পানী পালে সকলো সুখী হয়
সেউজীয়া, ৰঙা আৰু শুকুলা
আশাৰ বালিঘৰ সাজি
নৈপাৰৰ মানুহবোৰে ৰঙীন সপোন ৰচে
দুচকুৰে সোণালী পানী দেখা
নৈপাৰৰ মানুহবোৰ সুখী নহ’লেও
কোনো দিন অসুখী নহয়
পানী আৰু মাটিৰ সংগমস্থলত
মানুহবোৰ উৰ্বৰা হয়
হৃদয়ৰ পৰা হৃদয়লৈ বৈ থাকে
এখন ঘন নীলা নৈ
পলসে কবৰ দিয়া
নৈপাৰৰ মানুহবোৰৰ বুকুত
গাভৰু হয় আপোনমনা আকাশ
নৈপাৰৰ মানুহবোৰে হাঁহিব জানে
নৈপাৰৰ মানুহবোৰে কান্দিব জানে
নৈপাৰৰ বতাহজাকৰ সৈতে
উমলিব জানে
নৱবৰ্ষক আদৰিব জানে
নৈপাৰৰ মানুহবোৰে।
❧ | অধিক কবিতা:
HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক