ধ্ৰুৱজ্যোতিৰ পাতালীকাণ্ড | পৰ্ব ১ খণ্ড ৯: উপদেশ

ধ্ৰুৱজ্যোতিৰ পাতালীকাণ্ড | পৰ্ব ১ খণ্ড ৯: উপদেশ

পু তনে আজিলৈকে কাকো কোনো ক্ষেত্ৰতে উপদেশ দি পোৱা নাই। সি নিজকে এনেকুৱা পৰ্যায়ৰ মানুহ বুলি নাভাবে। ভীমৰ গদা ঘূৰাবলৈ হ’লে আগতে গাত ভীমৰ সমান বল গোটাই ল’ব নালাগিব জানো! পুতন অকল আহাৰ-নিদ্রা-মৈথুন সর্বস্ব জীৱন কটোৱা এটা তেনেই সাধাৰণ মানুহ। কিন্তু পুতনক উপদেশ দিয়া মানুহ দেধাৰ। তাৰ ল’ৰাটোক কোনখন স্কুলত পঢ়ুৱালে আগলৈ তাৰ কেৰিয়াৰ ভাল হ’ব, তাৰ দেউতাকৰ শ্ৰাদ্ধত কি খুৱালে ৰাইজে তৃপ্তি পাব, তাৰ মাকক কোনখন হস্পিটেলত চিকিৎসা কৰোৱালে সোনকালে আৰোগ্য হ’ব— এইবোৰ কথা শুনি শুনি পুতনৰ কাণ ঘোলা হৈ গৈছে। আৰে! মোৰ সন্তানক মই অসমীয়া মাধ্যমত পঢ়ুৱাওঁ নে ইংলিছ মিডিয়ামত পঢ়ুৱাওঁ, সেইটো মোৰ নিজা বিবেচনাৰ কথা। মোৰ দেউতাৰ শ্রাদ্ধত লুচি-দম খুৱাওঁ নে চিৰা-দৈ খুৱাওঁ, সেইটো মোৰ সামৰ্থ্যৰ ওপৰত নিৰ্ভৰ কৰিব। মোৰ মাক গুৱাহাটীত চিকিৎসা কৰাওঁ নে চেন্নাইত কৰাওঁ, সেইটো মোৰ সুবিধা-অসুবিধা চাই মই থিৰাং কৰিম। এইবোৰত তোমালোকে মিছামিছিকৈ নাক গুজি মৰিছা কিয়? আমোদজনক কথা— পুতনক উপদেশ দিয়া মানুহবোৰে তাৰ ওলোটাটোহে কৰে! তাৰ ল’ৰাটোক অসমীয়া মাধ্যমৰ বিদ্যালয়ত পঢ়ুৱাবলৈ উপদেশ দিয়া মানুহকেইটাই নিজৰ সন্তানক পঢ়ুৱাইছে ইংলিছ মিডিয়ামৰ স্কুলত। তাৰ দেউতাকৰ শ্ৰাদ্ধত কি কি খুৱালে ভাল হ’ব, সেই উপদেশ দিয়া মানুহকেইটাই দেউতাকৰ শ্ৰাদ্ধ নাপাতেই। আকৌ তাৰ মাকক ক’ত চিকিৎসা কৰোৱালে সোনকালে আৰোগ্য হ’ব, সেই উপদেশ দিয়া মানুহকেইটাই নিজৰ পিতৃ-মাতৃক ৰাখিছে বৃদ্ধাশ্রমত! অঁ, পুতনে যদি কিবা কথাৰ সমাধান বিচাৰি কাৰোবাৰ পৰা উপযাচি উপদেশ বিচাৰে, তেতিয়া বেলেগ কথা। কিন্তু অকাৰণত তাৰ সময় আৰু শ্ৰৱণশক্তি মানুহবোৰে কিয় খৰচ কৰিব?

পুতনে কেতিয়াবা অতীষ্ঠ হৈ ঘৈণীয়েকক কয়— ‘ইয়াৰ পৰা উঠি গৈ ক’ৰবাৰ বেলেগ ঠাইতহে মাটি-বাৰী লৈ থাকিবগৈ লাগিব বুইছা!’ ঘৈণীয়েকে পুতনক সান্ত্বনা দিয়ে— ‘সব ঠাইতে একে বুইছে? সব ঠাইতে আপুনি এনেকুৱা মানুহ পাব। গতিকে আপুনি কথাবোৰ এখন কাণে শুনি ইখন কাণে উলিয়াই দিব।‘ পুতনে তাকে কৰিবলৈ চেষ্টা কৰিলে। কিন্তু নাই, উপদেশবোৰ ওলাই নাযায়, মূৰটোত কণাগৰু ঘূৰাদি ঘূৰি-পকি থাকে। অন্ততঃ দুটামান নতুন উপদেশ নোসোমোৱালৈকে।

পুতনে ঘৈণীয়েকক ক’লে— ‘হেৰা, তোমাৰ বুধিটোৱে দেখোন একো কাম নিদিলে।‘
‘হয় নেকি? তেনেহ’লে আপুনি উপদেশবোৰ কাণেৰে শুনি নাকেৰে উলিয়াবলৈ চেষ্টা কৰক।‘
‘হেৰা, নাকেৰে এইটো কাম নকৰে নহয়, গোন্ধহে লয়।‘
‘নহয়, নাক-কাণ আৰু মুখৰ এটা ভিতৰ সম্বন্ধ আছে— ৰাজনৈতিক নেতাবোৰৰ প্ৰতিটো দলৰে লগত থকাৰ দৰে। গতিকে আপুনি পাৰিবও পাৰে।‘
‘তেনেহলে নাকেৰে উলিওৱাতকৈ মুখেৰেই উলিয়াওঁ। নাকতকৈ মুখৰ ফুটা ডাঙৰ। গতিকে উপদেশবোৰ তেতিয়া সোনকালে ওলাব।‘
‘ওহোঁ, মুখেৰে আপুনি নিজৰ কথাহে উলিয়াব পাৰিব, আনৰ কথা নোৱাৰে। গতিকে আপুনি নাকেৰেই উলিয়াব লাগিব।‘

পুতনে এইবাৰ তাকে কৰিলে। কিন্তু নাই, এইবাৰো একো কাম নহ’ল। উপদেশবোৰ নাকেৰে উলিয়াবলৈ চেষ্টা কৰোঁতে শ্লেষ্মাহে নির্গত হ’ল। লাভৰ মূৰত তাৰ নাকটো পৰিষ্কাৰ হ’ল। পুতনে ঘৈণীয়েকক পুনৰ উপায় বিচাৰিলে— ‘এইবাৰ কি কৰোঁ, কোৱা।‘ ঘৈণীয়েকে পুনৰ পুতনক উপায় দিলে— ‘এইবাৰ আপুনি মৌনব্রত ধৰক।‘
‘মানে?’
‘মানে যিবোৰ মানুহে আপোনাক উপদেশ দিয়ে, সেইবোৰ মানুহৰ আগত আপুনি একো কথা নুলিয়াব, মনে মনে থাকিব।‘

পুতনে এইবাৰো ঘৈণীয়েকৰ উপদেশ মতেই গ’ল। ঘৈণীয়েকৰ ঔষধে পিছে এইবাৰ ফল নিদিয়াকৈ নাথাকিল। দুদিনমান পুতনৰ কাণ দুখন ধর্ষিত হোৱাৰ পৰা ৰক্ষা পৰিল। কিন্তু হ’লে কি হ’ব? কেইদিনমানৰ পাছতে মানুহবোৰে ঘৈণীয়েকক আপত্তি কৰিলেহি,— ‘হেৰা, তোমাৰ মানুহটোৱে দেখোন আজিকালি মাতবোল নকৰা হৈছে! কিবা হৈছে নেকি?’ ঘৈণীয়েকেতো আৰু মানুহবোৰক সঁচা কথাটো কৈ দিব নোৱাৰে। গতিকে তাই নজনাৰ ভাও ধৰিলে— ‘ক’তা, একোতো হোৱা নাই! ঠিক মতেই খাইছে, শুইছে, অফিচলৈ গৈছে, কাম-বন কৰিছে, বজাৰ-সমাৰ কৰিছে…!’
‘নহয়, তেওঁৰ কিবা এটা হৈছে। নহ’লে সুস্থ মানুহ এজনে সদায় পাই থকা মানুহবোৰক কেতিয়াও মাত-বোল নকৰাকৈ নাথাকে।‘ বৰুৱাই ক’লে।
‘ও, এইটো কিবা মানসিক ব্যাধিৰেই লক্ষণ। তুমি অতি সোনকালে তেওঁক ভাল চাইক্রিয়াটিষ্ট এজনক দেখুওৱা।‘— ফুকনে উপদেশ দিলে।

পুতন অফিচৰ পৰা অহাৰ পাছত ঘৈণীয়েকে যেতিয়া কথাবোৰ ক’লে, পুতনে হতাশজৰ্জৰ কণ্ঠেৰে ক’লে— ‘হে ভগৱান, এই মানুহবোৰৰ পৰা ৰক্ষা পোৱাৰ একো উপায় নাই নেকি? মোক উপায় এটা দিয়াচোন।‘
‘আপোনাক ভগৱানে উপায় নিদিয়ে। উপায় মইহে দিম।‘ ঘৈণীয়েকে গর্বেৰে ক’লে।
‘আকৌ কি উপায় দিবা?’
‘আপুনি এইবাৰ ব্ৰহ্মাস্ত্র প্রয়োগ কৰিব লাগিব।’
‘মানে?’
‘মানে আগৰ দিনত ৰজা-মহাৰজাসকলে আন অস্ত্রই কাম নিদিলে শেষত এই ব্রহ্মাস্ত্র প্রয়োগ কৰে। এইপাত অস্ত্ৰৰে শত্রু বিনাশ হ’বই।‘
‘কিন্তু মোৰ ব্ৰহ্মাস্ত্রপাত কি?’
‘আপনি আগেয়ে কেতিয়াও নকৰা কামটোকে এতিয়া কৰিব লাগিব।’
‘অকাই-পকাই নহয়, কি ক’ব খুজিছা— চিধা কোৱা।’
‘আপুনিও মানুহবোৰক উপদেশ দিয়া কৰিব লাগিব।’
‘এইটোতো মোৰ নীতিবিৰুদ্ধ, ধৰ্মৰ বাহিৰৰ কথা! কেনেকৈ কৰিম?’
‘কিবা এটা পাবলৈ মানুহে কিবা এটা ত্যাগ কৰিবই লাগিব।’

পুতনে এইবাৰৰ ঘৈণীয়েকৰ বুধিমতেই কাম কৰিবলৈ মনটো প্ৰস্তুত কৰি তুলিলে। পুতনহঁতৰ কাষৰ ঘৰৰ ছোৱালীজনীয়ে মেট্ৰিক দিছিল। তাই পঢ়া-শুনাত বৰ ভাল নহয়। কিন্তু দেউতাকৰ তাইক ইঞ্জিনীয়াৰ কৰাৰ মন। ৰিজাল্ট ওলোৱাৰ দিনাই পুতনে তেওঁলোকৰ ঘৰত খবৰ ল’বলৈ গৈ ক’লেগৈ— ‘এইক আপোনালোকে ছায়েন্সত দিব নালাগে, আৰ্টছত দিয়ক। নহ’লে পিছত গৈ ইফালেও নহ’বগৈ, সিফালেও নহ’বগৈ। ছোৱালীজনীৰ কেৰিয়াৰটো ধ্বংস কৰিবলৈ আপোনালোকে চেষ্টা নকৰিব। নহ’লে দেখাক দেখি কুকুৰে কৰে একাদশী হ’বগৈ।’

ছোৱালীজনীৰ মাক-দেউতাকে মুখেৰে হা-না একো নক’লেও তেওঁলোকৰ মুখ দুখনে কেহেৰাজৰ বৰণ ল’লে। পুতন বীৰদৰ্পে মানুহঘৰৰ পৰা ওলাই আহিল।

| পূৰ্বৰ খণ্ড পঢ়ক: ধ্ৰুৱজ্যোতিৰ পাতালীকাণ্ড | পৰ্ব ১ খণ্ড ৮: বেঁকা আঙুলিৰে ঘিউ

পুতনহঁতৰ সমুখৰ মানুহঘৰে আৰ চি চি বিল্ডিং এটা সজাৰ মন মেলিছে। কিন্তু গৃহস্থজনৰ উপার্জন সিমান বুজন নহয়। যেনেতেনে পেটে-ভাতে খাই চলি আছে। পুতন এদিন মানুহঘৰলৈ গৈ গৃহস্থজনকক’লেগৈ— ‘আপুনি আছাম টাইপৰ ঘৰ এটাকে সাজক বুইছে? আৰ চি চি ঘৰত বহুত খৰচ পৰে। আপোনাৰ যিমান ইনকাম, তাৰে আপুনি পাছত গৈ চম্ভালিব নোৱাৰিবগৈ। আধাসজা ঘৰ এটা চকুৰ আগত পৰি থাকিলে ভাল নেদেখি দিয়কচোন!’ এইজন মানুহেও মুখেৰে হা-না একো নক’লেও পুতনে ধৰিব পাৰিলে, তেওঁৰ মনটোৱে কি কৈছে। মানুহজনে পাৰিলে যেন পুতনক কেঁচাই কেঁচাই চোবাইহে খাব! পুতনৰ পেটে পেটে খুব হাঁহি উঠিল।

পুতনৰ ঘৈণীয়েকৰ ঔষধে এইবাৰ ষোল্ল অনাই কাম দিলে। তাক আজিকালি কোনেও উপদেশ নিদিয়ে, কিন্তু সি সকলোকে উপদেশ দি ফুৰে!

| পঢ়ক: ধ্ৰুৱজ্যোতিৰ পাতালীকাণ্ডৰ সকলোবোৰ খণ্ড

ধ্ৰুৱজ্যোতিৰ পাতালীকাণ্ড | পৰ্ব ১ খণ্ড ৯: উপদেশ | ধ্ৰুৱজ্যোতি শৰ্মা

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক