নীলা চৰাই | অসমীয়া সাহিত্য, বাৰ্তা, আলোচনা

অসমীয়া সাহিত্য, বাৰ্তা আৰু আলোচনা

ডায়েৰীৰ পৃষ্ঠাত এটি নীৰৱ নিশা

ডায়েৰীৰ পৃষ্ঠাত এটি নীৰৱ নিশা

আজি বহু দিনৰ মূৰত
শব্দবোৰৰ মাজত হেৰাই
যাবলৈ ধৰিছে মোৰ মন।
পুৰণি ডায়েৰীখনৰ
পৃষ্ঠাবোৰত পীত বৰণীয়া আচ্ছাদন।
খিৰিকীৰ সন্মুখত এয়া
মই আৰু নীৰৱতা।

নিশা গভীৰ হৈছে;
পুহ মাহৰ এটি
ধীৰ গম্ভীৰ নিশা।
জোনাক মোৰ প্ৰিয়
জোনাকীয়ে কথা কয়
নিৰৱতাত আঁচোৰ নপৰাকৈ।

এন্ধাৰ কোঠাটোত
জোনাকবোৰ সিঁচৰতি হৈ
মায়াময় কৰি তুলিছে এই প্ৰহৰ।
মোৰ গালে মুখে
জোনাকৰ স্নিগ্ধ পৰশ।

ৰিণি ৰিণি শুনিবলৈ পাওঁ
নিজৰাৰ ঢৌৱে ঢৌৱে
বাগৰি আহিছে
অচিনাকি বাঁহীৰ কৰুণ ধ্বনি।
এয়া যেন কাতৰ
হৃদয়ৰ কৰুণ বিননি
ৰুদ্ধশ্বাস এক অনুভূতি।

শুনিছোঁ মই
ধীৰে ধীৰে বৈ অহা
নূপুৰৰ শব্দ।
সেয়া যেন দেৱদাসীৰ নৃত্য।

দূৰৈৰ পাহাৰখনে মোক
ৰিঙিয়াই মাতিছে।
বতাহৰ আঁচোৰত
শুকান পাতৰ শব্দ
ক্ৰমশঃ কৰ্কশ হৈ পৰিছে।

নিশাৰ গভীৰতাত
এক অচিন মায়া।
অন্তহীন বেদনাৰ তাত
চিৰস্থায়ী মেলা।

❧ | আৰু পঢ়ক:

এই লেখকৰ অধিক লেখা পঢ়ক

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক

পাঠকৰ মন্তব্য (0)

কেৱল সদস্য আৰু লেখকৰ বাবে

সদস্যৰ বিশেষ আলোচনা

এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।

মন্তব্যসমূহ লোড হৈ আছে...

আপুনি হয়তো ভাল পাব: