মূল (বাংলা/ নিজের মাথার বালিশ): সুনীল গঙ্গোপাধ্যায়
অনুবাদ: পবিত্ৰ হাজৰিকা
✽
তুমি দেশৰ বাবে প্ৰাণ নিদিবা, দেশ-টেশ এইবোৰ বাজে কথা
চোৱা, অন্ধকাৰৰ যাদুকৰে কাঠপোকৰ আঙুলিৰ ছাপেৰে
মোহৰ সাজিছে
পাৰবোৰ এন্দুৰ হৈ সোমাই পৰিছে গাঁতত
চোৱা, তেজৰ নদীত সাঁতুৰিছে শুকুলা হংসই, তাৰ গাত
এটোপাও ছিটিকনি পৰা নাই
চোৱা, কালিৰ শিয়াল হঠাৎ আজি কেনেকৈ হৈ গ’ল বিড়াল
সিহঁতৰ কোনো দেশ নাই
নাৰীৰ গৰ্ভত ভ্ৰূণ হৈ যেতিয়া বাঢ়িছিলা, তেতিয়া তোমাৰো কোনো দেশ নাছিল
শাৰী শাৰী অন্ধ সেনাই কুচকাৱাজ কৰিছে পাহাৰ সীমান্তত
সিহঁতৰ অস্ত্ৰবোৰে কোনো দেশৰ ঠিকনা নাজানে
মৃত্যুৱেও চিনি নাপায় কোনো দেশ
তুমি চকু মেলিছিলা প্ৰকৃতিৰ কোলাত, প্ৰথমে দেখিছিলা আকাশ
তুমি জীৱনৰ ওচৰত প্ৰতিজ্ঞাবদ্ধ, পেলনীয়া কাগজৰ পাচিত
পেলাই নিদিবা তোমাৰ প্ৰাণ
কত ৰঙৰ মহী মিহলাই লেখা হৈছে দেশপ্ৰেমৰ গান
সেইবোৰ গানৰ উন্মাদনাত সজীৱ হৈ উঠিছে গুলী-বাৰুদৰ কাৰখানা
বতাহত উৰিছে মৃত্যু-বেপাৰীৰ হাঁহিৰ খলকনি
যিসকলে লালকিল্লাত উঠি অথবা স্মৃতিসৌধৰ তলত
দেশৰ নামত উতপ্ত কৰিছে বতাহ
যিসকলে ভৱিষ্যতৰ মিছা সপোন দেখুৱাই তোমাৰ প্ৰাণৰ বলি বিচাৰিছে
চোৱা, তেওঁলোকে কিমান সযতনে ৰাখিছে নিজৰ জীৱন
তেওঁলোকৰ সতি-সন্ততিৰ মুখত গাখীৰ ভাত, তোমাৰ বংশধৰৰ
যি হয় হওক
তুমি ৰে’ল লাইনৰ কাষত তোমাৰেই নিচিনা এজনক মাৰিলে অথবা নিজে মৰিলে
তাত কোনো দেশ নাই
তুমি এক সমদলৰ পৰা আন এক সমদল ভাঙিবলৈ গৈ
ছিন্ন-ভিন্ন শৰীৰৰে লুটি খাই পৰিলে মাটিত
তাত কোনো দেশ নাই
যিসকলে হাততালি দি তোমাক কৈছে— যোৱা, যোৱা, জুইত জাঁপ দিয়া
অলপ সময়ৰ পাছতেই সেইসকল ওমলিবগৈ ফুলৰ বাগিচাত
তুমি প্ৰাণ নিদিবা, নল’বা, দেশ-টেশ এইবোৰ বাজে কথা
মৈত্ৰেয়ীৰ দাম্ভিকতাৰ উত্তৰত যাজ্ঞ্যবল্কই কি কৈছিল মনত নাই?
সামান্য এখন দেশৰ বাবে তুমি পৃথিৱী এৰিবা কিয়?
নিজৰ শিতানৰ প্ৰিয় গাৰুটোৰ কথা মনত পৰা নাই?
✽
সুনীল গঙ্গোপাধ্যায়
জনপ্ৰিয় বাঙালী কবি, গল্পকাৰ, ঔপন্যাসিক সুনীল গঙ্গোপাধ্যায়ৰ জন্ম হৈছিল ১৯৩৪ চনৰ ৭ ছেপ্তেম্বৰ তাৰিখে তদানীন্তন বৃটিছ ভাৰতৰ মাদাৰীপুৰ জিলাৰ মাইজপাড়া গাঁৱত (বৰ্তমানৰ ঢাকা, বাংলাদেশ)। পৰৱৰ্তী সময়ত কলকাতাত বসবাস কৰিবলৈ লোৱা সুনীল গঙ্গোপাধ্যায়ে কলকাতা বিশ্ববিদ্যালয়ৰ পৰা শিক্ষা সাং কৰে। ১৯৫৮ চনত তেখেতৰ প্ৰথম কাব্য সংকলন ‘একা এবং কয়েকজন’ আৰু ১৯৬৬ চনত প্ৰথম উপন্যাস ‘আত্মপ্ৰকাশ’ প্ৰকাশ পায়।
সুনীল গঙ্গোপাধ্যায়ৰ প্ৰসিদ্ধ গ্ৰন্থসমূহৰ ভিতৰত আছে— আমি কী ৰকম ভাবে বেঁচে আছি, হঠাৎ নীৰাৰ জন্য, শ্যামবাজাৰেৰ মোড়েৰ আড্ডা, অৰ্ধেক জীবন, পূৰ্ব পশ্চিম, অৰণ্যেৰ দিনৰাত্ৰি, প্ৰথম আলো, সেই সময় আদি। সুনীল গঙ্গোপাধ্যায়ে নীললোহিত, সনাতন পাঠক, নীল উপাধ্যায় ছদ্মনাম ব্যৱহাৰ কৰিও অনেক সাহিত্য ৰচনা কৰিছিল। তেখেতৰ কেইবাটিও সাহিত্যকৃতিক অৱলম্বন কৰি চলচ্চিত্ৰ নিৰ্মাণ হৈছিল। তাৰ ভিতৰত সত্যজিৎ ৰায় পৰিচালিত অৰণ্যেৰ দিনৰাত্ৰি আৰু প্ৰতিদ্বন্দ্বী উল্লেখনীয়।
১৯৭২ আৰু ১৯৮৯ চনত সুনীল গঙ্গোপাধ্যায়ে আনন্দ পুৰস্কাৰ আৰু ১৯৮৫ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰে।
২০১২ চনৰ ২৩ অক্টোবৰত সুনীল গঙ্গোপাধ্যায়ৰ কলকাতাত মৃত্যু হয়। মৃত্যুৰ সময়লৈকে তেখেতে ভাৰতৰ সাহিত্য অকাডেমি আৰু পশ্চিমবংগ শিশু-কিশোৰ অকাডেমিৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল।
❧ | আৰু পঢ়ক: