অকণমানি সেউজ দৈত্য

অকণমানি সেউজ দৈত্য
  • 13 Jun, 2023

মূল: হাৰুকি মুৰাকামি
ইংৰাজী অনুবাদ: জে ৰুবিন | অসমীয়া অনুবাদ: প্ৰকল্প ৰঞ্জন ভাগৱতী

ন দিনাৰ নিচিনাকৈ মোৰ স্বামী কামলৈ গ’ল, আৰু মই কি কৰোঁ একোৱেই ভাবিব পৰা নাই। মই খিৰিকীখনৰ কাষত চকীখনত অকলশৰে বহিলো, পৰ্দাৰ ফাঁকেৰে বাগিচাখনলৈ ৰ লাগি চালো। বাগিচাখনলৈ ৰ লাগি চোৱাৰ মোৰ তেনে কোনো কাৰণ নাছিল। আচলতে মোৰ কৰিবলৈ একো কাম নাছিল। আৰু মই ভাবিছিলো যে তেনেকৈ বহি চাই থাকিলে, সোনকালেই হওক বা দেৰিকৈয়ে হওক, মই কিবা অলপ ভাবিব পাৰিম। বাগিচাখনৰ সকলোবোৰ বস্তুৰ ভিতৰত মই লক্ষ্য কৰা এটা বস্তু আছিল ওক গছজোপা। এইজোপা আছিল মোৰ বিশেষ প্ৰিয়। মই এজনী সৰু ছোৱালী হৈ থাকোঁতে এইজোপা ৰুইছিলো আৰু ইয়াক বাঢ়ি অহা দেখিছোঁ। মই ইয়াক মোৰ এজন পুৰণি বন্ধু বুলি ভাবিছিলো। ইয়াৰ সৈতে সকলো সময়তে মই মনতে কথা পাতিছিলো।

সেই দিনাও মই বোধহয় ওক গছজোপাৰ সৈতে কথা পাতিছিলো— কি বিষয়ে পাতিছিলো মনত নাই। আৰু কিমান সময় তাত বহি মই আছিলো তাকো নাজানো। বাগিচাখনলৈ চাই থাকোঁতেই সময়বোৰ পাৰ হৈ গৈছিল। মোৰ অজ্ঞাতেই সন্ধ্যা নামিছিল: মই তাত বহু সময় ধৰি বহি আছিলো কিজানি। তাৰপাছত, হঠাতে, মই এটা শব্দ শুনিবলৈ পালো। ই দূৰৰ ক’ৰবাৰপৰা আহিছে— এক অদ্ভুত, অস্পষ্ট, হেঁচা খোৱা ধৰণৰ শব্দ। প্ৰথমে মই ভাবিছিলো ই মোৰ ভিতৰৰ গভীৰৰ কোনো এঠাইৰপৰা আহিছে। মই উশাহ বন্ধ ৰাখিলো আৰু শুনিলো। হয়। এই বিষয়ে কোনো সন্দেহ নাই। অলপ অলপকৈ শব্দটো মোৰ কাষ চাপি আহিল। কি এইটো? মোৰ কোনো ধাৰণা নাই। কিন্তু ই মোৰ শৰীৰত শিহৰণ তুলিলে।

green-monster

গছজোপাৰ গুৰিৰ ওচৰৰ মাটি ওপৰলৈ ওফন্দি উঠিবলৈ ধৰিলে, যেন কিবা ডাঠ, গধুৰ জুলীয়া বস্তু সমতললৈ উঠিহে আহিব। আকৌ মই উশাহ বন্ধ ৰাখিলো। তাৰপাছত মাটিত ফাট মেলে আৰু মাটি ফালি ওলাই আহে এযোৰ ধাৰাল হাতোৰা। মোৰ দৃষ্টি তাত থৰ লাগিল আৰু মোৰ হাত দুখন দৃঢ় মুঠিত পৰিণত হ’ল। কিবা এটা ঘটিবলৈ গৈ আছে,— মই নিজকে ক’লো। সেয়া আৰম্ভ হ’ল। হাতোৰাযোৰে মাটিত টানকৈ আঁচুৰি ধৰিলে আৰু সোনকালেই মাটিৰ ফাটটোত এটা গাঁত হ’ল, য’ৰপৰা বগুৱা বাই এটা অকণমানি সেউজ দৈত্য ওলাই আহিল।

তাৰ শৰীৰটো চিকচিকীয়া সেউজ বাকলিৰে আৱৰা। গাঁতটোৰপৰা ওলোৱাৰ লগে-লগে সি মাটিৰ শেষ কণাটো সৰি নপৰালৈকে তাৰ গাটো জোঁকাৰি থাকিল। তাৰ এটা দীঘল, অদ্ভুত নাক আছিল। নাকৰ জোঙা অংশটোলৈ সেউজীয়া ৰংটো ক্ৰমাৎ গাঢ় হৈ পৰিছিল। নাকৰ আগটো ঠেক আৰু চাবুকৰ নিচিনা জোঙা, কিন্তু জন্তুটোৰ চকুযুৰি সাইলাখ মানুহৰ নিচিনা আছিল। তাৰ চাৱনিত মোৰ গা জিকাৰ খাই উঠিল। তাৰ চাৱনিত অনুভূতি আছিল, আপোনাৰ মোৰ চকুৰ নিচিনা অনুভূতি।

নিঃসংকোচে, কিন্তু ধীৰ-স্থিৰকৈ দৈত্যটো মোৰ সমুখৰ দুৱাৰখনত উপস্থিত হৈ তাৰ নাকৰ আগটোৰে টোকৰ মাৰিলে। খহটা, তীক্ষ্ণ শব্দটো গোটেই ঘৰটোতে প্ৰতিধ্বনিত হ’ল। মই সন্তৰ্পণে পিছফালৰ কোঠাটোলৈ গ’লো, আশা কৰিলো যাতে জন্তুটোৱে মই তাত আছোঁ বুলি গম নাপায়। মই চিঞৰিব নোৱাৰিম। ঠাইখনত আমাৰটোৱেই একমাত্ৰ ঘৰ আৰু মোৰ স্বামী ৰাতি নোহোৱালৈকে কামৰপৰা উভতি আহিব নোৱাৰে। মই পিছদুৱাৰেদি দৌৰিও পলাব নোৱাৰিম, কিয়নো মোৰ ঘৰত এখনেই দুৱাৰ আছে, য’ত এতিয়া এটা ভয়ানক সেউজ দৈত্যই টোকৰ মাৰিছে। মই যিমান পাৰি সিমান শান্তভাৱে উশাহ ল’লো, যেন মই ইয়াত নাই বুলি ভাবি জীৱটো হতাশ হৈ আঁতৰি যায়। কিন্তু সি হতাশ নহ’ল। তাৰ নাকটোৱে টুকুৰিয়াবলৈ এৰি তলাটো খেপিয়াবলৈ ধৰিলে। ভাব হ’ল, তলাটো খোলাত কোনো কষ্ট নকৰাকৈয়ে সি সফল হ’ল আৰু তাৰপাছত এটা শব্দ কৰি দুৱাৰখন নিজে-নিজে খুলি গ’ল। দুৱাৰখনৰ বাহিৰৰপৰাই নাকটো লাহে-লাহে আগুৱাই দিলে আৰু তাৰপাছত ৰৈ গ’ল। বহু সময় ধৰি সি স্থিৰ হৈ থাকিল, এডাল সাপৰ নিচিনাকৈ মূৰটো দাঙি ঘৰটোৰ পৰিস্থিতিৰ বুজ লৈ থাকিল। এনেকুৱা হ’ব বুলি জনাহেঁতেন, মই দুৱাৰখনৰ কাষত ৰৈ থাকিলোহেঁতেন আৰু নাকটো কাটি পেলালোহেঁতেন। মই নিজকে ক’লোঁ: পাকঘৰত ভালেকেইখন চোকা কটাৰী আছিল। চিন্তাটো মোৰ মূৰলৈ অহাৰ লগে-লগে প্ৰাণীটো দুৱাৰ পাৰ হ’ল, হাঁহিলে, যেন সি মোৰ মনৰ কথাহে বুজিলে। তাৰপাছত সি কথা ক’লে, খোকোজা নলগাকৈ, কিন্তু কেতবোৰ নিৰ্দিষ্ট শব্দ পুনৰুক্তি কৰি, যেন সি এতিয়াও সেইবোৰ শিকিহে আছে। ‘ই আপোনাৰ একো ভাল, একো ভাল নকৰে’, অকণমানি সেউজ দৈত্যটোৱে ক’লে, ‘মোৰ নাক জেঠীৰ নেজ এডালৰ নিচিনা। ই সদায় পিছলৈ বাঢ়ে— শক্তিশালী আৰু দীঘল, শক্তিশালী আৰু দীঘল। আপুনি যি বিচাৰে, যি বিচাৰে, তাৰ বিপৰীতটো আপুনি পাইছে।’ তাৰপাছত সি বহু সময় তাৰ চকুযোৰ লাটুমৰ নিচিনাকৈ ঘূৰাবলৈ ধৰিলে।

অ’ নহয়,— মই মনতে ভাবিলোঁ, ই মানুহৰ মনবোৰ পঢ়িব পাৰে নে? মই কি ভাবিছোঁ সেই কথা গম পোৱা যিকোনো লোককে মই ঘিণ কৰোঁ— বিশেষকৈ সেইজন যদি এই বীভৎস আৰু ৰহস্যময় অকণমান প্ৰাণীটোৰ নিচিনা কোনোবা হয়। মোৰ মূৰৰপৰা ভৰিলৈ শীতল ঘাম বিৰিঙিবলৈ ধৰিলে। এই বস্তুটোৱে মোক এতিয়া কি কৰিব? মোক খাব? মাটিৰ তললৈ মোক লৈ যাব? অ’, ভাল, অন্ততঃ ই ইমান আপচু নহয় যে তালৈ মই চাব নোৱাৰিম। ভাল হৈছে। তাৰ সেউজ বাকলিৰ শৰীৰত লিকলিকিয়া ৰঙচুৱা হাত আৰু ভৰি আৰু তাৰ হাত-ভৰিকেইটাৰ আগত দীঘল নখ। সেইবোৰ প্ৰায় মৰমলগা আছিল, বেছিকৈ মই সেইবোৰকে চাইছিলো। আৰু মই এই কথাও লক্ষ্য কৰিব পাৰোঁ যে প্ৰাণীটো মোৰ বাবে ক্ষতিকৰ নহয়।

‘অৱশ্যেই নহয়’, মূৰটো তুলি সি মোক ক’লে। সি যেতিয়া লৰচৰ কৰে তাৰ গাৰ বাকলিবোৰে ইটোৱে আনটোত লাগি শব্দ কৰে— কফি কাপেৰে ঠাহ খোৱা টেবুল এখন লৰিলে হোৱাৰ নিচিনা শব্দ। ‘কি ভয়ংকৰ ভাবনা, মেডাম: অৱশ্যেই মই আপোনাক নাখাওঁ। নহয় নহয় নহয়। মই বুজাব খুজিছোঁ— আপোনাৰ কোনো অনিষ্ট নকৰোঁ, অনিষ্ট নকৰোঁ, অনিষ্ট নকৰোঁ।’ গতিকে মই শুদ্ধ: মই যি ভাবোঁ, সি তাক হুবহু গম পাইছিল।

‘মেডাম মেডাম মেডাম, আপুনি দেখা নাইনে? আপুনি দেখা নাইনে? মই ইয়ালৈ আপোনাক প্ৰেমৰ প্ৰস্তাৱ দিবলৈ আহিছোঁ। একেবাৰে গভীৰ গভীৰ গভীৰ তলিৰপৰা গভীৰ তলিৰপৰা। ইয়ালৈ ইয়ালৈ গোটেই বাট মই বগুৱা বাই আহিবলগা হৈছে। ভয়াৱহ, এয়া ভয়াৱহ আছিল, মই খান্দিবলগা, খান্দিবলগা, খান্দিবলগা হৈছিল। চাওকচোন মোৰ নখবোৰ কেনেদৰে নষ্ট হ’ল। আপোনাৰ কোনো ক্ষতি, কোনো ক্ষতি, কোনো ক্ষতি কৰাৰ অভিপ্ৰায় থকা হ’লে মই এয়া কেতিয়াও নকৰিলোহেঁতেন। মই আপোনাক ভাল পাওঁ। মই আপোনাক ইমানেই ভাল পাওঁ যে গভীৰ তলিত গভীৰ তলিত তাক কোনোমতে আবদ্ধ কৰি ৰাখিব নোৱাৰোঁ। মই আপোনাৰ ওচৰলৈ বগুৱা বাই আহিছোঁ, মই আহিবলগীয়া হৈছে, মই আহিবলগীয়া হৈছে। সিহঁত সকলোৱে মোক ৰখাবলৈ চেষ্টা কৰিছিল, কিন্তু মই আবদ্ধ হৈ থাকিব নোৱাৰিলো। আৰু ভাবকচোন মই দেখুওৱা, মই দেখুওৱা সাহসৰ কথা। মোৰ দৰে প্ৰাণী এটাই আপোনাক প্ৰেমৰ প্ৰস্তাৱ দিয়াটো অসভ্যালি আৰু মৰসাহস, অসভ্যালি আৰু মৰসাহস আছিল বুলি যদি আপুনি ভাবে কি হ’ব?’

কিন্তু ই অসভ্যালি আৰু মৰসাহস হয়,— মই মোৰ মনতে ক’লো। মোৰ প্ৰেম বিচাৰি অহা তই কি যে এটা অসভ্য ক্ষুদ্ৰ জীৱ!

মই এই কথা ভবাৰ লগে লগে দৈত্যটোৰ মুখখন অকণমান বিষণ্ণ হৈ পৰিল আৰু তাৰ বাকলিবোৰত এক নীলাভ আভা বিৰিঙি উঠিল, যেন সি যি অনুভৱ কৰিছে, তাকহে প্ৰকাশ কৰিছে। তাৰ গোটেই শৰীৰটোও সংকুচিত হৈ সৰু হৈ পৰিল। উক্ত পৰিৱৰ্তনবোৰ চাবলৈ মই হাত সাবটি ৰ’লো। যেতিয়া তাৰ অনুভূতিবোৰৰ পৰিৱৰ্তন ঘটে, বোধহয় এনেকুৱা ধৰণৰ কিবা ঘটে। আৰু বোধহয় ইয়াৰ কুৎসিৎ বহিঃআৱৰণে এখন হৃদয় আৱৰি ৰাখিছে, যিখন ব্ৰেণ্ড-নিউ মাশ্বৰ্মেলৌৰ নিচিনা কোমল আৰু ভংগুৰ। যদি সেয়া সঁচা, তেন্তে মই জিকিব পাৰিম। মই এবাৰ চেষ্টা কৰি চাবলৈ ঠিক কৰিলো। তই জাননে, তই এটা কদাকাৰ ক্ষুদ্ৰ দৈত্য,— মই মনতে ডাঙৰ মাতেৰে চিঞৰিলো— ইমানেই ডাঙৰ মাতেৰে চিঞৰিলো যে মোৰ হৃদয়ো ৰজনজনাই গ’ল। তই এটা কদাকাৰ ক্ষুদ্ৰ দৈত্য। জীৱটোৰ বাকলিবোৰৰ বেঙুনীয়াখিনি গভীৰ হ’বলৈ ধৰিলে আৰু তাৰ চকুযোৰ স্ফীত হৈ আহিল, যেন সেইযোৰে মই দিয়া ঘৃণাবোৰ শুহিহে ল’ব। সেইযোৰ প্ৰাণীটোৰ মুখমণ্ডলৰপৰা পকা সেউজ অমৰাগুটিটোৰ নিচিনাকৈ সমুখলৈ ওলাই আহিল আৰু তাৰ পৰা চকুলোবোৰ ৰঙা ফলৰ ৰসৰ নিচিনাকৈ ওলাই মজিয়াত বিয়পি পৰিল।

দৈত্যটোক মই মুঠেই ভয় কৰা নাছিলো। মই তাৰ ওপৰত কৰিবলৈ বিচৰা সকলোবোৰ নিষ্ঠুৰ কাণ্ডৰ চিত্ৰ মোৰ মনত আঁকিলো। এখন গধুৰ চকীত শকত ৰচিৰে সৈতে তাক মই বান্ধিলো আৰু বেজীৰ নিচিনা জোঙা এডাল চেপেনাৰে এটা-এটাকৈ তাৰ বাকলিবোৰ গুৰিৰপৰা উঠাবলৈ ধৰিলো। মই এখন চুৰিৰ আগটো গৰম কৰিলো আৰু তাৰে তাৰ কৰঙনৰ কোমল ৰঙা মাংস দকৈ কাটিলো। বাৰে বাৰে এডাল গৰম লোহাৰে তাৰ উখহা চকুযোৰত খুঁচিবলৈ ধৰিলো। মই তাৰ কাৰণে কল্পনা কৰা প্ৰতিটো অত্যাচাৰৰ লগে লগে দৈত্যটোৱে যন্ত্ৰণাত খৰমৰাইছিল আৰু চটফটাইছিল আৰু ৰাউচি জুৰিছিল, যেনিবা সেই কাণ্ডবোৰ সঁচাকৈয়ে তাৰ ক্ষেত্ৰত ঘটিছিলহে। সি তাৰ ৰঙীন চকুলো নিগৰাইছিল আৰু ডাঠ লেলাৱতিবোৰ মজিয়াত উলিয়াই পেলাইছিল, তাৰ কাণ দুখনেৰে গোলাপৰ গোন্ধ থকা বগা ধোঁৱা উলিয়াইছিল। তাৰ চকুযুৰিয়ে মোৰ ওপৰত গ্লানিত বিহ্বল এক দৃষ্টি নিক্ষেপ কৰিলে। ‘অনুগ্ৰহ কৰক মেডাম, অনুগ্ৰহ কৰক, মই আপোনাক ক্ষমা খুজিছোঁ, এই ধৰণৰ ভয়ানক চিন্তাবোৰ নকৰিব!’ সি কান্দিলে। ‘আপোনাৰ প্ৰতি মোৰ কোনো বেয়া ভাবনা নাই। মই আপোনাৰ কেতিয়াও ক্ষতি নকৰোঁ। আপোনাৰ প্ৰতি মোৰ কেৱল প্ৰেম আছে, প্ৰেম আছে।’ কিন্তু মই শুনিব নিবিচাৰিলো। মই মনতে ক’লো,— হাঁহিয়াতৰ পাত্ৰ নহবি! তই মোৰ বাগানৰপৰা বগুৱা বাই আহিছ। বিনা অনুমতিৰে তই মোৰ দুৱাৰ খুলিছ। তই মোৰ ঘৰৰ ভিতৰলৈ সোমাই আহিছ। মই তোক ইয়ালৈ কেতিয়াও মতা নাছিলো। মই বিচৰা মতে ভবাৰ মোৰ অধিকাৰ আছে। আৰু মই তাকে কৰি গ’লো— প্ৰাণীটোক লৈ অধিক ভয়ানক চিন্তাবোৰ ভাবি গ’লো। মই ভাবিব পৰা প্ৰতিটো যন্ত্ৰেৰে তাৰ মঙহবোৰ কাটিলো আৰু যাতনা দি গ’লো। জীৱন্ত প্ৰাণী এটাক অত্যাচাৰ কৰা আৰু যন্ত্ৰণাত চটফটাবলৈ বাধ্য কৰা কোনো পদ্ধতিয়ে সাৰি নগ’ল। তেন্তে চা, ক্ষুদ্ৰ দৈত্য, নাৰী সম্পৰ্কে তোৰ একো ধাৰণা নাই। তোৰ ক্ষেত্ৰত কৰিবলৈ মই ভাবিব পৰা কাণ্ডৰ কোনো সীমা-সংখ্যা নাই। কিন্তু তৎক্ষণাৎ দৈত্যটোৰ দেহৰেখাবোৰ নিস্তেজ হৈ পৰিবলৈ ধৰিলে আৰু আনকি তাৰ শক্তিশালী সেউজীয়া নাকটো কোঁচ খাই খাই এটা পলুৰ সমান হৈ পৰিল। মজিয়াখনত ছটি-ফুটি কৰি দৈত্যটোৱে তাৰ মুখখন লৰালে আৰু মোক কিবা কোৱাৰ উদ্দেশ্যে ওঁঠযোৰ মেলিবলৈ আপ্ৰাণ চেষ্টা কৰিলে, যেনিবা সি মোক কিবা শেষ সংবাদ, কিবা প্ৰাচীন জ্ঞান, কিবা অতি গুৰুত্বপূৰ্ণ তথ্য দিব বিচাৰিলে, যিটো সি মোক দিবলৈ পাহৰি গৈছিল। সেয়া ঘটাৰ আগতে, মুখখনে এক যন্ত্ৰণাদায়ক স্থিৰতা লাভ কৰিলে আৰু লগে লগে সি অস্পষ্ট হৈ অদৃশ্য হৈ পৰিল। দৈত্যটো এতিয়া দেখাত শেঁতা সন্ধিয়াৰ এক ছাঁৰ বাহিৰে আন একো নহয়। বতাহত ভাহি ৰ’ল কেৱল তাৰ বিষণ্ণ, স্ফীত চকুযুৰি। একো ভাল কৰিব নোৱাৰে, মই চকুযুৰিলৈ চাই ভাবিলো। তই যিমান ইচ্ছা কৰ, সিমান চাই থাকিব পাৰিবি, কিন্তু তই এটা কথাও ক’ব নোৱাৰিবি। তই একো কৰিব নোৱাৰিবি। তোৰ অস্তিত্ব শেষ হ’ল, অন্ত পৰিল, সমাপ্তি ঘটিল। লগে লগে চকুযোৰ শূন্যত মিলি গ’ল আৰু কোঠাটো নিশাৰ আন্ধাৰেৰে ভৰি পৰিল।

হাৰুকি মুৰাকামি

হাৰুকি মুৰাকামি

via Wikimedia Commons (CC by SA 4.0)

হাৰুকি মুৰাকামি (Haruki Murakami) এগৰাকী প্ৰখ্যাত জাপানী লেখক তথা বিশ্বৰ অন্যতম লেখত ল’বলগীয়া সমসাময়িক লেখক। ১৯৪৯ চনৰ ১২ জানুৱাৰীত জাপানৰ কিয়’ট’ত জন্মগ্ৰহণ কৰা মুৰাকামিৰ ৰচনাসমূহে যাদুকৰী বাস্তৱবাদ, অতিবাস্তৱবাদ আৰু দৈনন্দিন জীৱনৰ উপাদানসমূহৰ অনন্য মিশ্ৰণেৰে পাঠকক মোহিত কৰি আহিছে।

হাৰুকি মুৰাকামিৰ ৰচনাসমূহৰ বৈশিষ্ট্য হৈছে সপোনসদৃশ আখ্যান, য’ত সাধাৰণ চৰিত্ৰবোৰক অসাধাৰণ পৰিস্থিতিলৈ ঠেলি দিয়া হয়। মুৰাকামিয়ে প্ৰায়ে জাপানী সংস্কৃতিৰ লগত পশ্চিমীয়া সাহিত্য, সংগীত আৰু জনপ্ৰিয় সংস্কৃতিৰ উপাদানসমূহ নিখুঁতভাৱে গাঁথি তেওঁৰ গল্পসমূহত এক সুকীয়া আৰু মন্ত্ৰমুগ্ধকৰ পৰিৱেশৰ সৃষ্টি কৰে।

১৯৮৭ চনত প্ৰকাশিত তেওঁৰ অন্যতম বিখ্যাত উপন্যাস ‘নৰ্ৱেজিয়ান উড’ৰ পৰাই হাৰুকি মুৰাকামিয়ে আন্তঃৰাষ্ট্ৰীয় মনোযোগ আদায় কৰিবলৈ সক্ষম হয়। মুৰাকামিৰ আন কিছু উল্লেখনীয় গ্ৰন্থ হৈছে— ‘কাফকা অন দ্য শ্ব’ৰ’, ‘দ্য উইণ্ড-আপ বাৰ্ড ক্ৰনিকল’, ‘1Q84”, ‘কলাৰলেছ চুকুৰু তাজাকি এণ্ড হিজ ইয়াৰ্ছ অৱ পিলগ্ৰিমেজ’।

জাপান আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অনেক বঁটা-সন্মান লাভ কৰা হাৰুকি মুৰাকামিৰ ৰচনাসমূহ বহু ভাষালৈ অনূদিত হৈছে আৰু বিশ্বজুৰি লাখ লাখ কপি বিক্ৰী হৈছে। উপন্যাসৰ বাহিৰে মুৰাকামিৰ চুটিগল্প আৰু প্ৰবন্ধৰ সংকলন প্ৰকাশ পাইছে। তেওঁৰ স্মৃতি ৰোমন্থনমূলক গ্ৰন্থ হৈছে— ‘হোৱাট আই টক এবাউট হোৱেন আই টক এবাউট ৰানিং’।

‘অকণমানি সেউজ দৈত্য’ গল্পটি হাৰুকি মুৰাকামিৰ দ্য ‘এলিফেণ্ট ভেনিশ্বেছ’ (১৯৯৩) নামৰ গল্প সংকলনটোত থকা ‘দ্য লিটিল্‌ গ্ৰীন মনষ্টাৰ’ শীৰ্ষক গল্পৰ অনুবাদ। গল্পটো জাপানী ভাষাৰপৰা ইংৰাজীলৈ অনুবাদ কৰিছে জে ৰুবিন (Jay Rubin)-এ।

❧ | আৰু পঢ়ক:

অকণমানি সেউজ দৈত্য | প্ৰকল্প ৰঞ্জন ভাগৱতী

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক