শেৱালি কবি ৰত্নকান্ত বৰকাকতীৰ শিশু উপযোগী কবিতা: মহাপুৰুষ [সম্পূৰ্ণ পাঠ আৰু আবৃত্তি]
সম্পাদনা কক্ষ 05 Jun, 2020
মহাপুৰুষ
কবি: ৰত্নকান্ত বৰকাকতী (১৮৯৭-১৯৬৩)
আবৃত্তি: দোকমোকালি গোস্বামী (৭ বছৰ)
আমাৰ দুজন মহাপুৰুষ
দুজন মাথোঁ হেৰা,
এজন সূর্য, এজন চন্দ্র
অসম পোহৰ কৰা।
সূর্য শঙ্কৰ চন্দ্র মাধৱ
হৃদয় উজ্জ্বল কৰে,
এটিৰ প্রভাত দুটি জ্বলে
আমাৰ ঘৰে ঘৰে!
আমাৰ দুজন মহাপুৰুষ
আন্ধাৰ বিদূৰ কৰে,
আন্ধাৰ গাঁতত সাপৰ মূৰত
মানিক জ্বলাৰ দৰে।
আমাৰ দুজন মহাপুৰুষ
দুজন মাথোঁ হেৰা,
এজন সূর্য এজন চন্দ্র
হৃদয় পোহৰ কৰা।
আমাৰ দুজন মহাপুৰুষ
নমো ভক্তি ভৰে,
ঢালক দুয়ো অমৃত সদায়
আমাৰ ঘৰে ঘৰে।
শেৱালি কবি ৰত্নকান্ত বৰকাকতীৰ শিশু উপযোগী কবিতা: মহাপুৰুষ [সম্পূৰ্ণ পাঠ আৰু আবৃত্তি]
| সম্পাদনা কক্ষ
Follow Nilacharai on Facebook
HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক