মাধৱৰ পৰা শ্ৰীমাধৱদেৱ

মাধৱৰ পৰা শ্ৰীমাধৱদেৱ
  • 30 Aug, 2018

“য় থা তৰুমূল নিষেচনেন।
তৃপ্যন্তি তৎস্কন্ধ ভূজোপশাখাঃ॥
প্ৰাণোপহাৰাচ্চ য়থেন্দ্ৰিয়ানং।
তথাচ সৰ্ব্বাৰ্চ্চনমুচ্যতেভ্যঃ॥”

অৰ্থাৎ—
“বৃক্ষৰ মূলত যেন দিলে আনি জল।
হোৱয় তৃপিতি তাৰ পত্ৰ পুষ্প ফল॥
ডালে পাতে সিঞ্চে যদি মূলত নেদয়।
কদাচিতো ডালে পাতে তৃপিতি নহয়॥
ক্ষুধাতুৰ নৰে যদি অন্নক ভূঞ্জয়।
তৃপিতি হোৱন্ত ইন্দ্ৰিয় আতিশয়॥
ভোজন বিহীনে পিন্ধে বস্ত্ৰ অলঙ্কাৰ।
ইন্দ্ৰিয়ৰ কিছু প্ৰীতি নহয় তাহাৰ॥
কৃষ্ণক পূজিলে সমস্তৰে পূজা হয়।
পৃথকে পূজিলে পূজা কেহোঁ নলৱয়॥”

পূজাত বলি দিবৰ বাবে শাক্ত মাধৱক ভনী জোঁৱায়েক ৰামদাসে ছাগ আনি নিদিয়াত মাধৱে এদিন খং কৰি ক’লে— “হোকোঁৰাকুচীয়াৰ পো বুদ্ধিত পাগল! কিয় আনি নিদিয়া মোক পূজাৰ ছাগল?”

বৈনায়েকেও উত্তৰত খঙেৰেই ক’লে— “আমাৰ আগত দেখুৱাহা বৰ চোট। শঙ্কৰক লাগ পাইলে হৈবা লোটসোট॥”… “জীৱ হত্যা কৰি অন্য দেৱক পূজি বিনাশী স্বৰ্গ লাভ কৰি আকৌ নৰক ভূঞ্জিব লাগিব।”

বৈনায়েকৰ এই উত্তৰ শুনি মাধৱে তেওঁক সুধিলে— “এই কথা তুমি ক’ত পালা? ইমান দিনে মই ইমানবোৰ শাস্ত্ৰ পঢ়িলোঁ, তাত দেখোন এই ব্যৱস্থা আছে।” বৈনায়েকে ক’লে— “মোৰে সৈতে আৰু দ্বন্দ্ব কৰিবৰ সকাম নাই, শঙ্কৰৰ ওচৰত ইয়াৰ ভাল-মন্দৰ ব্যৱস্থা পাবা।” মাধৱেও বোলে— “ব’লা, উঠা, তেওঁৰ ওচৰলৈ যাওঁ, কেনেকৈনো মোক তৰ্কত ভঙ্গায় চাওঁ।” পাছদিনা পুৱাই দুয়োজন শঙ্কৰদেৱৰ ওচৰ পালেগৈ।

“দীঘল পুৰিয়া গিৰী যাহাক কহয়।
মাধৱ নামত ইটো তাহান তনয়॥
শঙ্কৰে বোলন্ত কিনো আনন্দ লভিলো।
মনু বাইৰ পুত্ৰ ইটো সাক্ষাততে পাইলো॥
হাসিয়া বোলন্ত বাপু কেনে দেৱী পূজা।
গতাগত সুখ-দুখ সংসাৰত মজা॥
শুনিও মাধৱে প্ৰবৃত্তিৰ কথা আনি।
তাৰ শ্লোক ছয় নানা প্ৰকাৰে বখানি॥
নিবৃত্তিৰ শাস্ত্ৰগুৰু আনি প্ৰকাশিলা।
প্ৰবৃত্তিৰ শাস্ত্ৰমানে গাৱন্তে খণ্ডিলা॥
দুই হন্তে কহন্ত শাস্ত্ৰ দুই হন্তে খণ্ডান্তি।
দুইজন কথা দুইজনে নমানন্তি॥
প্ৰভাতৰ পৰা তিনি পৰ বেলা গৈল।
দুই হান্তৰ কথা ভঙ্গ তথাপি নভৈল॥
আত অনন্তৰে পাছে শ্ৰীমন্ত শঙ্কৰ।
তৰূমূল শ্লোক গুটি শ্ৰীভাগৱতৰ॥
পঢ়িয়া ব্যাোখান যেন কৰিলা তহিত।
শুনিয়া মাধৱ দেৱ ভেলা আচৰিত॥”

শ্লোকটো শুনা মাত্ৰকে মাধৱে শঙ্কৰৰ শুদ্ধ মত ইয়াকে সাৰোগত কৰি, কেৱল এক মাত্ৰ কৃষ্ণদেৱহে উপাস্য দেৱতা, ইয়াকে মনত কৰি শঙ্কৰদেৱক গুৰু সেৱা কৰিলে।

“এবে বাদে ভঙ্গ দিয়া চৰণে সেৱিলো।
নিজ গুৰু বুলি আমি শৰণ পশিলো॥
শুনিদেৱ শ্ৰীশঙ্কৰ তুষ্ট হুয়া মন।
মাধৱক আশ্বসিয়া বুলিলা বচন॥
চলিয়ো মাধৱ ৰামদাস সঙ্গ কৰি।
কালি প্ৰভাততে পুনু আসিবা সত্তাৰি॥
শুনিয়া মাধৱ দেৱ মহাৰঙ্গ কৰি।
গৃহক লৰিলা শঙ্কৰক সেৱা কৰি॥
পৰদিনা প্ৰভাততে হুয়া সঞ্জমন।
পূজাৰ দ্ৰব্যক কৰি কৃষ্ণক অৰ্পণ॥
আগে কিছুমান দ্ৰব্যয় শঙ্কৰক দিয়া।
কাহাক অৰ্পিয়া আছা কোৱা প্ৰকাশিয়া॥”

❧। আৰু পঢ়ক: পাৰ ভাঙি দিলা

মাধৱ— শ্ৰীমাধৱদেৱ হ’ল। মাধৱদেৱে পৰম ভক্তিভাৱে তেওঁৰ গুৰু শঙ্কৰদেৱৰ সেৱা-শুশ্ৰূষা কৰি ভাগৱতী ধৰ্ম প্ৰচাৰত শঙ্কৰদেৱৰ পৰম সহায়ক হ’ল। শঙ্কৰদেৱে মাধৱদেৱক লাভ কৰি পৰম প্ৰেমত আপ্লুত হৈ ক’লে— “বঢ়াৰ পো, তোমাক পাই মই সম্পূৰ্ণ হ’লোঁ।”

দীননাথ বেজবৰুৱাৰ ‘বৰ চৰিত’ আৰু সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ‘মহাপুৰুষ শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ’ গ্ৰন্থৰ আধাৰত।

Follow Nilacharai on Facebook
মাধৱৰ পৰা শ্ৰীমাধৱদেৱ | ৰূপজ্যোতি গোস্বামী

Follow Nilacharai on Facebook