‘হে
ৰ’ এই অসময়ত প্ৰসাদ ক’ত পালি?’
— ‘ক’ম ৰ। আগেয়ে তই প্ৰসাদকেইটা খাই লচোন।’
— ‘নহয়, তই কৈ যা। মই খায়ো থাকোঁ, শুনিও থাকোঁ। নহ’লে মোৰ পলম হ’ব, ইমান পৰলৈকে মই কলৈ গ’লো বুলি মানুহজনীয়ে চিন্তা কৰিব।’
— ‘কিয়, তই আমাৰ ইয়ালৈ আহিছ বুলি ঘৰত কৈ অহা নাই জানো?’
— ‘নাই অহা। বাটেদি গৈ থাকোঁতে নবৌৱে দেখা পাই মাতি আনিলে। বোলে ককায়েৰা আজি হাটৰ পৰা আহি পোৱাত পলম কৰিছে। মোৰ অকলে থাকিবলৈ ভয় লাগে। তুমি অকণমান বহাচোন। সেই গুণেহে…।’
— ‘ভালেই কৰিলি। আজিকালি যিহে দিন-কাল পৰিছে! নগৰ-চহৰততো বাদেই, গাঁৱে-ভূঁয়েও তিৰোতা মানুহৰ নিৰাপত্তা নোহোৱা হৈছে। সিদিনা আমাৰ হাটৰ ওচৰৰে ভুৱন চলিহাৰ ঘৰত…।’
— ‘সেইবোৰ কথা বাদ দে এতিয়া। আচল কথালৈ আহ। প্ৰসাদ ক’ত পালি ক।’
— ‘কৈছোঁ ৰ। কাহিনী দীঘলীয়া।’
— ‘বেছি দীঘলীয়া নকৰিবি কিন্তু।’
— ‘নকৰোঁ বাৰু। চমুৱায়েই ক’ম।’
— ‘ক। যিমান পাৰ সিমান চমু কৰিবি।’
— ‘আজি মোৰ হাট ভাল নহ’ল বুইছ?’
— ‘কিয়, আজি হাটত মানুহ নাছিল নেকি?’
— ‘আছিল।’
— ‘তেনেহ’লে?’
— ‘হাটখন আৰম্ভ হৈছিলহে, তেনেতে দুজনমান স্থানীয় নেতা আহি হাটখন এবেলাৰ কাৰণে বন্ধ দি দিলেহি নহয়।’
— ‘কিয়? কি কাৰণে?’
— ‘হাটৰ ওচৰতে থকা জোনা বৰুৱা নামৰ বিশিষ্ট ব্যৱসায়ীজন হঠাতে ঢুকুৱা কাৰণে। অৱশ্যে আগৰে পৰাই হেনো বেমাৰত ভুগি আছিল।’
— ‘তাৰ পাছত?’
— ‘তাৰ পাছত আৰু কি হ’ব! মোৰ মন নাছিল যদিও সৱেই সামৰা দেখি ময়ো পোহাৰখন সামৰি থ’লো। হাটৰ মাজৰ পকাৰ পিলাৰেৰে ঘেৰি থোৱা বৰগছজোপা যে, তাৰ তলতে বহি দুটামানৰ লগত ঢুৱেণ্টি নাইন খেলি বেলাটো পাৰ কৰি দিলো।’
— ‘পাছবেলাতো হাটখন বহিল?’
— ‘বহিলে কি হ’ব। আজি দিনেই মন্দা আছিল হ’বলা, ভূতৰ ওপৰত দানহ ওলোৱাদি হঠাতে আহিল নহয় দোপালপিটা বৰষুণ এজাক। বৰষুণ দিলে হাটৰ মাজৰ বাটৰ কি দুৰ্গতি হয় জানই নহয়?’
— ‘সেইটো আৰু দোহাৰিব লাগিছেনে!’
— ‘এজাক বৰষুণতে তোৰ সৰুগাঁঠি তল গ’ল। তাৰ পাছত আৰু হাটলৈ ক’ত মানুহ আহিব কচোন?’
— ‘হয় দে। চৰকাৰখনৰ এইবোৰ কথালৈ যে একেবাৰে কাণসাৰ নাই।’
— ‘ভাল কথা কৈছ! মন্ত্ৰীমখাই নিজৰ ঘৰৰ আগৰ বাটকেইটাকে বৰষুণৰ পানীৰ পৰা বচাব নোৱাৰে, আনৰ বাট-পথলৈ আকৌ চকু-কাণ দিব? এইবাৰ টিভিত দেখা নাছিলি— ঘৰত পানী সোমোৱাত সিহঁতমখা হোটেলত আছিলগৈ? আমি লাগিলে নাখাই মৰোঁ, সিহঁতে তথাপি নিজকে ৰাজসুখৰ পৰা বঞ্চিত নকৰে। ইহঁতমখাৰ কাণ্ড-কাৰখানাত কেতিয়াবা মগজটো এনেকৈ গৰম হৈ যায় নহয়, আটাইমখাকে যেন পোতাপুখুৰীত মূৰ জুবুৰিয়াই জুবুৰিয়াই পেলাই থৈহে আহিমগৈ!— এনেকুৱা লাগে।’
— ‘হ’ব দে। ইমান খং কৰি একো লাভ নাই। আমি সিহঁতৰ নোম এডালো লৰাব নোৱাৰোঁ। এতিয়া পাছৰখিনি ক।’
— ‘অঁ। কি কৈ আছিলো?’
— ‘হাটৰ কথা।’
— ‘অঁ। আজি কেইবাখনো গাঁও ঘূৰি অকল গোবৰ সাৰত কৰা শাক-পাচলি অলপ লৈ গৈছিলো। আজিকালি আকৌ এনেকুৱা বস্তুৰহে কদৰ বেছি। গ্ৰাহকে এগুণত চাৰিগুণ দাম দি লৈ যায়। ভাবিছিলো, আজি দুপইচা পাম। কিন্তু কি কৰিবি, ফুটা কপাল!’
— ‘তেও দিনৰ হাজিৰাটো নোলোৱাকৈ নাথাকিল চাগৈ?’
— ‘নাই, তেনেকুৱা হোৱা হ’লেতো চিন্তাই নাছিল। গধূলিলৈকে বোন্দাপৰ দি দি কোনোমতে আঢ়ৈকুৰিমান হ’লগৈ। ভাবিছিলো, আজি হাট ভগাৰ পাছত মহাৰাজ হোটেলত ভালকৈ খাই আহিম। পিছে মনৰ আশা মনতে মাৰ গ’ল।’
— ‘কিয়, আঢ়ৈকুৰিমান পোৱা বুলি কলি দেখোন। তাৰেই কিবা এটা খাই নাহিলি কিয়?’
— ‘তাৰে কিবা খাবলৈ গ’লে ঘৰলৈ বস্তু আনিবি কিহেৰে? আজি ৰাতিপুৱা হাটলৈ ওলাওঁতেই নবৌৱেৰে ফৰমাইচ দি থৈছিল— ঘৰত লোণ-তেল-আলু-পিঁয়াজ একো নাই। বজাৰ কৰি নানিলে ৰাতিলৈ টেকেলি কাটি! ঘৰৰ প্ৰয়োজনীয় বস্তুকেইপদৰ দুটামান লওঁতেই গোটেইকেইটা পইচাৰ আইধা পৰিল। হোটেলত চাহ-পৰঠা খোৱাটোতো বাদেই, তামোল এখন খাবলৈও হাতত ফুটাকড়ি এটা নাথাকিলগৈ। ইপিনে আজি ৰাতিপুৱাও ভালকৈ একো খাই যাব পৰা নাছিলো। লৰালৰি হোৱাত নবৌৱেৰে ৰাতিয়েই কৰি থোৱা শুকান ৰুটী দুখনৰ সৈতে মাথোন ফিকা চাহ এবাটি খাই গৈছিলো। তোক কৈছোঁ নহয়, ভোকত মোৰ পেটৰ কেঁচু-কুমটি মৰি গৈছিল। কোনোবা সময়ত ভোকত পেটটোৱে এনেকৈ কলমলাবলৈ লৈছিল যেন তাৰ ভিতৰত গায়ন-বায়নে দক্ষযজ্ঞৰ আখৰাহে কৰিছে।’
— ‘অস। তেনেহ’লে তোৰ আজি বৰ কষ্ট হ’ল। তই পেটৰ ভোকেৰেই ঘৰলৈ ঘূৰি আহিবলগা হ’ল?’
— ‘কষ্ট অলপ হ’ল। কিন্তু এঠাইত পেটটো পূৰাইহে ঘৰলৈ আহিলো।’
— ‘ক’ত?’
— ‘নৰহৰিচুকত।’
— ‘কাৰ ঘৰত?’
— ‘নৰহৰিচুকৰ গোবিন দেউক চিনি পাৱ নহয়?’
— ‘তেওঁকনো কোনে চিনি নাপায়?’
— ‘অঁ। তেওঁলোকৰ ঘৰৰ ওচৰ পাওঁতেই ঘণ্টা বজোৱা আৰু শংখ ফুকোৱা শুনিবলৈ পালো। বুজিলো— দেউৰ ঘৰত আজি নিশ্চয় কিবা পূজা-পাতল চলিছে। তৎমুহূৰ্ততে মোৰ বেপাৰ-বুধি এটা মনত খেলালেই নহয়!’
— ‘পাল্লাত ফেৰ মৰাৰ নিচিনা?’
— ‘কি কৈছ? মই আজিলৈকে তেনেকুৱা অসৎ কাম কৰি পোৱা নাই দেই! কোনোবা বেপাৰীয়ে কৰিব পাৰে, কিন্তু এই সদানন্দ বেপাৰীয়ে আজিলৈকে তেনেকুৱা অসৎ উপায়েৰে এক পইচাও ঘটী পোৱা নাই। আগলৈও নঘটে।’
— ‘হ’ব দে। তই বাৰু সাধু বেপাৰীয়েই। এতিয়া কি বুধি পাঙিলি ক।’
— ‘গোবিন দেউৰ ঘৰৰ মুখতে পিছ চকাৰ পামটো দিলো খুলি!’
— ‘কিয়?’
— ‘কথাটো বুজা নাই?’
— ‘নাই বুজা। বুজা হলে তোক নুসুধিলোৱেই হয়।’
— ‘এনেয়ে নমতা-নোবোলা মানুহ এঘৰলৈ সোমাই যাব পাৰি নেকি? কিবা এটাতো চেলু লাগিব।’
— ‘তাৰমানে তই গোবিন দেউৰ ঘৰত পাম্প বিচাৰি সোমালি?’
— ‘এতিয়ানো কথাটো কেনেকৈ বুজি পালি? পাৰোঁতে তোক মই টিউব লাইট বুলি কওঁ! দেৰিকৈ জ্বল!’
— ‘হ’ব দে। মই বাৰু টিউব লাইটেই। তই ছি এফ এল বাল্ব। এতিয়া সোনকালে জ্বল— তাৰ পাছত কি হ’ল ক।’
— ‘মানে?’
— ‘মানেটো আকৌ এতিয়া মইহে বুজাই দিব লাগিব? দেউৰ ঘৰত পাম্প পালি জানো?’
— ‘ক’ত পাবি। দেউৰ ঘৰত ছাইকেলেই নাই!দেৱে আজিকালি কিবা বোলেনে সেই ইছকুটি নে ফিছকুটি সেইখনহে চলাই ঘূৰি ফুৰে।’
— ‘কিয়, দেউক দেখোন ছাইকেল চলাইহে পূজা-সেৱা কৰি ফুৰা দেখোঁ।’
— ‘দেখোঁঁ নহয়, দেখিছিলো বুলি ক। আগেয়ে ফুৰিছিল, এতিয়া নুফুৰে। খেতিয়ে-বাতিয়ে, হাঁহে-পাৰই, তামোলে-নাৰিকলে গোবিন দেউৰ ঘৰখন অতীজৰে পৰা নদন-বদন। দেউৰ নিজৰ যজমানীৰ উপাৰ্জনো একেবাৰে কম নহয়। তাতে আৰুবেলি পুতেকে টেটত চাকৰি পোৱাত ঘৰখনে আৰু সাৰ-পানী পাইছে। পুতেকে বোলে— দেউতা, তুমি আৰু ছাইকেল চলাই কষ্ট কৰিব নালাগে। তেনেকৈ কষ্ট কৰাৰ তোমাৰ এতিয়া বয়স নাই…। পুতেকে দৰমহাৰ পইচাৰেই বাপেকক সেইখন কিনি দিলে। তাৰ নিজৰ ভটভটী এখন আগৰে পৰাই আছিলেই। এতিয়া দেউৰ ঘৰত দুখন গাড়ী।’
— ‘হ’লেও তই অচিনাকি মানুহ এঘৰলৈ এনেকৈ ফটকৈ সোমাই যাব নালাগে।’
— ‘কতনো অচিনাকি? দেৱেহে মোক চিনি নাপায়, মইতো দেউক পাওঁৱেই। তাতে আমাৰ পিতাই ডেকাকালত হেনো দেউৰ ঘৰত কেইবাবছৰো বন্ধা হিচাপে আছিল। পিতাইৰ বিয়াতদেৱে হেনো কাপোৰ-কানিৰ পৰা টকা-সিকালৈকে বহুত কিবা-কিবি দি সহায় কৰিছিল। পিতাই কাল হোৱা বেমাৰটোৰ সময়তো চিকিৎসা-পাতি কৰাৰ ক্ষেত্ৰত, দৰব-জাতি কিনিবলৈ ধন-বিত দিছিল…।’
— ‘হ’ব, হ’ব। বাপেৰৰ কথা এতিয়া তেহেলৈ থ। তাৰ পাছত কি হ’ল ক।’
— ‘কি হ’ব আৰু মই আশা কৰামতেই হ’ল।’
— ‘মানে?’
— ‘মানে গোবিন দেউৰ ঘৰত সত্যনাৰায়ণ পূজা। তেওঁলোকে মোক পূজাৰ প্ৰসাদ গ্ৰহণ কৰি আহিবলৈ অনুৰোধ কৰিলে। মই পূজা ভগালৈ দেৰি হ’ব, মোৰ ঘৰ পাওঁতে বহুত ৰাতি হ’ব, মই নৰওঁ বুলি ক’লোঁ যদিও তেওঁলোকে নামানিলে। সন্ধ্যাৰ অতিথি হেনো সাক্ষাৎ দামোদৰ! তাতে সত্যনাৰায়ণ পূজালৈ অনিমন্ত্ৰিত হৈ গ’লে হেনো যোৱাজনৰো মংগল হয়, গৃহস্থঘৰৰো মংগল হয়।’
— ‘গোবিন দেউহঁতৰ নহ’লেও তোৰতো চাগৈ ভালকৈয়ে মংগল হ’ল?’
— ‘নহ’বনে! পূজা ভগালৈ আৰু দুখনমান তামোল খোৱাৰ সময় আছিল কাৰণে দেউৰ পৰিবাৰে পহিলাতে বৰপিঠা, পকামিঠৈ আৰু লচকৰাৰে চাহ এপিয়লা দি ল’লে। তাৰ পাছত ঘৰৰে খমখমীয়া দৈ আৰু লেকেটা গুৰেৰে এবাটি কোমল চাউল। আকৌ পূজা ভগাৰ পাছত মাহ-প্ৰসাদ, কেঁচামিঠৈ, পায়স, ঘোল— এইবোৰতো আছেই! দেউৰ পৰিবাৰে ঘৰলৈও প্ৰসাদৰ টোপোলা এটা বান্ধি দিলে।’
— ‘অ’, এয়া প্ৰসাদ তেনেহ’লে দেউৰ ঘৰৰ প্ৰসাদহে?’
— ‘অঁতো। নহ’লে এই ৰাতিখন মই ক’ৰ পৰা প্ৰসাদ পাম?’
— ‘মই সত্যনাৰায়ণ পূজাৰ ঘোল খাই বৰ ভালপাওঁ। ঘোল অকণো খুজি নানিলি কিয়?’
— ‘মোক ভাত খাবলৈ দিলে আঙুলি খোৱা মানুহ পাইছ? দেউৰ পৰিবাৰে উপযাচি প্ৰসাদকেইটামান বান্ধি দিলে বুলিয়েই মই কিবা তেওঁলোকৰ পৰা বস্তু খুজি আনিব পাৰোঁ নেকি? এই সদানন্দ বেপাৰী দৰিদ্ৰ হ’ব পাৰে, কিন্তু ভিক্ষাৰী নহয়। আজিলৈকে কাৰো ওচৰত হাত পাতি পোৱা নাই। আগলৈও নাপাতোঁ।’
— ‘হ’ব, হ’ব। তোক আৰু চিনি পাবলৈ বাকী আছেনে! তাৰ পাছত কি হ’ল ক।’
— ‘তাৰ পাছত মই দেউক প্ৰণাম জনাই বহাৰ পৰা উঠিব খুজিছোঁহে,দেৱে বোলে, এতিয়াই যাব নোৱাৰা। চাউল সিজোৱা মুঠিৰো ব্যৱস্থা কৰা হৈছে। শুদাই-নিকাই হ’লেও ধৰিহে যাব পাৰিবা।’
— ‘তোৰ তাৰ মানে ভোক ভালকৈয়ে গুচিল?’
— ‘নুগুচিবনে আৰু! তাতে ভাতসাজত মোৰ প্ৰিয় আটাইকেইবিধ ব্যঞ্জনেই আছিল— মাটিমাহৰ দাইল, ৰঙালাও ভাজি, বেঙেনা পোৰা, মাহগুৰি সনা। একেবাৰে ডিঙিৰ ক’লা সিৰ ওলাই যোৱাকৈ বজাই দিলো বাপ্পেকে।’
— ‘তইতো পৰৰ পালে জ্বৰৰ গাৰে খোৱা মানুহেই।’
— ‘কিয়নো তেনেকৈ কৈছ? ভোক লাগি আছিল গুণেহে দুটামান বেছিকৈ খালো। এনেয়েনো মই কিমানকেইটা ভাত যাওঁ? খুব বেছি আধাকেজি চাউলৰ।’
— ‘হ’ব। তোৰ পেট পূৰ হ’ল বুলি বুজিলো বাৰু। কিন্তু দেউৰ ঘৰত পাম্প নাপালি যেতিয়া বাকীছোৱা পথ তইতো খোজকাঢ়ি আহিবলগা হ’ল?’
— ‘তাতে কি হ’ল?’
— ‘ইমানদূৰ বাট ভৰা পেটেৰে খোজকাঢ়ি আহিব পাৰিলিনে?’
— ‘থ হেৰৌ। এইটোনো কি টান কাম! খালী পেটেৰেই কত দিন জেঠমহীয়া টিকা ফটা ৰ’দত লোকৰ ঘৰত খৰি ফালিছোঁ, জেওৰা দিছোঁ, ঘৰ ছাইছোঁ। পথাৰত হাল বাইছোঁ, কঠীয়া তুলিছোঁ, আলিপাহ কাটিছোঁ। এখন্তেকো ক’তো নোৰোৱাকৈ দহ মাইল বাট ছাইকেলত উঠাই নবৌৱেৰক পলুৱাই আনিছোঁ! তেনেস্থলত ভৰা পেটেৰে দুমাইল বাট খোজকাঢ়ি অহাটো মোৰ কাৰণেনো কি ডাঙৰ কাম?’
❧ | পূৰ্বৰ খণ্ডসমূহ পঢ়ক: ধ্ৰুৱজ্যোতিৰ পাতালীকাণ্ড