ৰা তিপুৱা শোৱাৰ পৰা উঠিয়েই পর্ণই পহিলাতে এক লিটাৰ কুহুমীয়া গৰম পানীত এফাল কাজিনেমু চেপি খাই ল’লে। তাৰ পাছত সি পকাত পাটীখন পাৰি লৈ প্ৰাণায়াম কৰাত লাগিল। পহিলাতে পর্ণই তিনি মিনিট বিপৰীতকৰণী মুদ্ৰা কৰিলে। তাৰ পাছত তিনি-চাৰিবাৰকৈ মুক্তপদ হস্তাসন আৰু শলভাসন। আসনখিনি সামৰি সি মনতে ভগৱানক স্মৰণ কৰিলে— হে প্রভু, আজি যেন মোক খোলোচা কৰি দিয়া। নহ’লে আজি মই সঁচাকৈয়ে আত্মহত্যা কৰিম!
যোৱা বিছ-পঁচিশ বছৰে পৰ্ণই কৌষ্ঠকাঠিন্যত ভুগি আছে। সমস্যাটো সমাধান কৰিবলৈ সি কত যে কি কৰা নাই! এল’পেথিক, আয়ুর্বেদিক, হোমিওপেথিক, হেকিমী, বনদৰৱ— সকলো কৰি চালে। কিন্তু নাই, একোতেই কাম নিসিজিল। অমিতা, ত্রিফলা, কল, সেউজীয়া শাক-পাচলি, বুট-মগু— এইবোৰ তাৰ খাদ্য-তালিকাত নিয়মীয়াকৈ ভৰাই ল’লে। জ্বলা-মছলাযুক্ত খাদ্য, ভজা-পোৰা, মাছ-মাংস-কণী বাদ দি সি নিৰামিষ আহাৰ খাবলৈ ল’লে। তথাপি তাৰ পেট খোলোচা নহ’ল। শেষ চেষ্টা হিচাপে সি এতিয়া নেমুপানী আৰু আসন-প্রাণায়ামৰ আশ্রয় লৈছে। কি ফল পায় ঈশ্বৰেহে জানে!
আধাঘণ্টা অপেক্ষা কৰাৰ পাছতো প্রবণতা নহাত পৰ্ণৰ খং উঠিবলৈ ধৰিলে। খঙতে সি পেটটোত হেঁচা দুটামান দিলে। বায়ু এটা গ’ল যদিও একো অনুভৱ নহ’ল। সি কি কৰে এতিয়া? নিয়মটোতো কৰিবই লাগিব! ইপিনে অফিচলৈ যোৱাৰ সময় চমু চাপি আহিছে। পর্ণই মনত এসোপামান বিৰক্তি লৈ লেট্রিনত সোমালগৈ। যিমান পাৰে সিমান বল দিলে। নাই, একো কাম নহ’ল। তাৰ গৰম উঠি গ’ল। ঘামি জুৰুলি-জুপুৰি হ’ল সি। অৱশেষত উপায়ান্তৰ নাপাই সি এইবাৰ শেষ উপায়টো অৱলম্বন কৰিবলৈ সাজু হ’ল। পর্ণই বাওঁহাতৰ তর্জনী আঙুলিটোত চাবোনপানী সানি লৈ সেইটো গুহ্যদ্বাৰত সুমুৱাই ঘুকটি দিলে। এনেকৈ অলপ সময় থকাৰ পাছত এশ গ্রামমান মল বাহিৰ হ’ল যদিও সৰহখিনি মল তাক দিনটো অশান্তি দি থাকিবলৈ পেটৰ ভিতৰতে জমা হৈ থাকিল। আজিও মনত এসোপামান অসন্তোষ লৈ পর্ণ বাথৰুমৰ পৰা লৰালৰিকৈ ওলাই আহিল।
অফিছত নিজৰ টেবুলত বেগটো থৈয়ে পর্ণ চিধা বছৰ কোঠা পালেগৈ। বছে তাক বহিবলৈ দি ক’লে— “এতিয়াই আহিলা যে, কিবা জৰুৰী কাম আছিল। নেকি?”
“হয় ছাৰ।”— ওলাই আহিব খোজা বায়ুটো পর্ণই বহুত কষ্ট কৰি টিপা মাৰি থ’লে। নহ’লে সেইটো ওলাবলৈ পোৱা হলে বছতোতো বাদেই, কোঠাটোৰ জেঠী-মকৰা-পইতাচোৰা-নিগনি-ডালশলীয়া— আটাইবোৰেই তাৰ পৰা পলাই পত্রং দিলেহেঁতেন।
“কোৱাচোন কি কাম?”
“ছাৰ, মই আৰু কাইলৈৰ পৰা অফিছলৈ নাহোঁ।”
“কিয়? এই ডেকা বয়সতে তুমি চাকৰি এৰিবানে?”
“চাকৰি নেৰোঁ ছাৰ। আজি মই আত্মহত্যা কৰিম।”
“কি?”— বছে ইমান সময়ে ফাইল এটাত মূৰ গুজি আছিল। তেওঁ এইবাৰ পোনপটীয়াকৈ পর্ণলৈ চালে। “হয় ছাৰ। আপুনি মোৰ পি এফ, গ্ৰেছুইটি, এল আই চি আদিৰ পইচাখিনি মোৰ মায়ে সোনকালে পোৱাৰ ব্যৱস্থাখিনি কৰি দিব।”
“কিন্তু তুমি আত্মহত্যা কৰিবা কিয়? কিবা পাৰিবাৰিক অশান্তি নে প্রেমত বিফল?”
“সেইবোৰ একো নহয় ছাৰ।”
“তেনেহলে?”
পর্ণৰ মুখৰ পৰা কাৰণটো শুনাৰ পাছত বছে হাঃ হাঃ হাঃ হাঃকৈ ইমান জোৰেৰে অট্টহাস্য কৰিলে যে ৰাৱণে সীতাক হৰণ কৰাৰ পাছতো তেনেকৈ হঁহা নাছিল। তেওঁৰ হাঁহিৰ কোবত অফিছ কোঠাটো কঁপি উঠিল, টেবুলৰ ফাইল-পত্র কিছুমান বেঁকা হৈ পৰিল। হাঁহিটো থমাৰ পাছত চকুপানী মচি মচি বছে কলে— “তুমি এই সাধাৰণ কথাটোতে আত্মহত্যা কৰিবানে?”
“ছাৰ, মোৰ কাৰণে এইটো সাধাৰণ কথা নহয়। কিমান অশান্তিত দিন কটাইছোঁ, মই জানো আৰু একমাত্র ভগৱানে জানে!”
“ঠিক আছে, তুমি কৰিবা বাৰু আত্মহত্যা। কিন্তু আজি নহয়। কাইলৈ কৰিবা।”
“কিয় ছাৰ?”
“সেইটো তোমাক এতিয়াই নকওঁ। সময়ত তুমি নিজেই গম পাবা।”
“কিন্তু ছাৰ মোৰ যে আৰু এঘণ্টাও জীয়াই থাকিবলৈ মন নাই!”
“ইমান দিন ধৈর্য ধৰি আছা যেতিয়া আৰু এটা দিন নোৱাৰিবানে?”
পর্ণ চিন্তিত মনেৰে বছৰ কোঠাটোৰ পৰা ওলাই আহিল। বছে বাধা দিয়া কাৰণে পেটে পেটে তেওঁলৈ অলপ খঙো উঠিল। সি কিমান যন্ত্রণাদায়ক জীৱন এটা কটাই আছে, বছে কি বুজিব! এই সমস্যাটোৰ কাৰণেই সি ক’লৈকো যাওঁ বুলি যাব নোৱাৰে, শান্তিৰে ক’তো এখন্তেক বহিব নোৱাৰে। এদিনতো হেণ্ডিমেনে তাক আধাবাটতে বাছৰ পৰা নমাই দিছিল। সেইদিনা তাৰ পেটৰ পৰা ইমানেই দুর্গন্ধযুক্ত বায়ু নির্গত হৈছিল যে বাকী যাত্রীসকলৰ বমি হোৱাৰ উপক্রম হৈ গৈছিল। সেই অপমানৰ কথা সি জীৱনত কেতিয়াও নাপাহৰে। আৰু অথনি সি বছক খুলি নক’লেও এনিশাই তাক এইটো কাৰণতে ত্যাগ কৰিছিল। সেই দুখে তাক সদায় খুলি খুলি খাই থাকে।
ইতিমধ্যে বছৰ মুখৰ পৰা কথাটো ইকাণ-সিকাণকৈ অফিচৰ সকলো কর্মচাৰীয়েই গম পাই গৈছিল। পুৰুষ কর্মচাৰীসকলে কথাটোত ৰস পালে যদিও মহিলা কর্মচাৰীসকলে কথাটো গুৰুত্বসহকাৰেই ল’লে। তেওঁলোক পর্ণৰ ওচৰলৈ আহি তাক বুজোৱাত লাগি গ’ল। তেওঁলোকে উপদেশ-পৰামর্শেৰে তাৰ কাণ ঘোলা কৰি দিলে। তেওঁলোকৰ মতে সি এতিয়াই, এই বয়সতে, এই সামান্য কথাটোতে আত্মহত্যা কৰাটো যুগুত নহয়। তাৰ জীৱনটো তেনেই পৰি আছে। সি জীৱনত কৰিবলৈ ঢেৰ কাম বাকী আছে। তদুপৰি আত্মহত্যা কৰাটো মহাপাপ। ডাঙৰ অপৰাধ। এনেকুৱা মানুহে ৰৌ ৰৌ নৰকতো ঠাই নাপায়।… পর্ণই যুক্তি দিলে— তাৰ জীৱন, তাৰ কথা। তাৰ জীৱনটো সি মাৰেই নে ৰাখে, সেইটো সি সিদ্ধান্ত ল’ব। আৰু ইচ্ছামৃত্যু এতিয়া আইনে বৈধ বুলি ঘোষণা কৰিছে। সি বর্তমান যি শাৰীৰিক আৰু মানসিক যন্ত্রণা ভোগ কৰি আছে, সেয়া নৰকৰ যন্ত্রণাতকৈ বহুত বেছি।
অফিছ ছুটীৰ আগে আগে বছ পৰ্ণৰ ওচৰলৈ নিজেই আহি তাক ক’লে— “ব’লা, তোমাক মই এতিয়া এঠাইলৈ লৈ যাওঁ।”
“ক’লৈ নিব ছাৰ? আপুনি মোক পুলিচক গতাই নিদিয়েতো?”— পর্ণই ভয় খালে।
“এনেকুৱা মতলব থকাহেঁতেন সেই কাম মই অথনিয়েই কৰিব পাৰিলোহেঁতেন।”
“তেনেহ’লে আপুনি মোক ক’লৈ নিব খুজিছে?”
“ব’লাচোন। গ’লে তুমি নিজেই গম পাবা।”
পৰ্ণ উৎকণ্ঠিত মনেৰে বছৰ গাড়ীত উঠিলগৈ। বছে চহৰৰ মাজৰ পৰা গাড়ীখন ঘূৰাই পূব দিশেৰে নিবলৈ ধৰিলে। তেনেকৈ দুই কিলোমিটাৰমান যোৱাৰ পাছত তেওঁ এটা তেনেই সাধাৰণ অসম আৰ্হিৰ ঘৰৰ সন্মুখত গাড়ীখন ৰাখিলেগৈ।
গাড়ীৰ পৰা নামি পর্ণ বছৰ পিছে পিছে ঘৰটোলৈ সোমাই গ’ল। বিছনাত অৰ্ধশায়িত অৱস্থাত পৰি থকা মানুহ এজনৰ ওচৰলৈ লৈ গৈ বছে মানুহজনৰ লগত পর্ণক চিনাকি কৰি দিলে— “এয়া আমাৰ প্রখ্যাত সাহিত্যিক পুৰুষোত্তম চলিহা।”
পর্ণই লগে লগে চলিহাৰ ভৰি চুই প্রণাম জনালে। সি এইখন চহৰলৈ বদলি হৈ অহা মাত্র তিনি মাহ হৈছে। সি ইমান দিনে চলিহাৰ নামটোহে শুনি আছিল, তেওঁ যে এইখন চহৰতে থাকে, জনা নাছিল। চলিহাৰ লগত কথা-বতৰা পাতি পূর্ণই বৰ ভাল পালে। অলপ সময়ৰ ভিতৰতে সি তেওঁৰ পৰা বহু কথা শিকিলে। চলিহাৰ সান্নিধ্য পাই জীৱনটো ধন্য হোৱা যেন লাগিল তাৰ।
ওভতনি যাত্রাত বছে পর্ণক ক’লে— “তোমাক চলিহাৰ ওচৰলৈ কিয় নিছিলো জানানে?”
“নাজানো ছাৰ।”— পৰ্ণৰ উৎকণ্ঠা আৰু বাঢ়ি গ’ল।
“চলিহা যোৱা দহ বছৰে কৰ্কট ৰোগত আক্ৰান্ত হৈ আছে। অকল সেইটোৱেই নহয়, তেওঁৰ হাপানি, কেঁচুমূৰীয়া, বাতবিষ ইত্যাদি আৰু কেইবাটাও বেমাৰ আছে। কিন্তু ইমানবোৰ বেমাৰ গাত থকা সত্ত্বেও তেওঁ অলপো হতাশ হোৱা নাই। মৃত্যু নিশ্চিত হৈ থকা সত্ত্বেও তেওঁ কোনোদিনেই কলম এৰা নাই। সদায় নতুন নতুন সাহিত্য সৃষ্টি কৰি গৈছে। আৰু তুমি এটা মাত্র সাময়িক ৰোগৰ কাৰণেই আত্মহত্যা কৰাৰ সিদ্ধান্ত লৈ পেলাইছা। তোমাৰ লাজ লগা নাইনে?” পর্ণই তলমূৰ কৰিলে। বছে পুনৰ ক’লে— “তুমি আজি গোটেই ৰাতিটো ভাবা। যদি তুমি চলিহাৰ বেমাৰতকৈ তোমাৰ বেমাৰটো ডাঙৰ বুলি ভাবা, তেনেহ’লে ৰাতিয়েই আত্মহত্যা কৰিবা, আৰু যদি নাভাবা, তেনেহ’লে কাইলৈ অফিছলৈ আহিবা।”
এই কথাটো বছ আৰু পৰ্ণৰ বাহিৰে আন কোনেও জনা নাছিল। পাছদিনা অফিচৰ বাকী কৰ্মচাৰীসকল শোকসভা পাতিবলৈ প্রস্তুত হৈ আছিল। কিয়নো সকলোৱে ধৰি লৈছিল— পাছদিনা পর্ণই আত্মহত্যা কৰিবই। অৱশ্যে পর্ণক বেয়া পোৱা কেইজনমান কর্মচাৰীয়ে এদিন ছুটী পাব বুলি পেটে পেটে ভালহে পাই আছিল। কিন্তু পাছদিনা আনদিনাৰ দৰে সঠিক সময়তে পর্ণ অফিছত উপস্থিত হোৱাত সকলো আচৰিত হ’ল। দুজনমান অলপ-ধতুৱাইতো পর্ণক তাৰ প্রেতাত্মা বুলি ভাবি ফাহি-ছিটিকা দিলে। দুজনমান ভয়তে আলমাৰিৰ চেপত লুকালগৈ। পর্ণই সকলোকে সি যে জীৱন্ত পর্ণই, তাৰ ভূত নহয়, বুজালেহে বুজালে, কোনেও কথাটোত ভঙ্গজয় নগ’ল। পর্ণ বিমোৰত পৰিল। সি হতাশ মনেৰে নিজৰ চকীত বহি পৰিল। ইতিমধ্যে দুজনমান পৰ্ণৰ ভূতটোক খেদিবলৈ বেজ বিচাৰি ফোনাফোনিত লাগিয়েই গৈছিল।
এইবোৰ কাণ্ড-কাৰখানা দেখি-শুনি পৰ্ণৰ নিজৰে বিশ্বাস হেৰাই গৈছিল—সি এটা জীৱন্ত মানুহ! পর্ণই নিজৰ গাত নিজেই চিকুটি চালে। ঠিকেই আছে দেখোন! সিতো ভালকৈয়ে দুখ পাইছে! ছেঃ! কি কৰা যায় এতিয়া? এতিয়ালৈকে বছ আহি পোৱা নাই। তেওঁ আহি পোৱাহেঁতেন, সমস্যাটো অতি শীঘ্রেই সমাধান হৈ গ’লহেঁতেন। তেনেতে পৰ্ণৰ মনত এটা বুধি খেলালে, সি সকলোকে উদ্দেশ্যি ক’লে— “আপোনালোকেতো জানে— ভূতে ৰাম নাম ল’ব নোৱাৰে। মই যদি এতিয়া ৰাম নাম লওঁ, আপোনালোকে বিশ্বাস কৰিবনে মই ভূত নহয়, জীৱন্ত মানুহ?” কৰ্মচাৰীসকলে ইজনে সিজনৰ মুখলৈ চোৱা-চুই কৰিলে। সকলো কথাতে লিডাৰগিৰি কৰি ফুৰা মহন্ত উপাধিৰ কৰ্মচাৰীজনে ক’লে— “ঠিকেই। তুমি ৰাম নাম লোৱা। তেতিয়া আমি বিশ্বাস কৰিম।”
“ৰাম… ৰাম… ৰাম…।”— পর্ণই দহবাৰমান ৰাম নাম ল’লে। ইয়াৰ পাছতহে কৰ্মচাৰীসকল কথাটোত ভঙ্গজয় গ’ল। সেই সময়তে বছ আহি পাইছিলহি। বছে পর্ণক নির্ঘাত অপমৃত্যুৰ পৰা বচোৱা কাৰণে সকলোৱে তেওঁক ধন্যবাদ জনালে। আনন্দটো ছেলিব্রেট কৰিবলৈ বছে পিয়ন এটাক চাহ, চিঙাৰা আৰু ৰসগোল্লা আনিবলৈ অৰ্ডাৰ দিলে।
| পূৰ্বৰ খণ্ড পঢ়ক: ধ্ৰুৱজ্যোতিৰ পাতালীকাণ্ড | পৰ্ব ১ খণ্ড ৪: গাঁঠি-পুৰাণ
পাছদিনাৰ পৰা পর্ণই কৌষ্ঠ পৰিষ্কাৰৰ কাৰণে যি যি উপায় অৱলম্বন কৰিছিল, সেই আটাইবোৰেই বাদ দি দিলে। আচৰিত কথা, দুদিনমান পাছৰ পৰা পৰ্ণৰ এই সমস্যাটো ক্ৰমাৎ নিজে নিজেই নাইকিয়া হৈ গ’ল। কাৰণটো পিছে সি ভাবি উলিয়াব নোৱাৰিলে।