শ ঙ্কৰদেৱ বঁটা গ্ৰহণ কৰিবলৈ আহি বিখ্যাত চলচ্চিত্ৰকাৰ সত্যজিৎ ৰায়ে যেতিয়া শঙ্কৰদেৱ কোন বুলি প্ৰশ্ন কৰে, তেতিয়া আমাৰ বেজাৰ লাগে, আমাৰ অভিমান হয়, আমাৰ খং উঠে। ক্ষোভ লাঘৱ কৰিবলৈ আমি গুজৰি-গুমৰি বাতৰি কাকতত চিঠি লিখোঁ। তাৰ পাছত পাহৰোঁ আৰু শঙ্কৰদেৱৰ তিথিত মাহপ্ৰসাদ খাওঁ।
তাৰ পাছত কোনোবা এদিন কোনোবা এজনে আকৌ বাতৰি কাকতত চিঠি লিখে; সুসজ্জিত মঞ্চৰ পৰা বক্তাই বক্তৃতা দিয়ে— আমি শঙ্কৰদেৱক ‘বিশ্বদৰবাৰত’ থিয় কৰাব পৰা নাই! গ্লানিত আমাৰ বুকু ফাটি যায়। বেদনাত আমি তলৰ মূৰ ওপৰ কৰিব নোৱৰা হওঁ। তাৰ পাছত পাহৰোঁ আৰু আঁজলি পাতি শঙ্কৰদেৱ বুলি মাহপ্ৰসাদ লওঁ আৰু গলিয়াওঁ।
এনে লাগে যেন শঙ্কৰদেৱক ‘বিশ্বদৰবাৰ’ত (হকে-বিহকে ব্যৱহৃত এইটো এটা বৰ আমনিদায়ক শব্দ) প্ৰতিষ্ঠা কৰাৰ বাহিৰে বাকী সকলো কাম হৈ গৈছে! প্ৰশ্ন কৰি চাইছোঁ নে, শঙ্কৰদেৱকনো কিয় বিশ্বদৰবাৰত থিয় কৰাব লাগে? তেৰাক বিশ্বৰ মানুহে নাজানিলেনো আমাৰ কি ক্ষতি হয়? তেৰাৰেবা গুণ-যশৰ কি হানি হয়? পাঁচশ বছৰেও শঙ্কৰদেৱৰ সমস্ত ৰচনাৰ সমীক্ষিত একক পাঠ এটা যুগুত কৰিব নোৱৰা জাতিটোৰ বাবে এয়া অনৰ্থক আত্ম-কণ্ডুয়ন নহয়নে? অন্য নকওঁৱেই, বেলেগ বেলেগ প্ৰকাশনে প্ৰকাশ কৰা কীৰ্তন পুথিৰ পাঠতে বৈসাদৃশ্য!
শঙ্কৰোত্তৰ যুগৰ কিছু লোকে গীত-মাত-ভাওনাৰ গায়ন-বায়ন-অভিনয়ৰ ব্যৱস্থাপনাত আৰোপ কৰা কিছুমান আচাৰ-বিচাৰক পৰম্পৰাৰ নামত আমি কায়-মন-বাক্যে মানি থাকিবলৈ প্ৰস্তুত, কিন্তু পাঁচশ বছৰীয়া চিন্তাৰে পৰিপক্ব বিজ্ঞানসন্মত আৰোপণৰ ক্ষেত্ৰত আমি নাৰাজ। আধুনিক সময় আৰু শিল্পৰ মানকৰ লগত খাপ খোৱাকৈ, বিশ্ব-মননে ৰস ল’ব পৰাকৈ ভাওনা এখন কৰাৰ কথা আমি কিয় নাভাবোঁ?
শঙ্কৰদেৱৰ প্ৰায় সমগ্ৰ ৰচনাই সাংগীতিক সত্তাৰেও প্ৰাণপুষ্ট, তেনে ক্ষেত্ৰত সেই দিশটো বাদ দি কেৱল সাহিত্য নিৰ্ভৰ গৱেষণা আৰু বিশ্লেষণে পূৰ্ণাংগ শঙ্কৰদেৱজনক প্ৰকাশ কৰিব পাৰিবনে? অহেতুক কিছুমান আচাৰ-বিচাৰ পালন আৰু পঞ্চদশ শতিকাৰ তথাকথিত ভয়ংকৰ সামাজিক পৰিৱেশৰ পটভূমিত শঙ্কৰদেৱ ভগৱানৰ অৱতাৰ বুলি ভাবি থকালৈকে শঙ্কৰদেৱ মাথোন নামঘৰতে আৰু মাহপ্ৰসাদতে আবদ্ধ থাকিব।
শঙ্কৰদেৱৰ সমস্ত অৱদান কল্পতৰু বৃক্ষৰ দৰেই। লাগে মাথোন আমাৰ বিচাৰি যোৱাৰ মানসতা। অসমীয়া মানুহৰ বুকুত আৰু মগজুত শঙ্কৰদেৱৰ বসবাস এশ শতাংশ নিশ্চিত হ’লেই যিকোনো ‘দৰবাৰ’তে তেৰা জিলিকি থাকিব।