নীলা চৰাই | অসমীয়া সাহিত্য, বাৰ্তা, আলোচনা

অসমীয়া সাহিত্য, বাৰ্তা আৰু আলোচনা

পাৰিজাত হৰণ আৰু শ্রীকৃষ্ণৰ মানৱায়ন

পাৰিজাত হৰণ আৰু শ্রীকৃষ্ণৰ মানৱায়ন

সি দিনা দ্বাৰকাৰ ওচৰৰ ৰৈবতক পৰ্বতত এটি উৎসৱৰ আয়োজন চলি আছিল। স্বামী শ্ৰীকৃষ্ণৰ কল্যাণ কামনাৰে মহাৰাণী ৰুক্মিণী দেৱীয়ে কৰি থকা ব্ৰত-উপবাসৰ অন্ত পৰিছে। ব্ৰাহ্মণসকলক ভোজন কৰোৱা হ’ল, কৃষ্ণই নিজহাতে তেওঁলোকক দান-দক্ষিণা দিলে। আত্মীয়-স্বজন, বন্ধু-বান্ধৱ সকলোৰে সৈতে এই আনন্দ উৎসৱ উপলক্ষে লগালগি হল। বৃষ্ণি, কুকুৰ আৰু যদুবংশীয় বহুজন আহিল। সকলোকে কৃষ্ণই নিজহাতে কিবাকিবি উপহাৰ প্ৰদান কৰি সন্তুষ্ট কৰিলে। ৰাজনীতি, কূটনীতি, হত্যা আদিৰ পৰা মানসিকভাৱে সকলোৱে আঁতৰি থাকি বিশেষ দিনটোৰ আনন্দ উপভোগ কৰাত ব্যস্ত। সত্যভামাৰ লগত বেছিকৈ সময় কটোৱা বাবে বা তেওঁক বেছিকৈ গুৰুত্ব দিয়া বাবে যিসকলে কৃষ্ণৰ বদনাম গাই থাকে, তেওঁলোকেও নিজ চকুৰে দেখা পাই আছে কিদৰে কৃষ্ণই মহাৰাণী ৰুক্মিণীৰ সৈতে একেলগে বহি আছে।

এনেতে সেই আনন্দ-উৎসৱত কৃষ্ণ আৰু ৰুক্মিণীক শুভেচ্ছা জনাবলৈ নাৰদ আহি উপস্থিত হ’ল। তেওঁৰ হাতত অত্যন্ত ধুনীয়া এথোপা মন্দাৰ মঞ্জৰী— দেৱ পাৰিজাত ফুল। ৰূপ আৰু গোন্ধেৰে আমোলমোলাই থকা সেই পাৰিজাত ফুলৰ থোপাটো আথেবেথে তেওঁ কৃষ্ণৰ হাতত তুলি দিলে। এনে সুন্দৰ উপহাৰ পাই কৃষ্ণৰ মুখত সন্তুষ্টিৰ হাঁহি বিৰিঙিল। তেওঁ সেই দেৱপুষ্প কাষতে বহি থকা মহাৰাণী ৰুক্মিণীৰ হাতত তুলি দিলে। কেৱল তুলি দিয়াই নহয়,— দদৌ কৃষ্ণেংগিতানুগা, চকুৰ ঠাৰেৰে সেই ফুল তেওঁৰ খোপাত পিন্ধি ল’বলৈ ইংগিত দিলে।

বহুদিন উপবাস কৰি ৰুক্মিণীৰ ক্ষীণ হৈ পৰা চেহেৰা ব্ৰত-উপবাসৰ মাহাত্ম্যৰে দ্বিগুণে স্নিগ্ধ হৈছিল, তাতে মহাৰ্ঘ্য দেৱপুষ্পই তেওঁক বহুগুণে সুন্দৰী কৰি তুলিলে, ৰূপ যেন ফাটি পৰিছে, এনে লাগিল। গোটেই ঘটনাটো আঁৰচকুৰে নাৰদে চাই আছিল। এইবাৰ তেওঁ ক’বলৈ ধৰিলে— ‘মই আজিহে গম পালো, কৃষ্ণৰ সকলো মহিষীতকৈ তুমিয়ে তেওঁৰ প্ৰিয়তমা। দেৱৰো দুৰ্লভ এই পুষ্প তেওঁ তোমাক প্ৰদান কৰি এয়াই প্ৰমাণ কৰিলে যে তুমিয়ে হ’লা তেওঁৰ সকলো মহিষীৰ ভিতৰত শ্ৰেষ্ঠ। সত্ৰাজিতৰ জীয়েক সত্যভামাই তেৱেঁ কৃষ্ণৰ প্ৰিয়তমা মহিষী বুলি যিমানে বাহাদুৰি নকৰক কিয় আজি কৃষ্ণই তেওঁৰ সেই অহংকাৰ ধূলিত মিহলি কৰি দিলে। জাম্বৱতী, গান্ধাৰী আদিয়েও তোমাৰ ওচৰত কোনোদিনে আৰু মূৰ তুলি কথা ক’ব নোৱাৰিব। অবমানৱসেকেন ত্বয়া সিক্তাদ্য ভামিনী,— সকলো সতিনীৰ অহংকাৰ তুমি চূৰ্ণ কৰি দিলা। আজিহে মই বুজিলো, কৃষ্ণৰ দ্বিতীয় আত্মাই হ’লা তুমি— আত্মা দ্বিতীয়ঃ কৃষ্ণস্য ভোজে ত্বমিতি ভামিনী।’

নাৰদৰ মুখত এনে প্ৰশংসা শুনি ৰুক্মিণীৰ হিয়াত আনন্দই নধৰা হল। কথা সিমানতে শেষ হোৱা হ’লে ভালেই আছিল। পিছে নহ’ল। বৰং ই নতুন এক জটিলতাৰহে সৃষ্টি কৰিলে। সত্যভামাকে আদি কৰি কৃষ্ণৰ আন মহিষীসকলৰ অনুচৰী, দাসীসকলো উৎসৱ উপলক্ষ্যে তাতে ইফাল-সিফালকৈ ঘূৰি ফুৰিছিল। কথাষাৰ তেওঁলোকেও শুনিলে। কৃষ্ণই উপহাৰ দিয়া পাৰিজাত ফুল পিন্ধি অত্যন্ত ধুনীয়া হৈ পৰা ৰুক্মিণীৰ ৰূপৰ প্ৰশংসা কৰা বহুজনৰ পৰাও শুনিলে। যাৰ যি স্বভাৱ, কথাতে কয়— কাম নথকা অলস প্ৰকৃতিৰ লোকে, সেয়া পুৰুষেই হওক বা মহিলাই হওক, পৰনিন্দা-পৰচৰ্চাকে জীৱনৰ উল্লেখযোগ্য কৰ্তব্য হিচাপে লৈ মানসিক সন্তুষ্টি লাভ কৰে। মনোবিজ্ঞানীসকলৰ মতে, ক’ৰবাত কিবা অপ্ৰাপ্তিৰ ক্ষোভ বা ঈৰ্ষা আদিৰ বহিৰ্প্ৰকাশেই হ’ল এই অভ্যাসৰ গুৰি। যিয়েই নহওক, সেই প্ৰসংগ এৰি আমি কৃষ্ণৰ মহিষীসকলৰ অন্তেষপুৰত ভুমুকি মাৰি থকা অনুচৰী আৰু দাসীসকলৰ কাৰ্যকলাপে নো কি অঘটন ঘটাবলৈ গ’ল, সেই প্ৰসংগলৈ আহোঁ।

ৰুক্মিণীৰ ওচৰত বহি কৃষ্ণই বৰ আদৰেৰে তেওঁক দেৱপুষ্প পাৰিজাত উপহাৰ দিলে। সেই পাৰিজাত পিন্ধা ৰুক্মিণীক নাৰদে কৃষ্ণৰ দ্বিতীয় আত্মা বুলি কোৱাত ৰুক্মিণী কেনেকৈ গপত ওফন্দি উঠিল, সেই সকলো বৃত্তান্ত এগুণক দহ গুণ কৰি তেওঁলোকে কৃষ্ণৰ আন মহিষীসকলৰ আগত বৰ্ণাবলৈ ধৰিলে। পিছে সেইসকলৰ বহুতেই ৰুক্মিণী বা সত্যভামাৰ সমান বুলি নিজকে কেতিয়াও ভবা নাই, তাৰ প্ৰধান কাৰণ হয়তো এনেকুৱা হ’ব পাৰে যে ৰুক্মিণী মহাৰাণীৰ আসনত আছে, তাতে প্ৰদ্যুন্মৰ নিচিনা ৰূপবান, গুণবান আৰু বীৰপুত্ৰৰ জননী তেওঁ। আনহাতে কৃষ্ণই বেছিভাগ সময়তে অলৈ-তলৈ যাওঁতে, আনকি নৰকাসুৰ বধৰ বাবে প্ৰাগজ্যোতিষপুৰলৈ যাওঁতেও গৰুড় চৰাইৰ পিঠিত নিজে বহি কোলাত সত্যভামাক বহুৱাই যুদ্ধ কৰিবলৈ গৈছিল— অংকে নিধায় দয়িতামিঃ সত্যভামাম্। ‘নৰকাসুৰ বিজয় ব্যায়োগ’ নামেৰে জৈন ধৰ্মসুৰীয়ে লিখা নাটকত সেই বুলিয়ে চিত্ৰিত কৰা হৈছে তেওঁক, তেনে ক্ষেত্ৰত আনসকল মহিষীয়ে এই দুগৰাকীৰ লগত সমানে ফেৰ মাৰিবলৈ ওলাই আহি কৃষ্ণৰ অপ্ৰিয় হ’ব নিবিচৰাটোৱে স্বাভাৱিক।

পিছে আনৰ ক্ষেত্ৰত যি হওক বা নহওক, আমাৰ সত্যভামাই হ’লে কথাষাৰ বৰ সহজভাৱে মানি ল’ব নোৱাৰিলে। তাৰ কাৰণো নথকা নহয়, কোনোবা দুৰ্বল মুহূৰ্তত শ্ৰীকৃষ্ণই কৈ থৈছিল— ‘জোনৰ জোনাক, সূৰ্যৰ তাপ আৰু জুইৰ দীপ্তি যেনেকৈ স্বাভাৱিক, তেনেকুৱাই তোমালৈ মোৰ প্ৰেম। মই তোমাৰ চিৰভক্ত।’ তেন্তে? অভিমানিনী বুলি ইতিমধ্যে পৰিচিত সত্যভামাৰ অভিমান কিয় উথলি নুঠিব? উঠিল আৰু সেই মুহূৰ্ততে পিন্ধি থকা ধুনীয়া সেন্দূৰ বৰণীয়া বস্ত্ৰ আৰু অলংকাৰসমূহ সোলোকাই তেওঁ অতি সাধাৰণ এখন বগা বস্ত্ৰ পিন্ধিলে, অলংকাৰৰ সলনি মূৰত ল’লে এখন বগা কাপোৰ আৰু কপালৰ কেউপিনে ৰঙা চন্দনৰ আঁক— বদ্ধা ললাটে হিমচন্দ্ৰ শুক্লং। দুকুল পট্টং প্ৰিয় ৰোচ চিহ্নম্— হাতত থকা পদুম ফুলপাহ মুচৰি পেলালে আৰু ৰৈবতকৰ ৰোহঘৰত সোমাই দীঘলকৈ হুমুনিয়াহ কাঢ়িবলৈ ধৰিলে।

ইফালে দাসীসকলো বহি থকা নাছিল। তেওঁলোকে গৈ নাৰদ আৰু ৰুক্মিণীৰ সৈতে বহি থকা কৃষ্ণক সকলো কথা কৈ দিলেগৈ; অৱশ্যে নাৰদ আৰু ৰুক্মিণীয়ে নুশুনাকৈ। ইফালে নাৰদে ৰুক্মিণীক প্ৰশংসা কৰি সপত্নী সকলোতকৈ তেওঁ যে শ্ৰেষ্ঠ আৰু সত্ৰাজিত কন্যা সত্যভামাই যে আজি এক শিক্ষা পাব— অদ্য সাত্ৰাজিতী দেৱী জ্ঞাস্যতে বৰবৰ্ণিনী ইত্যাদিৰে উচটাই আছেই। দাসীসকলৰ মুখেৰে ৰোহঘৰৰ বাতৰি পাই কৃষ্ণই আঁৰচকুৰে পৰিস্থিতি অধ্যয়ন কৰিলে। তাৰ পাছত নাৰদৰ সৈতে ৰুক্মিণীয়ে আনন্দ মনে কথা পাতি থকা দেখি লাহেকৈ তাৰ পৰা উঠি আহিল।

জীৱনত বিভিন্ন নাৰীৰ সংস্পৰ্শলৈ আহি নাৰীৰ স্বভাৱ-চৰিত্ৰ, ভালপোৱা-বেয়াপোৱা আদিৰ বিষয়ে কৃষ্ণৰো কম অভিজ্ঞতা হোৱা নাই। দেৱৰাজ ইন্দ্ৰইতো কথা প্ৰসংগত এবাৰ আওপাকে কৃষ্ণক পত্নীসকলৰ আঁচলত ধৰি থকা বা ‘স্ত্ৰীজিতং’ বুলিও ভৰ্ৎসনাৰ সুৰত কৈ থৈছে— ‘অহো তং মৰ্ষয়িস্যামি কিমৰ্থং স্ত্ৰীজিতং হৰিম?’ গতিকে পত্নীসকলকে হওক বা আন নাৰীকে হওক, কোননো কেনেকৈ সন্তুষ্ট হ’ব পাৰে বুজি পাবলৈ বৰ বেছি সময়ৰ প্ৰয়োজন নহয় কৃষ্ণৰ। পিছে পোনে পোনেই হ’লে তেওঁ আহি ৰোহঘৰত নোসোমাল। যিসকলে বিভিন্ন সময়ত কৃষ্ণৰ কথা-কাণ্ডবিলাক অধ্যয়ন কৰিছে, তেওঁলোক নিশ্চয় এই কথাত একমত হ’ব যে যেতিয়াই কিবা সমস্যাৰ উদ্ভৱ হয় আৰু সেই সমস্যা সমাধানৰ বাবে শ্ৰীকৃষ্ণ যাবলগীয়া বা নিজকে জড়িত কৰিবলগীয়া হয়, তেতিয়া পোনে পোনে তালৈ নাযায় তেওঁ। ওচৰ-পাজৰৰ মানুহ বা সেই সমস্যা সৃষ্টি কৰাসকলৰ সৈতে ঘনিষ্ঠ লোকসকলৰ বিষয়েহে তেওঁ প্ৰথমতে তদন্ত কৰি তথ্য সংগ্ৰহ কৰি আগবাঢ়ে। এই ক্ষেত্ৰতো সেইটোকে কৰিলে তেওঁ। মহিষীসকলৰ দাসী, অনুচৰীসকলৰ পৰা সকলো খা-খবৰ বিতংকৈ লৈ তেওঁ গান্ধাৰী, জাম্বৱতী, চন্দ্ৰাৱলী সকলোকে দেখা কৰিলে, তাৰ পাছত স্থিৰ নিশ্চিত হ’ল যে এইসকলে কোনো ক্ষোভ বা ঈৰ্ষা প্ৰকাশ কৰা নাই, বৰং মহাৰাণী আৰু এটি সুন্দৰ পুত্ৰৰ মাতৃ বাবে ৰুক্মিণীৰ মৰ্যাদা তেওঁলোকতকৈ অলপ বেছি বুলিয়ে ভাবে। তেন্তে থাকিলগৈ সত্যভামা— অৰ্থাৎ প্ৰতিপক্ষৰ দল গধুৰ নহয়। অলপ মৰম-চেনেহ, মান-অভিমান চলিব, পিছে পৰিস্থিতি নিয়ন্ত্ৰণাধীন কৰিবলৈ তেওঁৰ বাবে বেছি পৰ নালাগে। প্ৰতিগৰাকী পত্নীৰ মানসিকতাৰ সৈতে তেওঁ ভালদৰে পৰিচিত। আৰু কৃষ্ণইতো তাকেই বিচাৰে। আচলতে তেতিয়াৰ পুৰুষসকলৰ বাবে বহু পত্নীৰ প্ৰথা দূষণীয় নাছিল আৰু পত্নীসকলে বা নাৰীসকলেও সৰুৰে পৰাই তেনে পৰিৱেশ-পৰিস্থিতি দেখি-শুনি সেয়া একো দূষণীয় নহয়, বৰং সামাজিক ৰীতি বুলিয়ে অভ্যস্ত হৈ পৰিছিল। তাতে আকৌ কৃষ্ণৰ দৰে এজনৰ পক্ষে নাৰীৰ অভাৱতো নাছিলেই, বৰং ভেৰাইটিৰ অভাৱো নাছিল। আনকি বাটেৰে গৈ থাকোঁতে লগ পোৱা কুব্জা নামৰ কুঁজ পিঠিত লৈ ফুৰা নাৰীগৰাকীকো মুখচুপতিৰ লগতে ভৰিত নিজ ভৰিৰে হেঁচা মাৰি ধৰি ফিজিওথেৰাপিৰে হওক বা বৰদানেৰে হওক, বেঁকা হৈ পৰা পিঠি চিধা কৰি দিছিল।

নাৰীৰ স্বকীয় কিছুমান মান-অভিমানৰ ক্ষেত্ৰ থাকে, ব্যক্তিত্বৰ প্ৰকাশ থাকে; থাকে স্বাভিমানৰ এক গোপন ক্ষেত্ৰ— য’ত আঘাত লাগিলে নাৰীয়ে কেতিয়া কি ৰূপ ধাৰণ কৰিব পাৰে কোৱাটো টান। সত্যভামাই কথা বৰকৈ নকয়, মিঠা হাঁহিৰে প্ৰতিকূল পৰিৱেশ এৰাই চলিও নীৰৱ বাঙ্ময়তাৰে কথাখিনি কৈ পেলায়। সেয়া বুজাই বুজে, জনাই জানে আৰু কৃষ্ণতকৈ বেছিকৈনো কোনে সেই বিষয়ে জানিব? নাৰীক ৰহস্যময়ী বুলি কোৱা হয় বা কেতিয়াবা নাৰী চৰিত্ৰ জটিল বুলি কোৱা শুনা যায় হয়তো সেইবাবেই।

শ্ৰীকৃষ্ণ আহি অৱশেষত সত্যভামাৰ ওচৰ পালেহি। লাহে লাহে সংকোচে, সাৱধানে তেওঁ সত্যভামাক লগ পাবলৈ ৰোহঘৰত ভুমুকি মাৰিলে। কেউপিনে থেঁতালি সিঁচৰতি কৰি পেলোৱা পদুমৰ পাহিবোৰ, দলিয়াই পেলোৱা চন্দনৰ বাটি, পিন্ধনত বগা কাপোৰ, মূৰত বগা পটি— যিবিলাক সত্যভামাৰ খঙৰ বহিৰ্প্ৰকাশ বুলি কৃষ্ণই অতদিনে দেখি আহিছে, সকলো হুবহু একে। পাৰ্থক্য কেৱল আনদিনা খং উঠিলে, অভিমান হ’লে তেওঁ দীঘল দীঘল হুমুনিয়াহ কাঢ়ি বহি থাকে আৰু সিদিনা বিছনাখনতে উবুৰি হৈ কান্দি আছে। তেওঁৰ অপৰূপা শৰীৰটো কান্দোনৰ বেগত বাৰে বাৰে কঁপি উঠিছিল। ওৰণিৰ তলৰ চকুযুৰিয়ে ৰক্তপলাশকো লাজত পেলাইছিল।

লাহে লাহে কোঠালিত সোমাল কৃষ্ণ। তেওঁৰ গাত তেতিয়াও পাৰিজাতৰ তীব্ৰ গোন্ধ। উভতি কৃষ্ণৰ ফালে মুখ কৰি দুয়োহাতে নিজৰ চকুযোৰ ঢাকি ধৰিলে সত্যভামাই। দুচকুৰে লোতক সৰি পৰিল। মুকুতা বিন্দুৰ দৰে সেই চকুলো দুয়োহাতেৰে আঁজলি পাতি ধৰিলে কৃষ্ণই। ‘তুমি ইমানকৈ কান্দিছা কেলেই? তোমাক ইমান শেঁতা পৰা যেন দেখা গৈছে! সদায় ৰঙা নাইবা সোণোৱালী বৰণৰ ধুনীয়া বস্তু পিন্ধা মোৰ সৰ্বশ্ৰেষ্ঠা পত্নী তুমি, কেলেই এইদৰে বগা মলিন সাজ পিন্ধিছা প্ৰিয়ে?’

সত্যভামাই মুখেৰে একোকে নেমাতি হাঁহিলে। এই নাৰীৰ এনেকুৱা হাঁহি যে সহজবোধ্য হাঁহি নহয়, আনন্দৰ উৎসমুখৰ পৰা ওলাই অহা সৰলা নাৰীৰ পতিপ্ৰেমৰ হাঁহি নহয়, সেয়া নো স্বামী কৃষ্ণক আন কোনোবাই কৈ দিব লাগেনে? গতিকে চতুৰ কৃষ্ণই, ফ্লাৰ্ট কৰাত ত্ৰিভুৱনত কোনো সমকক্ষ হ’ব নোৱৰা কৃষ্ণই আন বাটেৰে আগবাঢ়িবলৈ চিন্তা কৰিবলগীয়া হ’ল। অভিমান এইবাৰ তেওঁৰহে ওলোটাই।

‘মই কি এনেকুৱা ভয়ংকৰ দোষ কৰিলো দেৱী যে তোমাৰ একান্ত ভক্তক তুমি এনেদৰে কষ্ট দিছা?’ অৰ্থাৎ পাৰিজাতৰ প্ৰসংগটো সোনকালে ওলাওক। ওলালেহে নিজকে দোষমুক্ত কৰিব পৰাকৈ নানা যুক্তি দি, মান-অভিমান দিয়া-নিয়াৰে সত্যভামাৰ মনটো পুনৰ স্বাভাৱিক কৰিব পাৰিব তেওঁ। গতিকেই এই কৌশল।

‘চোৱাচোন বাৰু, মোৰ যে বহুকেইগৰাকী পত্নী, সেয়াতো মোৰ দোষ নহয়। কৰ্তব্য কৰ্ম বুলিয়ে সকলোকে স্বামী হিচাপে যিখিনি মৰম-আদৰ কৰিব লাগে, সেইখিনি মই সদায়ে অটুট ৰাখোঁ যাতে কোনেও মনত দুখ নাপায়; কিন্তু তুমিতো জানাই, মই সকলোতকৈ তোমাক বেছি মৰম কৰোঁ, প্ৰশ্ৰয় দিওঁ। আন কোনেও মোৰ পৰা সিমানখিনি নাপায়— স্নেহশ্চ বহুমানশ্চ ত্বামৃতেহন্যাসু নাস্তি মে। আনকি মোৰ মৃত্যুৰ পাছতো তোমালৈ থকা মোৰ এই প্ৰেমৰ এচুলিমানো হেৰফেৰ নহয়— নৈব ত্বাং মদনো জহ্যান্মতেহপি ময়ি মামকঃ, মোৰ মৃত্যুৰ পাছতো তোমালৈ থকা মোৰ এই মত্ততা (মদ-মদন-মত্ততা) কেতিয়াও শেষ হৈ নাযায়।’ অৰ্থাৎ আনসকল মহিষীতকৈ সত্যভামাৰ মৰ্যাদা যে কৃষ্ণৰ চকুত বহু বেছি, তাকেই তেওঁ ন দি কলে। কৃষ্ণৰ বিশাল ব্যক্তিত্ব, আনকি অনুনয় আৰু যুক্তি সকলোখিনিকে নিজৰ বৈদগ্ধতাৰে অনুভৱ কৰে সত্যভামাই, কিন্তু তথাপি চকুপানী মচি এইবাৰ লাহেকৈ তেওঁ উত্তৰ দিলে— ‘ময়ো ইমানদিনে সেই বুলিয়ে ভাবিছিলো, আজিহে নতুনকৈ অনুভৱ হৈছে যে মোৰ প্ৰতি থকা তোমাৰ ভালপোৱা কেৱল বাহিৰে বাহিৰেহে, নহ’লেনো বাৰু তোমাৰ উপস্থিতিত মোৰ বিষয়ে ইমান বেয়াকৈ মন্তব্য দিব পাৰেনে কোনোবাই! ৰুক্মিণীক মই ঈৰ্ষা, হিংসা, দ্বেষ একোকে নকৰোঁ, তেওঁ ভালে থাকক, সুখেৰে থাকক; কিন্তু মোৰ বিষয়ে অপমানজনক মন্তব্য শুনিও তুমি কিয় বাৰু… ?’ সত্যভামাৰ দুনয়ন পুনৰ সজল হৈ পৰিল।

‘মই নিজকে সকলো সপত্নীতকৈ সৌভাগ্যৱতী বুলি ভাবি সদায় বৰ গৰৱেৰে আছিলো। হে হৰি, তুমি মোৰ এই গৌৰৱ নাশ কৰি দেৱপুষ্প দান কৰিলা ৰুক্মিণীকহে। মই বাৰু কেনেকৈ এতিয়া জগতত মুখ দেখুৱাম! সকলোৰে বাবে আজিৰে পৰা মই হাঁহিয়াতৰ পাত্ৰীহে হ’লো। নাৰদে বাৰু তোমাক ফুলখিনি প্ৰদান কৰিলেই, তুমি ৰুক্মিণীক দিলা, সেয়াও মই সহ্য কৰিলো, তাৰ বাবে একে আপত্তি নদৰ্শাওঁ; কিন্তু তুমিতো জানা, এই ত্ৰিজগতত তোমাতকৈ বেছি আৰু কাকো ভাল নাপাওঁ মই, তেন্তে মোৰ নামটো কিয় বাৰে বাৰে দেৱৰ্ষি নাৰদে ইমান অপমানেৰে উচ্চাৰণ কৰিলে প্ৰভু?’

কৃষ্ণই দেখিলে পৰিস্থিতি ক্ৰমাৎ বিষমৰ পৰা বিষমতৰলৈ যাবলৈ ধৰিছে, তেওঁ আৰু এষাৰ কথা ভালদৰেই জানে যে কোনো নাৰীয়ে কেতিয়াও আন নাৰীৰ সৈতে তেওঁৰ তুলনা কৰাটো ভাল নাপায় আৰু দাম্পত্য প্ৰেম ৰক্ষা কৰিবলৈ হ’লে দুই-এষাৰ মিছা কথা (অমৃতভাষণ) ক’লেও সেয়া একো দূষণীয় নহয়। গতিকে এইবাৰো কৃষ্ণই কৌশলৰ আশ্ৰয় লৈ পথ সলালে পুনৰ।

‘তুমিতো জানাই প্ৰিয়া, মই তোমাৰ বাবে কিমান চিন্তা কৰোঁ। তোমাৰ একনিষ্ঠ ভক্ত মই, নাৰদে মোলৈ অনা পাৰিজাত মই তোমাক দিম বুলিয়ে মনতে ভাবিছিলো; কিন্তু দেৱৰ্ষিৰ সন্মুখতে সেয়া ৰুক্মিণীয়ে বিচাৰিলে যে মই মোৰ আৰু তেওঁৰ সন্মান ৰাখিবলৈ তথা স্বামী হিচাপে থকা উদাৰতাৰ বাবেহে বাধ্য হৈ তেওঁক দিবলগীয়া হ’ল। প্ৰিয়ে, তুমি মুঠেও চিন্তা নকৰিবা, ৰুক্মিণীক এপাহ পাৰিজাত ফুলহে দিয়া হৈছে, তোমাৰ বাবে মই সমগ্ৰ গছজোপাকে উঘালি আনি তোমাৰ চোতালত ৰুবৰ ব্যৱস্থা কৰিম। তুমি প্ৰসন্ন হোৱা দেৱী।’

এইবাৰহে সত্যভামাৰ মুখত হাঁহি বিৰিঙিল। পিছে পাৰিজাত ফুলৰ গছজোপা ইন্দ্ৰৰ নন্দন কাননতহে আছে। সমুদ্ৰ মন্থনৰ সময়ত সাগৰৰ তলিৰ পৰা অমৃত, গৰল, লক্ষ্মীদেৱী, চন্দ্ৰ, পাৰিজাতৰ গছ আদি যিবিলাক বস্তু ওলাই আহিছিল, সেয়া পৃথিৱীৰ বাবে, পৃথিৱীবাসীৰ ভোগৰ বাবেহে। সকলোৰে সম্পদ সেয়া। এই বিষয়ত পিছে বিষ্ণু পুৰাণ আৰু হৰিবংশৰ মাজত মতভেদো আছে।

কিছুদিনৰ পাছৰ কথা। সত্যভামা আৰু শ্ৰীকৃষ্ণ দেৱমাতা অদিতিৰ ওচৰলৈ গৈছিল। নৰকাসুৰে এসময়ত দেৱতাসকলক পৰাজিত কৰি দেৱমাতা অদিতিৰ কাণৰ কুণ্ডলযোৰ কাঢ়ি আনিছিল। নৰকাসুৰক পৰাজিত কৰি কৃষ্ণই পুনৰ সেই কুণ্ডল কাঢ়ি আনি দেৱমাতাক ওভোতাই দি তেওঁৰ আশীৰ্বাদ ল’বলৈ গৈছিল। লগত আছিল সত্যভামা। সেই যাত্ৰাতে অদিতিয়ে সত্যভামাক চিৰযৌৱনা হ’বলৈ বৰ দিছিল। ইন্দ্ৰানী শচীদেৱীক মাত লগাবলৈ যাওঁতে শচীদেৱীয়ে পাৰিজাত গছৰ পৰা ফুল ছিঙি আনি সত্যভামাক দেখুৱাই নিজৰ চুলিত পিন্ধি লৈছিল যদিও অতিথিৰ মৰ্যাদা ৰক্ষা কৰিবলৈ বুলি এপাহ ফুলো সত্যভামাক যঁচা নাছিল। গতিকে নন্দন কাননত যেতিয়া পাৰিজাতৰ গছজোপা দেৱৰো দুৰ্লভ ফুলেৰে সুশোভিত হৈ থকা দেখিলে, তেতিয়া সত্যভামাই কৃষ্ণক তেওঁৰ পূৰ্বৰ প্ৰতিশ্ৰুতিৰ কথা মনত পেলাই দিলে। পত্নীৰ আগত কৰা অংগীকাৰ ৰক্ষা কৰিব নোৱাৰিলে ক’ত বাৰু মান-সন্মান থাকে কৃষ্ণৰ! তাতে সত্যভামাক শচীদেৱীয়ে কৰা অপমান কৃষ্ণই নিজ চকুৰে দেখিলে। আকৌ সত্যভামাৰ অপমান! কৃষ্ণৰ সন্মুখতে! কাৰণটোও একেই, দেৱপুষ্প পাৰিজাত। গতিকে নন্দন কাননৰ পৰা পাৰিজাতৰ গছডালকে উভালি আনিবলৈ গল স্বয়ং কৃষ্ণ।

নন্দন কাননৰ ৰখীয়াসকল কৃষ্ণৰ কাণ্ড-কাৰখানা দেখি লৰি আহিল। ‘এয়া আপুনি কি কৰে দেৱ! এয়া দেৱৰাজৰ নন্দন কানন। ইন্দ্ৰানী শচীদেৱীৰ কেশৰ শোভা বঢ়াবলৈকে ইয়াত দেৱপুষ্প পাৰিজাত ৰখা হৈছে। ইয়াক সহজে আপুনি নিব নোৱাৰিব। নিলেও কিমান সময়লৈ ৰাখিব পাৰিব আমি হ’লে ক’ব নোৱাৰোঁ। শচীমাতাই এই পাৰিজাতৰ অধিকাৰ সহজে এৰি নিদিয়ে আৰু এই দেৱপুষ্প কোনো মানুহৰ বাবে নহয়, দেৱ-দেৱীসকলৰ বাবেহে, মাতা শচীয়ে তাকে কৈছে। তদুপৰি দেৱৰাজেও শচীমাতাৰ মৰমৰ এই গছজোপা উদ্ধাৰ কৰি আনিবলৈ প্ৰয়োজন হ’লে যুঁজ কৰিব।’

পিছে কৃষ্ণও জানো সহজে এৰা বিধৰ! ইন্দ্ৰতকৈ তেওঁ যে শ্ৰেষ্ঠ, সেয়া প্ৰমাণ কৰিবলৈ এয়াই উপযুক্ত সময় নহয় জানো? সেয়ে পাৰিজাত হৰণ কৰি ইন্দ্ৰতকৈ যে তেওঁ শ্ৰেষ্ঠ সেয়া প্ৰমাণ কৰি সত্যভামাৰ ওচৰত মান ৰখাৰ লগতে পত্নীৰ তুষ্টি সাধন কৰিলে।

প্ৰসংগ-সূত্ৰ:
১. ছচিয়েল হিষ্টি অৱ ইণ্ডিয়া
২. উপনিষদ
৩. ঋগ্বেদ
৪. বৃহদাৰণ্যক উপনিষদ
৫. অভিজ্ঞান শকুন্তলম্
৬. পৰাশৰ স্মৃতি
৭. নৈষদ চৰিত
৮. মহাভাৰতেৰ অষ্টাদশী, নৃসিংহ প্ৰসাদ ভাদুৰী
৯. কুমাৰ সম্ভৱ
১০। পদ্মপুৰাণ
১১। দেৱীভাগৱত পুৰাণ
১২। মহাভাৰত

ছবি: ৰুক্মিণী, সত্যভামা আৰু গৰুড়ৰ সৈতে শ্ৰীকৃষ্ণ। ভাস্কৰ্য, তামিলনাডু, ১২-১৩ শতিকা। উৎস: LACMA (Public Domain) এই লেখকৰ সকলো লেখা চাওক →
পাৰিজাত হৰণ আৰু শ্রীকৃষ্ণৰ মানৱায়ন | জয়শ্ৰী গোস্বামী মহন্ত

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক

পাঠকৰ মন্তব্য (0)

কেৱল সদস্য আৰু লেখকৰ বাবে

সদস্যৰ বিশেষ আলোচনা

এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।

মন্তব্যসমূহ লোড হৈ আছে...