পাঞ্চাল দেশৰ ৰাজকন্যা মই
দ্ৰুপদ নন্দিনী দ্ৰৌপদী
পঞ্চ-পাণ্ডৱৰ ময়ে অৰ্ধাংগিনী
সতী নাৰী বুলি আছে মোৰ খ্যাতি।
পিছে কোনেও নুবুজিলে মোৰ
বুকুৰ বিলাপ
বাৰে বাৰে হ’লো নিৰ্যাতিতা।
অইন ছোৱালীৰ দৰেই
ময়ো ৰচিছিলো ৰঙীন সপোন
প্ৰিয় পুৰুষৰ সৈতে জীয়াম মধুৰ জীৱন।
পিতৃয়ে আয়োজন কৰিলে স্বয়ংবৰ
ৰজা-মহাৰজাই কৰিলে ভিৰ
নাই, সকলো বিফল।
তাৰ মাজত এজন সুপুৰুষ
লক্ষ্য যাৰ স্থিৰ
তেওঁ ধনুৰ্ধৰ অৰ্জুন
ধনুত লগালে গুণ
মাছৰ চকু ভেদি গ’ল সেই কাঁড়।
বৰমালা পিন্ধাই দি দিলো মন
পৃথিৱীৰ আটাইতকৈ সুখী নাৰী মই—
গৰবত গৰজিলে হৃদয়
স্বদেশ এৰি স্বামীগৃহত প্ৰৱেশৰ আনন্দৰ ক্ষণ
কিন্তু এক নাৰী কণ্ঠৰ আদেশত
নিমিষতে সকলো হৈ পৰিল ওলট-পালট
ভগাই লোৱা বাচাহঁত কি আনিছা
এয়া তুমি কি কৈ পেলালা আই
নাৰী জানো ভগাই ল’ব পায়!
হে প্ৰাণৰ অৰ্জুন,
তুমি একো নোকোৱা কিয়
মোৰ হৃদয়ত মাথোঁ তোমাক কৰিছোঁ স্থাপন
সকলো নীৰৱ
মাতৃৰ বচন হ’বই লাগিব পালন
মোৰ ভৰিৰ তলৰ মাটি যেন খহি পৰিছে
আৰু সেইদৰেই মই হৈ পৰিলো
পত্নী পঞ্চ-পাণ্ডৱৰ।
চলি গৈ আছে মোৰ জীৱন
এইবাৰ আহিল পাশাখেলৰ পাল
শকুনি মামাৰ মন্ত্ৰণাত
এদেও দুদেওকৈ পঞ্চ-পাণ্ডৱে
সকলো ধন-সম্পদ হেৰুৱালে
অৱশেষত ময়ো হ’লো পাশাখেলৰ বাজী
ৰজস্বলা মই
তথাপিতো নাই নিস্তাৰ
বাজীত হাৰি গিৰিহঁত নিৰুপায়
দুঃশাসনে কেশত ধৰি মোক নিলে টানি
কৰিলে বস্ত্ৰহৰণ
ৰাজসভাৰ সকলোৱে ৰ’ল মাথোঁ চাই।
কেশৱৰ কৃপাই
লাঞ্ছিতা কৃষ্ণাক কৰিলে উদ্ধাৰ
অন্তহীন বস্ত্ৰ কৰি মোক দান।
সেইদিনাই ল’লো পণ,
দুঃশাসনৰ তেজেৰে যেতিয়ালৈ নোধোওঁ কেশ
তেতিয়ালৈ প্ৰতিশোধৰ জুই নহ’ব শেষ।
ক্ৰমশঃ কুৰুক্ষেত্ৰ যুদ্ধৰ ৰণডংকা
আপোনৰ ৰক্তৰে ৰঞ্জিত যুদ্ধক্ষেত্ৰ,
কৌৰৱকুল ধ্বংস।
ধৰ্মৰ জয় হ’ল অধৰ্মৰ হ’ল বিনাশ
যুদ্ধ প্ৰায় সমাপ্তিৰ পথত…
টোপনিত লালকাল মোৰ পাঁচ পুত্ৰ
কিন্তু সিহঁতে আৰু পোহৰ দেখা নাপালে
টোপনিতে কৰা হ’ল হত্যা,
মোৰ বুকু হ’ল উদং।
বাকী আৰু থাকিল কি!
এয়াই আছিল মোৰ ভাগ্যৰ লিখনি
কঢ়িয়াই ফুৰিলো ওৰেটো জীৱন
বেদনাৰ একুৰা জুই,
মই দুখৰ নদী— ময়ে দ্ৰৌপদী।

জুবিন
পল্লৱপ্ৰাণ গোস্বামী

নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতা: গান্ধাৰী
ড° নিৰ্মলপ্ৰভা বৰদলৈ

শৰতৰ স্তৱক
ৰাকেশধিৰ মেধি

নাৰী
মমতাজ আনচাৰি
HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক





