বৃ হত্তৰ অসমীয়া জাতীয়-জীৱন তথা ধৰ্ম-সংস্কৃতি জগতৰ এগৰাকী কিংবদন্তীস্বৰূপ মহাপুৰুষ আজান ফকীৰ বা শ্বাহ মিলনৰ বৰ্ণময় জীৱন আৰু কৰ্মৰাজিৰ আধাৰত প্ৰসিদ্ধ সাহিত্যিক তথা নাট্যকাৰ মহেন্দ্ৰ বৰঠাকুৰে ৰচনা কৰা ‘শৰাগুৰি চাপৰি’ অসমীয়া নাট্য সাহিত্য তথা মঞ্চ জগতৰ এখন অতি গুৰুত্বপূৰ্ণ আৰু সমাদৃত নাটক৷ নাটকখনৰ বিষয়বস্তু অধ্যয়ন কৰিলে দেখা যায় যে ইয়াত যুগ যুগ ধৰি অসমত বসবাস কৰি অহা হিন্দু আৰু মুছলমান— এই দুই জাতিসত্তাৰ মাজৰ সমন্বয়ৰ অপূৰ্ব নিদৰ্শন দাঙি ধৰা হৈছে৷
নাটকখনত নাট্যকাৰ বৰঠাকুৰে আহোম স্বৰ্গদেউ গদাধৰ সিংহৰ ৰাজত্ব কালত সুদূৰ বাগদাদৰ পৰা অসমলৈ অহা আজানপীৰৰ জীৱনৰ সকৰুণ কাহিনী নাটকীয় ৰসেৰে সংপৃক্ত কৰি বৰ্ণনা কৰিছে৷ সৰ্বগুণাকৰ শ্ৰীমন্ত শংকৰদেৱৰ ধৰ্মীয় চিন্তা আৰু আদৰ্শৰ লগত সমন্বয় সাধন কৰি আজান পীৰে গড়গাঁৱৰ ওচৰৰ চূণপোৰা অঞ্চলত বসবাস কৰিবলৈ লৈ কিদৰে মহান জীৱন পৰিক্ৰমাৰ পাতনি তৰিছিল আৰু সকলোৰে প্ৰতি সদ্ভাৱ, সমদৃষ্টি কৰি হিন্দু-মুছলমানৰ একতা-সমন্বয়-সম্প্ৰীতিৰ ভেটিত বহল আদৰ্শময় এখন অসমীয়া সমাজ গঢ়াৰ প্ৰয়াস কৰিছিল আৰু কেনেদৰে দুষ্কৃতিকাৰী এচাম ধুৰন্ধৰ ৰজাঘৰীয়া লোকৰ হিংসা আৰু ষড়যন্ত্ৰৰ কবলত পৰি তেওঁ নিজৰ চকুযুৰিও হেৰুৱাই জীৱনৰ অন্তিম পথলৈ আগবাঢ়ি গৈছিল, তাৰ এক নিখুঁত ছবি অংকন কৰিছে সুদক্ষ নাট্যকাৰ মহেন্দ্ৰ বৰঠাকুৰে৷
মহেন্দ্ৰ বৰঠাকুৰ
অসমীয়া নাট্য সাহিত্যত বিগত চাৰি-পাঁচটা দশকত ৰচিত আৰু অসমৰ বিভিন্ন ৰংগমঞ্চত মঞ্চস্থ উচ্চ মানবিশিষ্ট নাটকৰ নাট্যকাৰসকলৰ ভিতৰত মহেন্দ্ৰ বৰঠাকুৰ নিঃসন্দেহে অন্যতম গুৰুত্বপূৰ্ণ আৰু জনপ্ৰিয় নাট্যকাৰ৷ নাট্যসৃষ্টিৰ মাজেৰে হাঁহি-কন্দোন, প্ৰেম-বিষাদ, লাঞ্ছনা-বঞ্চনা আদিক কলাত্মক ৰূপ দি তেওঁ সকলোকে মুগ্ধ কৰি গ’ল৷ ভ্ৰাম্যমাণৰ মঞ্চৰ পৰা অপেছাদাৰী ৰংগমঞ্চলৈ, আকাশবাণীৰ নাটকৰ পৰা দূৰদৰ্শন আৰু চলচ্চিত্ৰৰ চিত্ৰনাট্যলৈ মহেন্দ্ৰ বৰঠাকুৰে তিনিকুৰি পূৰ্ণাংগ নাটক, বহু একাংকিকা, শতাধিক ৰেডিঅ’ নাটক, বাৰখন জনপ্ৰিয় অসমীয়া চলচ্চিত্ৰৰ চিত্ৰনাট্য, একাধিক টেলিফ্লিম, দূৰদৰ্শনৰ চুটিনাট ইত্যাদি ৰচনাৰে অসমৰ নাট্য আন্দোলনৰ ইতিহাসত এক মচিব নোৱৰা সাঁচ বহুৱাই থৈ গৈছে৷
মানুহৰ জীৱনৰ পোৱা-নোপোৱাখিনি, পায়ো হেৰুওৱাখিনি আৰু জীৱনৰ সুখ-দুখ, আনন্দ-বিষাদ আদিবোৰক বৰঠাকুৰে তেওঁৰ নাট্যকৰ্মত সঠিক ৰূপত ব্যৱহাৰ কৰাত সফল হৈছে৷ বৰঠাকুৰৰ প্ৰতিখন নাটকেই দৰ্শক-শ্ৰোতাৰ মাজত ব্যাপক জনপ্ৰিয়তা লাভ কৰিছিল৷ ইয়াৰ মূল কাৰণ, নাট্যকাৰ মহেন্দ্ৰ বৰঠাকুৰ আছিল সমাজৰ ভূ ৰখা এগৰাকী সঁচা মানুহ৷ আমাৰ প্ৰচলিত সমাজ-ব্যৱস্থাৰ কেৰোণসমূহ, বিপথে পৰিচালিত কৰা শক্তিবোৰ, সমাজখন কেনে হোৱা উচিত আদিবোৰৰ সাৰ্থক ৰূপায়ণ কৰাৰ লগতে বৰঠাকুৰে নাটকসমূহত এই সমস্যাৰ সমাধান সূত্ৰও স্পষ্ট ৰূপত আগবঢ়াই থৈ গৈছে৷ এজন সামাজিকভাৱে দায়বদ্ধ লেখক-নাট্যকাৰ হিচাপে তেওঁ অতি গধুৰ বিষয়বস্তু একোটাকো অতি সহজ-সৰল ভাষাত বৰ্ণনা কৰিছিল৷ ইয়াৰ উপৰিও বৰঠাকুৰে সততে ব্যংগাত্মকভাৱে সাধাৰণ বিষয়বস্তু একোটাকো অসাধাৰণ ৰসোত্তীৰ্ণ কৰি তুলিবলৈ সক্ষম হোৱা হেতুকে তেওঁৰ নাট্যসৃষ্টিয়ে এক বিশেষ মাত্ৰা লাভ কৰিবলৈ সক্ষম হৈছিল৷
‘শৰাগুৰি চাপৰি’ নাটকৰ নাটকখনৰ কাহিনীভাগ আৰম্ভ হৈছে আজান ফকীৰে হিন্দু, মুছলমান— উভয় সম্প্ৰদায়ৰ মাজত লাভ কৰা জনপ্ৰিয়তাৰ পৰা৷ আজান ফকীৰৰ এই জনপ্ৰিয়তা দৰঙী ৰাজবিষয়া ৰূপাই দাধৰাৰ ঈৰ্ষাৰ কাৰণ হৈ পৰিছিল৷ দৰঙৰ মুছলমান ৰাজবিষয়া ৰূপাই দাধৰা আৰু তেওঁৰ সহযোগী ফাতুলাই সাধাৰণ প্ৰজাৰ ওপৰত কৰা অবৰ্ণনীয় অত্যাচাৰ আৰু প্ৰজাৰ পৰা জোৰেৰে অধিক সূদ লৈ টকা ধাৰে দিয়া আৰু ফাতুলা আৰু তেওঁৰ অনুচৰ কাদেৰৰ দ্বাৰা বদৰুদ্দিন আৰু সৰ্বনন্দই পোৱা নিৰ্যাতনৰ কথাৰে নাট্যকাৰে নাটকখনৰ কাহিনীভাগ আৰম্ভ কৰিছে৷
ফাতুলা আৰু কাদেৰৰ মুখত নিজৰ পৰিয়াল আৰু তেওঁৰ গাভৰু জীয়েক জয়াৰ প্ৰতি কৰা তাচ্ছিল্যপূৰ্ণ ইংগিতৰ কথাত সৰ্বানন্দ জঁকি উঠে আৰু তাৰ প্ৰতিবাদ কৰিবলৈ গৈ কাদেৰৰ হাতত মাৰ খাবলগীয়াহে হয়৷ এই অত্যাচাৰ আৰু নিৰ্যাতনৰ বিষয়ে স্বৰ্গদেৱৰ ওচৰত গোচৰ দিবলৈ গড়গাঁৱলৈ যাত্ৰা কৰাৰ বাটতে সৰ্বানন্দৰ মানসিক বিকৃতি ঘটে আৰু আদবাটতে দিখৌৰ বুকুত জাঁপ দি সৰ্বানন্দ আপোনঘাটি হয়৷ বদৰুদ্দিনে সৰ্বানন্দক পানীৰ পৰা বচাবলৈ আপ্ৰাণ চেষ্টা কৰে যদিও সৰ্বানন্দক বচাব নোৱাৰি তেনে অৱস্থাৰেই দিখৌৰ পাৰত ধৰ্মপ্ৰচাৰত মগ্ন হৈ থকা আজান ফকীৰৰ কাষ চাপে আৰু ফকীৰ তথা তেওঁৰ ভায়েক নৱীজানক সকলো কথা বিৱৰি কয়৷
বদৰুদ্দিনৰ মুখৰে সকলো কথা শুনি আজান ফকীৰে তেওঁক বিচলিত নহ’বলৈ কয়, কিন্তু অস্থিৰ বদৰুদ্দিনে লগে লগেই তেওঁৰ ওচৰৰ পৰা স্বৰ্গদেৱৰ চ’ৰালৈ বুলি ঢাপলি মেলিলে৷ তাৰ ঠিক পাছতেই ৰাজকাৰ্যৰ বাবে গড়গাঁৱলৈ অহা ৰূপাই দাধৰা আৰু ফাতুলাই আজান ফকীৰৰ খ্যাতিৰ কথা শুনি ফকীৰক সাক্ষাৎ কৰি দৰঙী ৰাজ্যলৈ নিমন্ত্ৰণ কৰে৷ পিছে ফকীৰে সাধাৰণ দৰঙী প্ৰজাৰ আমন্ত্ৰণতহে দৰঙীলৈ যাব, ৰজাঘৰীয়াৰ আহ্বানত নাযায় বুলি কোৱাত ৰূপাই আৰু ফাতুলাই কিছু অপমানবোধ কৰে আৰু ফকীৰক দৰঙীলৈ নি ৰূপাইৰ ক্ষমতাৰ বল দেখুৱাবলৈ বদ্ধপৰিকৰ হয়৷
সেই সময়তে ৰঙামাটিৰ নবাবে গুৱাহাটী অধিকাৰ কৰিবলৈ চলোৱা ষড়যন্ত্ৰৰ সম্পৰ্কত আহোম ৰাজসভাত বিভিন্ন ধৰণৰ আলোচনা হৈছিল৷ তাতে মুছলমান হিচাপে আজান ফকীৰৰ ওপৰতো এচামে সন্দেহৰ ভাৱ প্ৰকাশ কৰাত ৰজাঘৰে শলীয়াক ফকীৰৰ গতিবিধিৰ ওপৰত চকু দিবলৈ চোৰাংচোৱা হিচাপে নিযুক্ত কৰিলে৷ আনহাতে বদৰুদ্দিনে ৰূপাইৰ বিৰুদ্ধে ৰাজসভাত গোচৰ দিবলৈ আহি ৰূপাই দাধৰাৰ কূট-কৌশলত বন্দীহে হ’বলগীয়া হ’ল৷ পাছত বদৰুদ্দিনে মুক্তি লাভ কৰি আজান ফকীৰৰ শিষ্যত্ব গ্ৰহণ কৰে৷
ইফালে সৰ্বানন্দৰ জীয়ৰী জয়া গড়গাঁৱৰ পৰা অহা গড়গঞা নামৰ ডেকা এজনৰ প্ৰেমত পৰে আৰু দুয়োৰে প্ৰেমৰ স্বীকৃতি দি সৰ্বানন্দই গড়গাঁৱৰ পৰা অহাৰ পাছত দুয়োৰে বিয়া পাতি দিয়াৰ কথা কৈছিল৷ আজান ফকীৰে দৰঙী ৰাইজৰ নিমন্ত্ৰণ ৰাখি দৰঙলৈ আহিল৷ লগত বদৰুদ্দিনো আহিল৷ সেই সময়তে ৰূপাই আৰু ফাতুলাই প্ৰচাৰ কৰি দিলে যে বদৰুদ্দিনে সৰ্বানন্দক দিখৌ নৈত পেলাই হত্যা কৰিছে৷ এই অপপ্ৰচাৰৰ ফলত হিন্দু আৰু মুছলমান সমাজ দুভাগ হৈ গ’ল৷ বদৰুদ্দিনক ৰাইজে এঘৰীয়া কৰিলে৷ আনকি সৰ্বানন্দৰ জী জয়া, জয়াৰ প্ৰেমিক গড়গঞা আৰু আন বহুজনেই বদৰুদ্দিনক সদায় সন্দেহৰ চকুৰে চাবলৈ ধৰিলে৷ সি যে সৰ্বানন্দক হত্যা কৰা নাই, সৰ্বানন্দই নৈত জঁপিয়াই আত্মহত্যাহে কৰিছে, এই কথা প্ৰমাণ কৰিব নোৱাৰি বদৰুদ্দিন উন্মাদপ্ৰায় হ’ল৷
ইফালে ৰূপাই দাধৰা, ফাতুলা, কাদেৰ আদিৰ অত্যাচাৰো দিনকদিনে বাঢ়ি যাবলৈ ধৰিলে৷ ৰূপাই দাধৰাই জোৰ কৰি সৰ্বানন্দৰ জীয়েক জয়াক দেওধনী নাচিবৰ কাৰণে আহোম ৰাজসভালৈ পঠালে৷ জয়াক উদ্ধাৰ কৰিবলৈ যোৱা গড়গঞাকো মানুহ লগাই অকথ্য শাৰীৰিক নিৰ্যাতন চলাই বাটৰ কাষত পেলাই থ’লে৷ আজান ফকীৰৰ শুশ্ৰূষাত গড়গঞা সুস্থ হৈ উঠিল যদিও জয়াৰ বেজাৰত সিও এদিন অদৃশ্য হৈ পৰিল৷ ইয়াৰ সামান্তৰালভাৱে আজান ফকীৰৰ দিনকদিনে বাঢ়ি অহা জনপ্ৰিয়তাই ৰূপাইক অধৈৰ্য কৰি তুলিলে৷ তেওঁ ফকীৰক ৰাইজ আৰু ৰজাৰ মনত হেয় কৰাৰ অসৎ উদ্দেশ্যেৰে আজান ফকীৰ দিল্লীৰ মোগল বাদশ্বাহৰ চোৰাংচোৱা বুলি স্বৰ্গদেউ গদাধৰ সিংহক গোচৰ দিবলৈ আৰম্ভ কৰিলে৷ ৰূপাই দাধৰাৰ বাৰম্বাৰ গোচৰত অতিষ্ঠ হৈ স্বৰ্গদেৱে আজান ফকীৰক ভায়েক নৱীজান সহ বন্দী কৰিবলৈ আদেশ দিলে৷ কিন্তু নৱীজানক ৰাইজে বন্দী অৱস্থাৰ পৰা লৈ যায়৷ বদৰুদ্দিনে চূণপোৰাৰ বন্দীশালৰ পৰা আজান ফকীৰকো পলুৱাই নিব বিচাৰে যদিও ফকীৰ মান্তি নহ’ল৷
ইফালে হাজোত কোঠ মাৰি থকা মোগল সৈন্য গুৱাহাটীৰ ওচৰলৈকে আগবাঢ়ি অহাত স্বৰ্গদেৱৰ সন্দিকৈ ফুকনে মোগলক বাধা দিয়াৰ চেষ্টা চলায়, কিন্তু স্বৰ্গদেৱৰ আপোন ভাই গোবিন্দ কোঁৱৰে স্বজাতিৰ বিপক্ষে আচৰণ কৰি মোগলৰ পক্ষত যোগ দিয়াত স্বৰ্গদেউ অতিকে উত্তেজিত হৈ পৰে আৰু সেই সময়তে সুযোগ সন্ধনী ৰূপাইয়ে আজান ফকীৰক শত্ৰুৰ গুপ্তচৰ বুলি পুনৰ প্ৰতীয়মান কৰাৰ চেষ্টা কৰাত গদাধৰ সিংহই নিজ ভাতৃ গোবিন্দ কোঁৱৰক মৃত্যুদণ্ড আৰু আজান ফকীৰৰ চকু জীৱন্ত অৱস্থাতে কাঢ়ি ল’বলৈ নিৰ্দেশ দিয়ে৷ ইতিমধ্যে ইটাখুলিৰ ৰণত মোগল সৈন্যক পৰাস্ত্ৰ কৰি আহোম সৈন্যই বিজয় উৎসৱ পালন কৰে৷
ৰূপাই দাধৰাই নিজৰ প্ৰতিহিংসা চৰিতাৰ্থ কৰিবলৈ ৰজাৰ পৰা আজান ফকীৰৰ চকু কঢ়াৰ নিৰ্দেশ পাই ফকীৰৰ চকু কাঢ়িবলৈ গ’ল৷ আজান ফকীৰে দুটা মলাচৰু আনিবলৈ কৈ অদৃশ্যজনাক প্ৰাৰ্থনা কৰিলে৷ যাৰ বাবে আজান ফকীৰৰ চকু দুটা স্বতঃস্ফূৰ্তভাৱে সুলকি মলাচৰুত পৰিল৷ আজান ফকীৰ সম্পূৰ্ণভাৱে অন্ধ হৈ পৰিল৷ আজান ফকীৰৰ চকু দুটা লৈ ৰূপাই, ফাতুলা আৰু কাদেৰ গুচি যোৱাৰ পাছতেই ৰজাৰ আদেশ লৈ হাতীবৰুৱা আজান ফকীৰৰ ওচৰলৈ আহে, কিয়নো ইতিমধ্যে ৰজাই নিজৰ ভুলৰ অনুশোচনা কৰি আজান ফকীৰৰ চকু কঢ়াৰ আদেশ ৰদ কৰি হাতীবৰুৱাক ততাতৈয়াকৈ সেই আদেশ জনাবলৈ পঠাইছিল৷ কিন্তু বহু পলম হৈ গ’ল৷
আজান ফকীৰৰ চকু দুটা দিখৌ নৈত বিসৰ্জন দিয়াৰ পাছতেই আহোম ৰাজ্যত অঘটন ঘটিল৷ দিখৌ নৈৰ পানী উভতি ব’বলৈ ধৰিলে৷ আনকি স্বৰ্গদেৱৰ ৰাজকাৰেং পৰ্যন্ত এই পানীয়ে প্লাৱিত কৰিলে৷ প্ৰাকৃতিক দুৰ্যোগৰ ফলত ৰাইজৰ বিলাই-বিপত্তি নোহোৱা হ’ল৷ স্বৰ্গদেৱে আজান ফকীৰৰ মাহাত্ম্যৰ কথা উপলব্ধি কৰি ফকীৰক মান ধৰিলে আৰু ছকুৰি ভকত সহিতে শৰাগুৰি চাপৰিত মঠ সজাই দিলে৷ এই স্থানতে আজান ফকীৰে জীৱনৰ বাকীছোৱা সময় পাৰ কৰে৷ ইতিমধ্যে বদৰুদ্দিনে ৰূপাইক হত্যা কৰে, কিন্তু সেই খবৰ পোৱাত ফকীৰে ৰূপাইৰ হত্যাৰ বাবে খেদহে প্ৰকাশ কৰিলে৷ কিছুদিন পাছতে শৰাগুৰি চাপৰিৰ মঠতে আজান ফকীৰে শেষ নিশ্বাস ত্যাগ কৰে৷ শৰাগুৰি চাপৰিতে আজান ফকীৰক সমাধিস্থ কৰা হয়৷
আজান ফকীৰৰ মৃত্যুৰ কেইদিনমান পাছতেই তেওঁৰ সমাধিস্থলত বদৰুদ্দিন, গড়গঞা আৰু জয়া— আটাইকেইগৰাকী লগ লাগেহি৷ সকলোৰে মাজত চলি থকা ভুল বুজাবুজিবোৰৰো তেতিয়া অৱসান হয়৷ জয়াই তাতেই ‘পিতাই’ বুলি বদৰুদ্দিনক আঁকোৱালি লয় আৰু বদৰুদ্দিনেও এহাতে গড়গঞা আৰু আনহাতে জয়াক সাবটি দুয়োৰে মিলন ঘটায়৷ এইখিনিতে ‘শৰাগুৰি চাপৰি’ৰ যৱনিকা পৰে৷
‘শৰাগুৰি চাপৰি’ অসমীয়া নাট্য সাহিত্যৰ এক আকৰ্ষণীয় আৰু গুৰুত্বপূৰ্ণ সৃষ্টিকৰ্ম৷ নাটকখনত নাট্যকাৰে অতি বিচক্ষণতাৰে প্ৰয়োগ কৰা সংলাপ, চৰিত্ৰ-সৃষ্টি তথা পৰিৱেশ-পৰিস্থিতি অনুসৰি প্ৰয়োগ কৰা জিকিৰসমূহে নাটকখনক মনোগ্ৰাহী কৰি তুলিছে৷ তাৰ উপৰি নাটকখনৰ যোগেদি প্ৰকাশ কৰা হিন্দু-মুছলমানৰ মিলনৰ বিষয়টোৱে নাটকখনৰ সৌষ্ঠৱ দুগুণে বৃদ্ধি কৰিছে৷ সুপ্ৰতিষ্ঠিত নাট্যকাৰ মহেন্দ্ৰ বৰঠাকুৰে আজান ফকীৰৰ জীৱন আৰু আদৰ্শৰ প্ৰতিফলন ঘটাই এই নাটকখন সৃষ্টি কৰিবলৈ যাওঁতে প্ৰসিদ্ধ কথাশিল্পী চৈয়দ আব্দুল মালিকৰ ‘জিকিৰ আৰু জাৰী’ গ্ৰন্থখনৰ সহায় লোৱা বুলি প্ৰথম সংকলনৰ পাতনিত উল্লেখ কৰিছে৷
অসমীয়া জিকিৰ আৰু জাৰী গীত তথা আনুষংগিক তথ্যৰ ভিত্তিত আব্দুল মালিকদেৱে যিখিনি কথা লিখিছে তাৰ পৰাই জুমুঠিটো লৈ নাট্যকাৰ বৰঠাকুৰে ‘শৰাগুৰি চাপৰি’ নাটক সৃষ্টি কৰিছে৷ আকৌ আজান ফকীৰৰ জীৱনৰ প্ৰায়ভাগ কাৰ্যাৱলী বুৰঞ্জীত যিহেতু স্পষ্ট ৰূপত নাই, সেয়ে এই নাটকক সম্পূৰ্ণ বুৰঞ্জীমূলক নাটক বুলিও ক’ব নোৱাৰি৷ আকৌ নাটকখনত আজান ফকীৰৰ জীৱনীও সম্পূৰ্ণৰূপে পোৱা নাযায়৷ সেয়ে নাট্যকাৰে নাট্য সংকলনটিৰ পাতনিতে স্পষ্টভাৱে কৈছে— ‘শৰাগুৰি চাপৰি বুৰঞ্জীও নহয়, জীৱনীও নহয়— নাটকহে।’ নাট্যকাৰৰ এই মন্তব্যৰ আধাৰতে নাটকখনি বিচাৰ কৰিব লাগিব৷
বুৰঞ্জীৰ পটভূমিত সাম্প্ৰদায়িক সম্প্ৰীতি আৰু মানৱতাবাদৰ আদৰ্শ পৰিস্ফূট কৰাৰ লক্ষ্যৰেহে নাট্যকাৰে আজান ফকীৰৰ কাহিনী নাটকীয় ৰসেৰে সংপৃক্ত কৰি ৰূপায়িত কৰিছে৷ নাটকখনৰ পাতনিতে আমি পাওঁ নাট্যকাৰৰ মহান চিন্তা আৰু বহল মানসিকতাৰ পৰিস্ফূৰণ— ‘অসমীয়াৰ তেজত যে হিন্দু-মুছলমান বুলি সংকীৰ্ণ ভেদাভেদ পৰম্পৰাগতভাৱেই নাই, মাথোন ৰাজনীতিয়েহে সেই বীজ সুমুৱাই দিয়ে, আজান ফকীৰক আলম কৰি সেইটোহে আমাৰ প্ৰতিপাদ্য বিষয়৷’ এই সাম্প্ৰদায়িক সম্প্ৰীতিৰ আদৰ্শ আগত ৰাখিয়েই নাট্যকাৰ মহেন্দ্ৰ বৰঠাকুৰে নাট্য কাহিনীৰ প্ৰয়োজনীয় চৰিত্ৰ আৰু সংলাপ সৃষ্টি কৰি লৈছে৷
নাটকখনৰ বিভিন্ন চৰিত্ৰৰ উক্তি-প্ৰত্যুক্তিত চিৰপ্ৰৱহমান সাম্প্ৰদায়িক সম্প্ৰীতিৰ স্বৰূপ প্ৰকাশ পাইছে৷ উদাহৰণ স্বৰূপে স্বৰ্গদেৱৰ গুপ্তচৰ শলীয়াই বদৰুদ্দিন-সৰ্বানন্দৰ মিলা-প্ৰীতিত সন্দেহ কৰাত আজান ফকীৰে মন্তব্য কৰিছে— ‘ধৰ্মই মানুহক দুচমন গঢ়িবলৈ নিশিকায়৷ কোনো ধৰ্মই নিশিকায়৷ মহান ইছলামে দুবাহুৰে আঁকোৱালি ল’ব খোজে৷’ আকৌ কৈছে— ‘মানৱ জাতি একে সম্প্ৰদায়, হিন্দু আৰু মুছলমান একে আল্লাৰ ফৰমান৷ গোৰস্থানে কবৰ শাৰী শাৰী৷ হিন্দুক জ্বলাব, মোমিনক কবৰ দিব৷ ইমানেই৷’… ‘ধৰ্মই মিলাইহে৷ নাফালে৷ আঁহ ফালে ক্ষমতা বিচৰাসকলেহে৷’ (ষষ্ঠ দৃশ্য)
‘শৰাগুৰি চাপৰি’ৰ মূল বক্তব্য মানৱতাবাদ৷ পৃথিৱীৰ কোনো ধৰ্মই আন ধৰ্মক হীন বুলি কোৱা নাই৷ নিজ ধৰ্ম পালনে প্ৰকৃতপক্ষে মানৱ ধৰ্ম পালনহে সূচায়৷ পৃথিৱীৰ প্ৰতিগৰাকী মহান পুৰুষে এনে মানৱধৰ্ম প্ৰচাৰ কৰিবলৈ গৈ বিপদৰ সন্মুখীন হৈছে৷ ‘শৰাগুৰি চাপৰি’ৰ কেন্দ্ৰীয় চৰিত্ৰ আজান ফকীৰেও ৰূপাই দাধৰাৰ ব্যক্তিগত আক্ৰোশৰ বলি হৈ চকু দুটা হেৰুৱালে৷ নাটকীয় কাহিনীৰ দিশেৰে দেখা যায় ধৰ্মসহিষ্ণুতা আৰু উদাৰ মানৱতাবাদী ধৰ্মৰ ভাৱধাৰাই আছিল আজান ফকীৰৰ জীৱনৰ মূল কথা আৰু সেই অনুসাৰেই জীৱনৰ অন্তিম মুহূৰ্তলৈকে শাৰীৰিক দুখ-নিৰ্যাতনকো নিৰ্যাতন বুলি নাভাবি তেওঁ মানৱীয় প্ৰেমৰ মনোভাৱ জাগ্ৰত কৰিবলৈ প্ৰচেষ্টা চলাই গৈছিল৷
‘শৰাগুৰি চাপৰি’ৰ চৰিত্ৰাংকনৰ দিশটোও অতি আকৰ্ষণীয়৷ নাটকখনৰ মুখ্য চৰিত্ৰ হিচাপে আজান ফকীৰৰ চৰিত্ৰ সৃষ্টিত নাট্যকাৰে বিশেষ দক্ষতা প্ৰকাশ কৰিছে৷ এগৰাকী উদাৰ মানৱতাবাদী মহাপুৰুষৰ গাত যিখিনি গুণ থাকিব লাগে, প্ৰব্ৰজনকাৰী হৈও মাটিৰ মানুহ হিচাপে পৰিচয় দিয়া সিদ্ধ পুৰুষ আজান ফকীৰৰ গাত সেই সকলোখিনি গুণৰেই সমাৱেশ ঘটিছে৷
নাটখনৰ আন এটি গুৰুত্বপূৰ্ণ চৰিত্ৰ হৈছে তেওঁৰ ভাতৃ নৱীজান৷ প্ৰতিটো মুহূৰ্ততে আজান ফকীৰৰ লগত থাকি নৱীজানে ফকীৰৰ প্ৰকৃত ভাৱ-চিন্তা-আদৰ্শ প্ৰচাৰত সহযোগিতা আগবঢ়াই আহিছে৷ একেদৰে দৰঙী প্ৰজা সৰ্বানন্দ-বদৰুদ্দিনকো নাটখনত আকৰ্ষণীয় ৰূপত চিত্ৰিত কৰা হৈছে৷ নাটখনৰ আৰম্ভণিতে ৰজাঘৰৰ অন্যায়ৰ প্ৰতিবাদী চৰিত্ৰ হিচাপে সৰ্বানন্দক থিয় কৰাই হঠাৎ এই চৰিত্ৰক আত্মহত্যা কৰা দেখুৱাই নাট্যকাৰে বদৰুদ্দিন চৰিত্ৰটি অংকনত বিশেষ গুৰুত্ব প্ৰদান কৰে৷ নাটকীয় কাহিনীভাগৰ অগ্ৰগতিত বদৰুদ্দিন এক গুৰুত্বপূৰ্ণ চৰিত্ৰ বুলি বিবেচনা কৰিব পাৰি৷ সৰ্বানন্দৰ হত্যাকাৰী বুলি মিছা অপবাদেৰে ভাৰাক্ৰান্ত বদৰুদ্দিনে অৱশেষত অন্যায়-অবিচাৰৰ প্ৰতীকী চৰিত্ৰ ৰূপাই দাধৰাক হত্যা কৰি নিজ প্ৰতিশোধ পূৰণ কৰাই নহয়, সৰ্বসাধাৰণ খাটি খোৱা প্ৰজাকো ৰূপাইৰ হাতোৰাৰ পৰা মুক্ত কৰে৷ নাট্যকাৰ বৰঠাকুৰে বদৰুদ্দিন চৰিত্ৰটি ধৰ্মৰ ঊৰ্ধ্বত এক মানৱতাবাদী চৰিত্ৰ হিচাপে চিত্ৰিত কৰাত সফল হৈছে৷ একেদৰে দুষ্ট, শঠ হিচাপে ৰূপাই দাধৰা, ফাতুলা আৰু কাদেৰৰ চৰিত্ৰাংকনেও শ্ৰোতা-দৰ্শকৰ মনোযোগ আকৰ্ষণ কৰিবলৈ সমৰ্থ হৈছে৷ ৰাজতন্ত্ৰৰ ওপৰ মহলক সন্তুষ্ট কৰি সৰ্বসাধাৰণক ধৰ্মৰ আফিং খুৱাই বিভেদ নীতিৰে নিজৰ ক্ষমতাৰ বাঘজৰী হাতত ৰখাত ৰূপাই-ফাতুলা সিদ্ধহস্ত৷ এনে অন্যায় পথৰ হেঙাৰ স্বৰূপ আজান ফকীৰক যিকোনো প্ৰকাৰে আতঁৰ কৰিবৰ বাবে সিহঁতে মুঠেও কুণ্ঠাবোধ কৰা নাই৷
নাটকখনৰ একমাত্ৰ নাৰী চৰিত্ৰটি হৈছে সৰ্বানন্দৰ জীয়ৰী জয়া৷ চৰিত্ৰটি যথেষ্ট সবল। নানানটা অভাৱনীয় পৰিস্থিতিকো হেলাৰঙে অতিক্ৰম কৰি আগবাঢ়ি যাব পৰা চৰিত্ৰৰ ৰূপত নাট্যকাৰে অংকন কৰিছে৷ গড়গঞাৰ প্ৰতি থকা নিঃস্বাৰ্থ ভালপোৱা আৰু বিশ্বাসক সাৰোগত কৰি জয়াই বহু বাধা-বিঘিনি পাৰ হৈ অৱশেষত আকাংক্ষিত জনক লাভ কৰিবলৈ সক্ষম হৈছে৷ নাটকখনত জয়া চৰিত্ৰটি অতি ৰসপূৰ্ণ ৰূপত চিত্ৰিত হৈছে৷ নাটকখনত আহোম ৰাজত্বৰ লগত জড়িত, বিশেষকৈ গড়গাঁওকেন্দ্ৰীক ৰাজ আমোলা-বিষয়াসকলৰ উল্লেখ হৈছে যদিও সেইবোৰ চৰিত্ৰৰ বিকাশ নাটখনত বিশেষভাৱে দেখা নাযায়৷
নিপুণ নাট্যকাৰ মহেন্দ্ৰ বৰঠাকুৰৰ সংলাপ প্ৰয়োগৰ দক্ষতা ‘শৰাগুৰি চাপৰি’ নাটকখনত সুন্দৰভাৱে প্ৰতিফলিত হৈছে৷ বিশেষকৈ নাটকখনৰ কেন্দ্ৰীয় চৰিত্ৰ আজান ফকীৰ আৰু অনান্য চৰিত্ৰ— প্ৰধানকৈ ৰূপাই দাধৰা, সৰ্বানন্দ, বদৰুদ্দিন, ফাতুলা, নৱীজান আদিৰ লগতে একমাত্ৰ নাৰী চৰিত্ৰ জয়াৰ মুখত প্ৰয়োগ কৰা সংলাপসমূহ অতিকে হৃদয়স্পৰ্শী। শলীয়াৰ মুখত প্ৰয়োগ কৰা অসমীয়া ফকৰা-যোজনা, প্ৰবচন আদিৰে ভৰপূৰ সংলাপবোৰে বিমল হাস্যৰসৰ সৃষ্টি কৰিছে৷ নাটকখনক আধুনিক অৰ্থত গীতৰ ব্যৱহাৰ নাই যদিও ইয়াত প্ৰয়োগ কৰা জিকিৰ গীতসমূহৰ লগতে সময়ে সময়ে প্ৰয়োগ কৰা গুৰু দুজনাৰ ঘোষা-পদ আদিয়েও দৰ্শকক এক আধ্যাত্মিক জগতলৈ লৈ যোৱাত অৰিহণা যোগাইছে৷
সৰ্বমুঠ ১৮ টা দৃশ্যৰে ‘শৰাগুৰি চাপৰি’ নাটকখন সৃষ্টি কৰা হৈছে৷ যিহেতু নাট্যকাৰ মহেন্দ্ৰ বৰঠাকুৰে ভ্ৰাম্যমান থিয়েটাৰৰ মঞ্চৰ বাবে নাটকখন ৰচনা কৰিছিল, সেই অনুসৰিয়েই প্ৰয়োজনীয় মঞ্চ নিৰ্দেশনাও দিছে৷ নাট্যকাৰে মঞ্চসজ্জাৰ কলা-কৌশল, পোহৰ প্ৰক্ষেপন আদিৰ প্ৰতি বিশেষ গুৰুত্ব দিছে৷ লগতে নেপথ্যৰ পৰা জিকিৰ পৰিৱেশনৰ বাবে, প্ৰাকৃতিক পৰিৱেশৰ ভয়াবহতা প্ৰতিপন্ন কৰাৰ বাবে, আৱহ সংগীত বা আধুনিক বৈদ্যুতিক যন্ত্ৰৰে পোহৰ নিক্ষেপন আদিৰ নিৰ্দেশনা দিয়াও দেখা গৈছে৷
নাটকখনত আজান ফকীৰ বা শ্বাহ মিলনৰ ধৰ্মীয় চিন্তা-দৰ্শন আৰু আদৰ্শতকৈও হিন্দু-মুছলমানৰ মহামিলনৰ যোগেদি অসমত শান্তি-সম্প্ৰীতিৰ ভাৱধাৰা জগাই তোলাটোহে নাট্যকাৰ বৰঠাকুৰৰ প্ৰধান উদ্দেশ্য বুলি ক’ব পাৰি৷ সামগ্ৰিক উন্নয়নৰ বাবে এই সম্প্ৰীতিৰ মনোভাৱ যে অতিকে আৱশ্যকীয়, এই কথা উপলব্ধি কৰি নাট্যকাৰ মহেন্দ্ৰ বৰঠাকুৰে আজান পীৰৰ মহান কাহিনীৰ জৰিয়তে সেই ভাৱধাৰাক ‘শৰাগুৰি চাপৰি’ত ৰসোত্তীৰ্ণ কৰি ৰূপায়িত কৰিছে৷
❧ | আৰু পঢ়ক: