অ নাথ শৰ্মা এজন তেনেই সাধাৰণ লেখক। স্থানীয় স্মৃতিগ্ৰন্থসমূহত তেওঁৰ’বেজবৰুৱাৰ সাহিত্যত হাস্যৰস’,’আহিনত শেৱালিৰ প্ৰভাৱ’ জাতীয় দুই-চাৰিটা প্ৰবন্ধ প্ৰকাশ পোৱাৰ বাহিৰে আন ক’তো একো প্ৰকাশ পোৱা নাই। কিন্তু তেওঁৰ চেষ্টাৰ ত্ৰুটি নাই। শৰ্মাই বাতৰি কাকত, আলোচনীলৈ প্ৰায় প্ৰতি পোন্ধৰ দিনৰ মূৰে মূৰে গল্প-কবিতা প্ৰেৰণ কৰি থাকে। তেওঁৰ দৃঢ় বিশ্বাস— এদিন নহয় এদিন তেওঁৰ লেখাবোৰ প্ৰকাশ পাবই আৰু তেওঁ প্ৰখ্যাত লেখক হিচাপে জনাজাতো হ’ব।
শৰ্মাৰ পৰিবাৰ ৰমলা দেৱীয়ে এদিন তেওঁক ক’লে—’আপুনি এটা কাম কৰক।’ ‘কি?’— শৰ্মাই পৰিবাৰলৈ প্ৰশ্নবোধক চাৱনি নিক্ষেপ কৰিলে। ‘আপুনি এইবোৰ লিখা বাদ দি এনেকুৱা এটা বস্তু লিখক, যিটোৱে চমক দিব পাৰিব। আজিকালি চমক সৃষ্টি কৰিব নোৱাৰিলে প্ৰখ্যাত হ’ব নোৱাৰি।’ ‘কি লিখিম কোৱাচোন?’ ‘সেইটো মই কেনেকৈ ক’ম? আপুনিহে লেখক! আপুনি নিজেই চিন্তা কৰি লওক।’
শৰ্মাই ভাবিলে— পৰিবাৰে সঁচা কথাই কৈছে। তেওঁ যিহেতু গল্প-কবিতাত সফল হ’ব পৰা নাই, গতিকে এইবোৰত লাগি থাকি সময় নষ্ট কৰি থকাৰ একো অৰ্থ নাই। আৰু অকল গল্প-উপন্যাস লিখিয়েই যে মানুহ প্ৰখ্যাত হ’ব পাৰি, তাৰোতো কোনো নিশ্চয়তা নাই! বুৰঞ্জী লিখিও জানো মানুহ প্ৰখ্যাত হোৱা নাই?
শৰ্মাই সাত দিন, সাত ৰাতি চিন্তা কৰি, প্ৰায় বিছ পেকেট চিগাৰেটৰ শ্ৰাদ্ধ পাতি অৱশেষত বিষয় এটা বিচাৰি পালেগৈ। তেওঁ সেই সময়ত বাথৰূমত আছিল। আৰ্কিমিডিছৰ দৰে’ইউৰেকা’ বুলি চিঞৰ এটা মাৰি, তাৰ পৰা ওলাই আহি শৰ্মাই উৎসাহেৰে পৰিবাৰক ক’লে—’হেৰা, মই তুমি কোৱা বস্তুটো বিচাৰি পালো।’ ‘কি কওকচোন শুনো।’ ‘মই অভিধান লিখিম।’ ‘হঁহুৱালে।’ ‘কিয়? ইয়াত হাঁহিবলৈ কি হ’ল?’ ‘আজিৰ পৰা ডেৰশ বছৰ পূৰ্বেই হেমচন্দ্ৰ বৰুৱাই এই কামটো কৰি থৈ গৈছে। গতিকে… !’ ‘ৰ’বাচোন। মই তেনেকুৱা অভিধান নিলিখো নহয়।’ ‘তেনেহ’লে কেনেকুৱা অভিধান লিখিব?’ ‘তোমাক এতিয়াই নকওঁ। আগতে মই দুটামান অধ্যায় লিখি লওঁ। তুমি পঢ়ি চাবা। যদি ভাবা, মোৰ অভিধানখনে চমক সৃষ্টি কৰিব পাৰিব, তেন্তে মই গোটেইখন লিখি পেলাম।’ ‘হ’ব, আপুনি লিখকচোন বাৰু।’
শৰ্মাই সম্পূৰ্ণ এমাহ খৰচ কৰি অভিধানখনৰ পাতনি আৰু দহটা শব্দৰ অৰ্থ লিখি উলিয়ালে। সেইখিনি তেওঁ আগ্ৰহেৰে পৰিবাৰক পঢ়িবলৈ দিলে। পৰিবাৰে পিছে দীঘলীয়া হোৱাৰ কাৰণে পাতনিখন নপঢ়িলে। মূল কথাখিনিহে পঢ়িলে। শৰ্মাৰ অভিধানখন—’সংজ্ঞা অভিধান’। তেওঁ নিজা চিন্তাৰে কিছুমান বস্তুৰ সংজ্ঞা নিৰূপণ কৰিছে। সেইবোৰ হ’ল—
(১) বিবাহ: দুগৰাকী প্ৰাপ্তবয়স্ক পুৰুষ-মহিলাক সামাজিকভাৱে এক কৰা অনুষ্ঠানটোকে সাধাৰণতে বিবাহ বুলি কোৱা হয়। বিবাহ বহু প্ৰকাৰৰ আছে, যেনে— প্ৰেম বিবাহ, গন্ধৰ্ব বিবাহ, আদালত বিবাহ, অসবৰ্ণ বিবাহ ইত্যাদি। বিবাহৰ জৰিয়তে স্বামী-স্ত্ৰীয়ে মৰম-চেনেহ, বুজাবুজিৰ মাজেৰে এখন সংসাৰ সৃষ্টি কৰে যদিও আজিকালি বিবাহ বুলিলে অন্য এটা দৃশ্যহে দেখিবলৈ পোৱা যায়। বিবাহত আজিকালি সাজ-সজ্জা, খোৱা-বোৱা আদিত অধিক গুৰুত্ব দিয়া হয়। তেনেকৈ বিবাহৰ পাছত আজিকালি স্বামী-স্ত্ৰীৰ মাজত মৰম-চেনেহ, বুজাপৰাতকৈ তৰ্কাতৰ্কি, কাজিয়া-পেচালৰহে পয়োভৰ অধিক। কিছুমানৰতো এবছৰ নৌহওঁতেই ডিভোৰ্ছেই হৈ যায়।’জীৱনে-মৰণে তোমাৰেই হৈ থাকিম’— এনেকুৱা কথা আজিকালি অপ্ৰাসংগিক হৈ পৰিছে। আকৌ বিয়াৰ আগতে স্বামীগৃহই একো ওজৰ-আপত্তি নকৰিলেও পাছত যৌতুক বিচাৰি ছোৱালীজনীক নানা অত্যাচাৰ চলায়। আনকি কিছুমানে যৌতুক দিব নোৱাৰিলে হত্যাও কৰি পেলায়।
(২) উৎসৱ: আগেয়ে বিহু, পূজা, ঈদ, বৰদিন আদিক উৎসৱ বোলা হৈছিল। কিন্তু আজিকালি উৎসৱবোৰে বেলেগ বেলেগ বিষয়লৈও প্ৰসাৰ লাভ কৰিছে। যেনে— আজিকালি বিদ্যালয়ত পঢ়োৱা কামটোকো উৎসৱ বোলা হয়, যাৰ নাম গুণোৎসৱ। আকৌ আজিকালি নদীক লৈও উৎসৱ হয়। যেনে— নমামি ব্ৰহ্মপুত্ৰ, নমামি বৰাক, ব্ৰহ্মপুত্ৰ পুষ্কৰ। তাৰ বাদেও শস্য উৎসৱ, গ্ৰন্থ উৎসৱ, খাদ্য উৎসৱ, বস্ত্ৰ উৎসৱ, গো উৎসৱ, হাতী উৎসৱ ইত্যাদিবোৰতো আছেই। অহা বছৰৰ পৰা হেনো মানুহ উৎসৱো আৰম্ভ হ’ব।
(৩) হাজবেণ্ড: ই এটা ইংৰাজী শব্দ, যাৰ অসমীয়া অৰ্থ স্বামী। কিন্তু আজিকালি হাজবেণ্ডক’ৰাবাৰ বেণ্ড’ বুলিহে জনা যায়। ৰাবাৰ বেণ্ডক যেনেকৈ ইচ্ছানুসৰি সৰু-ডাঙৰ কৰিব পাৰি, তেনেকৈ স্ত্ৰীসকলেও স্বামীসকলক নিজৰ ইচ্ছানুসাৰে ব্যৱহাৰ কৰিব পাৰে। যেনে-ধোবা, ৰান্ধনি, ঠাই-ঘৰ সৰা, বাচন-ধোৱা লগুৱা, হোমগাৰ্ড, বডিগাৰ্ড ইত্যাদি। আচৰিত কথা, হাজবেণ্ডসকলেও আজিকালি এইবোৰ ভূমিকা পালন কৰিহে বেছি ভাল পায় (ভাল নাপাই উপায়ো নাই। ঘৈণীয়েকহঁতৰ বেলনা মাৰিৰ কোব খোৱাতকৈ এইবোৰ কৰাই শ্ৰেয়! )।
(৪) ৱাইফ: ইও এটা ইংৰাজী শব্দ। ইয়াৰ অসমীয়া অৰ্থ স্ত্ৰী বা পত্নী। কিন্তু আজিকালি ইয়াৰ বহুল প্ৰচাৰিত সমাৰ্থক শব্দটো হৈছে’নাইফ’ অৰ্থাৎ ছুৰী বা কটাৰী। ছুৰীৰ দৰে ৱাইফ এবিধ ধাৰাল জীৱ। নাইফে আলু, পিঁয়াজ, কল, কমলা, শাক-পাচলি আদি কটাৰ দৰে ৱাইফেও হাজবেণ্ডসকলৰ ওপৰত নানা অত্যাচাৰ চলায়। যেনে— হাজবেণ্ডৰ ওচৰত পইচা থাককেই বা নাথাকক, প্ৰতিটো বিহু-পূজাতে ৱাইফক কাপোৰ-কানি লাগিবই। হাজবেণ্ডৰ উপাৰ্জন যিমানেই নহওক, ৱাইফক পকীঘৰ, দামী মোবাইল, ফ্ৰীজ, বাশ্বিং মেচিন, গাড়ী ইত্যাদি লাগিবই। ৱাইফক সন্তুষ্ট কৰিবলৈ গৈ হাজবেণ্ডসকলৰ ঘটিয়ে ঘটিয়ে পানী খাব লগা অবস্থা হয়। প্ৰেছৰ, চুগাৰে এওঁলোকক অকালতে বৃদ্ধ কৰি পেলায়।
(৫) ধৰ্মগুৰু: ধৰ্মগুৰুৱে সাধাৰণতে ধৰ্মৰ কথা কয়। মানুহক আধ্যাত্মিক জ্ঞান দিয়ে। মুক্তিৰ পথ দেখুৱায়। কিন্তু আজিকালি ধৰ্মগুৰুৰ সংজ্ঞা বেলেগ। ধৰ্মগুৰুৱে আজিকালি শিষ্যাক ধৰ্ষণ কৰে, অবৈধ ব্যৱসায় কৰে, ৰাজনীতি কৰে। আকৌ আগৰ ধৰ্মগুৰুসকল অৰ্থাৎ ঋষি-মুনিসকল আছিল অৰণ্যত, কিন্তু আজিকালিৰ ধৰ্মগুৰুসকল থাকে নগৰৰ প্ৰাসাদোপম ঘৰত।
(৬) শিক্ষক: যি ব্যক্তিয়ে লৰা-ছোৱালীক শিক্ষা দিয়ে, জ্ঞান দিয়ে, তেৱেঁই শিক্ষক। কিন্তু আজিকালি একাংশ শিক্ষকৰ কাম হ’ল ছাত্ৰী আৰু মহিলা সহকৰ্মীৰ লগত অবান্তৰ কথাৰ মহলা মৰা। আন একাংশ শিক্ষকে আকৌ ছাত্ৰ-ছাত্ৰীৰ মধ্যাহ্ন ভোজনৰ কাৰণে দিয়া খাদ্যবস্তু হৰণ কৰি নিজৰ জেপ গধুৰ কৰে। এল আই চিৰ এজেণ্ট হোৱা, ৰাজনীতি কৰা ইত্যাদিও বহুতো শিক্ষকৰ অংশকালীন কৰ্তব্য। সুখৰ কথা যে এনেকুৱা দুষ্কাৰ্য কৰা বহুতো শিক্ষকে ইতিমধ্যে ৰঙাঘৰৰ ভাত খাব লগা হৈছে।
(৭) ছাত্ৰ: আগেয়ে কোৱা হৈছিল— ছাত্ৰানাং অধ্যয়নং তপঃ, অৰ্থাৎ ছাত্ৰই তপস্যা কৰাদি অধ্যয়ন কৰিব লাগে। অধ্যয়নেই ছাত্ৰৰ তপস্যা। কিন্তু আজিকালি অধ্যয়ন ছাত্ৰৰ মুখ্য কাম নহয়, গৌণ কামহে। আজিকালি একাংশ ছাত্ৰৰ মুখ্য কাম হ’ল আন্দোলন কৰা, ৰাজনীতি কৰা, বাইকৰ পিছফালে সহপাঠী বান্ধৱীক উঠাই লৈ ৰিজৰ্ট, বাৰ, পাৰ্ক, চিনেমা হল আদিত সময় কটোৱা, স্মাৰ্ট ফোনত ফেচবুক-হোৱাটছএপ কৰা, ভিডিঅ’ গেম খেলি আত্মহত্যা কৰা, অশ্লীল চিনেমা চোৱা, শিক্ষাগুৰুক অপমান কৰা ইত্যাদি। সেয়ে আজিকালি উপৰিউক্ত প্ৰবচনফাঁকিৰ প্ৰাসংগিকতা নোহোৱা হৈ গৈছে।
(৮) টিভি:’ভ’তকৈ’ব’টো উচ্চাৰণ কৰিবলৈ সহজ। সেয়ে বহুতে আজিকালি টিভিক’টিবি’ বুলিহে কয়। অৱশ্যে ইয়াৰ গূঢ়াৰ্থ আছে। টিবি বেমাৰ হ’লে আৰোগ্য হ’বলৈ যেনেকৈ ঢেৰ দিন লাগে, তেনেকৈ টিভিৰ প্ৰভাৱৰ পৰা মুক্ত হ’বলৈও বহুত দিন লাগে। ইয়াৰ ৰবৰৰ দৰে দীঘল কৰি গৈ থকা ছিৰিয়েলোৰ, সংগীতেই নে অভিনয় ধৰিব নোৱৰা বাতৰিবোৰ, চিঞৰ-বাখৰ কৰি থকা টক শ্ব’বোৰ— যিবোৰ তৰ্কাতৰ্কি, ইজনে-সিজনৰ গাত বোকা ছটিওৱাৰ বাহিৰে আন একো নহয়, কোনো এটা বিষয়তে শুদ্ধ সিদ্ধান্ত দিব নোৱাৰে, অতিৰঞ্জিত গান-বাজনাবোৰৰ প্ৰেমত যি পৰিছে এবাৰ তেওঁ সহজে এইবোৰৰ পৰা আঁতৰি আহিব নোৱাৰে। এইবোৰে মানুহৰ কি উপকাৰ সাধিছে জনা নাযায় যদিও অনবৰতে ৰিম’ট টিপি থকাসকলৰ হ’লে আঙুলিৰ ভাল ব্যায়াম হয়।
(৯) পূজা: পূজাক আজিকালি এনেকৈ কোৱা হয়— চান্দাৰ বোজা, পেণ্ডেলৰ জয়ধ্বজা এই দুটা নাথাকিলে নাপায় পূজাৰ মজা। ইয়াৰ বহল ব্যাখ্যা নকৰিলেও পাঠকপাঠিকাসকলে নিশ্চয় বুজি পাব।
(১০) ফেশ্বন: এই শব্দটোৰ পৰিসৰ আগেয়ে তেনেই সীমিত ক্ষেত্ৰত আছিল। কিন্তু আজিকালি সমাজৰ অনেক ক্ষেত্ৰত ইয়াৰ ব্যৱহাৰ হয়। যেনে— নাৰীয়ে যিমান পাৰি সিমান ডিজাইনৰ কাপোৰ পিন্ধা, ল’ৰা-ছোৱালীক ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়ুওৱা, পিতৃ-মাতৃক বৃদ্ধাশ্ৰমত থোৱা, এটা বাক্যতে ভুলে-শুদ্ধই সৰহ সংখ্যক ইংৰাজী শব্দ ব্যৱহাৰ কৰা, নগৰত পাৰবাহৰ সমান হ’লেও ঘৰ এখন সজা, বিয়াৰ এবছৰ নৌহওঁতেই ডিভোৰ্ছ লোৱা, ছাৰোগে’ট ফাডাৰ হোৱা ইত্যাদি।…
অনাথ শৰ্মাই অভিধানখনৰ ইমানখিনিহে লিখিছিল। কথাখিনি পঢ়ি উঠি শৰ্মানী অবাক, মুগ্ধ, আনন্দিত— ঢেৰ কিবা-কিবি হ’ল। তেওঁ হঠাতে বহুদিন ধৰি নকৰা কাম এটা কৰি পেলালে। ইফালে-সিফালে চাই গিৰীয়েকৰ গালত টপৰকৈ চুমা এটা খাইক’লে—’হেৰি, আপোনাৰ মূৰত ইমান মাল আছে বুলি মই ভাবিবই পৰা নাছিলো। আপুনি অতি সোনকালে এইখন লিখি শেষ কৰক, চাব, এইখন প্ৰকাশ পোৱাৰ পাছতে আপুনি ৰাতাৰাতি বিখ্যাত হৈ পৰিব।’ ‘সঁচাকৈ কৈছানে?’— শৰ্মাৰ মাতত আনন্দ আৰু সন্দেহ দুয়োটাই মিহলি হৈ থাকিল।’কিন্তু এটা কথা।’— শৰ্মাই মূৰ খজুৱালে। ‘কি কথা?’ ‘মোৰ এই অভিধানখন প্ৰায় এহেজাৰ পৃষ্ঠাৰ হ’ব। ইমান ডাঙৰ কিতাপ এখন ছপাবলৈ মই যদি পাছত প্ৰকাশক নাপাওঁ, তেনেহ’লে মোৰ কষ্ট দেখোন অথলে যাব!’ ‘আপুনি চিন্তা নকৰিব। কোনেও নছপালে এইখন ময়ে ছপাম।’
। পূৰ্বৰ খণ্ড পঢ়ক: ধ্ৰুৱজ্যোতিৰ পাতালীকাণ্ড। পৰ্ব ১ খণ্ড ৬: পৰিৱৰ্তন
‘কিন্তু ইমান পইচা তুমি ক’ত পাবা?’ ‘এইখন লিখি শেষ কৰিবলৈ আপোনাক কমেও দহ বছৰ লাগিব। আপোনাৰ জেপ লুৰুকি এতিয়াৰ পৰাই মই পইচা গোটাই যাম।’ ‘কি?’ ‘ও, নহ’লে মইনো পইচা ক’ত পাম কওকচোন?’
অনাথ শৰ্মাই মূৰে-কপালে হাত দি বহি পৰিল।
| পঢ়ক: ধ্ৰুৱজ্যোতিৰ পাতালীকাণ্ডৰ সকলোবোৰ খণ্ড
Follow Nilacharai on Facebook