ফা
গুনৰ অংগে অংগে শোভা
ফাগুনৰ কণ্ঠে কণ্ঠে গান
ফাগুনৰ কৰ্ণে কৰ্ণে গন্ধ
ফাগুনৰ ছন্দে ছন্দে প্ৰাণ।…
বিচিত্র ৰঙৰ সমাহাৰেৰে জাতিষ্কাৰ ফাগুন। ফাগুন মানেই প্ৰকৃতিৰ বুকুত সৌন্দৰ্যৰ শোভা। টপ টপকৈ সৰা ঘন কুঁৱলিৰ জাল ফালি মাঘৰ ঠেটুৱৈ লগা শীতক দূৰ কৰি আশাৰ ন ন বতৰা লৈ প্ৰকৃতিক বিচিত্র ৰঙেৰে সজাই তোলে ফাগুনৰ অপৰূপ সৌন্দৰ্যই। তাৰ মাজতে চাৰিওফালে বিয়পি পৰা ধুলিয়ৰি গোন্ধে ফাগুনৰ বতৰা দি আকাশ-বতাহ মুখৰিত কৰি তোলে। লঠঙা গছত ফুলা ফুলত পৰি কলকলায় পক্ষীৰ জাকেও।
ফাগুনৰ বতৰ ফৰকাল। ফাগুনৰ ফৰকাল সুনীল আকাশত লুকাভাকু খেলে থোপা থোপে শুকুলা ডাৱৰবোৰে। ফাগুনৰ ৰং সিঁচি গছৰ ডালে ডালে ফুলি উঠা মদাৰ, শিমলু, পলাশৰ তেজৰঙা ফুলবোৰে বুটা বাছে প্ৰকৃতিৰ উকা আচলত।
ফাগুনৰ ৰং কি
হালধীয়া নে সেউজীয়া
লঠঙা গছবোৰে মূৰ দাঙি ক’লে
ফাগুনৰ ৰং হেনো কেচপতীয়া।…
ফাগুন মানেই আকৌ ৰঙৰো বতৰ। নানা ৰঙী ফুলৰ সমাহাৰেৰে ৰঙীন হৈ উঠে শুকান গছৰ ডালো ফাগুনত। ৰিঙা ৰিঙা মনত আনন্দৰ জোৱাৰ তুলি এবুকু আশা বুকুত কঢ়িয়াই লৈ আনে ফাগুনে। মনবোৰ উৰে কমোৱা তুলা হৈ। ৰঙে-গোন্ধে প্লাবিত কৰে ধৰাৰ বুকু। ফাগুনৰ অপৰূপ সৌন্দৰ্যত মুগ্ধ হৈ কবি-গীতিকাৰে কৰি যায় ন ন সৃষ্টি। ফাগুনতে বসন্তৰ আগমনৰ বতৰা পাই আনন্দৰে ভৰপূৰ হৃদয়ত উঠে প্ৰেমৰ হিল্লোল। চিত্রকৰৰ ৰং-তুলিকাত প্ৰাণ পায় ফাগুনৰ মনোৰম সৌন্দৰ্যই।
ফাগুনৰ ৰং লাগি
মন তাইৰ উতলা হ’ল
ফাগুনৰ ৰং সানি
যৌৱন তাইৰ ৰাঙলী হ’ল।…
ফাগুনৰ বতৰতেই বলিব ধৰা পছোৱা বাই সকলোৰে দেহ-মন উজ্জীৱিত কৰি তোলে। অবশ্যে ফাগুনৰ পছোৱাই কেতিয়াবা ধংসাত্মক ৰূপো ধাৰণ কৰি প্ৰকৃতিক বেয়াকৈ ক্ষতিগ্ৰস্ত কৰে। গছবোৰ লঠঙা হৈ পৰে, কোনো কোনো সময়ত মানুহৰ ঘৰ-দুৱাৰ, গছ-গছনি ভাগি পৰি বিস্তৰ ক্ষতিসাধন হয়। চাৰিওফালে ধূলিৰে ধূসৰিত পৰিৱেশে বিভিন্ন ৰোগৰো সৃষ্টি কৰে। তথাপি ফাগুন উতনুৱা। আকাশ ৰাঙলী কৰি ফুলি উঠা মদাৰ, পলাশ, শিমলুৰ পাহিবোৰ সৰাই পছোৱাজাকে ধৰাৰ বুকু ৰাঙলী কৰি থৈ যায়।
অ’ বৰদৈচিলা
কিনো দিলা
কপৌ ফুলাৰ বতৰা নে
নাহৰ ফুলাৰ বতৰা
নে ব’হাগৰ বতৰা…
ফাগুনৰ মৃদু মলয়াৰ পৰশত দেহ-মন পুলকেৰে ভৰি পৰে। প্ৰেমৰ বাতৰি বিলাই ফাগুনে দিয়েহি বসন্তৰ আগমনৰ জাননী। বসন্ত মানেই নতুনত্ব, বসন্ত মানেই সেউজীয়া সপোনৰ এমুঠি সম্ভাৱনা। বসন্তত সেউজ বসন পিন্ধি ৰূপহী হয় প্ৰকৃতি। জেতুকা পাতৰ ৰং, কুঁহিপাতৰ ৰঙচুৱাই ৰঙিয়াল কৰি তোলে মন ফাগুনৰ শেষৰ পৰাই।
‘ফাগুনৰ পছোৱাই
বহাগীৰ বাতৰি
কাণে কাণে আহি কৈ যায়
গছৰ আগৰে
কোমল কুঁহিপাতে
কিনো উলাহতে গীত গায়।’ (ৰুদ্ৰ বৰুৱা)
বিশিষ্ট কবি হীৰেন ভট্টাচাৰ্যৰ কবিতাত ফাগুনৰ বৰ্ণনা এইদৰে পোৱা যায়—
‘শুকান বতাহ জাকে
পাতবোৰ উৰুৱাই নিয়ে
ৰাংঢালী চৰাইবোৰে ডালত পৰি নাচে
জুনুকাৰ জুনজুননিত
সাৰ পায় কুঁহিপাতে।’
অসমীয়া বছৰটোৰ ভাদ মাহৰ দৰে ফাগুনো উৎসৱৰে ভৰা মাহ। ফাগুনৰ বতৰতে জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে নানা উৎসৱ উলহমালহেৰে পালন কৰে মানুহে। আড়ম্বৰপূৰ্ণভাৱে আয়োজন কৰা উৎসৱৰ মহা আনন্দেৰে পাৰ হৈ যায় ফাগুনৰ দিনকেইটা। ফাগুনৰ কৃষ্ণা চৰ্তুদশীৰ ৰাতি সকলো শিৱ মন্দিৰতে মহা আড়ম্বৰেৰে শিৱৰাত্রি পালন কৰা হয়। আকৌ পূৰ্ণিমা তিথিত উলহমালহেৰে পালন কৰা হয় ফাকুৱা উৎসৱ অৰ্থাৎ ফল্গূ উৎসৱ বা ৰঙৰ উৎসৱ। মিচিংসকলেও তেওঁলোকৰ কৃষিভিত্তিক অনুষ্ঠান আলি আয়ঃ লৃগাং মহা আড়ম্বৰেৰে পালন কৰে ফাগুন মাহৰ প্ৰথমটো বুধবাৰে।
শুকান সৰা পাত, ধূলিৰে ধূসৰিত ফাগুনৰ বুকুতো উদ্ভাষিত হৈ উঠে সেউজীয়া সপোনৰ এমুঠি সম্ভাৱনা। হৃদয়ে হৃদয়ে ফুলি উঠে প্ৰেম-ভালপোৱা, আশাৰ একোপাহ সুবাসিত গোলাপ। সেয়েহে ফাগুনৰ পৰাই আৰম্ভ হয় বসন্তক আদৰাৰ প্ৰস্তুতি। বসন্তৰ আগমনৰ বতৰায়েই অধিক ৰঙীন কৰি তোলে ফাগুনক।
❧ | আৰু পঢ়ক: