বিৰোধৰ মাজৰ ঐক্য

বিৰোধৰ মাজৰ ঐক্য
  • 13 Jun, 2018

টা সাধাৰণ উদাহৰণেৰে আলোচনাটো আৰম্ভ কৰিব বিচাৰিছোঁ।

আমি যেতিয়া খোজকাঢ়োঁ, তেতিয়া সেই খোজকঢ়া কাৰ্যটো দুটা বিৰুদ্ধ বিষয়ৰ সমন্বয়ৰ ফলত সম্ভৱ হয়; এফালে আমাৰ গতি কৰাৰ ইচ্ছা আৰু আনফালে মাটিৰ গুৰুত্বাকর্ষণৰ গতি ৰুদ্ধ কৰাৰ প্ৰয়াস। খোজকাঢ়িবৰ বাবে এই দুয়ােটাৰে মাজত এটা সমন্বয়ৰ প্রয়োজন। বিপৰীতমুখী দুয়ােটা ক্রিয়াৰ মাজত খােজকঢ়া কাৰ্যটো সম্ভৱ হ’ব পৰাকৈ এটা সমিলমিল থকাটো জৰুৰী। অর্থাৎ দুটা বিৰােধ বা দ্বন্দ্বৰ বুজা-পৰাৰ জৰিয়তেহে আমি খােজকাঢ়িব পাৰোঁ।

মানৱ জীৱনৰ গতিও একেদৰেই অসংখ্য বিৰােধৰ মাজেদিহে সম্ভৱ হৈ থাকে। জীৱন নিশ্চিতভাৱে বিৰােধ বা দ্বন্দ্বেৰে ভৰপূৰ। পােহৰ আৰু আন্ধাৰ, ৰ’দ আৰু ছাঁ, জন্ম আৰু মৃত্যু, স্ত্রী আৰু পুৰুষ— এনে ধৰণৰ অসংখ্য বিৰুদ্ধ বিষয়ৰ মিশ্ৰণেৰেই জীৱনৰ সকলােবােৰ ব্যৱস্থা সম্পূর্ণ হৈছে। জীৱন মাত্রেই বিৰােধ থাকিব। বিৰােধ বা দ্বন্দ্ব সমাপ্তিৰ অৰ্থ হ’ব জীৱনৰ সমাপ্তি।

এজন চিত্রকৰে যেতিয়া কোনাে এখন চিত্ৰত বগা ৰং এটা ফুটাই তুলিব লগা হয়, তেতিয়া কাষত বা পিছফালে ক’লা ৰঙৰ সমাবেশ ঘটায়। কাৰণ কাষত বা পৃষ্ঠভূমিত ক’লা ৰঙৰ উপস্থিতিয়েহে বগা ৰংটো জিলিকাই তােলে। যিমানে ক’লা ৰংটো তীব্র হ’ব, সিমানে বগাৰ উজ্জ্বলতা বাঢ়িব। অৱশ্যে চিত্রখন সুন্দৰ আৰু শুদ্ধ কৰিবৰ বাবে চিত্রকৰে ক’লা আৰু বগা— এই দুয়ােটা বিৰুদ্ধ ৰঙৰ মাজত এক উপযুক্ত সমিলমিল স্থাপন কৰিব লগা হয়।

এই সমিলমিলটোৱেই আচলতে সকলাে ক্ষেত্রতে মুখ্য। বিৰােধ বা দ্বন্দ্ব থাকিবই। জীৱনৰ একেবাৰে গভীৰতম পর্যায়লৈকে বিৰােধ স্বীকৃত হ’ব। কিন্তু সেই বিৰােধৰ মাজত এটা সমিলমিল থাকিব লাগিব, এটা বুজা-পৰা থাকিব লাগিব। অন্যথা, বিৰােধে ধ্বংসাত্মক সংঘাতৰ ৰূপ ল’ব পাৰে। আচলতে জীৱনৰ গতি, জীৱনৰ বিকাশ অব্যাহত ৰাখিবলৈকে বিৰােধ বা দ্বন্দ্বসমূহৰ মাজত এটা সঙ্গতি থকা জৰুৰী। বিৰােধ বা দ্বন্দ্বৰ সঙ্গতিয়ে যিদৰে জীৱনক গতি দিয়ে, ঠিক একেদৰে বিৰােধ বা দ্বন্দ্বৰ অসঙ্গতিয়ে, অৰাজকতাই জীৱনৰ বিকাশ বাধাগ্রস্ত কৰে। উদাহৰণস্বৰূপে, এজন সংগীতজ্ঞ বা এজন বেহেলাবাদকে যেতিয়া গীত গায় বা বেহেলা বজায়, তেতিয়া বহুত বেলেগ বেলেগ স্বৰৰ সৃষ্টি হয় আৰু সেই স্বৰসমূহৰ মাজৰ সামঞ্জস্যই সুমধুৰ সঙ্গীত সৃষ্টি কৰে। কিন্তু দহজন বলিয়া ব্যক্তি লগ হৈও এটা কোঠাত মুখেৰে নানা ধৰণৰ স্বৰ সৃষ্টি কৰিব পাৰে বা নানা ধৰণৰ বাদ্য বজাব পাৰে, কিন্তু তাৰ পৰা সঙ্গীত সৃষ্টি হ’ব নােৱাৰে। জীৱনৰ স্থিতিও এনেকুৱাই। বিৰােধ থাকিব লাগিব, কিন্তু সেই বিৰােধী বিষয়বােৰৰ মাজত সমন্বয়ো স্থাপন হ’ব লাগিব, যাতে জীৱনটো সঙ্গীতপূৰ্ণ হৈ পৰে।

আজিৰ জীৱনত, আজিৰ সমাজত কিন্তু বিৰােধৰ এনে সমন্বয় সুলভ নহয়। বিৰােধ বাঢ়িছে, দ্বন্দ্ব বাঢ়িছে; কিন্তু বিৰােধৰ মাজত সঙ্গতি স্থাপনৰ প্রচেষ্টা কমিছে। ফলত সমাজ হৈ পৰিছে অৰাজক; জীৱন হৈ পৰিছে ৰসহীন, যান্ত্রিক।

❧ | আৰু পঢ়ক: ৰাজনীতিৰ কবিতা

বৌদ্ধিক, ৰাজনৈতিক আদি ক্ষেত্ৰবােৰত বিৰােধৰ এনে বিসঙ্গতি তীব্ৰ ৰূপত পৰিলক্ষিত হৈছে। কোনাে এটা বিষয়ৰ সত্য উদ্ঘাটন কৰিবৰ বাবে বা কোনাে এটা সমস্যা সমাধান কৰিবৰ বাবেও বিতর্ক, বিৰােধ বা দ্বন্দ্বৰ অতি প্রয়ােজন। কিন্তু সেই বিতর্ক, বিৰােধ বা দ্বন্দ্বৰ মাজত এটা মৈত্রী থাকিব লাগিব। বিতর্ক, বিৰােধ বা দ্বন্দ্বত লিপ্ত ব্যক্তিসকলৰ মাজত ইজনে সিজনক বুজিবলৈ এটা আতুৰতা, উৎসুকতা থাকিব লাগিব। এটা মুক্ত মন থাকিব লাগিব। তেতিয়া দুজন বিৰােধী মতাদৰ্শৰ ব্যক্তিৰ মাজৰ বিতর্কয়াে সঙ্গীত সৃষ্টি কৰিব পাৰে, সংবাদ সৃষ্টি কৰিব পাৰে, সমাজক সত্যৰ সন্ধান দিব পাৰে। কিন্তু সেই বিৰােধ বা বিতর্ক যদি অসহিষ্ণু পর্যায়ৰ হয়, এটা পক্ষই আনটো পক্ষৰ কথা যদি শুনিব নিবিচৰা হয়, ইজনৰ লগত যদি সিজনৰ কোনাে আন্তৰিক সম্বন্ধ নাথাকে, শ্রদ্ধা-সন্মান-শালীনতা আদিৰ কথা যদি দুয়ােপক্ষই পাহৰি পেলায়, তেনেহ’লে সেই বিৰােধ ধ্বংসাত্মক হৈ পৰে। সমাজক সত্যৰ সন্ধান দিয়াৰ পৰিৱর্তে তেনে বিৰােধে সমাজক বিপথেহে পৰিচালিত কৰে।

সকলাে ধৰণৰ বিৰােধ বা বিতর্কত জড়িত ব্যক্তিসকলে এই কথাখিনি অনুভৱ কৰিব পাৰিলে ভাল।

বিৰোধৰ মাজৰ ঐক্য | ডা° হেমন্ত কুমাৰ গোস্বামী

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক