সা হিত্য সাধনা, ব্যৱসায়, ৰাজনীতিৰ পাছত জীৱনৰ পাকচক্ৰত পৰি যেতিয়া সংবাদ পত্র প্রকাশৰ সৈতে পোনপটীয়াভাৱে জড়িত হৈ পৰিলো, তেতিয়া যিসকলৰ সহায়-সহযোগ, দিহা-পৰামর্শ অবিহনে আমাৰ এই যাত্রা সম্ভৱ নহ’ব বুলি অনুভৱ কৰিছিলো, সেইসকলৰ ভিতৰত মহিম বৰা আছিল অন্যতম। সেয়ে আমি নতুন কামটোত হাত দিয়েই সাহিত্যিকগৰাকীৰ সৈতে যোগাযোগ কৰিছিলো আৰু এই ক্ষেত্ৰত উপযুক্ত সঁহাৰি দি তেওঁ আমাক উৎসাহিত কৰিছিল, বাধিত কৰিছিল। প্রকৃততে এনে এটা কামত মহিম বৰাৰ দৰে ব্যক্তিৰ শুভাশিস নথকাটো যেন জোনত জোনাক অথবা নদীত ঢল নথকাৰ দৰে কথা, সেয়া ঠিকেই উপলব্ধি কৰিছিলো। এই উপলব্ধি আজিও কৰোঁ।
নগাঁৱত সাহিত্য চৰ্চাৰ এক দীঘলীয়া পৰম্পৰা আছে। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱেও ‘পূর্ব কবি অপ্রমাদী’ বুলি স্বীকাৰ কৰি যোৱা অসমৰ বাল্মিকী মাধৱ কন্দলী, অসমীয়া মানুহৰ উশাহে-নিশাহে সংপৃক্ত হৈ থকা শ্ৰীমন্ত শংকৰদেৱ নগঞা সাহিত্যিক। এয়া চতুর্দশ-পঞ্চদশ শতিকাৰ কথা। পৰৱৰ্তী সময়তো এই ধাৰা অব্যাহত থাকিল। নগাঁৱৰ আঁহতগুৰিত নাৱৰ বুকুত জন্মলাভ কৰিলে অসমীয়া চুটিগল্পৰ জনক সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই। কেৱল সেয়ে নহয়, অৰুণোদই যুগত আধুনিক অসমীয়া সাহিত্যৰ চর্চা কৰা তিনিজন প্রখ্যাত সাহিত্যিকৰ ভিতৰত দুজনেই আছিল নগঞা। জন্মসূত্রে গুৱাহাটীৰ হ’লেও আনন্দৰাম ঢেকিয়াল ফুকন আমৃত্যু নগাঁৱত আছিল। আপোন ঠাইতে ব্ৰিটিছে এঘৰীয়া কৰা অসমীয়া ভাষাটাে পুনৰ প্ৰচলনৰ বাবে ভাষাৰ শৰাইঘাটত লাচিতৰ ভূমিকা লৈছিল ঢেকিয়াল ফুকনে। অসমীয়া সাহিত্যৰ প্ৰথমখন আধুনিক নাটক ‘ৰাম-নৱমী’ৰ স্রষ্টা গুণাভিৰাম বৰুৱাইয়ো প্রায় কুৰি বছৰ নগাঁৱত থাকি সাহিত্য চর্চা কৰিছিল। আন নালাগে বিতাড়িত অসমীয়া ভাষা পুনৰ প্রতিষ্ঠাৰ বাবে যুঁজ দি সফল হোৱা খ্ৰীষ্টান মিছনেৰী ড° ব্ৰনছন, ড° নাথান ব্রাউনেও খুঁটি পুতিছিলহি নগাঁৱতে। সাহিত্যাচার্য অতুল চন্দ্র হাজৰিকা, ড° বিৰিঞ্চি কুমাৰ বৰুৱা, বুৰঞ্জীবিদ ড° সূর্য কুমাৰ ভূঞা, সাহিত্যাচার্য যজ্ঞেশ্বৰ শৰ্মা, ড° ভবেন্দ্ৰ নাথ শইকীয়া, শেৱালি কবি ৰত্নকান্ত বৰকাকতি, দেৱকান্ত বৰুৱা, নৱকান্ত বৰুৱা আদি বৰেণ্য কবি-সাহিত্যিক সকলো নগাঁৱৰে।
নগঞা কবি-সাহিত্যিকৰ সাহিত্য সাধনাৰ এই চহকী পৰম্পৰা আজিও অব্যাহত আছে আৰু ইয়াৰে নেতৃত্ব দিছে অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি, কাঠনিবাৰী ঘাটৰ স্রষ্টা, ৰঙা জিঞাৰ কবি মহিম বৰা, অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি ড° লক্ষ্মীনন্দন বৰা, গৱেষক যোগেন্দ্ৰনাৰায়ণ ভূঞা আদিয়ে। ড° লক্ষ্মীনন্দন বৰা সম্প্রতি মহানগৰীৰ বাসিন্দা যদিও মহিম বৰা কলংপাৰৰ সেই নিৰলা পঁজাতে থাকি গ’ল। ১৯২৪ চনত জন্ম লাভ কৰা মহিম বৰাৰ ৬ জুলাইত ওপজা দিন। নগাঁও সাহিত্য সভাই এইদিনটো উলহ-মালহেৰে পালন কৰি আহিছে। এবেলি আমিও সাহিত্যিক গৰাকীৰ জন্মদিন উপলক্ষে ‘দেওবৰীয়া অনুভূতি’ৰ বিশেষ সংখ্যা এটি প্রকাশ কৰি আনন্দৰ সমভাগী হৈছিলো। এইখিনিতে নগাঁৱত যে সাহিত্য চৰ্চাৰ এক সুস্থ, ঈর্ষণীয় পৰিৱেশ আছে তাৰ সমৰ্থনতে প্রসঙ্গক্রমে উল্লেখ কৰি থওঁ যে ১৯১৭ অসম সাহিত্য সভা গঠন হোৱাৰ সময়তে নগাঁৱতো নগাঁও সাহিত্য সভা গঠন হৈছিল।
সি যি কি নহওক, আমাৰ সম্পাদনাত যোৱা ব’হাগ বিহুৰ সময়ত প্রকাশ পোৱা বসন্ত বিশেষ ‘অনুভূতি’খন মহিম বৰাদেৱলৈ পঠিওৱাৰ পাছত তেওঁ এখন দীঘলীয়া চিঠিৰে প্রাপ্তি স্বীকাৰ কৰিছিল। চিঠিখনত তেওঁ কেইবাটাও গুৰুত্বপূর্ণ মন্তব্য আগবঢ়াইছে আৰু ইয়াৰ ভিতৰত অন্যতম হৈছে— “দেওবৰীয়া অনুভূতিখন, বঙলা ‘দেশ’ পত্রিকাৰ দৰেই গুৰুত্বপূর্ণ হোৱাৰ বাটত।” তেওঁৰ এই মন্তব্যই আমাক ব্যক্তিগতভাৱে আৰু কাকত গোষ্ঠীটোক কিমান উৎসাহিত কৰিছে, সেয়া ভাষাৰে প্রকাশ কৰিব নোৱাৰি। মহিম বৰাৰ দৰে এজন স্পষ্টবাদী, বৰেণ্য ব্যক্তিৰ এই স্বীকৃতিক আমি গুৰুত্ব সহকাৰে লৈছোঁ আৰু সম্পাদনাৰ ক্ষেত্ৰত পূর্বতকৈও অধিক দায়বদ্ধ হৈছোঁ।
যিখন কলঙৰ পাৰত বহি কবি দেৱকান্ত বৰুৱা, নৱকান্ত বৰুৱা, ৰত্নকান্ত বৰকাকতিয়ে কবিতা লিখিছিল, সেইখন কলং মহিম বৰাৰ বাবেও আছিল প্রেৰণাৰ উৎস। পিছে সৰুতে সাঁতুৰি-নাদুৰি ডাঙৰ হোৱা সেই কলং আজি নাই। সত্তৰৰ দশকৰ আৰম্ভণিতে চৰকাৰে বান্ধ দি মাৰি পেলোৱা মৃত শৰীৰটোলৈ চাই আজিও বিষাদৰ হুমুনিয়াহ কাঢ়ে মহিম বৰাই। কলঙক লৈয়ে ‘এখন নদীৰ মৃত্যু’ লিখা মহিম বৰাৰ এই হুমুনিয়াহ কেইবছৰমানৰ পূর্বে দূৰদৰ্শনৰ পৰ্দাত শুনিছিলো। কলঙৰ ওপৰত থকা দলঙত থিয় দি সেইদিনা মনৰ ক্ষোভ আবেগিকভাৱে প্রকাশ কৰিছিল সাহিত্যিকগৰাকীয়ে। আমাৰ মনত সাঁচ বহি ৰৈছিল। কেইবছৰমান পাছত যেতিয়া ঘটনাক্রমে আমি বাতৰি কাকত প্ৰকাশৰ সৈতে জড়িত হৈ পৰিলো, তেতিয়া কলঙক লৈ বিস্তৃত প্রতিবেদন যুগুত কৰিবলৈ কোৱা হ’ল। আমাৰ সাংবাদিকে কলঙৰ উৎসস্থলী হাতীমূৰাৰ পৰা আৰম্ভ কৰি দুয়োপাৰৰ অসংখ্য কৃষিজীৱী, মৎস্যজীৱীক লগ ধৰি চাৰিখন প্রতিবেদন প্রস্তুত কৰিলে আৰু এয়া প্রকাশে পালে। নগঞা কবি, সাহিত্যিক, বুদ্ধিজীৱী, ৰাজনৈতিক নেতাৰ উপৰি বিভিন্ন দল-সংগঠনৰ বিষয়ববীয়াৰ মন্তব্যও প্রতিবেদনত তুলি ধৰা হৈছিল। আনন্দৰ কথা এয়ে যে ‘আজিৰ দৈনিক বাতৰি’ৰ এই প্রতিবেদনৰ ভিত্তিতে কলঙৰ চহৰ অঞ্চলৰ সৌন্দর্য বৃদ্ধিৰ বাবে কোটিটকীয়া এক অভিলাষী আঁচনি গ্ৰহণ কৰা হয়। এই আঁচনি কেতিয়া ৰূপায়িত হয় তালৈহে আমি অধীৰ আগ্রহৰে বাট চাই ৰৈছো। আঁচনি ঘোষণাতে দায়িত্ব সামৰি নথৈ তৎকালেই ইয়াৰ ৰূপায়ণ কৰিলে বনমন্ত্রী নিশ্চয় শলাগৰ পাত্ৰ হ’ব।
মহিম বৰাৰ সাহিত্য সম্পর্কে কিবা মন্তব্য কৰিবলৈ যোৱাটো আমাৰ বাবে হ’ব অন্ধৰ হস্তী দৰ্শনৰ দৰে। সেয়ে তেনে ধৃষ্টতা নকৰো। তেওঁৰ গল্প, কবিতা, উপন্যাস আদিৰ বিষয়ে কেইবাজনো বিশিষ্ট লোকে আলোচনা কৰিছে আৰু যথাস্থানত সেইসমূহ প্রকাশ কৰা হৈছে। এজন সাধাৰণ পাঠক হিচাপে ইয়াকে কওঁ যে মহিম বৰাৰ সাহিত্যই আমাক বহু সময়ত দুখৰ বতাহতো হাউলি নপৰাকৈ ৰাখে। সেয়ে চাগৈ কোনোবা আপোনজন আৰু চিনাকি জনৰ বিয়োগত শোকসন্তপ্ত পৰিয়ালটোক সান্ত্বনা দিয়াৰ বাবে উচ্চাৰণ কৰোঁ মহিম বৰাৰেই কবিতা—
সোণালী-ৰূপালী মাছ, নীলা-বেঙুনীয়া মাছ জন্মৰে ৰঙীন মাছ ৰঙেৰে ৰঙীন মাছ আৰু অজস্র মৃত্যুৰে চেপা-খোকা-পল, দলঙাত ঘাট জাল, খেৱালিত ঘিলাধাৰী নৈৰ বুকুত তথাপি অমৰ হে মাছ, হে চিৰন্তন মাছ।
মৃত্যু চিৰন্তন যদিও আমি যুগ যুগ ধৰি জীয়াই আছে আৰু জীয়াই থাকিম। বুদ্ধৰ সৰিয়হ মুঠিৰ পাছত ইয়াতকৈ উপযুক্ত সান্ত্বনা বাণী আমি ক’তো বিচাৰি পোৱা নাই।
মহিম বৰা দীর্ঘজীৱী হওক, সুস্বাস্থ্যৰ অধিকাৰী হওক। সাহিত্যৰ আকাশত ধ্ৰুৱতৰা হৈ তেওঁ আমাক আজীৱন বাট দেখুৱাই যাওক। আমাৰ এয়াই কামনা।