ম ই যদি কাৰোবাক কওঁ— “মোৰ সোঁহাতখন মাজে মাজে বিষাই থকা হৈছে”; সিজনে মোক লগে লগে ক’ব— “তোমাৰ অকল হাতখনহে। মোৰ হাত-ভৰি গোটেইবোৰেই আজিকালি বিষাই থকা হৈছে।”
এই গল্পটো শুনক:
ইয়াৰ পাছত মই আৰু তেওঁৰ পৰা কি সান্ত্বনা, পৰামৰ্শ আশা কৰিম! ওলোটাই মইহে তেওঁক এইবোৰ ক’ব লগা হয়গৈ— “আপুনি অকণো চিন্তা নকৰিব। আজিকালি এনেকুৱা বেমাৰ প্ৰায়বোৰৰে থাকে। আপুনি হেৰি কৰিব— গুৱাহাটীৰ আৰোগ্য হস্পিটেলত এনেকুৱা বেমাৰৰ ৰহমান উপাধিৰ এজন বিলাত ফেৰৎ, বিশেষজ্ঞ ডাক্তৰ আছে। আপুনি তেওঁক এবাৰ দেখুৱাই আহিব। নাইবা আপুনি হোমিঅ’পেথিক বা আয়ুর্বেদিকো কৰিব পাৰে। মই অৱশ্যে অসমীয়া দৰব এটাও জানো— ৰাতিপুৱা খালীপেটত মাখনৰ লগত কেঁচা নহৰু মিহলাই খাব লাগে…!”
আকৌ মই যদি কাৰোবাক কওঁ— “বুইছেনে, মই তিনি মাহৰ দৰমহা পোৱা নাই।” সিজনে মোৰ মুখতে ধৰিব— “থওক হেৰি! আপুনি তিনি মাহৰহে পোৱা নাই, মই ছমাহৰ পোৱা নাই।”
নাই, মই তেওঁক ধাৰ বিচৰাৰ প্ৰাৰম্ভিক কথা হিচাপে সেই কথাষাৰ কোৱা নাছিলোঁ। এইটো মোৰ স্বভাৱেই নহয়। চাকৰিটো হোৱাৰ আগতে কত দিন এটা ভীমকলেৰেই ৰাতিটো পাৰ কৰিছোঁ, চেনি নোহোৱা চাহ খাইছোঁ, মলিয়ন বসন পিন্ধিছোঁ, ডাক্তৰৰ ওচৰলৈ নোযোৱাকৈ অসমীয়া দৰবেৰেই বেমাৰ ভাল কৰিছোঁ। তথাপি কোনেও ক’ব নোৱাৰিব, মই কেতিয়াবা কাৰোবাৰ পৰা ফুটাকড়ি এটা ধাৰলৈ লৈছোঁ বুলি। আমাৰ দৰমহাবোৰ কিয় অনিয়মীয়া হ’বলৈ লৈছে, সেই কথা সুধিবলৈহে কথাষাৰ উলিয়াইছিলো। কিন্তু তেওঁ এনেকৈ কোৱাৰ পাছত মই আৰু এই বিষয়ে কথা আগবঢ়াই কিবা লাভ আছে জানো?
মোৰ ক্ষেত্ৰত সদায় এনেকুৱা হয়। মই কাকো কেতিয়াও মোৰ মনৰ কথা, সমস্যা আদি সম্পূর্ণকৈ কৈ শেষ কৰিব নোৱাৰোঁ। এইবোৰতো ঘৰৰ বাহিৰৰ কথা! কিন্তু ঘৰতো মোৰ একেই দশা। বৰঞ্চ ঘৰত একোব চৰাহে। বাহিৰৰ মানুহেতো মোৰ কথাৰ কিয়দংশ শুনেই! ঘৰৰ মানুহে তাকো নুশুনে। ল’ৰা-ছোৱালী দুটা অনবৰতে ম’বাইল, লেপটপতে ব্যস্ত। শ্রীমতী পাকঘৰ আৰু টিভি ছিৰিয়েলত। একো টোঁৱাবই নোৱাৰোঁ কাকো। কিবা এষাৰ কথা উলিয়ালেই শ্ৰীমতীয়ে ক’ব— “ৰ’ব, ৰ’ব। আপোনাৰ কথা শুনিবলৈ এতিয়া মোৰ সময় নাই। মই পাকঘৰত ভাজি বহাই থৈ আহিছোঁ। ডেই যাব এতিয়া।” “আপোনাৰ কথাতকৈ মোৰ টিভি ছিৰিয়েলখন বেছি দৰকাৰী। অপৰাজিতাত গৌৰৱে নন্দিনীক আজি ডিভোৰ্ছ দিয়াৰ কথা…!”
আকৌ ল’ৰা-ছোৱালী দুয়োটাৰে কথাৰ মূলভাবটো একেই— সিহঁতৰ লগত কথা শ্বেয়াৰ কৰিবলৈ মই সিহঁতৰ সমনীয়া নহয়। মই মোৰ বয়সৰ কাৰোবাৰ লগত এইবোৰ কথা পাতিব লাগে!
কিন্তু মই হ’লে আনৰ দুখ-যন্ত্রণাৰ কথা আন্তৰিকতাৰেই শুনো। কেতিয়াবা অফিছ ছুটীৰ সময়তো কোনোবা ওলালেহি মই কাকো বিমুখ নকৰোঁ। অথচ সেই সময়ত মোৰ ক্লান্ত শৰীৰটোৱে বিচাৰে অলপ বিশ্রাম, একাপ কাঢ়া চাহ, এটা শীতল স্নান…। সেই কথালৈ কিন্তু আগন্তুকে অকণো ভ্ৰূক্ষেপ নকৰে।
আকৌ শ্ৰীমতীৰ যেতিয়া পাকঘৰৰ কাম আৰু ছিৰিয়েল নাথাকে, মই আধা পঢ়ি থোৱা ৰহস্য উপন্যাসখন মেলি লওঁ, তেওঁ মোৰ ওচৰলৈ আহি কথাৰ বকলা মেলিবলৈ আৰম্ভ কৰি দিয়ে। ভাল কথা হলেও দোচোৰা কথা। কাৰ ঘৰৰ ছোৱালী কাৰ বাইকৰ পিছফালে উঠি গ’ল, কোনজনী বোৱাৰীৰ শাহুৱেকৰ লগত এসপ্তাহ ধৰি মাত-বোল নাই, কোনজন চুবুৰীয়াই ৰাতি মদ খাই আহি ঘৈণীয়েকৰ ওচৰত বৰমতা ওলায়— এইবোৰ কথা। মই পৰচর্চা একেবাৰে বেয়া পাওঁ। কিন্তু মই যে শুনিবলৈ বাধ্য! গতিকে কিতাপখন জপাই কোলাতে থৈ কীর্তন-পাঠ শুনাদি শ্ৰীমতীৰ কথাবোৰ একান্ত মনেৰে শুনি যাওঁ।
মোৰ দুখ লাগে। মই হতাশ হওঁ। মই ইমানেই দুৰ্ভগীয়ানে ? কাৰোবাৰ পৰা মৰম-চেনেহ, আদৰ-যত্ন পোৱাটোতো দূৰৰে কথা, সাধাৰণ সান্ত্বনা, দিহা-পৰামৰ্শ এটাও নাপাওঁ।
এদিন ম’বাইলটো টিপি থাকোতে পুৰণি বন্ধু এটাৰ নম্বৰটো চকুত পৰিল। মই আজিলৈকে ইয়াৰ আগত মোৰ মনৰ কথা, সমস্যা আদি কেতিয়াও কৈ পোৱা নাই। ই মোৰ কথা মন দি শুনিবও পাৰে বুলি ভাবি তালৈ ফোন লগালোঁ। এবাৰতে ফোনটো লাগি গ’ল। ইমান দিনৰ মূৰত মোৰ ফোন পাই বন্ধু সিফালে আহ্লাদিত হৈ উঠিল— “আৰে দোস্ত, আজি বেলি পশ্চিমত ওলাল নেকি? আজি তোৰ মোলৈ কি মনত পৰিল?”
“সদায় মনত সদায় পৰে অ’। ফোন কৰিবলৈহে সময় নাপাওঁ।”
“থ হেৰ’। কথা নকবি। অফিছত ঘণ্টাৰ পাছত ঘণ্টা আড্ডা দিবলৈ সময় ওলায়, মোলৈ ফোন এটা কৰিবলৈহে তোৰ সময় নোলায়!”
“বেয়া নাপাবি দোস্ত। আজিৰ পৰা তোলৈ মই মাজে মাজে ফোন কৰিম বাৰু।”
“অ’ কে, অ’ কে! এতিয়া ক— কিয় ফোন কৰিলি? এনয়ে নে কিবা সকামত?”
মই বন্ধুবৰক গোটেইখিনি কথা বুজাই কোৱাত সি ক’লে— “তই যেন কুকুৰ তেন টাঙোন দিব লাগিব বুইছ?”
“মানে?”— মই একো নুবুজিলোঁ।
“মানে তই ওলোটাটো কৰিব লাগিব। তেতিয়া তোৰ কথা সবেই শুনিব।”— এইবুলি বন্ধুৱে উদাহৰণসহ মোক কথাটো বুজাই দিলে— মোক যদি কোনোবাই কয়— তেওঁ তেজপুৰ চহৰত চাৰিকুঠলীয়া ঘৰ এটা সাজি আছে, মই তেওঁক ক’ব লাগিব— মই গুৱাহাটী মহানগৰীত চাৰিমহলীয়া ঘৰ এটা সাজি আছোঁ।
বন্ধুবৰৰ পৰামৰ্শ মই পাছদিনাৰ পৰাই কার্যকৰী কৰাত লাগি গ’লো। পাছদিনা মোৰ অফিছলৈ বন্ধু এজন আহি সগর্বে মোক ক’লেহি— “মোৰ ভতিজীজনীয়ে এইবাৰ মেট্ৰিকত ষ্টাৰ পাইছে। তাই…!”— বন্ধুৰ কথা শেষ নহ’লেই, মই তাৰ কথাৰ ওপৰতে ক’লো— “তোৰ ভতিজীয়ে ষ্টাৰহে পাইছে, মোৰ ভতিজীয়ে যে ডিষ্টিংশ্যন পাইছে! আৰু পাঁচ নম্বৰ পোৱাহেঁতেন দহ নম্বৰত ষ্টেণ্ডেই কৰিলেহেঁতেন!”
বন্ধুৰ মুখখন ভেচভেচীয়া পৰি গ’ল। ইয়াৰ পাছত মই এনেয়ে ৰহণ সানি সানি কৈ গ’লো— মোৰ ভতিজীয়ে ক’ত কি পঢ়িব, আগলৈ তাই কি হ’ব ইত্যাদি কথা কিছুমান। বন্ধুৱে মুখেৰে আৰু টু শব্দ এটাও উচ্চাৰণ নকৰি সুৰসুৰকৈ মোৰ ওচৰৰ পৰা গুচি গ’ল। মই লগে লগে ‘ফোনীয়া’ বন্ধুলৈ ধন্যবাদ এটা জনাই মেছেজ এটা কৰিলোঁ।
বন্ধুৰ ঔষধে সঁচাকৈয়ে কাম দিলে। মোৰ কথা আজিকালি সকলোৱে মন দি শুনে। ফলত মোৰ কাণ দুখনে সকাহ পালে ঠিকেই, কিন্তু মুখখন জাপ নোখোৱা হ’ল। কথা কৈ কৈ কোৱাৰিৰ বিষ উঠি গ’ল। তথাপি এই খেলটো খেলি মোৰ ভালেই লাগিল। ই একপ্রকাৰ নিচাত পৰিণত হ’লগৈ। কিন্তু এনেকৈ অলপ দিন যোৱাৰ পাছত মোৰ খেয়াল হ’ল— মইতো মানুহবোৰক সঁচা কথা নকওঁ! মিছা কথাৰ ঠেং চুটি। এই কাৰবাৰটোৱে কেতিয়াবা মোৰ বিপদ নঘটায়তো?
এদিনৰ কথা। অফিছ ছুটীৰ সময়ত বন্ধু এজন আহি মোক ক’লেহি— “তোৰ লগত মোৰ ডাঙৰ কথা এটা আছিল।”
“কি কথা, কচোন।”— মই বন্ধুলৈ নোচোৱাকৈ ফাইলৰ গাঁঠি মাৰি থাকিলো।
“মোৰ ষোড়শী এজনীৰ লগত হার্ডিক সম্পর্ক এটা গঢ় লৈ উঠিছে। কি কৰিলে ভাল হয়— তোৰ পৰা পৰামৰ্শ এটা ল’বলৈ আহিছোঁ।…” বন্ধুৰ কথা শেষ নহ’লেই, মোৰ ‘ফোনীয়া’ বন্ধুৰ পৰামৰ্শমতে মই এইজন বন্ধুৰ কথাৰ ওপৰতে ক’লে—“ধুৰ…! তোৰ এজনীৰ লগতহে, মোৰ তিনিজনীৰ লগত।”
“কি?”
“অ। তই এজনীকেই চম্ভালিব পৰা নাই, মইতো তিনিজনীক চম্ভালি আছোঁ!”
“কিন্তু তইতো আগেয়ে এনেকুৱা নাছিলি! ছোৱালী দেখিলে দূৰতে বিদূৰ হৈছিলি।”
“আগৰ কথা আৰু এতিয়াৰ কথা বহুত বেলেগ। সময়ে বহু কথা সলনি কৰি দিয়ে। এতিয়া ফেছবুক, ৱাটছএপৰ যুগত এইবোৰ তেনেই সহজ কথা হৈ পৰিছে।”— এইবুলি বন্ধুক মই সাজি সাজি কৈ গ’লো— মই কেনেকৈ শ্ৰীমতীয়ে নজনাকৈ ৰচকী পখিলীহঁতৰ লগত সম্পর্ক ৰক্ষা কৰি গৈছোঁ, কোনজনীক কিমান সময়ত লগ কৰোঁ, কোনজনীৰ লগত কিমান খৰচ কৰোঁ ইত্যাদি কথাবোৰ।
নিজৰ কথা আধাতে এৰি বন্ধু বহাৰ পৰা উঠিল। মই হর্ষচিত্তে ঘৰমুৱা হ’লোঁ।
পাছদিনা অফিছৰ পৰা ঘৰ সোমোৱাৰ লগে লগে পৰিৱেশটো মোৰ অলপ অস্বাভাৱিক যেন লাগিল। ঘৰখনৰ আৱহাৱা গহীন। যেন ধুমুহাৰ আগৰ পৰিৱেশহে! মই কাপোৰ-কানি সলাবলৈ নাপালোঁৱেই, শ্ৰীমতীয়ে টোপাকাঁড়পাট অহাদি মোৰ ওচৰলৈ আহি মোক চিধা চার্জ কৰিলেহি— “আপুনি মোৰ লগত কিয় বিশ্বাসঘাতকতা কৰিলে?”
“হেৰা, তুমি কি কৈছা? মই একো বুজা নাই।”— চোলাৰ প্ৰথম বুটামটো খুলিবলৈ লৈও মই ৰৈ গ’লো।
“মই বুজাই নিদিওঁ। এই ফোনটোৱেই বুজাই দিব।”— এইবুলি শ্ৰীমতীয়ে হাতৰ ফোনটোৰ ৰেকৰ্ডাৰটো বজাই দিলে। তাত কালি মোৰ অফিছলৈ অহা বন্ধুজনৰ মাত বাজি উঠিল। সি প্রায় আধাঘণ্টা ‘খলুৱা’ শব্দটোৰ সন্মান সম্পূৰ্ণৰূপে ৰক্ষা কৰি, খুব সাৱলীল ভাষাৰে মোৰ অবৈধ সম্পর্কৰ কথা এখনিকে দুখনি কৰি শ্ৰীমতীক লগাই গৈছে।
“মই কি কৈছোঁ এতিয়া বুজি পালে? আপুনি ফুলশয্যাৰ নিশা মোৰ মূৰত ধৰি শপত খাইছিল নহয়, মোৰ বাহিৰে আৰু বেলেগ নাৰীৰ মুখলৈ নাচায় বুলি! এতিয়া পিছে? এই বুঢ়া বয়সত আপোনাক ভীমৰতিয়ে পাইছে?”— শ্ৰীমতীয়ে ফোনটো সামৰি মোলৈ এনেকৈ চালে যেন পৃথিৱীৰ সমস্ত ঘৃণা তেওঁ মোৰ গাত ঢালি দিব এতিয়া!
মই মূৰে কপালে হাত দিলোঁ। মই যে শ্ৰীমতীৰ লগত বিশ্বাসঘাতকতা কৰা নাই, বন্ধুৱেহে মোৰ লগত কৰিছে, মই বন্ধুক কোৱা কথাবোৰ যে সম্পূর্ণ মিছা, মোৰ কথা শুনিব নোখোজা মানুহবোৰক ‘বইচ’ কৰিবলৈহে মই যে অলপ দিনৰ পৰা এনেকুৱা মিছা কথাৰ আশ্ৰয় লৈ আহিছোঁ, সেই কথা তেওঁক হাতে-ভৰিয়ে ধৰি বুজোৱা সত্ত্বেও শ্ৰীমতী কথাটোত কোনোপধ্যেই পতিয়ন নগ’ল। তেওঁ মোক শেষ কথা শুনাই দিলে— তেওঁ কাইলৈকে উকিল ধৰিব। তেওঁ অতি সোনকালেই মোক ডিভোৰ্ছ দিব!
মই চকুৰে ধোঁৱা-কোৱা দেখিলোঁ। কথাটোৱে এনেকৈ ওলোটা খৰ মাৰিব বুলি ভাবিবই পৰা নাছিলো।
❧ | সকলোবোৰ খণ্ডসমূহ পঢ়ক: ধ্ৰুৱজ্যোতিৰ পাতালীকাণ্ড