ৰা জনীতি ৰুঢ় বাস্তৱ,— কদর্য আৰু ভয়ানক হ’ব পাৰে। কবিতাত কোমল, মসৃণ, অনুভূতিপূর্ণ, কল্পনাময় জীৱনৰ ছবি থাকিব পাৰে। বাস্তৱ অবিহনে কবিৰ কল্পনা, কল্পনা অবিহনে ৰাজনীতিকৰ বাস্তৱ কর্মক্ষেত্র অসাৰ হৈ থাকিব। মানুহে সুখ আৰু সমৃদ্ধিৰ বাবে শান্তিময় পথৰ সন্ধানত নিৰন্তৰ যাত্রা অব্যাহত ৰাখিছে। কবি আৰু ৰাজনীতিক যুগে-যুগান্তৰে তেনে অবিৰত যাত্ৰাৰ সহযাত্রী হৈ আছে। এই যাত্ৰাৰ শেষ কেতিয়া হ’ব! এই প্রশ্নৰ সমিধানৰ অপেক্ষাত আমি আতুৰ।
সমাজ আৰু ৰাষ্ট্রৰ দোলাভাৰীজন দুর্বল আৰু কুকুৰীকণা হ’লে সর্বসাধাৰণ বিহ্বল হয়, কিজানি অভাৱনীয় বিপদে উড়াল খুৱাই পেলায়! সেইকাৰণেই নেকি ‘সাতসৰী’ৰ পাতত ড° পদ্মপাণিৰ ‘মধু মাষ্টৰৰ ৰাজনীতি-প্রেম’ত এক দায়িত্বশীল গুৰিয়ালৰ অন্বেষণত জীৱনৰ ভাটি বয়সত মধু মাষ্টৰ ধাৱিত হৈছে।
চৌদিশে স্বাধীনতা, স্ব-অধিকাৰ ৰক্ষাৰ দাবীত উত্তাল ৰাজপথ; ৰক্তপাত, লুণ্ঠন, বিস্ফোৰণত আতঙ্কিত নিঃকিনজন। দুর্নীতি, ভ্ৰষ্টাচাৰৰ ৰিং মাষ্টাৰ হৈয়ো সমাজৰ আগস্থান লৈ বিভোৰ স্বপ্নদ্রষ্টা। সঁচা নে মিছা, ভুৱা নে আচল, দোষী নে নির্দোষী বিচাৰ কৰিব নােৱৰা পৰিস্থিতিয়ে সর্বসাধাৰণৰ আউল লগায়। ৰাজনীতিৰ এনে পটভূমিত ‘পাষণ্ডসকলৰ শেষ আশ্রয়স্থল’ বুলি ভাবিবলৈ বাধ্য। এনে পৰিস্থিতিত ৰাজনীতিৰ কবিতা হয় ক’ৰ পৰা? তথাপি ৰত্নাকৰ বাল্মিকী হওঁতে কবিতাৰ সৃষ্টি হৈছিল। চণ্ডাশােক ৰাজর্ষি হৈছিল। বহু ৰাজনীতিকে লিখা অমূল্য কবিতা, বহু কবিয়ে ৰাজনীতিৰ দৰ্শন জনগণৰ মাজলৈ লৈ যােৱাৰ এশ এবুৰি উদাহৰণ আছে। ৰাজনীতিৰ কঠুৱা কৰ্মৰ মাজতো কবিতাৰ দৰে কোমল সৃষ্টি হ’ব পাৰে।
কবিতা আৰু ৰাজনীতিৰ সম্পর্ক সুপ্রাচীন। মহর্ষি ব্যাসদেৱ, মহাকবি হােমাৰৰ ৰচনাত ৰাজনৈতিক ঘটনাই চিৰস্মৰণীয় ৰূপ লোৱাই নহয়, যুগান্তৰলৈ আদৰ পাইছে। অম্বিকাগিৰী ৰায়চৌধুৰী, বীৰেন্দ্ৰ কুমাৰ ভট্টাচার্য, ৰাম গগৈ, সুকান্ত ভট্টাচার্য, বিদেশৰ নেৰুডা, য়েটছ, ফ্রষ্ট আৰু অনেকজনৰ লিখনি ‘পূর্ণিমা-চাঁদ যেন ঝলসানো রুটি’*ত পৰিণত হৈছে। সাম-দাম-দণ্ড-ভেদ নীতি প্রয়ােগ কৰা জনৰ হৃদয়ো কবিৰ দৰে জেতুকা বৰণীয়া আৰু বিপ্লৱী সত্তাৰ অধিকাৰী হ’ব পাৰে। লিঙ্কন, লেনিন, নেহৰু, মাওৰ হাতত ৰাজনীতিয়ে এই পৰিপূর্ণতা লাভ কৰিছে। আমাৰ বৰুৱাদ্বয়— দেৱকান্ত আৰু হেম অমূল্য ৰত্ন।
কবি আৰু ৰাজনীতিক সমাজৰ অপৰিহার্য। ২০০০ চনৰ ১৫ চেপ্তেম্বৰ তাৰিখে আমেৰিকাৰ উপ ৰাষ্ট্রপতি আল গ’ৰে (Al Gore: Albert Arnold Gore Jr.)-ই প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ীক আপ্যায়িত কৰা ভােজমেলত ৰাষ্ট্রপতি কেনেডীৰ এই উক্তিৰ উদ্ধৃতি দিছিল— “If more politicians knew poetry, and more poets knew politics, I am convinced the world would be a little better place in which to live.” প্রধানমন্ত্রী বাজপেয়ীৰ এগৰাকী কবি হিচাপে থকা খ্যাতিৰ উপৰি দীর্ঘকাল ৰাজনৈতিক নেতা হিচাপে তেওঁ দেশ আৰু জাতিৰ সেৱা কৰাৰ সুযােগ লভিছিল। চিৰতৰুণ মুখমণ্ডলৰ অধিকাৰী ৰাষ্ট্রপতি কেনেডী (John F. Kennedy)ৰ বাবে কেৱল ৰসাস্বাদনৰ বাবেই কাব্য নহয়, কাব্য হৃদয়ৰ প্রতিপালক। ডালাচৰ ৰাজপথত আততায়ীৰ হাতত গুলীবিদ্ধ হোৱাৰ কেইদিনমান আগতে ১৯৬৩ চনৰ ২৭ অক্টোবৰ তাৰিখে মাচাচুচেটচৰ আমাহার্ট কলেজত আমেৰিকাৰ জনপ্রিয় কবি ৰবাৰ্ট ফ্রষ্টৰ স্মৃতিত আয়ােজিত সভাত তেওঁ দিয়া এক গুৰুত্বপপূর্ণ ভাষণৰ অংশবিশেষ— “When power leads man towards arrogance, poetry reminds him of his limitations. When power narrows the areas of man’s concern, poetry reminds him of the richness and diversity of his existence, when power corrupts, poetry cleanses.”
এয়াই কবিতাৰ মহত্ব। ১৯৩৬ চনত নেৰুডাৰ কবিতা Spain in my heart-এ পিকাছোৰ ছবিৰ দৰে ফেচিবাদ আৰু যুদ্ধৰ বিৰুদ্ধে জনচেতনা জাগ্রত কৰিছিল। নেৰুদা নিজেই ৰাজনীতিৰ এক জীৱন্ত কবিতা আছিল। ১৯৭৩ চনত মৃত্যুৰ ৯ দিন আগতেও তেওঁ চিলিত হােৱা ফেচিবাদী শাসনৰ অভ্যুত্থানৰ বিৰােধিতা কৰি লিখনি প্রকাশ কৰিছিল।
ৰাজনীতি জটিল। পৰিচালনাৰ দক্ষতাই সুফল দিব পাৰে। মানুহৰ মন বুজি দেশ চলাবলৈ, নির্দিষ্ট লক্ষ্যত উপনীত হ’বলৈ ৰাজনীতিত বিচক্ষণ হ’ব লাগে। কাৰণ কীর্তিচন্দ্ৰ বৰবৰুৱাই ৰংঘৰৰ বাকৰিত জনসমুদ্র দেখি স্তম্ভিত হোৱা স্বৰ্গদেউ ৰাজেশ্বৰ সিংহক প্রবোধ দিছিল এনেদৰে— “ধানটোৱে প্রতি কণটো, মানুহটোৱে প্রতি মনটো।” প্রতিজন মানুহৰ মন একে হ’ব নোৱাৰে। দমন কৰি ৰাখিবলৈ কেনে কূটনীতিৰ প্রয়োজন, বৰবৰুৱাই চাগে তাকে স্বৰ্গদেউৰ আগত কৈছিল। যোগ্যজনে বহুজনৰ সুখ আৰু হিতৰ প্রতি লক্ষ্য ৰাখি নিজৰ শাসন চলায়। সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই কর্মবীৰ নবীন চন্দ্র বৰদলৈ বৈকুণ্ঠগামী হোৱাৰ সময়ত লিখিছিল— “এৱা গাখীৰত মাখন আছে; বিয়পি থকা সেই মাখন মথি তুলি একেঠাই কৰিবলৈ এজন মথিব জনা মানুহ লাগে। লুইতত চৰা নাও উটি আছে। তালৈ ভাল গুৰিয়াল লাগে। নতুবা সেই নাও যিমানেই ওখ বা পানী নসৰকা নহওক, সি টুলুং ভুটুং।”
সিদ্ধান্ত গ্রহণ কৰি সমাধান কৰিব পৰা হ’ব লাগে। পণ্ডিত জৱাহৰলাল নেহৰুৰ বিজ্ঞান প্রীতি— ড° হােমী জাহাংগীৰ ভাবা, বিক্রম সাৰাভাইৰ দৰে বৈজ্ঞানিকৰ প্রতি চৰম বিশ্বাস আৰু সমর্থনে ভাৰতবৰ্ষৰ আণবিক শক্তি আৰু মহাকাশ বিজ্ঞানৰ কৃতকার্যতাৰ সৌধ নির্মাণ কৰাত সহায় কৰিছিল।
ভাৰতবৰ্ষৰ স্বৰাজোত্তৰ কালৰ আটাইতকৈ ডাঙৰ সমস্যা আছিল খাদ্য সংকট। জনসংখ্যা বৃদ্ধিৰ অনুপাতে খাদ্যৰ জোৰা মাৰিবলৈ আমেৰিকাৰ ওচৰত ‘ভিক্ষা’ মাগিবলগীয়া হৈছিল। বিখ্যাত PL 480-ৰ কথা সকলােৱে জানে। নেহৰুৰ মৃত্যুৰ পাছত প্রধানমন্ত্রী লাল বাহাদুৰ শাস্ত্ৰীয়ে চি সুব্রমনিয়মক খাদ্য আৰু কৃষি মন্ত্রী হিচাপে নিয়ােগ কৰিছিল। আধুনিক মনৰ অধিকাৰী, গতিশীল আৰু চতুৰ ব্যক্তি সুব্রমনিয়মে এম স্বামীনাথনৰ দৰে বিজ্ঞানী আৰু শিৱৰমনৰ দৰে আমােলাৰ সমৰ্থনত নতুন কৃষি-নীতি যুগুত কৰিছিল। ৭০৭ বােয়িঙত মেক্সিকোত পৰমান বৰল নামৰ বৈজ্ঞানিকজনে আৱিষ্কাৰ কৰা চাপৰ জাতৰ ১৬,০০০ মেট্রিক টন ঘেঁহুৰ বীজ ভাৰতবৰ্ষলৈ আনিছিল। লেৰমাৰজ’ আৰু টাইচুং ধানে কৃষি বিপ্লৱৰ সূচনা কৰিলে। প্রধানমন্ত্রী শাস্ত্রীৰ সমর্থনেৰে চি সুব্রমনিয়মৰ উদ্যমশীল নেতৃত্বই কৃষি বিপ্লৱৰ এক যুগান্তকাৰী কবিতা ৰচনা কৰিলে।
‘টেলিফোন বিলাসৰ সামগ্ৰী’ বুলি আখ্যা দি আপত্তি কৰাসকলক ইন্দিৰা গান্ধী মন্ত্রীসভাৰ যোগাযোগ মন্ত্রী চি এম ষ্টিফেনে টেলিফোন ঘূৰাই দিবলৈ কোৱা বেছি দিন নহ’ল,— আজি দেশৰ চুকে-কোণে ‘Connecting India’, ‘Connecting Peaple’-অৰ বিপ্লৱ। দূৰ সংযোগেৰে এই বৈপ্লৱিক পৰিৱৰ্তনৰ গুৰি ধৰোঁতা চাম পিট্রোডা এজন ৰাজনীতিকৰ সমর্থন আৰু পৰৱৰ্তী সময়ত মতানৈক্য হৈ ভগ্ন হৃদয়েৰে দেশৰ পৰা যাব লগা হৈছিল।
❧ | আৰু পঢ়ক: ৰাজনীতিত স্কাউণ্ড্ৰেল
ভাল-বেয়াৰ বিচাৰ, সদুপদেশ আৰু আৰু তোষামোদৰ পার্থক্য-বিচাৰে শুদ্ধ আৰু সৎ পথৰ সন্ধান দিব পাৰে। ‘ভগনীয়া ৰজা’ জয়ধ্বজ সিংহক দলৌগুৰিৰ পোহাৰীয়ে “পোন্ধৰ বছৰত পোন্ধৰ চপৰা মাটি দিয়াত” ৰজাই কিয় অৱহেলা কৰিলে, সেই প্রশ্ন উত্থাপন কৰিছিল। স্বৰ্গদেৱে পোহাৰীৰ কথাত প্রতিক্রিয়া প্রকাশ কৰিছিল আৰু কৈছিল— “যাক যাক ভাল খুৱালো পিন্ধালো, তাৰ মুখত এই কথা নাপালো, এতিয়া আপদ কালত পোহাৰীৰ মুখতহে পালো।”
এয়াই এতিয়াৰ ৰাজনীতি-কবিতাৰ প্রতিপাদ্য।
*১. সুকান্ত ভট্টাচাৰ্য (১৯২৬-১৯৪৭)ৰ কবিতাৰ শাৰী [হে মহাজীবন, আর এ কাব্য নয় এবার কঠিন, কঠোর গদ্যে আনো, পদ-লালিত্য-ঝঙ্কার মুছে যাক, গদ্যের কড়া হাতুড়িকে আজ হানো। প্রয়োজন নেই, কবিতার স্নিগ্ধতা, কবিতা তোমায় দিলাম আজকে ছুটি ক্ষুধার রাজ্যে পৃথিবী-গদ্যময়: পূর্ণিমা-চাঁদ যেন ঝলসানো রুটি।]