২২৬ বছৰীয়া ঐতিহ্যৰে মহীয়ান কোচগাঁৱৰ কালীয় দমন ভাওনা উৎসৱ

২২৬ বছৰীয়া ঐতিহ্যৰে মহীয়ান কোচগাঁৱৰ কালীয় দমন ভাওনা উৎসৱ
  • 31 Aug, 2019

সমৰ ইতিহাসত শোণিতপুৰ জিলাৰ জামুগুৰিহাট অঞ্চলৰ এক বিশেষ গুৰুত্বপূর্ণ স্থান আছে। পুৰাণ-প্রসিদ্ধ ‘ভট্টাৰিকা’ বা আজিৰ জীয়া ভৰলী নৈৰ সাৰুৱা মাটিয়ে আকর্ষণ কৰা হাজাৰ হাজাৰ কৃষিজীৱী ৰাইজৰ জীৱনগাথাৰ বহু জীয়া কাহিনীৰে জামুগুৰিহাট ৰূপে-ৰসে জাতিষ্কাৰ হৈ আছে। শংকৰী কলা-সংস্কৃতিৰ অপূর্ব ৰসেৰে মহীয়ান বিৰল সংস্কৃতি বাৰেচহৰীয়া ভাওনা মহোৎসৱ, সম্প্রতি অসমৰ সর্বত্র পালন কৰা মুকলি বিহুৰ স্ৰষ্টা— বৰপুখুৰীপাৰৰ মুকলি বিহু, ঐতিহাসিক বাঘভেটা উৎসৱ আৰু পৱিত্ৰ দৌল পূর্ণিমাৰ ফাকুৱা বা দৌল উৎসৱ অঞ্চলটোৰ ইতিহাস বহনকাৰী গৌৰৱময় সাংস্কৃতিক বৈভৱ৷ একেদৰে জামুগুৰিহাটৰ আন এক সাংস্কৃতিক সম্পদ হৈছে ২২৬ বছৰ বয়স গৰকা কোচগাঁৱৰ ঐতিহাসিক কালীয় দমন ভাওনা উৎসৱ।

জামুগুৰিহাটৰ কোচগাঁৱত বিগত অষ্টাদশ শতিকাৰ শেষভাগৰ পৰা প্রথমে বালিসত্রৰ অধীনত আৰু বিংশ শতিকাৰ মাজভাগৰ পৰা কোচগাঁৱৰ বৈষ্ণৱপ্ৰাণ ৰাইজে ‘কালীয়দমন ভাওনা ক্ষেত্ৰ’ত সম্পূর্ণ ধর্মীয় পৰম্পৰা ৰক্ষা কৰি কালীয় দমন ভাওনাভাগ অনুষ্ঠিত কৰি আহিছে। সর্বগুণাকৰ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথিৰ দিনা একেৰাহে ২২৬ বছৰ বিৰতি নপৰাকৈ পালন কৰি অহা এই ভাওনাভাগৰ গুৰুত্ব আৰু মহত্ব অনেক। স্থানীয় ৰাইজৰ বিশ্বাস, কোনোবা বছৰ ভাওনাভাগ পাতিব নোৱাৰিলে অঞ্চলটোত নানা অপায়-অমংগলে দেখা দিব— এই লৈ বিভিন্ন কাহিনী-কিংবদন্তীও ৰাইজৰে মুখে মুখে শুনা যায়। বিগত ১৯৯৫ চনতে কোচগাঁৱৰ এই ঐতিহ্যময় কালীয় দমন ভাওনা উৎসৱৰ দুশ বছৰীয়া পূর্তি উৎসৱ-উদযাপন কৰাৰ পাছত ইয়াৰ পৰিসৰো যথেষ্ট বহল হৈ পৰিল।

প্রতি বছৰেই পৱিত্ৰ ভাদ মাহৰ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথিৰ দিনা অসমৰ বিভিন্ন ঠাইৰ পৰা অহা শত-সহস্র ভকত-বৈষ্ণৱৰ সমাৱেশ ঘটে জামুগুৰিহাটৰ কোচগাঁৱৰ কালীয় দমন ভাওনা ক্ষেত্রত। ভক্তপ্রাণ ৰাইজে আগবঢ়োৱা শৰাই-শলিতা, ধূপ-দীপ-নৈবেদ্যৰে কালীয় দমন ভাওনা ক্ষেত্র পর্যৱসিত হয় তাহনিৰ সেই ব্রজধামলৈ, য’ত যেন আৱিৰ্ভাৱ ঘটে গোপ বালক সমন্বিতে শিশু কৃষ্ণৰ। ভক্তিত গদগদ ভকত-বৈষ্ণৱৰ হৰিনাম-কীর্তনেৰে মুখৰিত হৈ পৰা ‘কালীয় দমন ভাওনা ক্ষেত্র’ৰ সুবৃহৎ নামঘৰটিৰ চৌপাশ উদ্ভাসিত হৈ পৰে হাজাৰ হাজাৰ বন্তিৰ আলোকেৰে। ৰাইজে বিশ্বাস কৰে, একান্ত ভকতিৰে ভাওনাথলীত প্রভু ভগৱন্তৰ শ্ৰীচৰণলৈ এগছি বন্তি, ধূপ, নৈবেদ্য আগবঢ়াই সেৱা কৰিলে মনোকামনা পূৰণ হয়।

জামুগুৰিহাটৰ কোচগাঁও গ্রাম্য জনজীৱনৰ সকলো লাগতিয়াল সম্পদেৰে পৰিপূৰ্ণ এখন ঐতিহাসিক-পুৰাতনীয়া গাঁও। ইতিহাসৰ পাত লুটিয়ালে দেখা যায়— কোচ ৰজা নৰনাৰায়ণে ভায়েক গোহাঁই কমলৰ হতুৱাই কোচবিহাৰৰ পৰা নাৰায়ণপুৰ পর্যন্ত বন্ধোৱা ঐতিহাসিক ‘গোহাঁই কমল আলি’ৰ নিৰ্মাণৰ কাম কৰিবলৈ অহা ‘ফটাদাসী’ বংশৰ লোকসকলৰে একাংশ এই অঞ্চলটোত থাকি গৈছিল। পাছলৈ সেই সম্প্রদায়ৰ লোকসকলক লৈয়েই কোচগাঁওৰ সৃষ্টি হয়। স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনত বৰকটকী উপাধি লাভ কৰা শিৱসাগৰৰ ভৃগু বংশীয় এক ব্রাহ্মণ পৰিয়ালেও জামুগুৰিলৈ আহি কোচগাঁৱতে বসতি স্থাপন কৰেহি। কলিয়াবৰৰ পূৱথৰীয়াৰ পৰা অহা এটি বৰঠাকুৰ পৰিয়ালেও এই গাঁৱতে বসবাস কৰি আছে।

এই কোচগাঁৱতে কলিয়াবৰৰ শ্ৰীশ্রীলক্ষীকান্ত দেৱে বালিসত্র প্রতিষ্ঠা কৰে। কোচগাঁৱত ‘কেন্দু পুখুৰী’, ‘মোলান পুখুৰী’ আৰু ‘সতিনী পুখুৰী’ আদি কেইবাটাও ৰজাদিনীয়া প্রকাণ্ড পুখুৰী আছে। কেন্দু পুখুৰীক ৰাইজে ‘কালিন্দী হ্রদ’ বুলিও কয়। কোচগাঁৱত বালিসত্র প্রতিষ্ঠা হোৱাৰ পাছতে কালীয় দমন ভাওনাৰ পুলি ৰোপণ কৰা হৈছিল। তেতিয়াৰে পৰা বৰ্তমানলৈকে বিগত ২২৪ বছৰ গাঁওখনৰ ৰাইজে সভক্তিৰে পালন কৰি আহিছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যুগজয়ী ‘কালীয় দমন’ ভাওনা ভাগ। ভাওনাৰ আগদিনা পুৱা গাঁওখনৰ প্রতিঘৰ মানুহ কাপোৰ-কানি তিয়াই শুচি হয়। গায়ন-বায়ন, সূত্ৰধাৰ, ভাৱৰীয়া, ভকত-বৈষ্ণৱকে ধৰি সমূহ গাঁওবাসী উপবাসে থাকি অতিশয় শ্রদ্ধা-ভক্তি আৰু পৱিত্ৰতাৰে ভাওনাভাগত অংশগ্রহণ কৰে। আন্তৰিকতাৰে আলহী-অতিথিক যথাসাধ্য সেৱা-শুশ্রুষা কৰে। কোচগাঁৱৰ কালীয় দমন ভাওনাভাগৰ অন্যতম আকর্ষণ হৈছে শিশু কৃষ্ণই কালীনাগৰ ফণাত উঠি কৰা নৃত্য আৰু যঁতৰিশালত গায়ন-বায়নৰ যোৰা উঠাৰ নয়নাভিৰাম দৃশ্য।

কোচগাঁৱৰ কালীয় দমন ভাওনা

‘কালীয় দমন’ নাটৰ বিষয়বস্তু গুৰুজনাই ভাগৱত পুৰাণৰ দশম স্কন্ধৰ পৰা গ্ৰহণ কৰিছে। নাটভাগত দুটা স্বয়ংসম্পূর্ণ কাহিনী আছে— ‘কালীয় দমন’ আৰু ‘বনাগ্নি পান’। শ্রীকৃষ্ণ সহিতে গোপবালকসকল বৃন্দাৱনলৈ গৰু চৰাবলৈ যায়। দুপৰীয়া প্ৰখৰ ৰ’দৰ তাপেৰে পীড়িত তৃষ্ণাতুৰ দামুৰী আৰু গোপবালকসকলে কালিন্দী হ্ৰদৰ দুষ্ট কালীনাগৰ দ্বাৰা বিষমিশ্রিত জল পান কৰি অচেতন হৈ মৃত্যুমুখত পৰে। অন্তর্যামী ভগৱান শ্রীকৃষ্ণই এই সকলো কথা জানি অমৃত দৃষ্টিৰে গোপবালক সমন্বিতে দামুৰীবিলাকক প্রাণদান কৰি দুষ্ট কালিনাগক দমন কৰাৰ উদ্দেশ্যৰে হ্রদৰ পাৰত থকা কদম গছ এজোপাৰ ওপৰলৈ উঠি হ্রদত জাঁপ দিলে। ক্রোধান্বিত হৈ কালীনাগে শ্রীকৃষ্ণক মেৰিয়াই ধৰি দংশন কৰিলে। প্রথমে অন্তর্যামী শ্রীকৃষ্ণই মানৱীয় চেষ্টা প্রদর্শনেৰে সৰ্পৰ বন্ধনত সোমাই অচেতন হ’ল। এনে অৱস্থাত গোপবালকসকলৰ মাজত কান্দোনৰ ৰোল উঠিল।

এই দুঃখবৰ পাই নন্দ-যশোদা আৰু গোপ-গোপীসকল হ্রদৰ পাৰলৈ ঢপলিয়াই আহি ইনাই-বিনাই কান্দিবলৈ ধৰিলে। অৱশেষত শ্রীকৃষ্ণই কালীনাগৰ বন্ধনৰ পৰা পৰম বিক্ৰমেৰে মুক্ত হৈ কালীনাগৰ সহস্র ফণাৰ ওপৰত উঠি নৃত্য কৰিবলৈ ধৰিলে। পৰমপুৰুষ ভগৱান শ্ৰীকৃষ্ণৰ ভৰ সহিব নোৱাৰি কালীনাগ মৃতপ্রায় হোৱাত নাগপত্নীসকলে কালীনাগৰ জীৱন দান বিচাৰি কৃষ্ণক নানাভাৱে স্তুতি কৰিবলৈ ধৰিলে। নাগপত্নীসকলৰ স্তুতিত সন্তুষ্ট হৈ ভকতবৎসল কৃষ্ণ কালীনাগৰ শিৰৰ পৰা জাপ মাৰি নামিল আৰু কালীনাগক কালিন্দী হ্রদ পৰিত্যাগ কৰি ৰমনক দ্বীপলৈ যাবলৈ নির্দেশ দিলে। কালীনাগৰ দর্প চূর্ণ হ’ল। কালীনাগে কৃষ্ণত শৰণ ল’লে— ‘সেহি কৌটি ব্রহ্মাণ্ডক ঈশ্বৰ নাৰায়ণ জানি ত্রাহি ত্রাহি স্বামী কৃষ্ণ বুলি শিৰে চৰণ পৰশিয়ে পৰণাম কয়ল’।

কালীনাগ দমনৰ পিছত নিশা সমাগত হোৱা হেতু নন্দ-যশোদা, বলোৰাম, গোপ-গোপী সমন্বিতে শ্রীকৃষ্ণই যমুনা নদীৰ তীৰতে নিশাটো কটালে। পিছে মাজনিশা হঠাৎ বনজুয়ে আহি তেওঁলোকক আগুৰি ধৰিলে। গোপ-গোপীসকলে ভয়ত আতুৰ হৈ কৃষ্ণক স্তুতি কৰিবলৈ ধৰিলে। ভকতক ৰক্ষা কৰাৰ উদ্দেশ্যৰে কৃষ্ণই ঐশ্বৰিক শক্তি প্রদর্শনেৰে সেই বনাগ্নি পান কৰে।

শ্রীমদ্ভাগৱত পুৰাণত বর্ণিত উল্লিখিত কাহিনীভাগকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নাট্যৰূপ দিছে। নাটভাগত শংকৰদেৱে মূল নায়ক শ্রীকৃষ্ণক পৰমপুৰুষ দেৱাদিদেৱ নাৰায়ণ ৰূপে চিত্রিত কৰাৰ বিপৰীতে যশোদা চৰিত্ৰত চিৰন্তন মাতৃত্বৰ চিত্র ফুটাই তুলিছে। তেনেদৰেই কালীনাগৰ চৰিত্রক দর্প, অহংকাৰ, ক্ৰুৰতা আদিৰ প্রতীক হিচাপে চিত্রিত কৰা হৈছে। এই প্রবৃত্তিসমূহে জগতত অশান্তিৰ সৃষ্টি কৰে। যেতিয়ালৈকে ক্রুৰ ভাবক মনৰ পৰা বিসর্জন দিয়া নহয়, তেতিয়ালৈকে শান্তি আৰু ভক্তিৰ অনুকূল পৰিৱেশৰ সৃষ্টি নহয়। নাটখনিত কালীনাগৰ ক্ৰুৰতা, দর্প, অহংকাৰ শ্রীকৃষ্ণই তেওঁৰ লীলাৰ জৰিয়তে চূর্ণ কৰি দুষ্টক দমন আৰু সন্তক পালন কৰাৰ মাহাত্ম্য প্রকাশেৰে জগতত শান্তি প্রতিষ্ঠা কৰাৰ আদৰ্শক নাটভাগৰ ৰূপকাত্মক কাহিনীৰ মাজেৰে প্ৰকাশ কৰা হৈছে।

কোচগাঁৱৰ কালীয় দমন ভাওনা

গুৰুজনাৰ এই কালীয় দমন নাটভাগকে জামুগুৰিহাটৰ কোচগাঁৱত ৰাইজে ২২৬ বছৰ ধৰি পৰম্পৰাগতভাৱে অনুষ্ঠিত কৰি আহিছে। ভাদ মাহ সোমোৱাৰ লগে লগে গাঁওখনৰ কৃষিজীৱী বৈষ্ণৱপ্ৰাণ ৰাইজ একত্রিত হয় কালীয় দমন ভাওনা ক্ষেত্ৰত আখৰাৰ বাবে। খোল-তাল, গীত-মাত, বচন-বিলাপেৰে মুখৰিত হৈ পৰে গাঁওখনৰ পৰিৱেশ। সন্ধ্যা নামঘৰীয়াই দবাত কোব দিয়াৰ লগে লগেই সকলোটি সমবেত হয় আখৰাথলীত। আখৰাথলীত উপস্থিত হোৱা বিভিন্নজনৰ ওচৰত বয়সে ভাটি দিয়াসকলে প্রকাশ কৰে ভাওনাভাগৰ লগত জড়িত অবিশ্বাস্য যেন লগা অনেক মনোমোহা কাহিনী।

কেন্দু পুখুৰীৰ পাৰৰ বুঢ়া আঁহতজোপাৰ তলত মাজনিশা ধকধকীয়া বগা সাজ পিন্ধি, মূৰত থিয় পাগ মাৰি সোণৰ বেটু খটোৱা ৰূপৰ লাখুঁটি লৈ শুকুলা ঘোঁৰাৰ পিঠিত উঠি অহা সুদর্শন চেহেৰাৰ বুঢ়া ডাঙৰীয়াক সোঁশৰীৰে দেখা মানুহ এতিয়াও কোচগাঁৱত আছে! ভাওনা চলি থকা সময়ত আগৰ কালত কোনো মানুহৰে নামঘৰৰ বাহিৰ হ’বলৈ সাধ্য নাছিল। কাৰণ নামঘৰৰ বাহিৰত কালীনাগে ফণা তুলি বিচৰণ কৰি থাকে বুলি এক লোকপ্রবাদ আছিল। অৱশ্যে কালীয় দমন ভাওনাভাগক কেন্দ্ৰ কৰি প্রচলিত ভালেমান লোকপ্রবাদ-কিংবদন্তী বয়সস্থসকলে ইহলীলা সম্বৰণ কৰাৰ পাছৰে পৰা হেৰাই গৈছে।

কোচগাঁৱৰ কালীয় দমন ভাওনাৰ কালীনাগৰ মুখাভাগৰো মাহাত্ম্য অসীম। এই কালীনাগৰ মুখাভাগ গাঁওখনৰ ৰাইজে নামঘৰৰ থাপনাৰ কাষতে সভক্তিৰে আৰু সম্ভ্ৰেমেৰে সংৰক্ষণ কৰি আহিছে। মুখভাগৰ ওচৰতো ৰাইজে শলা-বন্তি জ্বলাই সভক্তিৰে সেৱা জনায়। শুনিবলৈ পোৱা যায়, কেতিয়াবা কোনো ভাগ্যৱান লোকে নিশা নামঘৰৰ সমুখেদি যাওঁতে সেই মুখভাগৰ ওপৰত গোলাকাৰ উজ্জ্বল পোহৰ দেখিবলৈ পায়। কালীনাগৰ ফণাৰ সংখ্যা সচৰাচৰ পোন্ধৰতে আবদ্ধ ৰখা হয় যদিও এবাৰ গাঁৱৰ মুখিয়াল লোকসকলৰ পৰামর্শ মতে কালীনাগৰ ফণাৰ সংখ্যা এশলৈ বৃদ্ধি কৰা হৈছিল। সময়ত ভাওনাথলীত কালীনাগৰ প্ৰৱেশ ঘটিল। হঠাৎ নামঘৰটো কঁপিবলৈ ধৰিলে। মুহূর্ততে এক ভয়ার্ত পৰিৱেশৰ সৃষ্টি হ’ল। কালীনাগে মঞ্চৰ নির্দিষ্ট স্থানত এপাক ঘূৰি পুনৰ বাটচ’ৰাইদি বাহিৰ ওলাল। গায়ন-বায়ন, সূত্ৰধাৰ, ভাৱৰীয়া আৰু দর্শক ৰাইজ আপোনপাহৰা হৈ নামঘৰৰ দক্ষিণ দিশে থকা কেন্দু পুখুৰীলৈ গমন কৰিলে।

বালিসত্রৰ দুগৰাকী বয়োজ্যেষ্ঠ ভকতে সেই ভয়াৱহ অৱস্থাৰ কথা তৎকালীনভাৱে অনুধাৱন কৰি শৰাই-শলিতা লৈ কালীনাগ পুখুৰীত নমাৰ লগে লগে কাকূতি ঘোষাৰে প্রার্থনা জনাই দোষ-ত্রুটিৰ বাবে সেৱা ধৰিলে আৰু উচ্চস্বৰত হৰিধ্বনি দিলে। কিছু সময়ৰ পিছত কালীনাগৰূপী ভাৱৰীয়াজনৰ সম্বিৎ ঘূৰি আহিল আৰু এশ ফণাযুক্ত মুখাভাগ পুখুৰীৰ পানীত ডুবাই দিলে। তেতিয়াহে সকলোৰে চেতনা ঘূৰি আহিল আৰু গীত-মাত গাই নামঘৰলৈ উভতি আহি সভক্তিৰে ভগৱানক প্রার্থনা জনাই সেইদিনালৈ ভাওনা স্থগিত ৰাখিলে। অৱশ্যে মাহটোৰ শেহৰফালে কালিনাগৰ ফণাৰ সংখ্যা আগৰ সমানলৈ আনি অতি ভক্তি আৰু নিষ্ঠাৰে ভাওনাভাগ পাতি দোষৰ পৰা নিষ্কৃতি পালে। এনে ধৰণৰ বহু ৰসাল কাহিনী, কিংবদন্তী, ঘটনা-পৰিঘটনাই আৱৰি ৰাখিছে জামুগুৰিহাটৰ কোচগাঁৱৰ মাহাত্ম্যপূর্ণ ‘কালীয় দমন ভাওনা’ক।

❧ | আৰু পঢ়ক: অংকীয়া নাটৰ উৎপত্তি আৰু বৈশিষ্ট্য

জামুগুৰিহাটৰ বৈষ্ণৱপ্ৰাণ ৰাইজৰ ধৰ্মীয় তথা সাংস্কৃতিক জীৱনধাৰাৰ গৌৰৱময় সাংস্কৃতিক বৈভৱ কোচগাঁৱৰ কালীয় দমন ভাওনাই ইতিমধ্যে ব্যাপক প্রসাৰ লাভ কৰিছে। যোৱা ২০০১ বৰ্ষত এই ভাওনাভাগ কোচগাঁৱৰ ৰাইজে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রত প্রদর্শন কৰি ভূয়সী প্রশংসা লাভ কৰে। জামুগুৰিহাটৰ মাধৱ-নন্দিকেশ্বৰ পথৰ পৰা কোচগাঁৱলৈ সোমোৱা মূল প্রৱেশ পথতে আছে ‘কালীয় দমন’ৰ দৃশ্য খোদিত দুশ বছৰীয়া পূর্তি উৎসৱৰ সোঁৱৰণী নয়নাভিৰাম তোৰণখন, যি অবিৰাম ভক্তপ্রাণ ৰাইজৰ ভকতিৰ তৈল-বন্তি, ধূপ-দীপ-নৈবেদ্যৰে উদ্ভাসিত হৈ থাকে।

কোচগাঁওবাসী ৰাইজৰ এই পৰম্পৰাই কাললৈ ৰক্ষা কৰক অসমীয়া জাতিৰ সমন্বয় আৰু ঐতিহ্য!

❧ | আৰু পঢ়ক: জামুগুৰিহাটৰ পাতলৰ চুক গাঁৱৰ ঐতিহাসিক বোকাখেচা ভাওনা

ছবি: লেখকৰ সৌজন্যত

২২৬ বছৰীয়া ঐতিহ্যৰে মহীয়ান কোচগাঁৱৰ কালীয় দমন ভাওনা উৎসৱ | হিমাংশু ৰণ্‌জন ভূঞা
Follow Nilacharai on Instagsram