ভালপাওঁ, ভালপাওঁ
মূল (বাংলা): সুনীল গঙ্গোপাধ্যায়
অনুবাদ: তপোবন মিশ্ৰ
ধৰা কাইলৈ তোমাৰ পৰীক্ষা
নিশা উজাগৰে পঢ়াৰ
টেবুলত বহি আছা,
টোপনি অহা নাই তোমাৰ
হঠাৎ ভয়াৰ্ত কণ্ঠে উঠি মই যদি কওঁ—
ভালপোৱা?
তুমি কি খং কৰিবা?
নে উঠি আহি সাবটি ধৰি ক’বা,
ভালপাওঁ, ভালপাওঁ…
ধৰা ভাগৰুৱা তুমি,
অফিছৰ পৰা ঘূৰিছা মাত্ৰ
ভোক পিয়াহ ভাগৰত অৱসন্ন,
খোৱাৰ পাতত একোৱেই নাই,
পাকঘৰৰ পৰা
ঘামিজামি ওলাই মই যদি তোমাৰ
হাতত ধৰি কওঁ— ভালপোৱা?
তুমি কি বিৰক্ত হ’বা?
নে মোৰ হাতত আৰু অকণমান হেঁচা দি ক’বা,
ভালপাওঁ, ভালপাওঁ…
ধৰা দুয়ো শুই আছোঁ একেলগে
এইমাত্ৰ টোপনি গৈছেহে তোমাৰ
বেয়া এটা সপোন দেখি মই সাৰ পাই উঠিলো
খপজপকৈ তোমাক মাতি যদি কওঁ— ভালপোৱা?
তুমি মোলৈ পিঠি দি শুই থাকিবা?
নে হাঁহি মাৰি ক’বা,
ভালপাওঁ, ভালপাওঁ…
ধৰা খোজকাঢ়ি গৈ আছোঁ আমি,
মূৰৰ ওপৰত তীব্ৰ ৰ’দ,
একো বাহন পোৱা নাই এনে সময়ত
হঠাৎ ৰৈ তোমাৰ পথ ভেটি
যদি কওঁ— ভালপোৱা?
তুমি কি আঁতৰাই দিবা হাত?
নে ৰাস্তাৰ সকলোলৈকে চাই
কান্ধত হাত দি ক’বা,
ভালপাওঁ, ভালপাওঁ…
ধৰা শ্বেভ কৰিছা তুমি,
গাল কাটি তেজ ওলাইছে
এনে সময়তে তোমাৰ এটোপাল তেজ
লৈ যদি কওঁ— ভালপোৱা?
তুমি কি গালি পাৰিবা?
নে আঁকোৱালি ধৰি তোমাৰ গালৰ তেজ
মোৰ গালত লগাই ৰঙিয়াল কণ্ঠে ক’বা,
ভালপাওঁ, ভালপাওঁ…
ধৰা খুব অসুস্থ তুমি,
জ্বৰত কপাল পুৰি যায়
মুখত অৰুচি,
কথা কোৱাৰ ইচ্ছ নাই
এনে সময়ত মূৰত পানী দি দি তোমাৰ মুখৰ ফালে চাই
যদি কওঁ— ভালপোৱা?
তুমি কি মনে মনে থাকিবা?
নে তোমাৰ তপ্ত নিশাহ মোৰ নিশাহত মিলাই দি ক’বা,
ভালপাওঁ, ভালপাওঁ…
ধৰা যুদ্ধৰ আখৰা চলিছে ঘৰে ঘৰে
ভয়ংকৰ যুদ্ধৰ তুমিও অংশীদাৰ,
শত্ৰুৱে ঘেৰি পেলাইছে ঘৰ
এই সময়তে কাষতে বহি মই পাগলীয়ে
তোমাক সুধিলো—
ভালপোৱা?
খঙৰে তুমি ক’বা নেকি— গুচি যোৱা…
নে চিন্তিত মোক আশ্বাস দিবা, ক’বা,
ভালপাওঁ, ভালপাওঁ…
ধৰা দূৰণিলৈ যাবলৈ ওলাইছা
তুমি,
দেৰি হৈছে, খৰধৰ কৰিছা,
হঠাৎ বাধা দি ক’লো— ভালপোৱা?
কটাক্ষ কৰিবা?
নে চুটকেছ পেলাই চুলিত হাত বুলাই বুলাই ক’বা,
ভালপাওঁ, ভালপাওঁ…
ধৰা ভয়ংকৰ ধুমুহা, উৰি গৈছে ঘৰ-বাৰী,
আশ্ৰয় নাই
বিধাতাৰ নিৰ্মাণ এই পৃথিৱীত,
চিন্তিত তুমি
এই সময়তে তোমাৰ
বুকুত মূৰ থৈ যদি কওঁ— ভালপোৱা?
তুমি কি আঁতৰাই দিবা?
নে মোৰ মূৰত হাত থৈ ক’বা,
ভালপাওঁ, ভালপাওঁ…
ধৰা সকলো এৰি গুচি গ’লা দূৰ-সুদূৰলৈ,
আঢ়ৈ হাত মাটিৰ তলত আছা শুই
হতভম্ভ মই যদি চিঞৰ মাৰি কওঁ—
ভালপোৱা?
মনে মনে থাকিবা?
নে তাৰ পৰাই
মোক ক’বা,
ভালপাওঁ, ভালপাওঁ…
য’লৈকে যোৱা, যি ধৰণেই থাকা,
নাথাকিলেও দূৰৰ পৰাই
ধ্বনি তোলা,
ভালপাওঁ, ভালপাওঁ, ভালপাওঁ…
দূৰৰ পৰা শুনিম তোমাৰ কণ্ঠস্বৰ,
বুজিম তুমি আছা, তুমি আছা
ভালপাওঁ, ভালপাওঁ…!
📚 | আৰু পঢ়ক: জীবনানন্দ দাশৰ কবিতা: আকাশলীনা
সুনীল গঙ্গোপাধ্যায়
প্ৰসিদ্ধ আৰু জনপ্ৰিয় বাঙালী কবি, গল্পকাৰ, ঔপন্যাসিক সুনীল গঙ্গোপাধ্যায়ৰ জন্ম হৈছিল ১৯৩৪ চনৰ ৭ ছেপ্তেম্বৰ তাৰিখে তদানীন্তন বৃটিছ ভাৰতৰ মাদাৰীপুৰ জিলাৰ মাইজপাড়া গাঁৱত (বৰ্তমানৰ ঢাকা, বাংলাদেশ)। পৰৱৰ্তী সময়ত কলকাতাত বসবাস কৰিবলৈ লোৱা সুনীল গঙ্গোপাধ্যায়ে কলকাতা বিশ্ববিদ্যালয়ৰ পৰা শিক্ষা সাং কৰে। ১৯৫৮ চনত তেখেতৰ প্ৰথম কাব্য সংকলন ‘একা এবং কয়েকজন’ আৰু ১৯৬৬ চনত প্ৰথম উপন্যাস ‘আত্মপ্ৰকাশ’ প্ৰকাশ পায়।
সুনীল গঙ্গোপাধ্যায়ৰ প্ৰসিদ্ধ গ্ৰন্থসমূহৰ ভিতৰত আছে— আমি কী ৰকম ভাবে বেঁচে আছি, হঠাৎ নীৰাৰ জন্য, শ্যামবাজাৰেৰ মোড়েৰ আড্ডা, অৰ্ধেক জীবন, পূৰ্ব পশ্চিম, অৰণ্যেৰ দিনৰাত্ৰি, প্ৰথম আলো, সেই সময় আদি। সুনীল গঙ্গোপাধ্যায়ে নীললোহিত, সনাতন পাঠক, নীল উপাধ্যায় ছদ্মনাম ব্যৱহাৰ কৰিও অনেক সাহিত্য ৰচনা কৰিছিল। তেখেতৰ কেইবাটিও সাহিত্যকৃতিক অৱলম্বন কৰি চলচ্চিত্ৰ নিৰ্মাণ হৈছিল। তাৰ ভিতৰত সত্যজিৎ ৰায় পৰিচালিত অৰণ্যেৰ দিনৰাত্ৰি আৰু প্ৰতিদ্বন্দ্বী উল্লেখনীয়।
১৯৭২ আৰু ১৯৮৯ চনত সুনীল গঙ্গোপাধ্যায়ে আনন্দ পুৰস্কাৰ আৰু ১৯৮৫ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰে।
২০১২ চনৰ ২৩ অক্টোবৰত সুনীল গঙ্গোপাধ্যায়ৰ কলকাতাত মৃত্যু হয়। মৃত্যুৰ সময়লৈকে তেখেতে ভাৰতৰ সাহিত্য অকাডেমি আৰু পশ্চিমবংগ শিশু-কিশোৰ অকাডেমিৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল।
📚 | আৰু পঢ়ক:
- ফাগুনেতো আৰু নাজানে তোমাৰ প্ৰেমৰ দিনৰ কথা
- ভালপোৱাৰ শেষবাণী
- স্মৃতিৰ চহৰ
- কোনো এক নিৰ্বিকাৰ ল’ৰাৰ প্রতি
- ভালপোৱাৰ ঠিকনা বিচাৰি
ফিচাৰড ইমেজ
A Couple at the Candelabra [1954] by Marc Chagall [Christie’s, London - Oil on canvas, 27 x 22 cm] CC by NC SA 2.0