পু
ৱা শোৱাৰ পৰা উঠিয়েই গজেন শর্মাই দেখিলে— পৰিবাৰে বনকৰা মানুহজনীৰ লগ লাগি ড্রয়িং ৰূমৰ বস্তুবোৰ ইফাল-সিফাল কৰি আছে। তেওঁ আচৰিত হ’ল— ‘হেৰা, এই ব্রহ্মপুৱাতে তুমি এইবোৰ কিহত লাগিছা?
‘এতিয়া ব্রহ্মপুৱা হৈ আছে? ঘড়ী চাওকচোন, আঠ বাজি গল।’— পৰিবাৰে শৰ্মাৰ কথাৰ উত্তৰ দিয়াৰ প্রয়োজন বোধ নকৰিলে।
‘ছেঃ! আজি বৰ দেৰি হৈ গ’ল। তুমি মোক জগাই নিদিলা কিয়?’
‘দিছিলো। আপুনি সাৰ পালেহে! যেনেকৈহে নাক ঘোৰঘোৰাই শুই আছিল, কুম্ভকর্ণই দেখা হ’লে লাজেই পাই গ’ল হয়!
যোৱা ৰাতি শৰ্মাৰ সহকর্মী এজনে ঘৈণীয়েক পঞ্চমবাৰৰ বাবে গর্ভৱতী হোৱাৰ আনন্দত পার্টী এটা দিছিল। পৰৰ পালে জ্বৰৰ গাৰে খোৱা শৰ্মাই তাত অলপ বেছিকৈয়ে গলাধঃকৰণ কৰি পেলাইছিল। ফলত…।
শর্মাই এইবাৰ মূৰটো খজুৱাই খজুৱাই পৰিবাৰক সুধিলে— “বাৰু, এইবোৰ কি কৰিছা কোৱাচোন?’
‘পৰিৱৰ্তন কৰিছোঁ।’
‘পৰিৱৰ্তন?’
‘ও, বিজেপি চৰকাৰ পাতি আপোনালোকেহে পৰিৱৰ্তন কৰিব পাৰে নেকি? মই নোৱাৰোঁ?’
‘ৰ’বাচোন ৰ’বা। তুমি আপোনালোকে বুলি কৈছা যে, তুমি তাৰ মানে বিজেপিক ভোট দিয়া নাছিলা?’
‘নাই দিয়া।’
‘তেনেহ’লে কাক দিছিলা?’
‘সেইটো মোৰ সম্পূর্ণ পার্চনেল কথা। আপোনাক কিয় কম?’
‘কিন্তু তুমিতো মোক এইবাৰ বিজেপিকে ভোট দিবা বুলি কৈছিলা?’
‘কৈছিলো। পাছত ভাবিলো— লংকালৈ যি যায় সিয়েই ৰাৱণ হয়। ৰামৰ নাম লৈ লৈ এওঁলোকো যে পাছত ৰাৱণ নহ’বগৈ, তাৰ কি মানে আছে?’
‘হেৰা, ইমান নেতিবাচক চিন্তা নকৰিবাচোন!’
‘দেখি-শুনি কৰিবলৈ বাধ্য হৈছোঁ। পৰিৱৰ্তন হ’ব বুলি ঊনৈছ শ পঁচাশী চনত ঘৰৰ ল’ৰাকেইটাকে ৰাজপাটত বহুৱাছিল নহয়, কি কচুপাত ফুলালে নেদেখিলে জানো? তাৰ পাছত আকৌ হাতত হাত মিলালে। কৰমর্দন কৰি কৰি ৰাইজৰ হাত বিষাই যোৱাত এইবাৰ আকৌ অনাই বনাই ঘূৰি ফুৰা হাতীকেইটাক ধৰি-বান্ধি আনি পোহ মনালে। কিন্তু কি হ’ব, সিহঁতে ক্ষমতা পাই ঘৰ-দুৱাৰ ভাঙি তহিলং কৰিলে। ৰাইজে আকৌ হাতকে হাত-বাউল দিলে। কিন্তু যোৱা পোন্ধৰটা বছৰত হাতে ইমানেই হাত চাফাই কৰিলে যে ৰাইজৰ জেপত ফুটাকড়ি এটাও নাথাকিলগৈ। চৰকাৰ সলনি হৈ থাকিল, অথচ দেশখনৰ একো সলনি নহ’ল। দিনে দিনে ৰসাতললৈহে গৈ থাকিল। মই আপোনাক এতিয়াই কৈ থ’লো— চাব, শেহত গৈ শিকিয়াৰ পোকৰ একেটাই হ’বগৈ। পাঁচ বছৰ নৌহওঁতেই মানুহৰ আমনি লাগিব। পদুম ফুল এৰি আকৌ তগৰ ফুল, গোলাপ ফুলৰ গোন্ধ বিচাৰি হাবাথুৰি খাই ফুৰিব।‘
কেঁচু খান্দোতে সাপ ওলোৱাৰ ভয়ত শর্মা সেই ঠাইৰ পৰা সাউৎকৈ আঁতৰি আহিল। গা-পা ধুই আহি তেওঁ দেখিলে পৰিবাৰে ডিভানখনক বাদ দি ড্রয়িং ৰূমৰ আটাইবোৰ বস্তুৱেই সলনা-সলনি কৰি পেলাইছে। টিভিটো আগেয়ে সোঁফালে আছিল, এতিয়া আছে বাঁওফালে। ছোফাছেটটো আগেয়ে আছিল পূবমুৱাকৈ, এতিয়া আছে পশ্চিমমুৱাকৈ। শৰ্মাক দেখি পৰিবাৰে ক’লে— ‘চাওঁ, ডিভানখন অলপ ধৰকচোন। সিটো ফাললৈ নিওঁ। আমি দুজনীয়ে বলে পৰা নাই।’
শর্মাই লগে লগে সাত জাপ মাৰিলে— ‘মই নোৱাৰোঁ দেই ইমান গধুৰ বিছনাখন দাঙিব। মোৰ কঁকালৰ বিষ আছে বুলি নাজানা নেকি?’
‘আপুনি নোৱৰা নহয়, নকৰে। কৰিবলৈ মন নাই বুলি কওক। কিবা এটা বস্তু, কিবা এটা কথাৰ পৰিৱৰ্তন আনিবলৈ অকণমান কষ্ট কৰিবইলাগিব। অর্থাৎ নিজৰ স্বাৰ্থৰ কথা চিন্তা কৰি থাকিলে নহ’ব। আমাৰ নেতাবোৰো আপোনাৰ নিচিনাই। সেয়ে আজিলৈকে একো পৰিৱৰ্তন নহ’ল।’
‘ৰ’বাচোন। চৰকাৰখন অহা তিনি বছৰ হৈছেহে, ইমান সোনকালে পৰিৱৰ্তন আনিব নোৱাৰে নহয়!’
‘আমাৰ চৰকাৰখনৰ কথা বাৰু বাদ দিছোঁ। কিন্তু কেন্দ্ৰত এবাৰ ৰাজত্ব কৰি ঘূৰিবাৰো ৰাজত্ব কৰা কেইবামাহ হ’ল। ক’তা, চৰকাৰে দেখোন খোৱা বস্তুৰ দামটোকে কমাব নোৱাৰিলে।’
শৰ্মাৰ পৰিবাৰৰ মুখখন এবাৰ মেল খালে সহজে জাপ নাখায়। পৰিবাৰৰ লগত এতিয়া তর্ক কৰি থাকিলে তেওঁৰ অফিচলৈ পলম হ’বগৈ। সেয়ে বিনাবাক্যব্যয়ে শৰ্মা বাকী থকা কামখিনিত লাগিলগৈ।
ভাতৰ পাতত বহিয়েই শৰ্মাৰ মনটো কোঁচ খাই গ’ল। পৰিবাৰে আজি অকল পিটিকাৰে ভাত দিছে। তেওঁ পেটুক মানুহ। অফিচলৈ যাওঁতে ভাতসাজ ভালকৈ খাই যাবলৈ নাপালে দিনটো অথলে যোৱা যেন লাগে। শৰ্মাৰ এটা অন্ধবিশ্বাসো আছে। পুৱাৰ ভাতসাজ গহীন নহ’লে তেওঁৰ দিনটোত নানা অথন্তৰ ঘটে। পৰিবাৰে চাগৈ আজি কামত লাগি থকা বাবেই দাইল-ভাজি কৰিবলৈ সময় নাপালে। পিছে পৰিবাৰক কথাটো সুধিবলৈ তেওঁৰ সাহে নুকুলালে। কোদোবাহত জুই লগাবলৈ সাহস কম হ’লে হ’ব জানো?
শর্মাই যি আশংকা কৰিছিল, সেয়াই হ’ল। আধাবাটতে তেওঁৰ স্কুটাৰখন বেয়া হ’ল। সেইখন এঠাইত থৈ বাকীছোৱা পথ তেওঁ ৰিক্সাৰ থেকেচনি খাই খাই যাব লগা হ’ল। ফলত তেওঁৰ কঁকালৰ বিষটোৱে আকৌ উক দিলে। অফিচত সৰু কথা এটাতে বছে তেওঁক গালি পাৰিলে। আজি টেবুলৰ তলেদি তেওঁৰ মাত্র দুশ টকাহে আহিল।
অফিচৰ পৰা ঘৰ পাই শৰ্মাই দেখিলে পৰিবাৰে ঘৰখনৰ সলাব পৰা সকলো বস্তুৱেই সলাই পেলাইছে। ফুলৰ টাব, কাপোৰ মেলা ৰছী, ডিছ এণ্টেনা, গোহালিৰ বাহিৰত গৰু বন্ধা খুঁটিৰ স্থান— সকলো। শৰ্মাই ভাবিলে— পৰাহেঁতেন পৰিবাৰে কিজানি গোটেই ঘৰটোৱেই পূবমুৱাৰ পৰা পশ্চিমমুৱা কৰি পেলালেহেঁতেন। কিন্তু তেওঁ বুজি নাপালে এইবোৰ সাল-সলনিয়ে কি উপকাৰ সাধিব।
ঘৰৰ ভিতৰ সোমাই শর্মা প্রায় উচাপ খাই উঠিল। চুৰিদাৰ পিন্ধা, বব কাট চুলিৰ, মুখত ভাৱৰীয়াৰ দৰে ৰং সনা, চেলাউৰিৰ নামত দুডাল ক’লা আঁচ থকা, এক ফার্লং দূৰৰ পৰাও জিলিকি থকাকৈ ওঁঠ দুটাত ফেচুলুকাৰ ফোপটোৰ দৰে কৰি থোৱা এইজনী কোন তেওঁৰ ঘৰত? ক’ৰ মানুহ আহিল তেওঁৰ ঘৰলৈ? শৰ্মাই চকু দুটা মোহাৰি ভালকৈ চাইহে ধৰিব পাৰিলে— সেইজনী আন কোনো নহয়, তেওঁৰে পৰিবাৰ। বিয়াৰ পাছততো বাদেই, আগতেও শৰ্মাৰ পৰিবাৰে হেনো চুৰিদাৰ পিন্ধি পোৱা নাছিল। পিন্ধিব পৰালৈকে ফ্রক পিন্ধিছিল, তাৰ পাছত মেখেলা-চাদৰ আৰু শাৰী। আৰু পৰিবাৰে বিউটী পার্লাৰৰ নামহে শুনিছিল, তাৰ ভিতৰত কোনো দিনেই প্রৱেশ কৰি পোৱা নাছিল।
‘হেৰা, তুমি এইবোৰ কি পিন্ধিছা? আৰু তোমাৰ চুলিকোছা, চেলাউৰিযোৰ এবেলাতে ইমান শুকাই-খীনাই গ’ল যে?’ শৰ্মাৰ চকু দুটা অমৰাগুটীয়া হৈ গ’ল।
‘কিয়, মই এইবোৰ পিন্ধিব নাপায় নেকি? এইবোৰ কৰিব নাপায় নেকি?’— পৰিবাৰৰ মাত সম্পূর্ণ বেপৰোৱা।
‘পায়, কিয় নাপায়? কিন্তু এই বয়সত…!’
‘পৰিৱর্তন বুইছে? পৰিৱৰ্তন। ইয়াকে কয় পৰিৱর্তন।’
‘কিন্তু মানুহে তোমাক হাঁহে যদি?’
‘হাঁহিলে হাঁহিব। কোনে হাঁহিব? পৰিৱৰ্তন নিবিচৰা বিলাকেহে হাঁহিব! সিহঁতে হাঁহিলে মোৰ একো ক্ষতি নহয়।’
শৰ্মাই কাপোৰ-কানি সলাই, হাত-মুখ ধুই আহি দেখে পৰিবাৰে হাতত দুটা মোনা লৈ ৰৈ আছে।
‘তুমি আকৌ মোনা লৈ ক’লৈ যোৱা?’ শর্মা যেন আজি আশ্চর্যৰ সাগৰখনৰ পৰা উঠিবই নোৱৰা হ’ল!
‘বজাৰলৈ যাওঁ। আজিৰ পৰা বজাৰ-সমাৰ মই কৰিম। আপুনি ঘৰৰ কাম কৰিব।’
‘তাৰ মানে তুমি আমাৰ কাম-বনতো পৰিৱর্তন সাধিব খুজিছা?’
‘ও।‘
‘কিন্তু তুমি বজাৰ চিনি পোৱা জানো? আজিলৈকেতো তুমি এদিনো বজাৰ কৰি পোৱা নাই!’
‘আগেয়ে নাপালে কি হ’ল? আজিৰ পৰাতো পাম!’
‘বেপাৰীয়ে তোমাক ঠগে যদি?’
‘নোৱাৰে ঠগিব। সিহঁতে যি দাম কয়, মই তাকেই নিদিওঁ নহয়!’
‘গেলা-পচা বস্তু দিয়ে যদি?’
‘মোৰ চকু আপোনাৰ নিচিনা বেয়া নহয়, নহয়! আপুনিহে চছমা নহ’লে একো নেদেখে!’
‘বাৰু, তুমি সেই যুগলী বুঢ়ীজনী হ’ব খুজিছা নেকি?’
‘কোন যুগলী বুঢ়ী?’
‘আমি সৰুতে পঢ়া ওলট-পালট পদ্যটোৰ সেই বুঢ়ীজনী যে! গিৰীয়েকক ঘৰৰ কামত লগাই নিজে পথাৰত হাল বাবলৈ গৈছিল।‘
‘অ’ সেইজনী বুঢ়ীৰ কথা কৈছে? মই তাইৰ নিচিনা ইমান বেঙী নহয় বুইছে?’
‘মানে?’
‘মানে মই বাহিৰৰ পৰা কামখিনিহে কৰিম। নোৱৰাখিনি নকৰোঁ। যেনে— লাইন পাতি গেছৰ ছিলিণ্ডাৰ অনা, লাইটৰ বিল দিয়া, গৰুক দানা-পানী দিয়া, বাৰীৰ বন-বাট চাফা কৰা— এইবোৰ কাম আপুনিয়েই কৰিব লাগিব।‘
‘হ’ব বাৰু। কিন্তু তুমি মোক চাহকাপ দি যোৱা।‘
‘আপুনি নিজেই কৰি খাওক। ইমান দিনে মই কৰি খুৱালো আৰু!’
শৰ্মাৰ পৰিবাৰৰ ওপৰত খং নুঠিল, উঠিল কেইজনমান ৰাজনৈতিক নেতা, বুদ্ধিজীৱী আৰু মিডিয়াৰ মানুহবোৰৰ ওপৰত। তেওঁলোকে যদি এই ‘পৰিৱর্তন’ শব্দটো নুলিয়ালেহেঁতেন, তেনেহ’লে তেওঁৰ আজি এই দশা কেতিয়াও নহ’লহেঁতেন। শর্মাই ইমান দিনে ‘মা’ শব্দটোৱেই পৃথিৱীত আটাইতকৈ বেছি ব্যৱহৃত শব্দ বুলি জানি আহিছিল। কিন্তু যোৱা দুই-তিনি বছৰত এই ‘পৰিৱৰ্তন’ শব্দটো ইমানেই ব্যৱহৃত হৈছে যে ই ‘মা’ শব্দটোৰ হাজাৰ বছৰীয়া ৰেকৰ্ড খুব কম দিনৰ ভিতৰতে ভংগ কৰি দিছে!
শৰ্মাৰ আগেদিয়েই পৰিবাৰ মুলাগাভৰুৰ দৰে গপগপাই বজাৰলৈ ওলাই গ’ল। শৰ্মাই নিজেই চাহ বাকি খাব লগা হ’ল। তেওঁ অৱশ্যে চাহ কৰিবলৈ বা কেতিয়াবা ভাত-পানী ৰান্ধিবলৈ এলাহ নকৰে। বাচন ধুবলৈহে এলাহ কৰে। বাচন ধোৱা বুলিলে তেওঁ মৰিব পাৰে।
শৰ্মাৰ পৰিবাৰে অৱশ্যে বজাৰখন ভালেই কৰিলে। শাক-পাচলি, মাছ-মাংস চব তাজা। শৰ্মাৰ মনটো ভাল লাগি গ’ল। তেওঁ উৎসাহেৰে পৰিবাৰক সুধিলে— ‘আজি পিছে মাছৰ টেঙা ৰান্ধিবা নে আদখৰীয়া?’
‘মই আকৌ কিয় ৰান্ধিম!’— পৰিবাৰে যেন আগেয়ে কেতিয়াও নুশুনা কথা এষাৰহে শুনিলে।
‘তেনেহলে কোনে ৰান্ধিব? আমাৰ ঘৰততো ভাতৰন্ধা মানুহ নাই!’
‘কিয়, আপুনি ৰান্ধিব আকৌ! মই দেখোন আজি পুৱাৰ পৰা আপোনাক কৈয়েই আছোঁ, মই সকলো ক্ষেত্ৰতে পৰিৱর্তন আনিব খুজিছোঁ।‘
শর্মাই ভাবিলে, নাই, ইমানতে পৰিবাৰৰ পৰিৱর্তনৰ গাড়ীখনত ব্রেক মাৰিব লাগিব। নহ’লে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰ হৈ যাব। কিয়নো তেওঁলোক দুয়োৰে মাজত আৰু এনেকুৱা কিছুমান কথা আৰু কাম আছে,— সেইবোৰতো যদি পৰিবাৰে পৰিৱৰ্তন আনিব খোজে, তেন্তে কথা বিষম হৈ যাব। শর্মা মানুহটো কূটবুদ্ধিত পাকৈত। সেয়ে অফিচত তেওঁৰ উপনাম শকুনি মোমাই। অফিচৰ বহুতো ডাঙৰ ডাঙৰ সমস্যা শৰ্মাৰ বুদ্ধিৰ বলতে অনায়াসে সমাধান হৈ যায়। সেইবোৰৰ তুলনাত এইটোতো তেনেই সাধাৰণ কথা! শর্মাই ভাবি ভাবি, পাকঘৰত সোমোৱাৰ আগেয়েই অৱশেষত বুদ্ধি এটা পাঙি উলিয়ালেগৈ।
ভাতৰ পাতত বহি শৰ্মাৰ পৰিবাৰৰ চকু কপালত উঠিলগৈ— ‘আপুনি এইবোৰ কি ৰান্ধিছে?’
‘কিয়, ভাত ৰান্ধিছোঁ।‘ শৰ্মাৰ ভাতৰ লগত পানী খোৱাৰ দৰেই সহজ উত্তৰ।
‘ভাতত হালধি দিবলৈ আপোনাক কোনে ক’লে?’
‘কোনেও কোৱা নাই, মই নিজেই দিছোঁ।‘
‘কিয় দিলে?’
‘পৰিৱর্তনৰ বাবে। তুমিয়েইতো কৈছিলা, সকলোতে পৰিৱৰ্তন হ’ব লাগে বুলি। গতিকে মই আমাৰ ভাতসাজতো পৰিৱৰ্তন এটা আনিবলৈ চেষ্টা কৰিছোঁ। খাই চোৱাচোন— কিজানি ভাল লাগেই!’
| পূৰ্বৰ খণ্ড পঢ়ক: ধ্ৰুৱজ্যোতিৰ পাতালীকাণ্ড | পৰ্ব ১ খণ্ড ৫: বোধোদয়
শৰ্মাৰ পৰিবাৰৰ মুখৰ মাত হৰিল। শৰ্মাই পুনৰ কৈ গ’ল— ‘বুইছা, য’তে-ত’তে, যেতিয়াই-তেতিয়াই, হকে-বিহকে সকলোতে পৰিৱৰ্তন আনিবলৈ গ’লে হিতে বিপৰীত হ’বগৈ, উপকাৰতকৈ অপকাৰ বেছি হ’বগৈ। গতিকে…।’ শৰ্মাৰ কথাখিনি শেষ নহ’লেই, পৰিবাৰ উচাৎ মাৰি খোৱা মেজৰ পৰা উঠি গ’ল।
| পঢ়ক: ধ্ৰুৱজ্যোতিৰ পাতালীকাণ্ডৰ সকলোবোৰ খণ্ড
গজেন শর্মাৰ মুখত মগু হাঁহি এটা বিয়পি পৰিল। তেওঁ বুজিলে— পৰিবাৰে তেওঁক আৰু কেতিয়াও পৰিৱৰ্তনৰ কথা নকয়। শৰ্মাই সুকীয়াকৈ নিজৰ কাৰণে ৰান্ধি থোৱা ভাল ভাতখিনি বাঢ়ি লৈ তৃপ্তিৰে খাবলৈ ধৰিলে।
Follow Nilacharai on Facebook