‘হে ৰা, চাহৰ সা-সৰঞ্জামবোৰ ভালকৈ বান্ধি-কুন্ধি লৈছানে?’— কেশৱ শৰ্মাই চাইকেলৰ কেৰিয়াৰত টিউব এডালেৰে গেছ চিলিণ্ডাৰটো আঁটি আঁটি বান্ধি থকাৰ পৰাই চিঞৰি ঘৈণীয়েক ৰেৱতী দেৱীক সুধিলে। ‘লৈছোঁ। আপুনি চিন্তা কৰিব নালাগে। মাত্ৰ আপুনি আপোনাৰ ভাগৰ বস্তুকেইপদ ভালকৈ লওক। পাছত অমুকটোহে পাহৰিলো, তমুকটোহে পাহৰিলো বুলি ক’লে মই কিন্তু সুদাই নেৰিম!’— শৰ্মানীয়ে চেনি-চাহপাতৰ টোপোলাকেইটা ভৰোৱা মোনাখন মৰাপাটৰ সৰু ৰছীডালেৰে বান্ধি থকাৰ পৰাই চিঞৰি উত্তৰ দিলে। ‘কথা নক’বাহে! ক’ৰবালৈ ওলালে বস্তু তুমি পাহৰা নে মই? সিদিনা জীয়েৰাৰ ঘৰলৈ যাওঁতে দেখোন নাৰিকলৰ লাৰুকেইটাকে নিবলৈ পাহৰিছিলা। ‘ ‘হ’ব, হ’ব। আপুনি মোৰ দোষ খুচৰিব নালাগে। পৰহি লাইটৰ বিল দিবলৈ যাওঁতে বিলখন কোনে ঘৰতে এৰি থৈ গৈছিল— আপুনি নে মই? নিজৰে চোতাল পেনপেনীয়া, লোকৰ চোতালত পানী ছটিয়ায়। কথা ক’বলৈ আহিছে!’
শৰ্মা-শৰ্মানীৰ হাত-মুখ সমানে চলি থাকিল। নিজৰ নিজৰ কামখিনি হোৱাৰ পাছত দুয়ো ঘৰৰ পৰা ওলাই আহিল। শৰ্মাৰ চাইকেলৰ কেৰিয়াৰত গেছৰ চিলিণ্ডাৰ, হেণ্ডেলত ষ্ট’ভ, কেটলি, ছচপেন। শৰ্মানীৰ হাতত চেনি-চাহপাত, গাখীৰ-বিস্কুটৰ টোপোলা। তেওঁলোক তেনেকৈ ঘৰৰ পৰা ওলাই অহা দেখি চুবুৰিৰ শেনচকুৱা বৰুৱাই ঘৰৰ বাৰাণ্ডাৰ পৰাই চিঞৰি সুধিলে— ‘হেৰি শৰ্মা, আজি পিকনিকলৈ যায় নে কি?’ শৰ্মাই পিছে বৰুৱাক আচল কথাটো নকৈ আওপকীয়াকৈ ক’লে— ‘তেনে বুলিয়েই ধৰক। ‘ ‘ছেঃ! আপুনি আগেয়ে কোৱা হ’লে আমিও ওলালোহেঁতেন নহয়!’ ’ফেমিলী পিকনিকত বেলেগ মানুহ নাযায় নহয়, ঘৰৰ মানুহকেইটাহে যায়।”
শৰ্মাহঁতৰ ঘৰৰ পৰা ডেৰ-দুই কিলোমিটাৰমান দূৰৈত, চহৰখনৰ পূব দিশে এখন মনোৰম বনভোজথলী আছে। শৰ্মা-শৰ্মানীয়ে প্ৰতিবছৰে এনেকৈয়ে চাইকেলত টালি-টোপোলা বান্ধি তাত এদিন বনভোজ খাই আহেগৈ। বৰ্তমান বনভোজৰ সময় নহয় যদিও বৰুৱাই ঠাট্টা কৰি সেই কথাটোকে ইংগিত কৰিছিল।
তলখুচৰীয়া বৰুৱাই আৰু কিবা সোধে বুলি শৰ্মাহঁতে খোজৰ বেগ বঢ়াই দিলে। অলপ দূৰ যোৱাৰ পাছতে শৰ্মাই ক’লে— ‘হেৰা, ঠেলা বা ৰিক্সা এখন লৈ অহা হ’লে ভাল আছিল বুইছা? এইকণ বাট আহোঁতেই মোৰ দেখোন ফোপনি উঠিলেই। ‘ ‘মইতো কৈছিলোৱেই। আপুনিহে— এইকণ বাট এনেকৈয়ে যাব পাৰিম, ঠেলা বা ৰিক্সাত মিছাকৈনো পইচা এগাল কিয় ভৰোঁ বুলি কৈছিল!’ ‘হয় দিয়া। এনেয়ে কোৱা নাই— বুঢ়াৰ কথা নুশুন একা, টানত পৰি কিয় কেঁকা!’ ‘হেৰি, আপুনি যে মোক বুঢ়া বুলি কৈছে, নিজেনো কি? আপুনি দেখোন মোতকৈ দহ বছৰে ডাঙৰ।’ ‘তথাপি দেখাত তোমাতকৈ মোক বহুত সৰু যেন লাগে।’— শৰ্মাৰ কথাষাৰ মিছা নহয়। সৰুফুটীয়া, খীণ-মীন চেহেৰাৰ শৰ্মাৰ তুলনাত ঘৈণীয়েক ওখ-পাখ, শকত-আৱত। শৰ্মানী পিছে এইবাৰ ফেঁটী সাপৰ দৰে ফোঁচকৈ উঠিল— ‘হয়নে? নিজকে ইমান যহাব নালাগে। ফোপনি আপোনাৰহে উঠিছে, মোৰ উঠা নাই। দেখা নাই, একেবাৰে। ওঁঠ চেপিলে গাখীৰ ওলোৱা কেঁচুৱা!’ শৰ্মানীয়ে। গিৰীয়েকক পিছ পেলাই, ফো-ফোঁৱাই আগবাঢ়ি গ’ল। শৰ্মাই আৰু ঘৈণীয়েকক লগ ধৰিবলৈ চেষ্টা নকৰিলে। তেওঁ ঘৈণীয়েকৰ পিছে পিছে হেলাই-হেফাই গৈ থাকিল।
বিছ মিনিটমান পদব্ৰজে যাত্ৰা কৰাৰ পাছত শৰ্মাহঁত যেতিয়া শিক্ষা বিভাগৰ কাৰ্যালয়টোত উপস্থিত হ’লগৈ, তেতিয়া চতুৰ্থ বৰ্গৰ কৰ্মচাৰীকেইজনৰ বাহিৰে তালৈ আন কোনো অহা নাছিল। তেওঁলোকৰ এজনে দুৱাৰ-খিৰিকীবোৰ খুলি আছিল, এজনে ঠাই-ঘৰ সাৰি আছিল আৰু এজনে চাধা মলি আছিল। শৰ্মাহঁতে আগফালৰ বাৰাণ্ডা এখনত এনেয়ে পৰি থকা মেজ এখনত বয়-বস্তুবোৰ থান-থিত লগোৱাৰ পাছতে এজন-দুজনকৈ কৰ্মচাৰীবোৰ আহিবলৈ ধৰিলে। শৰ্মাহঁতক তাত তেনেকৈ দেখি তেওঁলোক আচৰিত হ’ল। তাৰে চকুৰ চিনাকি এজনে আগবাঢ়ি আহি শৰ্মাক সুধিলেহি— ‘ছাৰ, আপুনি ইয়াত এইবোৰ লৈ কি কৰিছে? কি কথা, কি বতৰা?’ ‘বাবা, এতিয়াই আচল কথাটো কৈ নিদিওঁ। সময়ত নিজেই গম পাবা। মানে তোমালোকৰ বৰবাবু আহি পোৱাৰ পাছত।’— শৰ্মাই পুনৰ নিজৰ কামত মনোনিৱেশ কৰিলে। চকুত কৌতূহল সানি কৰ্মচাৰীকেইজন সেই ঠাইৰ পৰা আঁতৰি গ’ল। সেই সময়তে কাৰ্যালয় স্থায়ী কেণ্টিনখনৰ ল’ৰাটোও আহি পালেহি। অফিচৰ কিছুমান নিয়ম আছে। অফিচৰ পৰা অনুমতি নোলোৱাকৈ যিকোনো মানুহে চাহ দোকান বহুৱাব নোৱাৰে। চাহৰ সা-সৰঞ্জাম সহিতে শৰ্মাহঁতক দেখি কেণ্টিনৰ ল’ৰাটোৱে মনতে ক’লে— মোৰ ভাত মাৰিবলৈ এওঁলোক আকৌ কোন ওলালহি! ল’ৰাটোৰ খং উঠিল। সি চিলনীৰ দৰে চোঁ মাৰি আহি শৰ্মাহঁতৰ ওচৰত উপস্থিত হ’লহি। ‘হেৰি, আপোনালোকে কাক সুধি ইয়াত চাহৰ দোকান বহুৱাইছেহি? চাওঁ, আপোনালোকৰ লাইচেন্স চাওঁ।’— ল’ৰাটো যেন শৰ্মাহঁতৰ ওপৰত জঁপিয়াইহে পৰিব। তাৰ যুদ্ধং দেহি মনোভাব দেখি ভয়তে শৰ্মাৰ হাত-ভৰি পেটতে লুকাল। তেওঁ শেহা-বেঙা লগাই ক’লে— ‘হেৰা বাপু, ইমান খং নাখাবাচোন। আমি ইয়াত চাহৰ দোকান খুলিবলৈ অহা নাই নহয়!’
‘তেনেহ’লে কিয় আহিছে? প্ৰদৰ্শনী পাতিবলৈ?’ শৰ্মা মনে মনে থাকিল। তেওঁ ভয়ে ভয়ে ঘৈণীয়েকলৈ চালে। শৰ্মানী পিছে ইমান ভয়পাদুৰী নহয়। এইবাৰ কঁকালত হাত দুখন থৈ তেওঁ ল’ৰাটোক ক’লে— ‘হেৰা বাপু, মানুহ চাই-চিতি কথা ক’বা দেই! তোমাতকৈ আমি বয়সত বহুত ডাঙৰ। তোমাৰ মা-দেউতাৰাৰ বয়সৰ। ডাঙৰক সন্মান কৰিবলৈ শিকিবা।’
শৰ্মানীৰ মূৰ্তি দেখি ল’ৰাটো লাজুকী বনৰ দৰে হঠাতে জঁই পৰি গ’ল। সি আগতকৈ যথেষ্ট শান্ত স্বৰেৰে ক’লে— ‘নহয়, মানে… একেটা অফিচতে দুখন চাহৰ দোকান বহুওৱাৰ নিয়ম নাই নহয়। আপোনালোকে ইয়াত দোকান বহুৱালে মোৰ দোকান দেখোন নচলা হ’ব!’ ‘আমি তোমাৰ ভাত মাৰিবলৈ অহা নাই। বেলেগ এটা কামৰ কাৰণেহে আহিছোঁ।’ ‘কি কামৰ কাৰণে?’ ‘সেয়া সময়ত গম পাবা। আমি আজিৰ পৰা আৰু ইয়ালৈ নাহোঁ। তুমি চিন্তা নকৰিবা।’
ল’ৰাটো সেমেনা-সেমেনিকৈ গুচি গ’ল। শৰ্মাহঁতে আকৌ নিজৰ নিজৰ কামত মন দিলে।
অলপ সময়ৰ পাছত যেতিয়া কাৰ্যালয়ৰ সকলো কৰ্মচাৰী সমবেত হ’লহি, শৰ্মাই এখন হাতত কেটলিত চাহ, আনখন হাতত ডিছপ’জেবল গিলাচ আৰু শৰ্মানীয়ে মোনা এটাত বিস্কুট লৈ কৰ্মচাৰীসকলৰ আগে আগে এফালৰ পৰা বিলাই গ’ল। শৰ্মাহঁতৰ এনে কাৰ্যত সকলো কৰ্মচাৰীয়েই আচৰিত হ’ল। কিন্তু কোনোবাই কিবা সুধিবলৈ পোৱাৰ আগেয়েই সেই সময়তে মাটি ফুটি ওলোৱাদি হঠাৎ দুটা নিউজ চেনেলৰ মানুহ তাত হাজিৰ হ’লহি। নিউজ চেনেলৰ মানুহ দেখি তৎমুহূৰ্ততে কাৰ্যালয়টোত হুৱা-দুৱা লাগি গ’ল। কেমেৰা পাৰ্ছন দুজনে পহিলাতে শৰ্মা-শৰ্মানীৰ চাহ বিলোৱা দৃশ্য কেমেৰাত বন্দী কৰি ল’লে। তাৰ পাছত সাংবাদিক দুজনে শৰ্মাক সুধিলে— ‘আপনি এজন অৱসৰপ্ৰাপ্ত শিক্ষক হৈ কিয় এনেকৈ অফিচত চাহ বিলাই ফুৰিছে?’
শৰ্মাই এনেয়ে গল-হেকৰি এটা মাৰি লাহে-ধীৰে কৈ গ’ল— ‘আজি দুবছৰে এওঁলোকে মোৰ পেঞ্চনৰ কামটো কৰি দিয়া নাই। আহিলেই সদায় কয়— এওঁলোকক চাহ খাবলৈ পইচা লাগে। মই গোটেই জীৱনটো সততাৰে পাৰ কৰিলো। ল’ৰা-ছোৱালীক সততা, নৈতিকতাৰ শিক্ষা দিলো। এতিয়ালৈকে কাৰো পৰা অন্যায় কৰি এপইচা লোৱাও নাই, কাকো দিয়াও নাই। তেনেস্থলত এই বুঢ়া বয়সত মইনো নিজৰ নীতি-আদৰ্শ কেনেকৈ জলাঞ্জলি দিওঁ? এনে অন্যায় কাম কৰি কিয়নো ৰৌ ৰৌ নৰকত পৰোঁ? ইপিনে আকৌ মোৰ কামটোও হ’ব লাগিব। নহ’লে নাখাই মৰিব লাগিব। নাইবা ভিক্ষা কৰিব লাগিব। সেয়ে ভাবিলো— এওঁলোকক যেতিয়া চাহ খাবলৈ পইচা নিদিওঁৱেই, ডাইৰেক্ট চাহকে খুৱাই দিওঁ। মিতিৰো ৰওক, চাউলো সিজক। ‘ ‘কিন্তু আপুনি এনেকৈ নিজে ইমান কষ্ট কৰি চাহ খুওৱাতকৈ দোকানৰ পৰা কিনি আনিওতো খুৱাব পাৰিলেহেঁতেন!’ ‘নিশ্চয় পাৰিলোহেঁতেন। কিন্তু তেতিয়া মোৰ বেছি পইচা খৰচ হ’লহেঁতেন। জানেই নহয়, অৱসৰপ্ৰাপ্ত শিক্ষক। তাতে দুবছৰ ধৰি ফুটাকড়ি এটাও পোৱা নাই। এটকা এটা বাচিলেও বহুত বচা। অৱশ্যে আৰু এটা কথা,— আমি নিজে কিবা কৰি খুওৱা চাহটোপা যিমান খাঁটি হ’ব, দোকানৰ চাহ জানো সিমান হ’ব? কথাটোৰ প্ৰমাণ চাবলৈ আপোনালোকেও একাপ একাপ খাই চাব পাৰে। ‘
শৰ্মাৰ কথা শুনি কৰ্মচাৰীসকলৰ বহাতে যেন শিপা গজিল! আন বহুতৰ দৰে তেওঁলোকে নিউজ চেনেলৰ মানুহ দেখি ৰুমালেৰে মুখ ঢকা বা পলাবলৈ চেষ্টা কৰাৰ নিচিনা কাম কৰিবলৈও পাহৰি গ’ল। পুতলাৰ দৰে তেওঁলোকে মাথোঁ শৰ্মাৰ মুখলৈ ট টকৈ চাই থাকিল। কোৱা বাহুল্য যে নিউজ চেনেলৰ মানুহক শৰ্মাই আগেয়ে খবৰ দি থৈছিল— এই সময়কণত কাৰ্যালয়টোলৈ আহিবলৈ।
। পূৰ্বৰ খণ্ড পঢ়ক: ধ্ৰুৱজ্যোতিৰ পাতালীকাণ্ড। পৰ্ব ১ খণ্ড ৭: এখন নতুন অভিধান
এই ঘটনাৰ দুদিন পাছতে শৰ্মাৰ পেঞ্চনৰ কাগজখন হৈ গ’ল। খোদ বৰবাবুৱে নিজে আহি ঘৰতে কাগজখন দি গ’লহি। কিন্তু শৰ্মাৰ এই কাণ্ডটো এটা চেনেলতো প্ৰচাৰ নহ’ল। কিয় জানেনে? নিউজ চেনেলৰ সাংবাদিক দুজনে অফিচৰ মানুহখিনিৰ সৈতে বিনিময় প্ৰথাৰে কথাটো ৰফা-দফা কৰি পেলাইছিল। ইয়াৰ কাৰণে অৱশ্যে শৰ্মাৰ মনত অকণো আক্ষেপ নহ’ল। কিয়নো তেওঁৰ আচল উদ্দেশ্যটো আছিল পেঞ্চনৰ কাগজখন উলিওৱাহে, তেওঁ চাহ খুওৱা কাৰবাৰটো টিভিত প্ৰচাৰ কৰাটো নহয়।
| পঢ়ক: ধ্ৰুৱজ্যোতিৰ পাতালীকাণ্ডৰ সকলোবোৰ খণ্ড
Follow Nilacharai on Facebook