সুখৰ সংজ্ঞা কি? সুখ— দুটি বৰ্ণৰ সমষ্টি। জীৱন পৰিক্ৰমাৰ অন্তৰ্নিহিত উদ্দেশ্য যেন ইয়াতে বিদ্যমান। সুখ এক এনে অৱস্থা, য’ত কেৱল আনন্দ, দেহ-মনৰ পৰম উল্লাস আৰু প্ৰশান্তিৰ কথা কল্পনা কৰা হয়। সুখৰ শ্ৰেণী বিভাজনত সাধাৰণতে আমি তিনি ধৰণৰ সুখ পাওঁ— দৈহিক, মানসিক আৰু আধ্যাত্মিক সুখ। ইন্দ্ৰিয়ৰ দ্বাৰা লাভ কৰা সুখ দৈহিক আৰু যি সুখে আমাৰ মন-মগজুক এক প্ৰশান্তিময় আৰু সাম্য অৱস্থালৈ লৈ যায়, সেয়া মানসিক সুখ। এটা সুস্বাদু আপেলে আমাক দৈহিক সুখ প্ৰদান কৰিব পাৰে আৰু এক সুন্দৰ সংগীতে আমাক যোগান ধৰে মানসিক সুখ। কিন্তু আধ্যাত্মিক সুখ এই দুই সুখতকৈ ভিন্ন। আধ্যাত্মিক সুখত থাকে প্ৰাপ্তিৰ আনন্দ। ই এক পৰম অৱস্থা, য’ত দেৱত্ব আৰু মনুষ্যত্বৰ মাজত থাকে একত্ব। আধ্যাত্মিক সুখ জৈৱিক আৰু মানসিক সুখৰ ঊৰ্ধ্বত। আধ্যাত্মিক সুখত দৈহিক আৰু মানসিক সুখ-দুখ সকলোৰে সমান অৱস্থা। এজন সাধনাৰত ঋষিয়ে নগ্ন দেহেৰে বৰফ-আবৃত হিমালয়তো পৰম সুখ লাভ কৰে। ঠিক তেনেকৈ এজন ছুফী ফকীৰে বৈৰাগ্যতে পৰম সুখ অন্বেষণ কৰে। জৈৱিক সুখ তেওঁৰ বাবে জীয়াই থকাৰ আহিলা মাথোঁ। আধ্যাত্মিক সুখত ব্যক্তিৰ মন প্ৰেয়ৰ পৰিৱৰ্তে শ্ৰেয়ত বিলীন হয়। এই সুখৰ প্ৰথম স্তৰ হৈছে সৰ্বমংগল কামনা।
বৰ্তমানৰ জীৱন প্ৰবাহত ব্যক্তিৰ সুখ যেন কেৱল নিজস্ব দৈহিক-মানসিক তৃপ্তিতে সীমাবদ্ধ। কিন্তু জৈৱিকভাৱে ইয়াৰ দ্বাৰা ইতৰ প্ৰাণীও তৃপ্ত। অৱশ্যে মানুহ বুদ্ধিবৃত্তি সম্পন্ন, সেয়ে আমাৰ বৌদ্ধিক চেতনাই আমাক লৈ যায় পৰম শ্ৰেয় (highest good)-লৈ, য’ত চৰম মানসিক তৃপ্তি সঞ্জীৱীত। সাধাৰণতে আমি জীয়াই থাকোঁ এক সামাজিক সত্তা হিচাপে আৰু সেয়ে আমাৰ মাজত প্ৰয়োজন তিনিও সুখৰ এক সংমিশ্ৰণ বা ভাৰসাম্য। অৱশ্যে গভীৰ আধ্যাত্মিকতা ব্যক্তিগত বিষয়। অন্যহাতে জৈৱিক সুখত থাকে তীব্ৰ তৃপ্তি আৰু ই মানসিক সুখৰ ক্ষেত্ৰতো অৰিহণা যোগায়। কিন্তু মানুহ হিচাপে কেৱল প্ৰতিপত্তি লাভ, খোৱা, পিন্ধা আৰু মৈথুন আদি দৈহিক-মানসিক সুখতে জীৱন শেষ নেকি? নৈতিক বাধ্যবাধকতা অবিহনে দৈহিক-মানসিক সুখ কেতিয়াও শ্ৰেয় হ’ব নোৱাৰে। ই জীৱনৰ পৰম প্ৰাপ্তিও নহয়। এইক্ষেত্ৰত দাৰ্শনিক বেন্থামৰ চিন্তা আমি অৱতাৰণা কৰিব পাৰোঁ। জেৰেমি বেন্থাম (Jeremy Bentham)ৰ মতে, সেই পৰিমাণগত সুখ আমাৰ কাম্য হোৱা উচিত, যিয়ে নিজৰ আৰু আনৰ উভয় দিশত অতি কল্যাণকৰ হয়। তেওঁ সুখকে জীৱনৰ আদৰ্শ আখ্যা দিছে। সুখ পৰিমাপ কৰিব বাবে তেওঁ ৭টি মাপক আমাক দিছে; যথা:
১। তীব্ৰতা: যি সুখ আপেক্ষিকভাৱে বেছি তীব্ৰ, তাকেই কামনা কৰা উচিত। দৈহিক সুখ মানসিক সুখতকৈ বেছি তীব্ৰ। কিন্তু ই হ’ব লাগিব সদৰ্থক আৰু মাৰ্জিত।
২। স্থায়ীত্ব: খন্তেকৰ সুখতকৈ দীৰ্ঘস্থায়ী সুখ বেছি কাম্য। এনে ক্ষেত্ৰত দীৰ্ঘস্থায়ী মানসিক সুখ আমি কামনা কৰোঁ।
৩। নৈকট্য: ভৱিষ্যতৰ সুখতকৈ বৰ্তমানৰ সুখ বেছি কাম্য। প্ৰতিটো মুহূৰ্ততে সুখী হৈ থকাটো আমাৰ কাম্য হোৱা উচিত।
৪। নিশ্চয়তা: অনিশ্চিত সুখতকৈ নিশ্চিত সুখ কামনা কৰা উচিত। সুখী হ’মগৈ বুলি ভাবি থকা মানে বৰ্তমান আপুনি দুখত আছে।
৫। বিশুদ্ধতা: সকলো সুখৰ সৈতে কম-বেছি পৰিমাণে দুখ জড়িত হৈ আছে। যেনে, মাতৃত্বৰ সুখ। যি সুখ কম দুখযুক্ত, তাকেই ‘বিশুদ্ধ সুখ’ বোলা হয়।
৬। উৰ্বৰতা: যি সুখৰ সৈতে অন্য অনেক সুখ পোৱা যায় সেয়া হৈছে ‘উৰ্বৰ সুখ’। এনে সুখ আমাৰ চিৰকাম্য।
৭। বিস্তৃতি: যি সুখ অনেক লোকে ভোগ কৰিব পাৰে, তেনে সুখ হৈছে ‘বিস্তৃত সুখ’। ই শ্ৰেয় আৰু কল্যাণকৰ।
বেন্থামৰ মতে, ‘সৰ্বাধিক লোকৰ সৰ্বাধিক সুখ’ এজন ব্যক্তিৰ কাম্য হোৱা উচিত। গতিকে সুখ আমাৰ জীৱনৰ আদৰ্শ হবলৈ হ’লে এনে সুখ আমি কামনা কৰিব লাগিব, যি সুখত সৰ্বাধিক লোক সুখী হয়। বেন্থামৰ এই সুখৰ মাপকাঠিত সৰ্বপ্ৰকাৰৰ সুখ বিৰাজমান।
প্ৰেমৰ স্বৰূপ
লীলাধৰ বৰা
বৰ্তমানৰ সমাজখনত ‘সৰ্বাধিক লোকৰ সৰ্বাধিক সুখ’ৰ পৰিৱৰ্তে ব্যক্তি পাকে-প্ৰকাৰে আনক দুখ দি হ’লেও নিজস্ব সুখৰ সন্ধানী। আনক দুখ দি নিজে সুখী হ’ব বিচৰাজন এজন আদৰ্শ ব্যক্তি কেতিয়াও হ’ব নোৱাৰে। এয়া কেৱল জান্তৱত্বৰ পৰিচায়ক। নিজস্ব জৈৱিক সুখ অন্বেষী এখন সমাজত থাকিব পাপাচাৰ, ব্যভিচাৰ, অসমতা অৰু অন্যায়। গতিকে তেনে সুখ আমাৰ কাম্য হোৱা অনুচিত। য’ত আনৰো দুখ নাথাকক, বৰঞ্চ থাকক সকলোৰে সুখ— এয়াই হোৱা উচিত আমাৰ কাম্য। ইয়াত আছে পৰম মানসিক প্ৰশান্তি, দৈহিক প্ৰফুল্লতা আৰু দেৱত্ব! এয়াই হৈছে প্ৰকৃত সুখ। এয়াই প্ৰকৃত সুখৰ সংজ্ঞা।
এই লেখকৰ সকলো লেখা চাওক →HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক
পাঠকৰ মন্তব্য (0)
সদস্যৰ বিশেষ আলোচনা
এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।
