অ সমীয়া নাট্য সাহিত্যৰ ইতিহাসত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাাদ আগৰৱালা এগৰাকী যুগান্তকাৰী নাট্যকাৰ। গুণাভিৰাম বৰুৱাৰ ‘ৰাম-নৱমী’ নাটকৰ জৰিয়তে আধুনিক অসমীয়া নাট্য সাহিত্যৰ আৰম্ভণি হৈছিল যদিও তৎপৰৱৰ্তী সময়ত আধুনিক নাট্যৰ বিশেষ উৎকৰ্ষ সাধন হোৱা নাছিল। ক’ব পাৰি, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাাদ আগৰৱালাই গতানুগতিক নাট্যধাৰাৰ পৰা আঁতৰি আহি প্ৰকৃত অৰ্থত আধুনিক অসমীয়া নাটকৰ জন্ম দিয়ে। তেখেতৰ প্ৰতিখন নাটকেই আধুনিক অসমীয়া নাট্য সাহিত্যৰ একো একোটা মাইলৰ খুঁটি স্বৰূপ।
জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্য সৃষ্টিৰ এক অক্ষয় কীৰ্তি হৈছে ‘লভিতা’। এই নাটখনি ১৯৪৭ চনত জ্যোতিপ্ৰসাদে তামোলবাৰী চাহ বাগিচাত থাকোঁতে ৰচনা কৰে। ‘লভিতা’ এখনি সামাজিক তথা বাস্তৱধৰ্মী নাটক। বিয়াল্লিছৰ গণবিপ্লৱ আৰু দ্বিতীয় বিশ্বযুদ্ধই অসমৰ জনসাধাৰণৰ ওপৰত কেনে ধৰণৰ প্ৰভাৱ পেলাইছিল, তাৰ বাস্তৱ চিত্ৰ এই নাটখনিত প্ৰতিফলিত হৈছে। নাটখনিত যিবিলাক পৰিস্থিতি নাট্যকাৰে সংযোগ কৰিছে, তাৰ বেছিভাগেই সত্য ঘটনাৰ আলম লৈ ৰচনা কৰা হৈছিল। প্ৰকৃতপক্ষে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই দেশৰ স্বাধীনতা সংগ্ৰামত এগৰাকী অগ্ৰণী যুঁজাৰু হিচাপে অতি সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি যি অভিজ্ঞতা লাভ কৰিছিল, তাকেই নিটোল ৰূপত উপস্থাপন কৰিছিল ‘লভিতা’ নাটকখনিত।
জ্যোতিপ্ৰসাদৰ ‘লভিতা’ নাটখনিত প্ৰতিফলিত হৈছে এগৰাকী অসমীয়া গাঁৱলীয়া ছোৱালীয়ে কিদৰে অসীম ধৈৰ্য আৰু সাহসেৰে বিভিন্ন প্ৰতিকূল পৰিস্থিতিৰ বিৰুদ্ধে থিয় দিছে আৰু শেষত স্বদেশৰ মুক্তিৰ হকে আত্মাহুতি দিছে। সাধাৰণ গাঁৱলীয়া ছোৱালী এজনীৰ সুপ্ত শক্তি আৰু সম্ভাৱনা কিমান থাকিব পাৰে, তাকেহে লভিতা চৰিত্ৰটোৰ মাজেৰে নাট্যকাৰে প্ৰতিফলিত কৰিছে। আনহাতে স্বাধীনতা যুদ্ধৰ শেষ পৰ্যায়ত নাৰীৰ ভূমিকা কিমান গভীৰ আছিল, সেই কথাও লভিতাৰ মাজেৰে প্ৰদৰ্শন কৰিছে।
লভিতা ফুলগুৰি গাঁৱৰ বাণেশ্বৰ বৰুৱাৰ জীয়েক। লভিতা দেখাত ধুনীয়া। তাই একে গাঁৱৰে গোলাপক ভাল পায়। লভিতাই এই গাঁৱতেই সোণ, ৰূপ, হীৰা আদি সমনীয়াৰ সৈতে হাঁহি-ধেমালিৰে দিন কটাইছিল। কিন্তু লাহে লাহে গাঁৱলৈ অশান্তি নামি আহিল। ফুলগুৰি গাঁৱৰ ওচৰতে লহৰজান এৰোড্ৰাম। এহাতে দ্বিতীয় মহাসমৰৰ জাপানী সৈন্যৰ যুদ্ধৰ কুচকাৱাজ, আনহাতে বৃটিছৰ বিৰুদ্ধে মহাত্মা গান্ধীৰ স্বাধীনতা আন্দোলন— এই দুই পৰিস্থিতিয়ে অসমীয়া মানুহক উৱাদিহ নোপোৱা কৰিছে।
গাঁৱে গাঁৱে ভলণ্টিয়াৰবোৰে বৃটিছৰ বিৰুদ্ধে স্বৰাজ আন্দোলন শক্তিশালী কৰিবলৈ প্ৰচাৰ চলাইছে। ইফালে পুলিচৰ দাৰোগাই আন্দোলনৰ সমৰ্থকসকলক নিৰ্বিবাদে অত্যাচাৰ চলাই গৈছে। এই অত্যাচাৰৰ বিৰুদ্ধে লভিতাই প্ৰতিবাদ কৰিছে। তাইক পিষ্টল দেখুৱাই ভয় দেখুওৱা দাৰোগাক তাই কৈছে— “আজিকালিৰ ছোৱালীয়ে পিষ্টল, বন্দুক, বৰতোপ, বোমা একোলৈকে ভয় নকৰে। পিষ্টল দেখুৱাই আজিৰ ছোৱালীক ভয় দেখুৱাবলৈ আহিছ?” তেনে সময়তে জাপানীসকলে উৰাজাহাজৰে নিক্ষেপ কৰা বোমা আহি লভিতাহঁতৰ চোতালত বিস্ফোৰণ ঘটাত দেউতাক বাণেশ্বৰ বৰুৱাৰ মৃত্যু হয়। দেউতাকৰ অকাল মৃত্যুত লভিতা কান্দি-কাটি বাউলী হৈ পৰে। সকলোৱে বোমাৰ ভয়ত যেনি-তেনি পলাই পত্ৰং দিলে। যিসকল যাব খোজা নাছিল, সেইসকলকো মিলিটাৰীয়ে খেদি পঠিয়ালে। কিন্তু কোনেও লভিতাক নিজৰ ভেটিৰ পৰা খেদিব নোৱাৰিলে। শেষত গোলাপে আহি লভিতাক তাৰ পৰা আঁতৰাই মৌজাদাৰৰ ঘৰত আশ্ৰয় দিলে।
মৌজাদাৰৰ ঘৰৰ আশ্ৰয় লভিতাৰ বাবে সুখকৰ নাছিল। মৌজাদাৰণীৰ অত্যাচাৰত থাকিব নোৱাৰি লভিতা এদিন তাৰ পৰা গুচি যায়। সন্ধিয়া সময়ত গাঁৱলীয়া বাট এটাৰে গৈ থাকোঁতে লভিতা মিলিটাৰীৰে মুখামুখি হয় আৰু সিহতৰ হাতত ধৰ্ষিতা হোৱাৰ উপক্ৰম হয়। শেষত কৰ্তব্যপৰায়ণ পুলিচ এগৰাকীৰ তৎপৰতাত লভিতা ৰক্ষা পৰে আৰু তাৰ পৰা পলাই যাবলৈ সক্ষম হয়। সেই সময়তে তাত উপস্থিত হোৱা ইলাহী বকছ্ নামৰ মুছলমান বুঢ়া এজনে লভিতাক তাৰ পৰা লৈ গুচি আহে। হিন্দু সমাজত ঠাই নোপোৱা লভিতাই ইলাহী বকছ্ নামৰ শাক-পাচলিৰ বেপাৰী মুছলমান বুঢ়াজনৰ ঘৰত আশ্ৰয় গ্ৰহণ কৰিবলগীয়া হয়।
এদিন লভিতাক বিচাৰি গোলাপ আহি ইলাহী বকছ্ৰ ঘৰ পালেহি। কিন্তু গোলাপে তাইক নিজৰ লগত লৈ যাবলৈ ইতস্ততঃ বোধ কৰে। কাৰণ লভিতাক মিলিটাৰীয়ে হাতত ধৰা বা লাঞ্চনা কৰা আৰু তাই মুছলমানৰ ঘৰত আশ্ৰয় লোৱাৰ কাৰণে গাঁৱে-ভূঞে তাইৰ বিষয়ে নানা কথা ওলাইছে আৰু সেইবাবে গোলাপে লভিতাক নিজৰ লগত লৈ যাবলৈ অপাৰগতা প্ৰদৰ্শন কৰিলে। নিজকে আজিৰ দিনৰ ডেকা বুলি গৌৰৱ কৰা গোলাপে যেতিয়া সমাজৰ দোহাই দি তাইক গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিলে, তেতিয়া লভিতাই খঙত জ্বলি উঠি গোলাপক কয়— “তুমি নক’বা আজিৰ দিনৰ ডেকা বুলি। তোমাক নিজকে সেই বুলি ভুৱা নিদিবা। যি ডেকাৰ অন্তৰত বিপ্লৱৰ জুই জ্বলা নাই, সি আজিৰ দিনৰ ডেকা হ’বই নোৱাৰে। ৰজাৰ অন্যায়, আইনৰ অন্যায়, দেশৰ অন্যায়, দেশৰ চলি থকা অন্যায় নিয়ম-কাৰণ, মূৰ্খ সমাজৰ, সংকীৰ্ণ মনৰ মানুহৰ নিৰপৰাধী, নিমাখিতৰ ওপৰত অন্যায় অত্যাচাৰৰ বিৰুদ্ধে নিজ সুখ-সম্পদ, আনকি জীৱনকো দি যি ডেকাৰ থিয় হ’বলৈ মনত বল নাই, বুকুত শক্তি নাই, সি আজিৰ ডেকা হ’বই নোৱাৰে।”
গোলাপৰ লগত এৰাএৰি হোৱাৰ পাছত বিচ্ছেদৰ দুখ লৈ লভিতাই অনিশ্চিত যাত্ৰা আৰম্ভ কৰিলে। কিন্তু আকস্মিকভাৱে তাই যুদ্ধৰ নাৰ্ছ ৰূপে বৃটিছ বাহিনীত ভৰ্তি হোৱাৰ সুযোগ পাই কহিমালৈ গুচি যায়। কিন্তু কহিমা জাপানী সৈন্যৰ হাতলৈ যোৱাত বৃটিছ সৈন্য, নাৰ্ছ আদিৰ লগতে লভিতাও বন্দী হয় আৰু তাইক নাৰ্ছ হিচাপে হস্পিটালত নিযুক্তি দিয়ে। কিন্তু শেষত আজাদ হিন্দ ফৌজৰ সেনানী ৰূপে লভিতাই হাতত বন্দুক লৈ ৰণাংগিনী মূৰ্তিৰে দেখা দিছে। লভিতাই উদাত্ত কণ্ঠেৰে সৈন্যসকলক স্বদেশপ্ৰেম জাগ্ৰত কৰিবলৈ অনুপ্ৰাণিত কৰি অৱশেষত শত্ৰুপক্ষৰ মেচিনগানৰ গুলিত ঢলি পৰে আৰু আই অসমীৰ মাটিৰে কপালত ফোঁট লৈ নিচানখনক সাবটি চিৰকালৰ বাবে চকু মুদে। লভিতাৰ মৃত্যুৰ যোগেৰে নাটখনিৰ সামৰণি পৰে।
লভিতা নাটকৰ প্ৰথম সংস্কৰণৰ বেটুপাত
জ্যোতিপ্ৰসাদ আগৰৱালাৰ এই অনবদ্য নাট্যকৰ্ম ‘লভিতা’ত ভালেসংখ্যক নাৰী আৰু পুৰুষ চৰিত্ৰৰ সমাৱেশ ঘটিলেও কোনো চৰিত্ৰকে নায়ক-নায়িকা হিচাপে চিত্ৰিত কৰা হোৱা নাই। সেই সম্পৰ্কে নাট্যকাৰ জ্যোতিপ্ৰসাদে নাটখনিৰ পাতনিতে স্পষ্টভাৱে কৈ গৈছে যাতে পাঠক বা দৰ্শকে আখ্যান, প্লট, চৰিত্ৰাংকন বিচাৰি হাবাথুৰি নাখায়। নাটখনি গতানুগতিক নাটকৰ শাৰীত নপৰে। কাহিনী বা আখ্যান আছে যদিও সেয়া নাটকীয় ঘটনাৱলী গাথিবলৈ সূত্ৰৰ দৰেহে লোৱা হৈছে। প্লটো ইয়াত দেখুৱাব খোজা নাই। লভিতা চৰিত্ৰটিক কেন্দ্ৰ কৰিয়ে নাটখনিৰ ঘটনা আগবাঢ়িছে যদিও চৰিত্ৰই নাটকীয় পৰিৱেশ সৃষ্টি কৰা নাই, বৰং পৰিৱেশেহে চৰিত্ৰক গঢ় দিছে।
নাটখনিত লভিতাৰ জীৱনৰ সকলোবোৰ ঘটনা একাদিক্ৰমে দৃশ্য পৰম্পৰাৰ মাজেৰে সজাই মৃত্যু পৰ্যন্ত দেখুওৱা হৈছে। লভিতাৰ এই গুৰুত্বপূৰ্ণ ভূমিকাৰ বাবে চৰিত্ৰটোক নাটখনিৰ নায়িকা বুলি ক’ব পাৰি। সেই ফালৰ পৰা ‘লভিতা’ক নায়িকাপ্ৰধান নাট বুলিও ক’ব পাৰি। নায়িকা হিচাপে থাকিবলগীয়া মানসিক দৃঢ়তা, ব্যক্তিত্ব, সাহস, পৰিস্থিতিক নিজৰ আয়ত্তলৈ অনা, স্বদেশপ্ৰেম আদি সকলোবোৰ সদ্গুণ লভিতাৰ আছিল। লভিতা এটা সবল নাটকীয় চৰিত্ৰ। প্ৰতিকূল পৰিস্থিতিৰ সন্মুখীন হৈও পৰিস্থিতিৰ ওচৰত হাৰ নামানি তাই সংগ্ৰামেই কৰি গ’ল। আনকি গোলাপৰ প্ৰতি থকা ভালপোৱাকো তাই বিসৰ্জন দিলে। কাৰণ লভিতাই দেখা পালে যে গোলাপৰ সৎ সাহস নাই। সৎ সাহস নথকা ব্যক্তিৰ লভিতাৰ ওচৰত কোনো মূল্য নাই।
পিতৃহীনা হৈ লভিতাই মৌজাদাৰৰ ঘৰত আশ্ৰয় ল’লে যদিও মৌজাদাৰৰ ঘৰত ভাল ব্যৱহাৰ নাপাই অনিশ্চয়তাৰ বুকুত তাই খোজ দিছে। বাটত তাইক মিলিটাৰীয়ে হাতত ধৰিলে। সেই সময়ৰ অসমীয়া সমাজখনৰ বাবে এইটো বৰ ডাঙৰ কথা। অৱশেষত তাই মুছলমানৰ ঘৰত আশ্ৰয় ল’বলগীয়া হৈছে। ফলত হিন্দু সমাজত তাইৰ স্থান নোহোৱা হৈছে। এনেদৰে খোজেপ্ৰতি তাই কেৱল বাধাৰ সন্মুখীন হৈছে। তৎসত্ত্বেও লভিতাই মানসিক দৃঢ়তা হেৰুওৱা নাই। হাতত নিচান লোৱা সৰু ছোৱালী এজনীক পুলিচে কৰা অত্যাচাৰক বাধা দিবলৈ যাওঁতে পুলিচে তাইকো পিষ্টলৰ গুলিৰে কলিজা উৰুৱাই দিয়াৰ ভাবুকি দিয়াত লভিতাই সাহসেৰে দাৰোগাক উত্তৰ দি দাৰোগাৰ হাতৰ পৰা পিষ্টলটো থাপ মাৰি লৈ অলপ পিছ হুঁহকি পিষ্টলটো দাৰোগাৰ বুকুৰ ওপৰত ধৰি সাহসেৰে কৈছে— “মই গান্ধীৰ বহীত নাম লিখোৱা নাই জানিবি বাপেৰে”। আকৌ মৌজাদাৰৰ ঘৰত থাকোঁতেও অন্যায়ৰ প্ৰতিবাদ কৰি জাতিটোৰ স্বাৰ্থত মাত মাতিছে; মৌজাদাৰ-গাঁওবুঢ়াকো তীব্ৰভাৱে সমালোচনা কৰিছে। জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে সংঘাতৰ মুখামুখি হৈ সমস্যাৰ ওচৰত শৰণাপন্ন নহৈ শেষত লভিতা নাৰ্ছ হ’লগৈ। শেষত জাপানী সৈন্যৰ হাতত বন্দী হৈ পাছত আজাদ হিন্দ ফৌজত যোগদান কৰি স্বাধীনতাৰ কাৰণে হাতত বন্দুক লৈ ৰণাংগিনী মূৰ্তিৰে যুদ্ধক্ষেত্ৰত জঁপিয়াই পৰে।
লভিতাক জ্য্যোতিপ্ৰসাদে বাস্তৱসন্মত দৃষ্টিভঙ্গীৰে প্ৰগতিৰ পথেৰে আগবাঢ়ি অহা নতুন যুগৰ নাৰী হিচাপে চিত্ৰিত কৰিছে। আনহাতে গোলাপ চৰিত্ৰটোৰ মাজেৰে নাট্যকাৰে আজিৰ ডেকাৰ চাৰিত্ৰিক দুৰ্বলতাৰ ছবিখনি নিটোল ৰূপত অংকন কৰিছে। গোলাপে এহাতে নিজকে আজিৰ দিনৰ ডেকা বুলি পৰিচয় দিছে, কিন্তু এই ডেকাই বাস্তৱ ক্ষেত্ৰত আজিৰ দিনৰ ডেকা ল’ৰাৰ পৰিচয় দিব পৰা নাই। সেইবাবে সি লভিতাক ভাল পায়ো মুছলমানৰ ঘৰত আশ্ৰিতা আৰু বাটত মিলিটাৰীয়ে হাতত ধৰা বাবে নিজৰ ঘৰলৈ লৈ যাবলৈ সাহস গোটাব পৰা নাই। তাৰ সমাজলৈ ভয়, সমাজৰ নীতি-নিয়মলৈ ভয়। গোলাপৰ মানসিক অন্তঃসাৰশূন্যতাৰ উত্তৰ লভিতাই স্পষ্টভাৱে দিছে— “অকল আজিকালি উপজিলে আজিকালিৰ ল’ৰা হ’ব নোৱাৰি। তোমাৰ মনটো আজিৰ দিনতো দুকুৰি বছৰ আগৰ ডেকাৰ দৰে। যি কথাটো সত্য বুলি ভাবা, তাক সমাজৰ ভয়ত ক’বলৈ সাহস নাই, কৰিবলৈ সাহস নাই। তুমি নক’বা নিজকে আজিৰ দিনৰ ডেকা বুলি।”
এনেদৰেই জ্যোতিপ্ৰসাদে নাটকখনৰ লভিতা আৰু গোলাপ চৰিত্ৰৰ মাজেৰে অসমীয়া ডেকা-গাভৰুৰ যিখিনি সবলতা বা দুৰ্বলতা আছে, সেয়া তুলি ধৰাৰ প্ৰয়াস কৰিছে যাতে জাতিটোৰ সন্ধিক্ষণত অসমীয়াই নিজৰ স্বৰূপ চিনি পায়, নিজৰ চৰিত্ৰৰ সবলতা-দুৰ্বলতাবোৰ জানি বুজি ভৱিষ্যতৰ সৈতে যুঁজিবলৈ সক্ষম হ’ব পাৰে।
লভিতা আৰু গোলাপৰ পিছতেই নাটকখনিৰ আন এটি প্ৰধান চৰিত্ৰ হৈছে ইলাহী বকছ্। জাতত লভিতা হিন্দু আৰু ইলাহী বকছ্ মুছলমান হ’লেও ইলাহী বকছে্ জাতি-ধৰ্ম-সম্প্ৰদায় পৰিহাৰ কৰি ‘মানুহ’ হিচাপে লভিতাক আশ্ৰয় দিছে। উদাৰতা, মানৱতা তথা পিতৃস্নেহৰ উজ্জ্বল নিদৰ্শন ইলাহী বকছ্ নামৰ চৰিত্ৰটি। এই চৰিত্ৰটোৰ মাজত লক্ষ্মীধৰ শৰ্মাৰ বিখ্যাত ‘চিৰাজ’ চৰিত্ৰটোৱে যেন ভূমুকি মাৰিছে। ইয়াৰ উপৰি নাটকখনত মৌজাদাৰ, মৌজাদাৰণী, গাঁওবুঢ়া আদি চৰিত্ৰৰ মাজেৰে আমাৰ সমাজৰ ভোগবাদী চৰিত্ৰবোৰ প্ৰকাশ হৈছে। দেশ, সমাজ তথা মানুহৰ বাবে তেওঁলোক দায়বদ্ধ নহয়, কেৱল নিজৰ সুযোগ-সুবিধাৰ প্ৰতিহে এওঁলোক সদা-সচেতন। ইয়াৰ বিপৰীতে ডাক্তৰ হাজৰিকা, পুলিচ এ এছ আই, লেফটেনেণ্ট বৰুৱা, শিখ কামাণ্ডাৰ আদি দেশপ্ৰেমী চৰিত্ৰৰূপে নাটখনিত চিত্ৰিত হৈছে।
আগতেই উল্লেখ কৰা হৈছে যে জ্যোতিপ্ৰসাদৰ ‘লভিতা’ নাটকৰ পটভূমি হৈছে বিয়াল্লিছৰ গণবিপ্লৱ আৰু দ্বিতীয় মহাসমৰৰ ফলত অসমীয়া মানুহৰ জাতীয় জীৱনৰ অস্থিৰতা। নাটখনিৰ আৰম্ভণিতে বিদেশী শাসনৰ কৱলত পৰি গাঁৱলীয়া মানুহৰ জীৱন কেনেদৰে দুৰ্দশাগ্ৰস্ত হৈ উঠিছিল, পুলিচ, দাৰোগা, মিলিটাৰীৰ অত্যাচাৰৰ পৰা হাত সাৰিব নোৱৰা গাঁৱলীয়া ছোৱালীৰ মৰ্মবেদনা নাটখনিত প্ৰতিফলিত হৈছে। দেশৰ গণ আন্দোলনত জীৱন আহুতি দিয়া মুক্তিকামীৰ নিষ্ঠা, দৃঢ়তা, সততা, স্বাধীনতা লাভৰ বাবে প্ৰচেষ্টা নাটখনিত দেখা যায়। যুদ্ধই নমাই অনা ত্ৰাসৰ পৰিৱেশে গাঁৱৰ সাধাৰণ মানুহক কেনেদৰে ক্ষতিগ্ৰস্ত কৰি তুলিছিল, সমাজত অস্থিৰতাই দেখা দিছিল, জ্যোতিপ্ৰসাদ আগৰৱালাই এই নাটখনিৰ জৰিয়তে তাৰ হুবহু চিত্ৰ অংকন কৰাত সফল হৈছে।
সমসাময়িক সময়ছোৱাত সমাজৰ একশ্ৰেণীৰ শোষণকাৰী তথা সুবিধাবাদী চৰিত্ৰৰ অংকনো নাট্যকাৰে নাটখনিত সফলভাৱে কৰিছে। গাঁওবুঢ়া, মৌজাদাৰ আদিৰ দৰে ইংৰাজৰ দাসস্বৰূপ লোকবোৰে ইংৰাজৰ লগত হাত মিলাই সাধাৰণ গঞা ৰাইজক শোষণ কৰিছিল। এই শোষণৰ জৰিয়তে ইংৰাজ চৰকাৰক লাভান্বিত কৰাৰ উপৰিও নিজৰ আৰ্থিক অৱস্থাও টনকিয়াল কৰি তুলিছিল। কিন্তু এনে লোকসকলৰ শোষণকাৰী মুখাবোৰ লভিতাই খুলি দিছিল। আনহাতে এই যুদ্ধ তথা গণবিপ্লৱৰ সময়ছোৱাত মিলিটাৰীৰ হাতত বহু নাৰী ধৰ্ষিতা হোৱাৰ সৰ্বজনবিদিত কাহিনীও নাট্যকাৰে লভিতাৰ জৰিয়তে দেখুৱাইছে। এইদৰে লাঞ্চিতা হোৱা বহু ছোৱালীয়ে সমাজত ঠাই নেপাই যুদ্ধৰ কামত ভৰ্তি হোৱা, অসমীয়া ল’ৰাই অহিংস আন্দোলনৰ লগতে নেতাজী সুভাষ চন্দ্ৰ বসুৱে আৰম্ভ কৰা আজাদ হিন্দ ফৌজৰ জৰিয়তে যুদ্ধত যোগ দিয়া আদি বিষয় সুন্দৰভাৱে নাটখনিত উপস্থাপিত হৈছে।
জ্যোতিপ্ৰসাদৰ ‘লভিতা’ত প্ৰকাশিত হৈছে কঠিন বাস্তৱৰ সৈতে মুখামুখি হৈ গ্ৰহণ কৰিবলগীয়া সংগ্ৰামৰ পথ নিদৰ্শন। নাটকখনিৰ ঘটনাপ্ৰৱাহলৈ লক্ষ্য কৰি ক’ব পাৰি যে অসমীয়া জাতীয় জীৱনৰ ৰাজনৈতিক, সামাজিক আশা-আকাংক্ষা, প্ৰেৰণা, বেদনা আৰু সংস্কৃতি আৰু দুষ্কৃতিৰ টুকুৰা-টুকুৰ ছবি নাটখনিত প্ৰতিভাত হৈছে। নাটখনিত কোনো ৰাজনৈতিক মতবাদ প্ৰতিষ্ঠিত হোৱা নাই। যি যি ৰাজনৈতিক দলত যোগ দি অসমীয়াই নিজৰ চৰিত্ৰ প্ৰকাশ কৰিছিল, সেইদলৰ কাৰ্যৰ ঘটনাৱলী নাটখনিত আছে। গান্ধীবাদ, মাৰ্ক্সবাদ, হিংসাবাদ সকলোৰে ছিটিকনি নাটখনিত পৰিছে।
‘লভিতা’ নাটকত জ্যোতিপ্ৰসাদে কিছু দৃশ্যত চিনেমেটিক কৌশল প্ৰয়োগ কৰিছে। নাটখনিৰ দ্বিতীয় অংশটো চিনেমাৰ টেকনিকেৰে সজোৱা। আনহাতে শেষৰ দৃশ্যকেইটিত পৰিৱেশ-পৰিস্থিতি সৃষ্টি কৰিবলৈ নাট্যকাৰে শব্দ (চাউণ্ড ইফেক্ট) প্ৰয়োগ কৰিছে, যিটো সাধাৰণতে চিনেমাত প্ৰয়োগ হয়। জ্যোতিপ্ৰসাদ নিজে নাট্যকাৰ হোৱাৰ উপৰিও সুদক্ষ চলচ্চিত্ৰ নিৰ্মাতা, পৰিচালক আছিল; লগতে তেওঁ চিনেমা শিল্প সম্পৰ্কে বিদেশত গৈ অধ্যয়ন কৰি আহিছিল। সেই অভিজ্ঞতাৰেই তেওঁ নাটকখনিৰ কিছু অংশত চিনেমেটিক কৌশল সফলভাৱে প্ৰয়োগ কৰিছিল। জ্যোতিপ্ৰসাদৰ প্ৰতিখন নাটকতে পাশ্চাত্য নাটকৰ প্ৰভাৱ পৰাৰ দৰে ‘লভিতা’তো তেনে প্ৰভাৱ লক্ষ্য কৰা যায়। বিশেষকৈ গলচ্ওৰ্দিৰ নাটকৰ প্ৰভাৱ ‘লভিতা’ত অনুভৱ কৰিব পাৰি। গলচ্ওৰ্দি, অকেচি আৰু নৱেল কাওৱাৰ্ড— এই তিনিওগৰাকী পাশ্চাত্য নাট্যকাৰৰ উপস্থিতি ‘লভিতা’ত অনুভূত হয়। নায়কবিহীন নাটক হিচাপে গলচওৰ্দি, যুদ্ধ আৰু আন্দোলনৰ বিষয়বস্তুৰ ক্ষেত্ৰত অকেচি আৰু চিনেমেটিক টেকনিক প্ৰয়োগৰ ক্ষেত্ৰত নৱেল কাওৱাৰ্ডৰ নাট্যসৃষ্টিৰ চকামকা ৰেঙণি ‘লভিতা’ত পৰিছে। কিন্তু জ্যোতিপ্ৰসাদে কোনো এজন নাট্যকাৰকে হুবহু অনুকৰণ কৰা নাই।
জ্যোতিপ্ৰসাদৰ কুমলীয়া বয়সৰ ফুটনোন্মুখ প্ৰতিভাই ‘শোণিত কুঁৱৰী’ৰ অতিপ্ৰাকৃতিক পৰিৱেশৰ মাজেৰে পাতনি মেলি ডেকা বয়সত ‘কাৰেঙৰ লিগিৰী’ আৰু ‘ৰূপালীম’ত সুস্থ-সবল ৰঙীন কল্পনাৰ যোগেদি পূৰ্ণতা লভি ভাটী বয়সৰ ‘লভিতা’ত সেই প্ৰতিভাই ৰঙীন কল্পলোকৰ পৰা নামি আহি ধূলি ধূসৰিত বাস্তৱক আকোঁৱালি ল’লে।
❧ | আৰু পঢ়ক:
- আধুনিক নাটকৰ লক্ষণেৰে পৰিপুষ্ট জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘কাৰেঙৰ লিগিৰী’
- জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘কাঞ্চনজঙ্ঘাৰ বুৰঞ্জী’: পাঠ আৰু আবৃত্তি
- জ্যোতিপ্ৰসাদ আগৰৱালাৰ শিশু উপযোগী কবিতা
- জ্যোতিপ্ৰসাদৰ জোনাকী চিনেমাৰ দুৰৱস্থা
- সাম্প্ৰতিক অসমীয়া গীত-সংগীত: দুৰ্ভাৱনাৰ দুশাৰীমান