নীলা চৰাই | অসমীয়া সাহিত্য, বাৰ্তা, আলোচনা

অসমীয়া সাহিত্য, বাৰ্তা আৰু আলোচনা

এৰা কি কৰা যায়! লকডাউন লকডাউন বুলি একপ্ৰকাৰ কোঙা হৈ গৈছে দেহ, মন। ফোনত লগ পাই আছোঁ বহুজনক। তথাপি দেখোন সোঁ-শৰীৰে কথা নেপাতিলে মনটো ভাল নালাগে। কাৰ লগত আজি কথা পতা যায়! হঠাৎ নাম এটা মনলৈ আহিল। দিন, মাহ— কিহৰ হিচাপত বাৰু কথা পতা নাই তেওঁৰ লগত? পুৰণি ডায়েৰী এখনত ফোন নম্বৰবোৰ আছে বহুজনৰ। তাৰে কিছুমানৰ লগত সম্পৰ্ক প্ৰায় শেষ চাগে; কাৰণ “ইচ নম্বৰ অভি চেৱা মে নেহি হ্যে”…!

মনত খুব কম আশা লৈ নম্বৰবোৰ চালো। পালো। হয়, এইটোৱে নম্বৰ। ফোনৰ নম্বৰকেইটা টিপি থাকোঁতে ভাবিলো— জীয়াই আছেনে চাগে নম্বৰটো! বাজিছে… বাজিছে…। ফোনটো ধৰিছে।

: ‘হেল্ল’…।’— কিঞ্চিৎ বিৰতিত সিটো মূৰৰ পৰা মাত এটা ভাহি আহিল। ‘কোন?’
: ‘তুমি স্বপ্নালী নহয় জানো?’— মই মাত দিলো।

সপ্ৰতিভভাৱে সিফালৰ পৰা আকৌ উত্তৰ আহিল— ‘হয়। কওকচোন আপুনি কোনে কৈছে, মই ঠিক ধৰিব পৰা নাই।’

: ‘মই ভূপেন। কলিয়াবৰ।’
: ‘অ’ তুমি! বাহ, ইমান দিনৰ মূৰত! কি মনত পৰিলনো আজি!’— সপ্ৰতিভ কণ্ঠটো এইবাৰ উৎসাহিত হৈ উঠিল। তাৰ পাছতেই আকৌ নিৰৱতা।
: ‘কোৱাচোন খবৰ-খাতি।’— ময়ে আকৌ আৰম্ভ কৰিলো।
: ‘ভালেই।’
: ‘সংসাৰৰ খবৰ কোৱা।’
: ‘সংসাৰৰ খবৰ! ল’ৰা দুটা। ডাঙৰ ল’ৰা ডাক্তৰ, ঘৈণীয়েকো। সৰুটো বেংকত, ঘৈণীয়েক প্ৰফেচাৰ। আটাইকেইটা বাহিৰতে থাকে। দুটা ডিব্ৰুগড়ত, দুটা লখিমপুৰত। ভালেই সিহঁতৰ। নাতি-নাতিনীবোৰো সিহঁতৰ লগতে। সুখী সিহঁত। দুইটাই গুৱাহাটীত ফ্লেট ল’লে। দুইটাৰে খুলশালীয়েকৰ পৰিয়াল দুটা থাকে এতিয়া। মাঘৰ বিহুত দুইটাই নতুন গাড়ী দুখনো ল’লে। এটাৰ পুৰণি টিভিটো মাজতে কাম কৰা ল’ৰা এটাৰ হাতত দি পঠিয়াইছে, সি হেনো ৱালত ফিট কৰা এটা ল’লে। মাজতে আটাইকেইটা আমেৰিকাৰ পৰাও ফুৰি আহিলগৈ। মোকো লৈ যোৱাৰ কথা আছিল। পিছে বোৱাৰীয়ে ক’লে— মোৰ কাহ এটা আছে যে এৰ’প্লেনত উঠিব নোৱাৰোঁ বোলে। যোৱাটো ন’হলগৈ। ইয়াত কাম কৰা মানুহ এজনী ঠিক কৰি দিছে। বাকী-দোকান, ফাৰ্মাচী চব ঠিক কৰি দিছে।’
: ‘হওক দিয়া। বৰ সুখতে আছা তুমি। ব্যস্ততাৰ বাবে সময় দিব নোৱাৰিলেও ল’ৰা-বোৱাৰীয়ে দায়িত্ব পালন কৰিছে।… তোমাৰ খবৰ বাৰু পালো। বৰুৱাৰ কেনে?’ মুহূৰ্তৰ নিস্তব্ধতা।

: ‘হে’ল্ল…।’— আকৌ মাতিলো।
: ‘গ’লগৈ নহয়! গম নোপোৱা নেকি? খবৰো দিব নোৱাৰিলো।’— মোৰ ফোন ধৰি থকা হাতখনত এটা সাপে মেৰিয়াই থকাৰ দৰে লাগিছে।

টোপ টোপকৈ পৰা বৰষুণৰ দৰে টেলিফোন বগাই অহা শব্দবোৰ এটা এটাকৈ মোৰ কাণত পৰিছে— ‘সিহঁত আমেৰিকালৈ যাঁওতেই তেখেত গ’লগৈ। সিহঁতলৈ খবৰ পঠিয়াইছিলো, আহিবলৈ অসুবিধা হ’ব বুলি ক’লে। নাহিল। ময়ে কামখিনি কৰিলো।’— শব্দৰ টোপালবোৰ এইবাৰ জোৰত পৰিছে। খং, ক্ষোভ, অভিমানবোৰ গোটখাই শিলাবৃষ্টিৰ ৰূপ লৈছে। ‘ইমান সুখ মোক নালাগে বুইছা। নালাগে কাৰণেই চাগে’ মই সিহঁতে দি পঠোৱা টিভিটো আজিও চাব পৰা নাই, আজিও সিহঁতে ঠিক কৰি দিয়া দোকানৰ পৰা বস্তু আনিব পৰা নাই, ঔষধ খাব পৰা নাই…, মানুহজনীক কামলৈ আহিবলৈ দিয়া নাই। মোৰ মানুহজনকে সিহঁতে গুৰুত্ব নিদিলে,— এই কথাটো মনলৈ আহিলেই মই…। তেওঁৰ পেঞ্চনৰ টকাকেইটা হাতত ল’লেই মনলৈ আহে কেনেকৈ তেওঁৰ দৰমহাৰ টকাকেইটা সিহঁতৰ হোষ্টেলৰ এড্ৰেছত ভাগে ভাগে পঠাই দিছিল!’

আৰু পঢ়িব পাৰে

মোৰ অনুমান কৰিবলৈ অসুবিধা ন’হল,— অলপ পাছতেই এটা খৰস্ৰোতা জলপ্ৰপাত নামি আহিব সকলোবোৰ ঢৌৱাই নিবলৈ। নাই, সেই সোঁতৰ মুখামুখি হ’ব পৰাকৈ মোৰ সাহস নাই! ফোনটো বন্ধ কৰা চুইচটোত মোৰ আঙুলিটো ৰৈ গ’ল।

এই লেখকৰ সকলো লেখা চাওক →
জলপ্ৰপাত | ভূপেন্দ্ৰ নাথ হাজৰিকা

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক

পাঠকৰ মন্তব্য (0)

কেৱল সদস্য আৰু লেখকৰ বাবে

সদস্যৰ বিশেষ আলোচনা

এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।

মন্তব্যসমূহ লোড হৈ আছে...