সা ৱলীল ছন্দ আৰু সহজবোধ্যতাৰ পৰৱৰ্তী কালত অসমীয়া কবিতা কিছু ধীমান কবিৰ বৌদ্ধিক কচৰতৰ থলীত পৰিণত হৈ পৰিছিল। ঠিক একে ধৰণৰ কিছু বুদ্ধিমান পাঠকৰ বাহিৰে সাধাৰণ পাঠকৰ পৰা অসমীয়া কবিতা যেন ক্ৰমশঃ দূৰলৈ যাব ধৰিছিল। এনে সময়তে সাধাৰণ মানুহৰ মুখৰ মাত, বুকুৰ স্পন্দন আৰু আন্তৰিক দুহাত কবিতাৰ সোঁৱে-বাৱেঁ লৈ হাজিৰ হৈছিল এক তিৰবিৰ নক্ষত্ৰ— এক ৰণুৱা কবি— হীৰেন নামৰ কবি। হীৰেন ভট্টাচাৰ্য— হীৰুদা!
শব্দৰ প্ৰতি স্নেহ আৰু শ্ৰদ্ধাই হীৰেন ভট্টাচাৰ্যক প্ৰকৃতাৰ্থত খেতিয়ক কৰি তুলিছিল। তেখেতে নিজে কৈছে—
‘… মোৰ ভিতৰত এটা যেন খেতিয়ক,
মই শব্দবোৰ জিভাত দি চাওঁ কাৰ কি সোৱাদ,
হাতৰ তলুৱাত লৈ চাওঁ কিমান তপত,
মই জানো শব্দ মানুহৰ মহৎ সৃষ্টিৰ তেজঃদীপ্ত সন্তান,
মই সাধাৰণ কবি,
কান্ধ সলনি কৰি বৈ অনা মোৰ এই শব্দবোৰত
মানুহৰ নিদাৰুণ অভিজ্ঞতা,
বুৰঞ্জীৰ নিঠুৰ আঁচোৰ।’ (মোৰ এই শব্দবোৰ)
এই ব্যাখ্যাই হয়তো হীৰেন ভট্টাচাৰ্যক শুদ্ধ ৰূপত তুলি ধৰিছে। এই নিৰ্মোহ ব্যাখ্যাই হীৰেন ভট্টাচাৰ্যক ‘হীৰুদা’ কৰি তুলিছে। শ্ৰদ্ধাৰ, স্নেহৰ— আপোন হীৰুদা!
আধুনিক সময়ত অসমীয়া ভাষাৰ কালিকা হীৰুদাৰ কবিতাৰ ছত্ৰে ছত্ৰে প্ৰোজ্জ্বল হৈ আছে। হীৰুদাই জীৱনজোৰা সাধনাৰে প্ৰমাণ কৰি দিলে ভাষাৰ শক্তি নিহিত হৈ আছে সাধাৰণ মানুহৰ মুখৰ মাতত। সেই কাৰণেই হয়তো এজন আধুনিক কবি হৈয়ো হীৰুদা সকলোৰে ইমান প্ৰিয়— এই সাৰ্বিক জনপ্ৰিয়তা। আৰু সেই বাবেই হয়তো হীৰুদাৰ কবিতাৰ ইমান প্ৰয়োগ অথবা অপপ্ৰয়োগ—
‘দেশ বুলি ক’লে আদেশ নেলাগে
মোৰ তুমৰণি তেজত টগবগাই উঠে
এহেজাৰ এটা ৰণুৱা ঘোঁৰা!’
বা
‘মৃত্যুওতো এটা শিল্প
জীৱনৰ কঠিন শিলত কটা নিৰ্লোভ ভাস্কৰ্য!’!
অসংখ্য বিষয়ত অভিৰুচি আৰু দখলেৰে তেখেতক জনা আৰু তেখেতৰ বিষয়ে পঢ়াসকলৰ মাজত হীৰুদাই এক ব্যতিক্ৰমী আধুনিক মানুহ হিচাপে চিৰকাল সুকীয়া আসন লৈ থাকিব। নাট্য-চলচ্চিত্ৰবোদ্ধা, চিত্ৰকৰ, গীতিকাৰ, ‘পাঠে কবিতাৰ পূৰ্ণতা আনে’ বুলি প্ৰত্যয় যোৱা কবিৰ কাব্যপাঠ, সম্পাদনা, চলচ্চিত্ৰ সমালোচনা, সাংবাদিকতা আৰু অলেখ বুদ্ধিদীপ্ত কৌতুকেৰে সমৃদ্ধ হীৰুদাৰ ব্যৱসায়ৰ কাহিনী কোনে পাহৰিব পাৰে? আমি ব্যক্তিগতভাৱে চলচ্চিত্ৰ উৎসৱত দেখা পোৱা হীৰুদাৰ অখণ্ড মনোযোগৰ কথাই বা পাহৰোঁ কেনেকৈ?
নিজৰ জীৱনক অন্তিম মোক্ষম ব্যাখ্যা কৰি ৪ জুলাইৰ দিনা হীৰুদা গ’লগৈ—
‘… তিনি কুৰি বছৰ মোৰ কবিতাই ল’লে
সলনিত মোক টনকিয়াল কৰি গ’ল শব্দৰে…’ (ৰচনা কাল: জুন ২০১২)।
আমালৈ থৈ গ’ল—
‘চোৱা, তোমালোক কিমান শক্তিশালী আৰু সুৰীয়া ভাষাৰ গৰাকী’ বোলা সামৰ্থ্য আৰু স্বাভিমানৰ অনুভৱ! ‘এন্ধাৰতো জ্বলজ্বল/ পটপট…’।
হীৰুদাক প্ৰণাম!
এই লেখকৰ সকলো লেখা চাওক →HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক
পাঠকৰ মন্তব্য (0)
সদস্যৰ বিশেষ আলোচনা
এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।