নীলা চৰাই | অসমীয়া সাহিত্য, বাৰ্তা, আলোচনা

অসমীয়া সাহিত্য, বাৰ্তা আৰু আলোচনা

হৃদয়ৰ খোৰোঙত হাত ভৰাওঁতে

হৃদয়ৰ খোৰোঙত হাত ভৰাওঁতে

হৃদয়ৰ খোৰোঙত হাত ভৰাওঁতেই
বৰষুণৰ মাটিত পিছল খাই
সপোন নদীৰ মাজ পালেগৈ

ইপাৰৰ চাকনৈয়া সিপাৰৰ ঢৌ

পছোৱা বতাহত পালতৰা নাও এৰিলো
নদীৰ মাজত মাছবোৰেও ক’লে
ইমান অসাৱধান নে

পাহাৰৰ গা ঘঁহি নামি আহিল সন্ধ্যা
চাকিৰ পোহৰত নাৱৰ আন্ধাৰ সিঁচি
খেপিয়াই ফুৰিলো

বসন্তৰ খিৰিকীমুখত খোপা বান্ধি
খিলখিলাই থকা সপোনৰ সেউজীয়াখিনি

দেহৰ ঘনিষ্ঠ উষ্ণতা মানকী মধুৰি এতিয়া স্মৃতি

বাৰ, তিথি, বছৰ পাৰ হ’ল পাৰ হ’ল উৎসৱ

সপোনৰ সেউজীয়াখিনি নদীৰ বুকুত জাহ গ’ল
ক’ত দ্ৰৱীভূত কৰোঁ দুখৰ শব্দ

চাৰিওফালে শোকাকুল নদীৰ পানী
হৃদয়ৰ খোৰোঙত হাত ভৰাওঁতেই।

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক

পাঠকৰ মন্তব্য (0)

কেৱল সদস্য আৰু লেখকৰ বাবে

সদস্যৰ বিশেষ আলোচনা

এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।

মন্তব্যসমূহ লোড হৈ আছে...