সৃষ্টিশীল পৰিৱৰ্তন

সৃষ্টিশীল পৰিৱৰ্তন

শান্তিকামী জনতাৰ সদাজাগ্ৰত প্ৰহৰী আমি
হত্যা হিংসা ভাতৃঘাতী সংঘৰ্ষৰ অৱসান বিচাৰি
গান্ধীৰ অহিংস-বাণীৰে ৰাম-ৰাজ্য পাতিবলৈ
অনাগত দিনৰ সৃষ্টিশীল পৰিৱৰ্তন বিচাৰোঁ আমি।

মহাযোগী গিৰিৰাজ হিমালয়ৰ বক্ষত বহি
কত ঋষি মুনি মনীষীৰ
অন্তৰৰ পৰা ওলাই আহিল
সত্য অহিংসা ন্যায়
আৰু প্ৰেমৰ অমৰ বাণী;
ৰামকৃষ্ণ পৰমহংস, বিবেকানন্দ, দয়ানন্দ,
গান্ধী, মহাত্মাৰ অমৰ বাণীৰে উদ্বুদ্ধ হৈ
শংকৰ-আজানৰ দেশত পৰিৱৰ্তন আনিবলৈ,
আমি পৰিৱৰ্তিত হৈ সুদৰ্শন ঘূৰাবলৈ,
শংখ নিনাদ কৰিবলৈ প্ৰতিজ্ঞাবদ্ধ।

জ্যোতিৰ জেউতি, ৰাভাৰ আভা, ভূপেনৰ সুধাকন্ঠ
মামণিৰ জ্ঞানপীঠেৰে বোৱাই আনিম
অলকানন্দাৰ এধাৰি জলৰাশি
মিলাই দিবলৈ মহাবাহু ব্ৰহ্মপুত্ৰত
আনিবলৈ সৃষ্টিশীল পৰিৱৰ্তন
জ্যোতিষ্মতী আই অসমীৰ বুকুত।

শুভাকাংক্ষীৰ শুভেচ্ছাত হয়তো হ’ব পাৰে
পৰিৱৰ্তন,
আমি বিচৰা সৃষ্টিশীল পৰিৱৰ্তন।

সৃষ্টিশীল পৰিৱৰ্তন | অৰ্চনা শৰ্মা

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক

আপুনি হয়তো ভাল পাব: