‘বু
ইছ কলৌ, ৰাজকীয় খানা বুলি যে কয়, একদম তেনেকুৱা খানা। শুনিলে তোৰ জিভাৰ পানী টোপ টোপকৈ পৰিব।’ এই বুলি কিৰণ শৰ্মাই জিভাখন এনেয়ে দুবাৰমান তপালিলে। কলৌৱে আৰু ধৈর্য ধৰিব নোৱাৰিলে। সি সেপ অকণ ঢুকি ক’লে— ’কওকচোন বাৰু দেউ, তাতনো কি কি খুৱাইছিল শুনো।’
—‘শুন, ফজিৰ ফজিৰ তোৰ চাহ-বিস্কুট। নমান বজাত ব্ৰেড-বাটাৰ, কণী, কল। কলো কল, তোৰ এহাতমান দীঘল জাহাজী কল। লগত একোটা পানীৰ বটল। দুপৰীয়া মাংস-ভাত। আবেলি কাজু-খিচমিচ, আপেল-আঙুৰ আদি ফল। সন্ধ্যা আকৌ চাহ-ছিঙৰা বা পেটিছ। ৰাতি মাছ-ভাত।’
—‘আপুনিতো পৰৰ পালে জ্বৰৰ গাৰে খোৱা মানুহ! আপুনি চাগৈ একেবাৰে ডিঙিৰ ক’লা সিৰ ওলাই যোৱাকৈ খাইছিল!’
—‘নাখামনে হেৰ’! তাতে এই খানাটোৱেই হৈছে জ্বৰীয়া মানুহক খুউৱা খানা। একেবাৰে আখৰে আখৰে মিলি যোৱা…!’
কিৰণ শৰ্মাৰ কভিড হৈছিল। তেওঁ সুস্থ হৈ ঘৰলৈ অহাৰ পাছত গাঁৱৰ মূৰৰ কলৌৱে তেওঁৰ খবৰ ল’বলৈ অহাত শৰ্মাই তাৰ আগত হস্পিটেলৰ বৰ্ণনা দি আছিল। শৰ্মা লুভীয়া, পেটুক মানুহ। সেয়ে তেওঁ আন কথাবোৰতকৈ খাদ্যৰ কথাটোত অধিক গুৰুত্ব দিছিল। শৰ্মাই উল্লেখ কৰা খাদ্যৰ তালিকাখন কলৌৱে কল্পনা কৰি থাকিল। এনেকুৱা খাদ্য একেটা দিনতে, একেটা সাঁজতে খোৱাৰ কথা তাৰ মনত নপৰিল। সঁচা কথা ক’বলৈ গ’লে এইখিনি বস্তুৰ কেইবিধমান কলৌৱে সুকীয়াকৈ, ভালকৈ খায়েই পোৱা নাই। যেনে— কাজু আৰু খিচমিচ সি কাৰোবাৰ ঘৰত পায়সৰ লগতহে খাই পাইছে। আকৌ বাটাৰ, খেজুৰ, পেটিছ আজিলৈকে সি খায়েই পোৱা নাই। এইবোৰ বস্তু খাবলৈ তাৰ ভাগ্যত লিখা আছেনে নাই একমাত্র ভগৱানেহে জানে!
কলৌৱে তামোল-পাণৰ বেপাৰ কৰে। কিন্তু লকডাউন চলাৰ পৰা তাৰ পানীত হাঁহ নচৰা অৱস্থা। চৰকাৰে যোগান ধৰা ৰেছন কাৰ্ডৰ বিনামূলীয়া চাউলকেইটা পাই আছে কাৰণে দুটা পেট যেনে-তেনে পূৰ হৈ আছে। মাজতে দুমাহমান দাইল, পিঁয়াজ, বুটো দিছিল অৱশ্যে। এতিয়া সেইবোৰ বন্ধ। কিন্তু অকল চাউলকেইটা হ’লেই হ’ব জানো? তেল, নিমখ, চেনি, চাহপাত — এইবোৰোতো লাগিব। ইপিনে বজাৰত বস্তুৰ জুই ছাই দাম। বস্তুৰ দাম মন্ত্রী-এমএলএৰ পেটৰ দৰে দিনক দিনে বাঢ়ি গৈছে। মিঠাতেল আৰু পিঁয়াজতো সিহঁতৰ নিচিনা মানুহে হাতেৰেই চুব নোৱাৰে। পঠা মাংস কিনি খোৱা কথা তাৰ মনতেই নপৰা হ’ল। কেতিয়াবা অৱশ্যে বজাৰ ভাল হ’লে ব্ৰইলাৰ মাংস এপোৱা আনি নোখোৱাকৈ নাথাকে। কেতিয়াবা হয়তো ছালানী মাছ এপোৱা।
বেপাৰ বন্ধ হৈ যোৱাত কলৌৱে আজিকালি হাজিৰা কৰিবলৈ লৈছে। কিন্তু মানুহবোৰে আজিকালি ক’ৰোনাৰ ভয়ত কামলা লগাবলৈও ভয় কৰা হৈছে। কিজানি বেমাৰটো বিয়পি নিজৰ দেহলৈ আহে। আকৌ চাকৰি-বাকৰিলৈ যাব নোৱৰা হোৱাত কিছুমান মানুহে দেহা সুস্থ ৰাখিবলৈ ঘৰুৱা কামবোৰ নিজেই কৰিবলৈ লৈছে। এইবোৰ মানুহে আগেয়ে স্বাস্থ্যৰক্ষাৰ কাৰণে মর্নিং ৱাক-ইভিনিং ৱাক কৰিছিল, দৌৰিছিল। এতিয়া লকডাউনৰ কাৰণে ঘৰৰ পৰা ওলাব নোৱৰা হ’ল। ফলত কলৌহঁতৰ নিচিনা খাটি খোৱা মানুহবোৰৰ উপাৰ্জনৰ পথ এইপিনেও বন্ধ হৈ গ’ল। ভাগ্যে গাঁও অঞ্চলত লকডাউনৰ প্ৰভাৱ কম। গঞা খেতিপথাৰলৈ নগ’লে কেনেকৈ হ’ব? খাবলৈ পাব ক’ৰ পৰা? কলৌহঁতৰ এই অঞ্চলটোতো ক’ৰোনাৰ প্ৰভাৱ প্রায় শূন্যই বুলিব পাৰি। একমাত্র কিৰণ শৰ্মাৰ গাতহে লম্ভিল। তেওঁৰ গাতনো কেনেকৈ লম্ভিল, একমাত্র ভগৱানেহে জানে! ওপৰৰ পৰা স্বাস্থ্যকর্মীসকলৰ ওপৰত হেনো হেঁচা পৰে, যিমান পাৰে সিমান কভিড পজিটিভ দেখুৱাবলৈ। কাৰণ একোজন কভিড ৰোগীৰ বাবদ হেনো কেন্দ্রীয় চৰকাৰৰ পৰা বহুত পইচা আহে। কথাটো অৱশ্যে সঁচানে মিছা কোনেও নাজানে।
শৰ্মাৰ ঘৰৰ পৰা চাহ-তাহ খাই উভতিবৰ সময়ত তেওঁ কলৌক ক’লে— ’হেৰ’, মুখাখন ভালকৈ পিন্ধি লবি।’
কলৌৱে ক’ৰোনাক ‘কৰুণা’ বুলি কয়। তাৰ মুখত শব্দটো এনেকৈয়ে ফুটে। শৰ্মাৰ কথাত সি তাচ্ছিল্যৰ হাঁহি এটা মাৰি ক’লে— ’এ দেউ, আমাৰ গাত ইমান সহজে কৰুণা লম্ভিব নোৱাৰে বুইছে? আপোনালোকতকৈ আমাৰ এমেউনিটি নে ফেমেউনিটি কি, সেইটো বহুত বেছি।‘
—‘হেৰ’ তই ইমানবোৰ কথা জানিলি কেনেকৈ?’
—‘এইবোৰ কথা আজিকালি পেন্দুকণা এটায়ো জানে। যোৱা এক-ডেৰ বছৰে টিভি, বাতৰি কাকত, মানুহৰ মুখত এইবোৰ কথাৰ ইমানেই চর্চা হৈছে যে এতিয়া এইবোৰ কথা গৰু-ছাগলীয়েও বুজি পোৱা হৈছে।’
—‘ঠিকেই কৈছ।’
—‘আৰু কি জানে?’
—‘কি?’
—‘আমাৰ নিচিনা মানুহবোৰৰ এমেউনিটি যে আপোনালোকতকৈ বহুত বেছি, সেই কথাৰ আপুনিয়েই প্রমাণ।’
—‘মানে?’
—‘মানে লকডাউন আৰম্ভ হোৱাৰ পৰা আপুনিতো ঘৰৰ বাহিৰ হোৱাই নাই?’
—‘নাই হোৱা।’
—‘আৰু মইতো কামৰ ধান্দাত ডেইলি ঘূৰিয়েই ফুৰিছোঁ।’
—‘দস্তুৰমত।’
—‘তেনেহ’লে কৰুণাই মোক নাপাই আপোনাক পালে কেনেকৈ?’
শৰ্মা মনে মনে থাকিল। ইয়াৰ উত্তৰ তেওঁৰ ওচৰত নাই। কলৌৱে অৱশ্যে মুখাখন লগায়েই ল’লে। নহ’লে বাটত কেনেবাকৈ পুলিচে পালে তাৰ পিঠিখনকে মঘাই ওজাৰ ঢোলটো বুলি ভাবিব।
সেইদিনা গোটেই দিনটো কলৌৰ মনলৈ কিৰণ শৰ্মাৰ কথাখিনিয়েই আহি থাকিল। সি যদি কেইদিনমান এনেকুৱা খাদ্য খাই থাকিব পাৰিলেহেঁতেন, তাৰ গালৈ ভাল শকতি আহিলহেঁতেন। তেতিয়া লকডাউনৰ পাছত কামত লাগিবলৈ সি ভাল জোৰ পালেহেঁতেন। কিন্তু এনেকুৱা খাদ্য পাবলৈ হ’লে তাৰ দেহত ক’ৰোনা লম্ভিব লাগিব। তেতিয়াহে তাক হস্পিটেললৈ লৈ যাব। কথাটো মনলৈ অহাৰ লগে লগে কলৌৰ মুখখন পোহৰ হৈ উঠিল। সি ক’ৰোনাক তাৰ দেহলৈ নিজেই নিমন্ত্ৰণ কৰি আনিব! কি বুলি ভাবিছে তাক!
পাছদিনা মুখা নিপিন্ধাকৈয়ে কলৌ কামলৈ ওলোৱা দেখি ঘৈণীয়েক ডাউকীয়ে ক’লে— ’আপুনি দেখোন আজি মুখাখন নলগোৱাকৈয়ে কামলৈ ওলাইছে! পুলিচে পালে পিঠি ছেলাই পেলাব দেখোন!’
—‘হঞে, আজিলৈকে মোক চকুৰে দেখি নোপোৱা বস্তুটোৱেই পোৱা নাই, দেখি থকা বস্তুটোৱে পাব কেনেকৈ? পুলিচ দেখিলে মই দূৰতে বিদূৰ হ’ম।’
—‘পুলিচৰ পৰা বাৰু সাৰিব পাৰিব। কিন্তু কৰুণাৰ পৰা সাৰিব কেনেকৈ? বেমাৰটো লন্তিলে কি হ’ব?’
—‘কৰুণাই পাবলৈকেতো মই মুখা পিন্ধা নাই।’
—‘এইবোৰ আকৌ আপুনি কি উল্টা-পুল্টা কথা কৈছে?’
—‘তই বুজি নাপাবি। মোৰ দেৰি হৈছে। মই আহোঁ এতিয়া।’ কথা বঢ়াৰ ভয়ত কলৌ লৰালৰিকৈ ঘৰৰ পৰা ওলাই আহিল।
সেইদিনাৰ পৰা কলৌ বিনামুখাৰেই কণা গৰু ঘূৰাদি ঘূৰি ফুৰিবলৈ ধৰিলে। কিন্তু নাই, তাৰ গাত ক’ৰোনা নলম্ভেহে নলম্ভে! নিজৰ ঠাইখনত কাম নিসিজাত কলৌ অলপ দূৰৈৰ সৰু চহৰখন পালেগৈ। তাত মানুহৰ ভিৰ বেছি। গতিকে কামটো সিজিবও পাৰে। এইবাৰ চৰকাৰে সম্পূৰ্ণ লকডাউন দিয়া নাই। সেয়ে কলৌ সন্ধ্যালৈকে ঘূৰি ফুৰিব পাৰিলে। এনেকৈ অনাই-বনাই ঘূৰি ফুৰোঁতে সি মনতে কয়— হে কৰুণা সাগৰ, তুমি সোনকালে মোৰ দেহত প্ৰৱেশ কৰা। তোমাৰ নামটোৱেই যিহেতু কৰুণা, কিৰণ দেৱে সত্য নাৰায়ণ পূজাত শান্তিপানী ছটিওৱাদি তুমি মোৰ দেহত কৰুণাৰ বীজাণু অলপ এৰি দিয়া। তেতিয়াহে মোৰ মনোবাঞ্ছা পূৰ্ণ হ’ব।
এনেকৈ পৰুৱাই পোৱা মানুহৰ দৰে ঘূৰি ফুৰোঁতে এদিন আলিৰ কেঁকুৰি এটাত কলৌ হঠাতে পুলিচৰ আগতে পৰিলগৈ। পুলিচ বাহিনীক আৰু পায় কোনে! এজন পুলিচে হাতৰ লাখুটিডালেৰে কলৌৰ পেটত খোঁচ এটা মাৰি তাক সুধিলে— ’তই মাস্ক নমৰাকৈ ঘূৰি ফুৰিছ কিয়? ক’ৰোনাই পালে কি হ’ব?’
—‘পালে পাব। মই কৰুণালৈ ভয় নকৰোঁ।’ পলাবলৈ চেষ্টা নকৰি কলৌরে বেপৰোৱাভাৱে ক’লে।
—‘হেৰ’, ক’ৰোনাৰ নাম শুনিলেই মানুহৰ পেটতে হাত-ভৰি লুকুৱা হৈছে, তই আকৌ এনেকৈ কৈছ?’
—‘ওঁ, মোক কৰুণাই পালে মই ভালহে পাওঁ।’
—‘কি?’
—‘হয় ছাৰ। বর্তমান মোৰ ঘৰত তলী উদং। লঘোনীয়া পেটেৰে কেলঢোপ কেলঢোপকৈ জীয়াই থকাতকৈ হস্পিটেলত থাকি কেইদিনমান মহাসুখে খাই অহাই ভাল।’
—‘সেইটো বাৰু বুজিলো। কিন্তু তই যদি মৰি থাক?’
—‘মই নমৰোঁ।’ কলৌৰ মাতত দৃঢ়তা।
—‘তই সৰবজান নেকি?’
—‘নহয়। কিন্তু মানুহৰ মুখত শুনিছোঁ নহয়— গাত অইন বেমাৰ নাথাকিলে কৰুণাই মানুহক সহজে কাবু কৰিব নোৱাৰে। মোৰ একো বেমাৰ নাই। মাত্র তেজবেলি বিয়া এখনত জেদত লাগি পঞ্চল্লিছখন লুচি খাওঁতে পাছদিনা অলপ পেট চলিছিল। তাকো কুইথেঁকেৰা অকণ খাই দিওঁতেই ভাল হৈ গ’ল।’
—‘তথাপি তই কিবা কাৰণত যদি মৰি থাক, তোৰ পৰিয়ালটোৰ কি হ’ব?’
—‘মোৰ পৰিয়ালত বর্তমান মানুহজনীৰ বাহিৰে আন কোনো নাই।’
—‘কিয়, তই বিয়া পতা বেছি দিন হোৱা নাই নেকি?’
—‘পাঁচ বছৰ হ’ল।’
—‘তেনেহ’লে ল’ৰা-ছোৱালীহে হোৱা নাই?’
—‘হৈছিল ল’ৰা এটা। কিন্তু এবছৰ নৌহওঁতেই সি কাল হ’ল।’
—‘অস! ছৰি দেই।’ পুলিচজন সঁচাকৈয়ে দুখিত হ’ল।
—‘অৱশ্যে সি তেতিয়াই মৰি ভালহে হ’ল। এতিয়া থকাহেঁতেন খাবলৈ নাপাই শুকাই-খীণাই, কষ্ট পাই মৰিলহেঁতেন।’ কলৌৰ বুকুৱেদি এটা হুমুনিয়াহ সৰি পৰিল।
—‘সেইটো অৱশ্যে হয়। কিন্তু তোৰ ঘৈণীয়েৰজনী আছে নহয়! তাইৰ কি হ’ব?’
—‘মই মৰিলে তাইৰ বেছিহে ভাল হ’ব।’
—‘কি?’
—‘অঁ। মই মৰিলে চৰকাৰে মোৰ মানুহজনীক আঢ়ৈ লাখ টকা দিব নহয়৷ মোৰ মানুহজনী কাজী, চতুৰ। সেইখিনি টকাৰে কিবা এটা বেপাৰ কৰি পাছৰ জীৱনটো তাই নিশ্চিন্তে পাৰ কৰিব পাৰিব।’
—‘এইটো কথাও বাৰু ঠিক। কিন্তু তোৰ জীৱনটোৰ মূল্য মাত্র আঢ়ৈ লাখ টকাহেনে?’
—‘আঢ়ৈ লাখ বাদ দিয়ক। আমাৰ নিচিনা মানুহবোৰৰ জীৱনৰ মূল্য এতিয়া একোৱেই নাই।’
—‘কিয় এনেকৈ কলি? নুবুজিলো।’
—‘তেনেই সাধাৰণ কথা,— আমাৰ নিচিনা মানুহবোৰে এতিয়া চৰকাৰৰ বিনামূলীয়া চাউল খায়েই জীৱন বচাই থকা নাই জানো? গতিকে আমাৰ জীৱনো বিনামূলীয়া।’
পুলিচজনৰ মাত হৰিল। তেওঁ ভাবিছিল, মাস্ক নিপিন্ধাৰ অপৰাধত এই মানুহটোক ভালকৈ দুবেতমান দি হাতৰ খজুৱতিটো মাৰিব, তাৰ পৰা কেইটকামান সৰকাই জেপটো গধুৰ কৰিব। কিন্তু পুলিচজনে সম্পূৰ্ণ বিপৰীত কাম এটাহে কৰিলে। তেওঁ কলৌক কৰমর্দন কৰি তাৰ জেপত পাঁচশ টকীয়া এখন গুঁজি দিলে।
❧ | পূৰ্বৰ খণ্ডসমূহ পঢ়ক: ধ্ৰুৱজ্যোতিৰ পাতালীকাণ্ড