বধিকাৰীয়ে অসমীয়া ছবি চলাবলৈ ভয় কৰে। লাহে লাহে উন্নত, অত্যাধুনিক প্রযুক্তিৰে একাংশ ডিজিটেল ছবিগৃহও নির্মাণ হ’ল। কিন্তু ছবিঘৰত অসমীয়া ছবি চাবলৈ দর্শকহে নোযোৱা হ’ল। কিয় আমাৰ অসমতে অসমীয়া ছবিৰ এই দুৰৱস্থা? আজি অসমৰ যুবচামে প্রতিখন হিন্দী ছবিৰ খবৰ ৰাখে,বলিউদৰ ছবি এখন চাবলৈ বর্তমান অসমত যিকেইটা ছবিঘৰ আছে, তাত দর্শকৰ হেতা-ওপৰা লাগে। প্ৰতিটো দর্শনীতে হাউছফুল । একোখন বলিউদৰ ছবিয়ে অসমত কোটি টকাৰ ব্যৱসায় কৰে। বলিউদৰ চিনেমা এখন চাবলৈ ইমান আগ্রহ কিয়? চলচ্চিত্রপ্রেমী এই যুৱচামে অসমীয়া ছবিৰ খবৰ ৰাখেনে? অসমীয়া ছবি চাবলৈ এনেদৰে আগ্ৰহ কৰেনে? কিয় অসমীয়া ছবিয়ে যুৱচামক ন্যূনতমভাৱেও আকর্ষণ কৰিব পৰা নাই? এই সম্পর্কত চিন্তা-চৰ্চাৰ প্রয়োজনীয়তা নিশ্চয় আছে। এগৰাকী সাধাৰণ দর্শক হিচাপে অসমীয়া ছবি উদ্যোগৰ এই দুৰৱস্থাৰ কিছুমান বিশেষ কাৰণ আৰু সেয়া নিৰাময়ৰ কিছু দিশ আমাৰ এই লেখাত আলোচনা কৰিব বিচৰা হৈছে।

ছবি
‘জয়মতী’ ছবিৰ স্থিৰচিত্ৰ

ভাৰতবৰ্ষৰ কোনো ৰাজ্যতে হয়তো আঞ্চলিক ভাষাৰ ছবিৰ আমাৰ অসমৰ নিচিনা দুৰৱস্থা হোৱা নাই। কথা হ’ল, বর্তমান সময়ত যুগৰ পৰিৱৰ্তনৰ সমান্তৰালকৈ মানুহৰ ৰুচিবোধৰো পৰিৱৰ্তন হৈছে। বহু শ কোটি টকা ব্যয়ৰে অত্যাধুনিক কাৰিকৰী কৌশল, কেমেৰাৰ ব্যৱহাৰ, গ্রাফিক্স, ভিএফ.এক্সৰ ব্যৱহাৰেৰে নির্মাণ কৰা বলিউদৰ ছবি এখন বা দক্ষিণাত্যৰ ছবি এখন ছোৱা এজন দর্শকে নিশ্চিতভাৱে অসমীয়া ছবি এখনতো তেনেধৰণৰ স্বাদ বা তেনে কলা-কৌশল বিচাৰিব। কিন্তু কেইখন অসমীয়া ছবিত এনেধৰণৰ অত্যাধুনিক কাৰুকার্য ব্যৱহাৰ হৈছে? অসমীয়া ছবিত বলিউদী মছলাৰ ব্যৱহাৰেইবা কিমান? সকলোতকৈ ডাঙৰ কথা, অসমীয়া চিনেমা ইমানেই মন্থৰ গতিৰ যে আধুনিক প্রযুক্তিৰে নির্মিত হিন্দী ছবি ছোৱাত অভ্যস্ত যুৱচামক কোনো কাৰণতে আকর্ষিত কৰিব নোৱাৰে। বিশেষভাৱে আমাৰ একাংশ অভিনেতা-অভিনেত্রীৰ অভিনয়ৰ নতুনত্বহীন একঘেয়ামীয়তাৰ বাবে অসমীয়া ছবিয়ে দর্শকক যে আকর্ষিত কৰাত ব্যৰ্থ হৈছে, সেয়া অপ্রিয় হ’লেও সত্য। আজি বলিউদ বা দক্ষিণ ভাৰতৰ অভিনেতা-অভিনেত্রীসকলে বছৰটোত যদি পাঁচখনকৈয়ো ছবি কৰে, প্ৰতিখনতে সম্পূর্ণ পৃথক পৃথক চৰিত্ৰত পৃথক পৃথক অভিনয়শৈলীৰে আত্মপ্রকাশ কৰে। দর্শকে নতুনত্বৰ সোৱাদ পায়। কিন্তু আমাৰ অসমীয়া অভিনেতা এজনৰ প্ৰতিখন ছবিতে একেই অভিনয়শৈলী। সংলাপ প্রক্ষেপণৰ ক্ষেত্ৰতো সেই একে প্রকাশভংগী, শৰীৰৰ প্রকাশভংগী (বডী লেংগুৱেজ)ৰো একেধৰণৰ ৰূপতে বছৰ বছৰ ধৰি দৰ্শকে দেখি আহিছে। নতুনত্ব বুলিবলৈ একো নাই । আজি দৰ্শকসকলে প্রায় সংখ্যক ছবিৰে একেধৰণৰ কাহিনী, একেকেইজন অভিনেতা, অভিনেত্রীৰ সেই একেই একঘেয়ামী অভিনয়, সাজসজ্জা, খোজ-কাটল, অভিব্যক্তি, একেধৰণৰ সংলাপ প্রক্ষেপণ, নতুনত্বহীন দৃশ্যসজ্জাৰ ছবি চাবলৈ ইচ্ছা নকৰাটো স্বাভাৱিক। এনেকুৱা হ’লে কিদৰে চলিব অসমীয়া চিনেমা? দৰ্শকসকলৰ ৰুচি কি, তেওঁলোকে কিধৰণৰ ছবি বিচাৰে তাক গুৰুত্ব নিদিয়ে ছবি নির্মাতাসকলে। ফলাফল কি, সেয়া হাতে হাতে পায়। তাৰ পাছতো কোৱা হয় ৰাইজে অসমীয়া ছবি নেচায় বুলি। কিয় চাব? অসমীয়া হ’ল বুলি ৰুচিহীন, নতুনত্বহীন ছবি এখন কিয় চাব? অকল অসমীয়া চেণ্টিমেণ্টৰে অসমীয়া ছবি চলিব জানো? কাহিনী যিমানেই শক্তিশালী নহওক, তাত মনোৰঞ্জনৰ সমলবোৰ যদি নাথাকে, অত্যাধুনিক কেমেৰাৰ ব্যৱহাৰ, গ্রাফিক্স, ভিএফএক্সৰ ব্যৱহাৰ যদি নহয়, একশ্বন, ৰোমাঞ্চ, থ্রীলাৰ সকলোবোৰ যদি নাথাকে, হিন্দী ছবি, বাংলা ছবি বা দক্ষিণাত্যৰ ছবিৰ সৈতে ফেৰ মাৰিব পৰা নহ’লেও অন্ততঃ সেই ছবিসমূহৰ কাষ চাপিব পৰাকৈয়ো যদি মনোৰঞ্জন বা অত্যাধুনিক সমলবোৰ নাথাকে, যুৱচাম বা আন দর্শকক আজি ছবিঘৰলৈ নিব নোৱৰাটো একো ডাঙৰ কথা নহয়। আজিৰ অসমৰ যুৱচামে নিশ্চিতভাৱে এণ্টাৰটেইনমেন্ট বিচাৰে। আজি চহৰৰ কথা বাদেই দিছোঁ, গ্রামাঞ্চলৰ সাধাৰণ ল’ৰা-ছোৱালী, গৃহিনী সকলোৱে প্রতিদিনে টেলিভিছনত হিন্দী চিৰিয়েল, চিনেমা চায়, ইউটিউবত অত্যাধুনিক প্রযুক্তিৰে নির্মিত বলিউদ-হলিউদৰ শেহতীয়া ছবিবোৰ চায়। এইবিলাকত তেওঁলোক অভ্যস্ত হৈ পৰিছে। গতিকে অসমীয়া ছবিৰ নিৰ্মাতাসকল দর্শকৰ ৰুচিৰ প্রতি সচেতন হোৱা অতি প্ৰয়োজনীয়। গুণগত আৰু কাৰিকৰী মান বৃদ্ধিৰে সুস্থ চিন্তা-চৰ্চাৰে অসমীয়া ছবি নির্মাণৰ জৰিয়তে হিন্দী চিনেমাৰ লগত বাণিজ্যিক প্রতিযোগিতাত নামি পৰাটো আজি নিতান্তই প্রয়োজন হৈ পৰিছে। হিন্দী চিনেমাৰ বাণিজ্যিক ক্ষেত্র আৰু বিত্তীয় বাজেট অসমীয়া ছবিতকৈ বহু বৃহৎ। এইক্ষেত্ৰত হিন্দী চিনেমাৰ লগত বাণিজ্যিক দিশত ফেৰ মৰাটো সহজসাধ্য নহয় যদিও গুণগত দিশত আৰু প্ৰযুক্তিৰ ব্যৱহাৰেৰে আমি অসমীয়া ছবিকো দর্শকৰ কাষ চপাই নিবলৈ সক্ষম হ’ব পাৰিম। এই ক্ষেত্ৰত ছবিত গুণগত দিশৰ লগতে বিনোদনৰ সমলখিনিও পূৰামাত্রাই থাকিব লাগিব। লগতে ছবি এখন নির্মাণৰ বাবে প্রয়োজনীয় বাজেট বা বিনিয়োগ কৰা ধন বৃদ্ধি কৰিব লাগিব। খৰচ কৰিব লাগিব। ৰিস্ক ল’ব লাগিব। আজিৰ তাৰিখত সীমিত বাজেটেৰে বা বাৰ-পোন্ধৰ লাখ টকাৰে কাৰিকৰী প্রযুক্তিসমৃদ্ধ ছবি এখন নির্মাণ কৰাটো সম্ভৱ নহয়। বলিউদ বা দক্ষিণৰ একোখন ছবিত এশ কোটিৰ ঘৰত খৰচ কৰি অত্যাধুনিক প্রযুক্তিৰ চমকৰে ছবি নির্মাণ কৰে। সেইদৰে গুণগত মানো ৰক্ষা পৰে। সেইমতে দর্শক পায়। দর্শকে বিনোদনৰ প্রয়োজনীয় সকলো সমল বিচাৰি পায়। আঁকোৱালি লয়। খৰচ হোৱা ধন উভতি আহে। অসমীয়া ছবিত সেই পর্যায়ৰ নোৱাৰিলেও ছবি নির্মাতাসকলে বাজেটৰ দিশত বিশেষভাৱে গুৰুত্ব দিয়াটো আজিৰ তাৰিখত নিতান্তই প্রয়োজনীয় হৈ পৰিছে। তদুপৰি ছবি এখন জনপ্রিয় হোৱাৰ আটাইতকৈ ডাঙৰ দিশ হ’ল প্রচাৰ। আজি বহু ছবি আহিছে, গৈছে— আমি বহুতে গমেই নাপাওঁ। প্রচাৰৰ দিশটোত ছবি নির্মাতাই গুৰুত্ব যিমান গুৰুত্ব দিব লাগে, নিদিয়ে। ফলত এখন ভাল ছবিয়েও প্রচাৰৰ অভাৱত দর্শক নাপায়। দুদিন বা এদিন চলি বন্ধ হৈ যায়। সংবাদ মাধ্যমেও এই দিশত বিশেষভাৱে গুৰুত্ব দিয়াটো অতি প্রয়োজন। এইসমূহ দিশেই নিশ্চিতভাৱে অসমীয়া ছবি উদ্যোগৰ বিকাশৰ পথত হেঙাৰ হৈ থিয় দিছে। জুবিন গাৰ্গৰ ‘মিছন চাইনা’ৰ আগতে অসমীয়া ছবিলৈ কিছু শুভ বার্তা আনিছিল বিশ্বজিৎ বৰাৰ ‘বহ্নিমান’ ছবিখনে। ছবিখন দর্শকে আকোঁৱালি লোৱাৰ মূলতে আছিল অত্যাধুনিক কেমেৰা, গ্রাফিক্সৰ ব্যৱহাৰ, নায়ক যতীন বৰাৰ সম্পূর্ণ পৃথক ৰূপত আত্মপ্রকাশ আৰু অভিনেতা-অভিনেত্রীসকলৰ শক্তিশালী অভিনয়। ‘বহ্নিমান’খন নতুন সোৱাদৰ ছবি আছিল। সততে দেখা পোৱা একঘেয়ামীয়তা নাছিল। গতিকে ছবিখন ব্যৱসায়িকভাৱে সফল হৈছিল। একেদৰে কিছু বছৰ আগতে ‘ৰামধেনু’ ছবিখনেও নতুন সোৱাদ যোগাবলৈ সক্ষম হৈছিল। বাণিজ্যিকভাৱে সফল হৈছিল। সম্প্রতি বহু কেইগৰাকী প্রতিভাবান যুৱ পৰিচালকে আত্মপ্রকাশ কৰিছে। বহু নতুন মুখৰ অভিনয় শিল্পীৰো আত্মপ্রকাশ ঘটিছে। নতুন চিন্তা, নতুন সোৱাদৰে ছবি নির্মাণ কৰিবলৈ লৈছে। উচ্চমানৰ ভালেকেইখন ছবি নির্মাণ হৈছে। ই নিশ্চয়কৈ এক আশাব্যঞ্জক খবৰ। তথাপি আশা কৰা মতে ‘ভাল দিন’ ঘূৰি অহা নাই। বাণিজ্যিকভাৱে ন্যূনতম সফলতাৰ মুখ নেদেখিলে প্রতিভাৱান যুৱ পৰিচালক, ছবি নির্মাতাই পৰৱর্তী ছবি এখন কৰাৰ সাহস গোটাব নোৱাৰে। দর্শকে যদি ছবিখন আঁকোৱালি নলয়, কি সাহসত পৰৱর্তী ছবি এখন কৰিবলৈ আগবাঢ়ি আহিব?

‘মিছন চাইনা’ৰ পোষ্টাৰ

অসমীয়া ছবি উদ্যোগৰ বিকাশৰ বাবে আজি বিশেষভাৱে প্রয়োজন হৈছে চৰকাৰৰ সদিচ্ছা। অসমীয়া চিনেমাৰ বিকাশ আৰু ছবি নির্মাণ কার্যক উৎসাহিত কৰিবৰ কাৰণে ৰাজ্য চৰকাৰে যি আমোদকৰ ৰেহাই দিয়াৰ ব্যৱস্থা কৰিছে, ই এক শুভবার্তা আৰু ইতিবাচক দিশৰ ইংগিত বহন কৰিছে। আনহাতে ৰাজ্যখনৰ একমাত্র ফিল্ম ষ্টুডিঅ ‘জ্যোতি চিত্ৰবন’ক বর্তমানেও এটা অত্যাধুনিক প্রযুক্তিসমৃদ্ধ পূর্ণাংগ ফিল্ম ষ্টুডিঅ’ ৰূপে নির্মাণ কৰিবগৈ পৰা নাই। এই দিশত চৰকাৰী পদক্ষেপৰ বিশেষ প্রয়োজন। অসমীয়া ছবি নির্মাণৰ বাবে চৰকাৰী বেংকিং আৰু অন্যান্য বিত্তীয় ক্ষেত্ৰৰ পৰা ঋণ বা বিত্তীয় সাহায্য দিয়াৰ ব্যৱস্থা এতিয়াও আমাৰ ৰাজ্যত সহজলভ্য হৈ উঠা নাই। চলচ্চিত্র প্রযোজনাৰ ক্ষেত্ৰত অসম ৰাজ্যিক চলচ্চিত্র বিত্ত আৰু উন্নয়ন নিগমৰ শেহতীয়া স্থিতি অৱশ্যে শলাগিবলগীয়া। শেহতীয়া বহুকেইখন ছবি প্রযোজনাৰ বাবে আগবাঢ়ি আহি নিগমে ছবি নির্মাণৰ দিশত আশাৰ সঞ্চাৰ কৰিছে। অসমীয়া ছবি উদ্যোগৰ বিকাশৰ বাবে আজি প্রধানভাৱে প্রয়োজন হৈছে ছবিগৃহ নির্মাণৰ। আজি অসমৰ গ্ৰাম্য অঞ্চলৰ লগতে বহুকেইখন মফচলীয় চহৰত চিনেমা হল নাই। ফলত গ্রামাঞ্চলৰ দৰ্শকে আগ্রহ থকা সত্বেও অসমীয়া ছবি এখন চাব নোৱাৰে। এই দিশৰ প্রতি লক্ষ্য ৰাখি অসমৰ প্ৰতিখন জিলাৰ নগৰ-চহৰৰ লগতে চহৰৰ পৰা দূৰৈত অৱস্থিত গ্রামাঞ্চলক সামৰি একাটাকৈ সৰু-বৰ ছবিগৃহ, মিনি চিনেমা হল আদি নির্মাণ কৰিলে অসমীয়া ছবি উদ্যোগৰ বিকাশৰ গতিটো অধিক ক্ষিপ্রতৰ হ’ব বুলি আশা কৰিব পাৰি।

| আৰু পঢ়ক: অসমীয়া চিনেমাৰ ব্যৱসায় আৰু দুই-চাৰিটা অংক

অসমীয়া ছবিৰ সুদিন ঘূৰাই আনিবৰ বাবে আজি বিশেষভাৱে প্রয়োজন হৈছে জাতীয়তাবোধৰ। অসমীয়া দর্শকেই অসমীয়া ছবি চাবলৈ নোযোৱাটো জাতিটোৰ বাবেই অতি পৰিতাপৰ কথা। জাতিটোৰ বাবে ই এক জটিল সন্ধিক্ষণ। নিজৰ চলচ্চিত্র উদ্যোগটোৰ প্রতি সকলোৰে দায়বদ্ধতা নিশ্চিতভাৱে আছে। আজি অসমক ভালপোৱা, জাতি-মাটি, কৃষ্টি-সংস্কৃতিক ভালপোৱা, শ্রদ্ধা কৰা প্ৰতিগৰাকী অসমীয়া যদি অসমীয়া ছবি এখন চাবলৈ ছবিঘৰলৈ যায়, নিশ্চিতভাৱে ছবি উদ্যোগটোলৈ ভাল দিন আহিব। ঐতিহ্যপূর্ণ অসমীয়া ছবি উদ্যোগ নিশ্চিতভাৱে অসমৰ প্ৰতিগৰাকী লোকৰ স্বাভিমান। আমি আমাৰ নিজৰ ছবি উদ্যোগটোক সংকটৰ গৰাহলৈ ঠেলি পঠিয়ামনে? আন নালাগে, আমাৰ দাঁতিকাষৰীয়া ৰাজ্য পশ্চিম বংগৰ শিল্প-সাহিত্য, কলা-সংস্কৃতিৰ দিশটোত যদি চকু ফুৰাওঁ, দেখা পাম, ভাৰতৰ সকলোতে আনকি বলিউদতো তেওঁলোকৰ সন্তানৰ দপ-দপনি। ছবি উদ্যোগলৈ মন কৰিলে দেখা পাম দেশৰ ভিতৰতে অন্যতম আগৰণুৱা হৈছে বাংলা ছবি উদ্যোগ। ইয়াৰ মূল কাৰণ হৈছে নিজৰ কৃষ্টি-সংস্কৃতিক লৈ ৰাজ্যখনৰ প্ৰতিগৰাকী নাগৰিক সচেতন আৰু দায়বদ্ধ। বঙালীসকলৰ জাতীয়তাবোধৰ বিষয়ে নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। সেইবাবেই প্রতি ক্ষেত্ৰতে তেওঁলোকে দোপতদোপে আগুৱাই যাবলৈ সক্ষম হৈছে। আচলতে আমি বৰ বেছি আৱেগিক। আমাৰ খন্তেকীয়া আবেগৰ বাবেই বহু ক্ষেত্ৰত অসম বহু পিছ পৰি ৰৈছে। আমাৰ বাবে নিজৰটো সদায় বেয়া, আনৰবোৰহে ভাল। এনে ধৰণৰ বিভিন্ন কাৰকৰ বাবে আমাৰ অসমখনে বিভিন্ন দিশত উন্নতি সাধিব পৰা নাই।

জ্যোতি-বিষ্ণুৰ পৰশৰে উদ্ভাষিত, বহু বৰেণ্য পুৰোধাৰ অশেষ ত্যাগ আৰু শ্ৰমৰ বিনিময়ত আজিৰ পর্যায় পোৱা আমাৰ নিজৰ চলচ্চিত্র উদ্যোগটোৰ পুনৰোদ্ধাৰৰ স্বাৰ্থত প্রতিজন অসমীয়াই আবেগবর্জিত হৈ প্ৰতিখন ছবিকেই সমান গুৰুত্ব দি ছবিঘৰলৈ আহি অসমীয়া ছবি চোৱাৰ পৰিৱেশ সৃষ্টি কৰক। অসমৰ প্ৰতিগৰাকী প্রযোজক-পৰিচালকেও ৰাইজৰ ৰুচিবোধক গুৰুত্ব দি, আজিৰ তাৰিখত ৰাইজ বা যুবপ্রজন্মই কি বিচাৰে সেয়া প্রকৃতভাৱে অধ্যয়ন কৰি ছবি নির্মাণ কৰিবলৈ লওক। একঘেয়ামীয়তাক পৰিহাৰ কৰক। নতুন মুখক গুৰুত্ব দিয়ক। প্রচাৰৰ দিশত মন দিয়ক। সাহসৰে নতুন ৰুচিৰ, ভাল ভাল ছবি নির্মাণ কৰিবলৈ আগবাঢ়ি আহক, অসমীয়া ছবিৰ সুদিন আকৌ আহিব।

ফিচাৰড্ ইমেজ: ‘কথানদী’ চলচ্চিত্ৰৰ স্থিৰচিত্ৰ

লেখকৰ ঠিকনা: মাধৱ গাঁও, জামুগুৰিহাট, শোণিতপুৰ

আপোনাৰ আৰু ভাল লাগিব পাৰে:
হিমাংশু ৰণ্‌জন ভূঞা

হিমাংশু ৰণ্‌জন ভূঞা

ঠিকনা: মাধৱ গাঁও, জামুগুৰিহাট, শোণিতপুৰ মোবাইল: ৮৪৮৬৪-০০১৫৭, ৭০০২৭-৬৭০১০

আপোনাৰ মন্তব্যই লেখকক প্ৰেৰণা যোগাব

avatar
  চাবস্ক্ৰাইব কৰক  
Notify of