যি কোনো বস্তুৱেই বেছি কটকটীয়াকৈ বান্ধি আটিল কৰিব বিচাৰিলে বান্ধোনৰ শিকলিডাল অকস্মাতে ছিগি টুকুৰা-টুকুৰ হৈ যোৱাৰ সম্ভাৱনাই প্ৰবল। প্ৰেমনাথৰ সংসাৰৰ জৰীডালো বোধহয় এনে আটিল বান্ধোনৰ বাবে কেতিয়াবাই বিচ্ছিন্ন হৈছিল। নপমুৱাৰ নামঘৰটোৰ কাষতে এসময়ত অঞ্চলটোতে খ্যাতি থকা উদয়ন সংঘৰ বিজয় লাইব্ৰেৰীৰ কোঠাটোৱেই এতিয়া তেওঁৰ বাবে নিগাজি আশ্ৰয়। এই আশ্ৰয়স্থল নোপোৱা হ’লে জগতৰ অন্য কোনো ঠাইত প্ৰেমনাথে মূৰ গুজিব পাৰিলেহেঁতেন নে,— এই কথাটোৰ কোনো উত্তৰ তেওঁৰ ওচৰত নাই।

নামঘৰৰ উত্তৰ সীমাত থকা বিশাল পুখুৰীটোৰ খহনীয়াই নামঘৰৰ ভেটি স্পৰ্শ কৰোঁ কৰোঁ। কপিলীৰ খহনীয়াই জীৱনৰ শেষ সম্বল জুপুৰিটো নিয়াৰ পাছত প্ৰেমনাথেও কমখন জীৱনৰ খহনীয়াৰ লগত যুঁজি আছেনে? খহনীয়াৰ আগজাননী প্ৰেমনাথে জানে, জীৱনলৈ আৰু খহনীয়া আহিব নে নাহে, সেইটোহে নাজানে। প্ৰেমনাথে প্ৰতি সন্ধ্যা চাকি গছ জ্বলাওঁতে নামঘৰটো যাতে খহনীয়াত নপৰে, তাৰেই প্ৰাৰ্থনা কৰে। আজিকালি এনেবোৰ কথা তেওঁ বৰ বেছিকৈ ভবা হৈছে। হয়, প্ৰেমনাথে পৃথিৱীখন দেখা নাই, অসমখনৰো তেওঁ দেখা ঠাইবোৰ আঙুলি মূৰত লিখিব পৰা, অথচ তেওঁ দেখিছে এইখন অসমৰে বহু তথাকথিত উচ্চ সমাজক খহনীয়াই কাললৈ নিশ্চিহ্ন কৰি দিছে।

অলপ আগতে মচি যোৱা নামঘৰৰ কেঁচা মজিয়াত ভৰিৰ পতাৰ চাপ নপৰক বুলি খুপি খুপি খোজ দি তামোলৰ বঁটাটো আৰু ঠগাখন লৈ প্ৰেমনাথ ওলাই আহিল। নামঘৰ পৰিচালনা সমিতিৰ সভাপতি কেশৱ শইকীয়া আৰু সম্পাদক ফণীধৰ কলিতা ইতিমধ্যে আহি পুৰণা মিটিঙৰ বহুবোৰ উকা চহীৰ ঠাই প্ৰয়োজন বশতঃ সোঁহাত-বাঁওহাত কৰি পূৰ কৰাত ব্যস্ত। সভালৈ আগতীয়াকৈ অহা দুই-এজন কলিতাৰ ঘনিষ্ঠইও সৌভাগ্যৰ বলত বহুবাৰ কলিতাৰ গাতে গা লগাই বহি আঙুলিৰ টিপ দিয়াৰ গৌৰৱ লাভ কৰিছে। এইবোৰ প্ৰেমনাথে আজি পাঁচ বছৰ চাৰি মাহ ধৰি দেখি অহা কথা। অৱশ্যে তেওঁ কোনো ঠাইত চহী কৰিবলৈ বা সভাৰ এচুকত বহি সমজুৱাৰ দুআষাৰ শিতানতো থিয় হ’বলৈ সুবিধা পোৱা নাই।

: ‘বিষয়টো পুলিতে মোহাৰি পেলোৱাই মঙ্গল। আজি যদি কেনেবাকৈ ৰাইজে অনুমতি দিয়ে তেন্তে অদূৰ ভৱিষ্যতে সমাজ বেয়াৰ ফালে ঢাল খাব। ব্ৰয়লাৰ ফাৰ্ম নামঘৰৰ ভূমিত কেতিয়াও স্থাপন হ’ব নোৱাৰে।’ কথাষাৰ কেৱল সভাপতিৰ উদ্দেশ্যি কৈ কলিতাই তামোল টুকুৰা মুখত ভৰালে। কলিতাৰ কথাত মণিৰামহঁতে চকু মুদি হয় হয় ক’বলৈ সাজু।

লাহে লাহে উদয়ন যুৱক সংঘৰ প্ৰায় সকলো সদস্য নামঘৰৰ প্ৰাংগণত উপস্থিত হ’ল। পুতুল, যাদৱহঁত কেতিয়াবাই নিজৰ মত সজোৰে প্ৰতিপন্ন হওক বুলি নামঘৰৰ বাটচ’ৰাতেই নিজৰ মতামতবোৰ যুঁকিয়াই লৈছে। তেওঁলোকৰ দাবী— যিহেতু নিজাকৈ কিবা এটা ডাঙৰ পৰিকল্পনা কৰি ব্যৱসায় কৰাৰ কাৰো সক্ষমতা নাই, সেয়ে সমবায়কৈ ৰাইজৰ দখলত থকা প্ৰায় চৈধ্য বিঘা ভূমিৰ মাছ পোহা পুখুৰীটোৰ পাৰতে এখন হাঁহৰ আৰু এখন ব্ৰইলাৰ মুৰ্গীৰ ফাৰ্ম খুলিব আৰু সংঘই তাৰ বিনিময়ত ৰাইজলৈ নিৰ্দিষ্ট পৰিমাণৰ ধন আদায় দিব। আচলতে এই প্ৰস্তাৱ দাঙি ধৰিছিল হৰই। নামঘৰলৈ সোমাই অহা তিনিআলিৰ বকুলজোপাৰ কাষতে মৰি যোৱা তামোল দুজোপা ফালি ডেকা চাংখন সাজি লোৱা আজি তিনি বছৰ পাৰ হ’ল। দিনত তাচ খেলৰ আড্ডা আৰু সন্ধিয়া লুকাই-চুৰকৈ পিলিঙা দুটামানে কৰা মদৰ আড্ডাৰ বাদে কিবা সজ কামত চাংখন লগা কথা সহজে কাৰো মনত নপৰে। হঠাৎ পৰহি অহা হৰৰ প্ৰস্তাৱটোৰ বাবেই যেন এই চাংখনে ন ৰূপ পাইছে। এইকেইদিন চাংখনত চলিছে নপমুৱাৰ উন্নয়নৰ কথা।

নামঘৰৰ নামত থকা চৈধ্য বিঘাৰ বৃহৎ পুখুৰীটোৰ বাবে নামঘৰৰ যিমান উন্নয়ন হৈছে, তাতোকৈ বেছি উন্নয়নৰ মুখ দেখি আহিছে কলিতাহঁতে। টিনপাটকেইচলা সলোৱা আৰু গম্বুজটোৰ কিছু মেৰামতিৰ বাদে আজি বহু বছৰ ধৰি নামঘৰটোৰ কোনো বিশেষ পৰিৱৰ্তন হোৱা দেখা নগ’ল। আৰু লাইব্ৰেৰীৰ? এসময়ত গৱেষণাৰ বাবে নাম থকা পুথিভঁৰালটোৰ পৰা কিতাপ দুখন লৈ বহু দূৰ-দূৰণিৰ পৰা, বিশ্ববিদ্যালয়ৰ পৰা পঢ়িবলৈ অহা গৱেষকসকল অন্তৰ্ধান হ’ল। অন্তৰ্ধান হ’ল বহু মূল্যবান কিতাপ। যিকেইখনে অলপ হ’লেও আলমিৰাকেইটা গধুৰ কৰি ৰাখিছিল, আলমিৰাৰ লগতে কিতাপতো উঁই লগাত বাহিৰ কৰি দিয়া হ’ল। বেছ মুকলি এটা কোঠালৈ বিজয় লাইব্ৰেৰী ৰূপান্তৰিত হ’ল। ওলমি থাকিল কেৱল এটা নামফলক, এখন ডাঙৰ টেবুল আৰু দুখনমান কাঠৰ চকী, যি কেইপদ সামগ্ৰী নামঘৰৰ ভাওনা উৎসৱত খনিকৰে ভাৱৰীয়াক ৰংসনা কামত ব্যৱহৃত হৈ আহিছে। বিপৰীতে কলিতাৰ ঘৰত পদূলিলৈকে টাইলচ লাগিল, শইকীয়াৰ দুজনী ছোৱালীৰ চকুত লগা বিয়া দুখন উঠি গ’ল। এয়া প্ৰেমনাথ এইখন গাঁৱলৈ অহাৰে পৰা দেখি থকা কথা।

এজন এজনকৈ বাটচ’ৰা পাৰ হৈ নামঘৰৰ মূধাফুটা সকলেৰে মজিয়াৰ আসন পূৰ্ণ হৈ পৰিল। পক্ষ দুটা। এটাৰ দাবী— কোনো ধৰণৰ ৰাজনৈতিক নেতাৰ প্ৰলোভনেৰে নামঘৰৰ পুখুৰী হাচিমৰ বাদে বেলেগক ভাৰালৈ দিয়া নহ’ব। আৰু আনটো পক্ষৰ দাবী— কেৱল মুষ্টিমেয় দুজনমানৰ লাভালাভৰ বাবে ডাক বন্ধ ৰখা পুখুৰীৰ পুনৰ এইবাৰ ৰাজহুৱা ডাক হ’ব লাগে। কেণাটো তাতেই। হৰৰ লগৰীয়া যাদৱ ৰাজনৈতিকভাৱে হাত দীঘল ল’ৰা। স্থানীয় বিধায়কৰ ঘৰৰ ল’ৰা। বিভিন্ন চৰকাৰী আঁচনিৰে কেনেকৈ সমবায় কৰি ধন ঘটিব পাৰি, তাৰ পথ সি জানে। দুবছৰৰ পাছত যদি এই সমবায়ে লাভৰ মুখ দেখুৱায়, তেন্তে পঞ্চায়ত প্ৰতিনিধিৰ নিৰ্বাচন খেলা তাৰ এটা পূৰ্ণ সম্ভাৱনা সন্মুখত ৰৈ আছে। সেয়ে হৰৰ জৰিয়তে তাৰ মনৰ কথাবোৰ ৰাইজলৈ ঠেলি দি সি আলেখলেখ চাই আছে। মুঠতে এটা পুখুৰীৰ বছৰি আয়ৰ ওপৰতে ক্ৰমাৎ দিঠকৰ আশা লৈ আগবাঢ়ি আছে কেইবাটাও ব্যক্তিগত সপোন।

তীব্ৰ বাকযুদ্ধৰ অন্তত ইতিহাস সলনি কৰি নামঘৰৰ পুখুৰীৰ পুনৰ ৰাজহুৱা ডাক ব্যৱস্থা আৰম্ভ হ’ল। ঠিক কৰা হ’ল অহা চ’ত মাহৰ প্ৰথম দেওবাৰে বিয়লি বেলা পুখুৰী ডাকত দিয়া হ’ব। ডাকৰ সমানুপাতিকভাৱে আজি সাত-আঠ বছৰে অপৰিৱৰ্তিত থকা নামঘৰ উন্নয়ন সমিতিখনো নতুনকৈ গঠন হ’ব। কথা থাকিল, সেইদিনাই বিগত বৰ্ষবোৰৰ সমূহ আৰ্থিক হিচাপ সমিতিয়ে দাখিল কৰিবই লাগিব। অন্যথা মন্ত্ৰী-আমোলাৰ লগতে ডিচি-এছপিৰ হস্তক্ষেপৰ গুণগুণনিও সমজুৱা ডেকাৰ মাজৰ পৰা শুনা গ’ল। যদি সেইদিনাই নতুন সমিতি গঠন হয়, সমূহ নথি-পত্ৰ নতুন সমিতিক গতাই দিব লাগিব। বাটচ’ৰাৰ এচুকতে খনীয়া কঠখনত জুপুকা মাৰি বহি সকলো কথা শুনি থাকিল প্ৰেমনাথে।

এক কথাত সমিতি সলনি হোৱাটোৱেই গাঁৱৰ সকলোৱে মনে-প্ৰাণে বিচাৰিছিল যদিও নামঘৰৰ সভাপতিৰ লগতে গাঁওখনৰ গাঁওবুঢ়া পদত থকা শইকীয়াৰ বিপক্ষে সাধাৰণতে চকুত পৰাকৈ কোনো যাব বিচৰা নাছিল। লাগ বুলিলেই আজিকালি যিকোনো সৰু-সুৰা কামতে গাঁওবুঢ়াৰ প্ৰমাণ পত্ৰ এখন লাগে। এই হৰহঁতেহে গোটেই সমীকৰণটো সলাই পেলালে। উন্নয়ন এতিয়া বতাহত উৰি ফুৰা এটা শব্দ। এহাতে যদি পুৰণি নথি-পত্ৰ বিচাৰি সাত-আঠ বছৰৰ হিচাপ মিলাব নোৱাৰি কোনোবা হাইৰান হৈছে, আন কোনোবাই গাঁৱৰ ৰূপ সলনি হ’ব, ডাঙৰ ৰিজ’ৰ্ট হ’ব, মানুহৰ সোঁত ব’ব ইত্যাদি কথাৰে গঞাৰ মন মোহাত ব্যস্ত।

প্ৰেমনাথৰ জীৱন বৃত্তটোৱে যেন পুনৰাবৃত্তি আৰম্ভ কৰিছে। বয়সে তেওঁক পৰিপক্ব কৰি তুলিছে। ব্ৰয়লাৰ ফাৰ্মৰ নামত পুখুৰীৰ পাৰত কি কি কৰ্ম সংঘটিত হ’ব, তেওঁ পূৰ্বানুমান কৰিয়ে পেলাইছে। দুদিন পাছত ফাৰ্ম, ৰিজ’ৰ্ট এইবোৰৰ কেৱল নামটো ৰ’বগৈ। বিয়াগোম নেতা-পালিনেতাৰ ছত্ৰছায়াত পুলিচ-প্ৰশাসনেও নোম লৰাব নোৱৰাকৈ এইবোৰ হয়তো মদৰ ভাটি আৰু অনৈতিক ক্ৰিয়াকলাপৰ স্থানত পৰিণত হ’ব। খহনীয়া এনেকৈয়ে আহিব— গম নোপোৱাকৈ।

: ‘কাগজ পাতিবোৰ ঠিক হৈছেগৈনে?’ সভাপতি শইকীয়াৰ আকস্মিক প্ৰৱেশত লাইব্ৰেৰীৰ কোঠা সচকিত হৈ উঠিল। দৰাচলতে লাইব্ৰেৰীৰ কোঠাত বহি সাত-আঠ বছৰৰ কাগজ-পাতি সোঁহাত-বাঁওহাত কৰি মিলোৱাটো কেৱল কলিতাই মণিৰামক কৈছিল। কথাতে কয়, চোৰৰ মন পুলিচ পুলিচ! ইফালে আজি শনিবাৰ পালেহি। সেয়ে শইকীয়াৰ এই অনাকাংখিত প্ৰৱেশ। প্ৰেমনাথৰ দায়িত্ব— আদা দিয়া চাহ তিনিকাপ বনোৱা।

: ‘শেষ উপায় এটাই।’ ফুচফুচাই বুদ্ধিৰ অন্তিম মোহৰটো অৱশ্যে শইকীয়াই মাৰিলে। চাহ খাই হিচাপ নিমিলা বহী দুখন টেবুলৰ ওপৰতে থৈ তিনিও বাট বুলিলে।

প্ৰেমনাথ খহনীয়াত অভ্যস্ত। নিশা কি ঘটিব, কেইমুহূৰ্তমানৰ পাছতে মণিৰামে কি ঘটনা ঘটাবলৈ আহিব, তেওঁ বাহিৰৰ পৰাই শুনিছে। কেৱল নাজানে ইয়াৰ পৰিণতি। মণিৰামহঁতৰ নিচিনা মানুহৰ দোষ ক’ত? কেৱল অশিক্ষিত? নহয়। ইহঁতে নুবুজে নিজৰ বিবেকৰ কথা, পঢ়িব নোৱাৰে ভৱিষ্যৎ। কেৱল ঢৌত উঠি উটি ভাহি যোৱা প্ৰকৃতি।

হাতত কেৰাচিন তেলৰ একুৰা জুই লৈ পুৱতি নিশা মণিৰাম বিজয় লাইব্ৰেৰীৰ সন্মুখত থিয় হ’ল। ঠিক, প্ৰেমনাথে ঠিকেই দেখিছে। সৌৱা তাৰ সন্মুখতে! কিবা এটা সি কৰিবইতো লাগিব। মুহূৰ্ততে নাইকিয়া হৈ যাব এই লাইব্ৰেৰী। নাথাকিব ইয়াৰ কোনো অস্তিত্ব, নাথাকিব সাত-আঠ বছৰৰ মেটমৰা হিচাপ, যিবোৰ কালিলৈ দাখিল কৰিব লগা আছিল! এটা লাইব্ৰেৰীৰ মৃত্যু হ’ব। কিন্তু প্ৰেমনাথৰ দোষ ক’ত? সি নিজক এই জুইত আহূতি দিব? কাইলৈ সমাজত ওলাব,— তাৰ ভুলৰ বাবেই এই লাইব্ৰেৰীৰ অকাল মৃত্যু হ’ল। সকলোৱে কেৱল তাক গৰিহণা দিব।

img

দপদপাই বিজয় লাইব্ৰেৰী জ্বলি উঠিল। চৌদিশে কেৱল ধোঁৱা। পুৱালৈ থাকিল কেৱল ছাই।

আৰু নামঘৰৰ বৃহৎ চৈধ্য বিঘাৰ পুখুৰীৰ পাৰত মানুহে এটা মৃতদেহ দেখা পালে— খহনীয়া ৰোধৰ অন্তিম প্ৰচেষ্টাৰেই যেন পুখুৰীৰ পাৰত ফ্ৰিজ হৈ পৰি আছে প্ৰেমনাথৰ অৰ্ধদগ্ধ মৃতদেহ!

❧ | অধিক গল্প:

খহনীয়া | দ্বীপজ্যোতি বৰা

Follow Nilacharai on Facebook