সু ব্ৰত কাকতিৰ পৰিচালনাৰে নিৰ্মিত চলচ্চিত্ৰ ‘বিদুৰভাই’ বৰ্তমানে অসমৰ বিভিন্ন চলচ্চিত্ৰ গৃহত চলি আছে। লক ডাউনৰ সময়ত সীমিত সা-সুবিধাৰ মাজেৰে ৱেব চিৰিজ হিচাপে নিৰ্মাণ কৰা ‘বিদুৰভাই’-এ জনপ্ৰিয়তাৰ শিখৰত আৰোহণ কৰিছিল। সেই ‘বিদুৰভাই’ ৱেব চিৰিজখনৰে পৰৱৰ্তী অংশ হিচাপে ডাঙৰ পৰ্দাৰ বাবে একে নামেৰে নিৰ্মাণ কৰা হৈছে ‘বিদুৰভাই’ নামৰ চলচ্চিত্ৰখন।
ছবিখন যিহেতু বৰ্তমানেও ছবিঘৰত চলি আছে, সেয়ে ছবিখনৰ স্বাৰ্থত কাহিনীটো বৰ্ণনা কৰাৰ পৰা বিৰত থাকি এটা কথা ক’ব খোজোঁ যে সাধাৰণ মানুহৰ জীৱনক লৈ সবল চিত্ৰনাট্য আৰু পৰিচালনাৰ এখন উপভোগ্য ছবি নিৰ্মিত হৈছে। ছবিখনৰ কাহিনী, চিত্ৰনাট্য, সংলাপ, অভিনয়, পৰিচালনা, আৱহ সংগীত, কেমেৰাৰ ব্যৱহাৰ, সংগীত সজ্জা— ক’তো কোনো বিজুতি নাই, স্থবিৰতা নাই। প্ৰথমৰ পৰা শেষলৈকে দৰ্শকক এক মুহূৰ্তৰ বাবেও আমনি নোপোৱাকৈ বান্ধি ৰখাত সফল হৈছে ‘বিদুৰভাই’ ছবিখন।
অসমীয়া নিম্ন-মধ্যবিত্ত পৰিয়ালৰ সুখ-দুখ, হাঁহি-কান্দোনৰ জীয়া বাস্তৱৰ লগতে চৰকাৰী ব্যৱস্থাৰ ফোঁপোলা স্বৰূপ অতি সবলভাৱে, প্ৰতীকধৰ্মী ৰূপত ছবিখনৰ মাধ্যমেৰে উপস্থাপন কৰিবলৈ নিৰ্মাতাই চেষ্টাৰ ত্ৰুটি কৰা নাই। এক কথাত, হাস্যৰসৰ মাজেৰে সৰ্বসাধাৰণ চহা ৰাইজৰ জীৱন নিখুঁতভাৱে ছবিখনৰ মাজেৰে তুলি ধৰি ধেমালিৰ ছলেৰেই বৰ্তমান সমাজখনত ঘটি থকা বহু সঁচা কথাই কৈ গৈছে ‘বিদুৰভাই’-এ। ছবিখনে আৰম্ভণিৰে পৰা অন্তিম পৰ্যায়লৈকে দৰ্শকক বিমল হাস্যৰসৰ খোৰাক যোগাইছে যদিও মাজে মাজে বুকু দহি নিয়া বিষাদে খুন্দা মাৰি ধৰিছে। এনেদৰেই হাঁহি-কান্দোনৰ মাজেৰে আৰম্ভণিৰ পৰা শেষলৈকে কাহিনীৰ ভাৰসাম্য ৰক্ষা কৰি ছবিখনত প্ৰতিটো দৃশ্য অসাধাৰণ ৰূপত তুলি ধৰিছে। কাহিনী আৰু চিত্ৰনাট্যৰ দিশত সুব্ৰত কাকতি আৰু জ্যোতিষ্মান চেতিয়া সম্পূৰ্ণ সফল হোৱা বুলি ক’ব পৰা যায়।
ছবিখনৰ মাধ্যমেৰে আমাৰ সমাজখনৰ সৰ্বসাধাৰণ শ্ৰেণীটোক অৰ্থনৈতিক-ৰাজনৈতিক, শাৰীৰিক-মানসিকভাৱে এচাম শোষকে কিদৰে শোষণ কৰি নিজৰ মুনাফা আদায়ৰ চেষ্টা কৰি আহিছে আৰু তাৰ বিপক্ষে চিধাচিধিকৈ একো কৰিব নোৱাৰি শেষত কৌশলেৰে প্ৰাপ্য আদায় কৰাৰ চেষ্টা কৰিছে, সেয়াই প্ৰতীকধৰ্মী ৰূপত তুলি ধৰা হৈছে। ৰাজনৈতিক প্ৰভাৱৰ ফলত প্ৰতিনিয়ত আমাৰ সমাজখনত ঘটি থকা অন্যায়, অবিচাৰ, অনীতি আদি কুকৰ্মবোৰ বাঢ়ি অহাৰ ফলত সমাজখন নিতৌ ক্ৰমান্বয়ে বেয়াৰ ফাললৈ গতি কৰিছে। গণতান্ত্ৰিক দেশৰ নাগৰিক হিচাপে আমাৰ হাততেই সকলোতকৈ শক্তিশালী অস্ত্ৰপাত আছে, যাৰ জৰিয়তে আমিয়েই সকলো পৰিৱৰ্তন কৰি তুলিব পাৰোঁ, অথচ সকলো দেখি-শুনিও আমি একো কৰিব পৰা নাই।
অসমীয়া সমাজখনৰ বহু দিশ ‘বিদুৰভাই’ ছবিখনত অতি নিখুঁতভাৱে উপস্থাপন কৰা হৈছে। আমাৰ গ্ৰাম্য অসমীয়া চহা জীৱনৰ জীৱন-ধাৰণৰ প্ৰণালী, ৰীতি-নীতি, পৰম্পৰা, চোৱা চিতা, বেজ-বেজালি, নামঘৰ, ভগৱানৰ প্ৰতি থকা অগাধ ভক্তি-বিশ্বাস আদিৰ পৰা শেহতীয়াকৈ সমাজখনলৈ আহি পৰা চছিয়েল মিডিয়া, ভ্লগ্, ৰীলচৰ জনপ্ৰিয়তা আদি সকলোবোৰ কথাই অতীৱ সুন্দৰ ৰূপত দৃশ্যায়িত কৰা হৈছে। এক কথাত ক’ব পাৰি, প্ৰতিগৰাকী দৰ্শকে নিজকে এক মুহূৰ্তৰ বাবে হ’লেও বিচাৰি পাব ছবিখনত। সিয়েই ছবিখনৰ সফলতাৰ মূল চাবিকাঠী বুলি ক’ব পাৰি। সংলাপৰ দিশত প্ৰতিটো দৃশ্যৰ প্ৰতিটো সংলাপ দৰ্শকে অন্তৰৰে অনুভৱ কৰাই নহয়, বহু সংলাপে দৰ্শকক গভীৰ চিন্তাৰ খোৰাক যোগোৱা পৰিলক্ষিত হৈছে। তদুপৰি ছবিখনত বন্ধুত্বৰ এক সঁচা এনাজৰী চাৰিগৰাকী বন্ধুৰ মাধ্যমেৰে নিকপকপীয়াকৈ অংকন কৰা হৈছে। বিপদে-আপদে এজনে আনজনক নিঃস্বাৰ্থভাৱে সহায় কৰা এই চাৰিগৰাকী বন্ধুৱে অভাৱত পৰি কৰা এটা ভুলৰ বাবে অনুশোচনাত দগ্ধ হৈ তাৰ ক্ষমা বিচাৰি সেই ভুলৰ শুধৰণিৰ চেষ্টা কৰা, পৰৱৰ্তী সময়ত কৰ্মমুখী হ’বলৈ কৰা চেষ্টা, এটা শুদ্ধ মনেৰে, সৎ পথেৰে ঠিকা কৰিবলৈ গৈ লোকচানৰ সন্মুখীন হৈ অসৎ পথত ভৰি দিয়া, ঠিকাৰ প্ৰাপ্য ধনৰ বাবে বাৰে বাৰে প্ৰবঞ্চনাৰ সন্মুখীন হোৱা, মাহৰ পাছত মাহ ধৰি দৰমহা নোপোৱাকৈ থকা এগৰাকী গৃহৰক্ষীৰ বেদনা, জীৱনলৈ নামি অহা ধুমুহাৰ লগতে সমাজত সংস্কৃতি ৰক্ষাৰ নামত গা কৰি উঠা অপসংস্কৃতি, চৰকাৰী চিকিৎসালয়-চিকিৎসা ব্যৱস্থা, ডাক্তৰ-নাৰ্ছৰ গাফিলতি আদিকে ধৰি চিন্তনীয় দিশবোৰো সবল ৰূপত চিত্ৰায়িত কৰা হৈছে ‘বিদুৰভাই’ ছবিখনৰ মাধ্যমেৰে। তদুপৰি, বিকৃত মানসিকতাৰ পুৰুষৰ যৌন অত্যাচাৰৰ বলি যে কেৱল নাৰীয়েই নহয়, কেতিয়াবা এগৰাকী পুৰুষো হ’বলগীয়া হয়, সেই স্পৰ্শকাতৰ বিষয়কো ব্যংগ আৰু শ্লেষধৰ্মী ৰূপত ছবিখনত সাৱলীলভাৱে উপস্থাপন কৰা হৈছে।
ছবিখনৰ সফলতাৰ আন এক উল্লেখনীয় দিশ হৈছে অভিনেতা-অভিনেত্ৰীসকলৰ সুন্দৰ আৰু স্বাভাৱিক অভিনয়। অভিনয়ৰ প্ৰসংগত এটা কথা উল্লেখ কৰিবই লাগিব যে ছবিখনৰ অভিনয় শিল্পীসকলৰ প্ৰতিজনৰে অভিনয় জড়তাবিহীন, কাৰোৰেই অভিনয় আৰু সংলাপ প্ৰক্ষেপণত অতিৰঞ্জিত ভাবাৱেগৰ নাটকীয় প্ৰকাশভংগী নাই। এক কথাত এই ছবিখনৰ পৰা অসমীয়া ছবিজগতে ভালেকেইগৰাকী বলিষ্ঠ অভিনয় শিল্পী লাভ কৰিছে বুলি ক’ব পাৰি। চাৰিগৰাকী বন্ধুৰ চৰিত্ৰত অভিনয় কৰা ত্ৰৈলোক্য বৰুৱা, বলীন বৰা, উজ্জ্বল ৰাজখোৱা আৰু নিতু খনিকৰৰ অভিনয়ে দৰ্শকৰ মনত সাঁচ বহুৱাবলৈ সক্ষম হৈছে। জনপ্ৰিয় ধাৰাবাহিক ‘বেহাৰবাৰী আউটপষ্ট’ৰ বিউটি বাইলুঙৰ চৰিত্ৰৰে অসমবাসীৰ মৰম বুটলিবলৈ সক্ষম হোৱা বলিষ্ঠ অভিনেত্ৰী চুমকি কছাৰীৰ জীৱনৰ অন্যতম পৰিশীলিত, পৈণত আৰু সংযমী অভিনয় কুসুম বাইদেউৰ ৰূপত দৰ্শকে লাভ কৰিছে বুলি একাষাৰে ক’ব পাৰি। মেনেজাৰৰ চৰিত্ৰটোত পংকজ মহন্তই সাৱলীল অভিনয় কৰিছে। বিধায়কৰ চৰিত্ৰত বলিষ্ঠ অভিনেতা, নাট পৰিচালক তথা আবৃত্তিকাৰ অসীম শৰ্মাই যি অনবদ্য অভিনয় কৰিলে, সেয়া বহুদিনলৈ মনত ৰৈ যাব। ৰাজা দাৰ চৰিত্ৰত আছিফ জাভেদৰ অভিনয় পৰিপক্ব আৰু মনোগ্ৰাহী হৈছে। নাৰী চৰিত্ৰসমূহৰ ভিতৰত মিনতিৰ চৰিত্ৰত অভিনয় কৰা শৰ্মিষ্ঠা দাসে মন চুই গ’ল। একেদৰে গীতালিৰ চৰিত্ৰত স্নিগ্ধা ফুকন আৰু পূৰ্ণিমাৰ চৰিত্ৰত উদ্দীপনা বৰাই নিজৰ চৰিত্ৰ দুটা সফল ৰূপত ফুটাই তুলিছে। ডাইমণ্ডৰ চৰিত্ৰত হীৰক জ্যোতি বৰদলৈয়ে সুন্দৰ অভিনয় কৰিছে যদিও আৰু অধিক ভাল কৰাৰ থল আছিল বুলি অনুভৱ হৈছে। ড্ৰাইভাৰৰ চৰিত্ৰত হীৰক গগৈয়ে সংলাপ বিহীনভাৱে কেৱল চকু-মুখৰ প্ৰকাশভংগীৰে কম সময়ত যি সাৱলীল অভিনয় কৰিছে, সেয়া প্ৰশংসনীয়। অন্যান্য চৰিত্ৰসমূহেও নিজ নিজ চৰিত্ৰ সম্পৰ্কে সজাগ আৰু দায়িত্বসহকাৰে অভিনয় কৰি ছবিখনৰ সফলতাত ইন্ধন যোগাইছে বুলি ক’ব পাৰি।
সংগীতৰ ক্ষেত্ৰত ছবিখনত প্ৰয়োজন নোহোৱাকৈ কাহিনীৰ গতিশীলতাত বাধা হ’ব পৰাকৈ গীত নাই, যি কেইটি গীত আছে, সেই কেইটি গীতৰ কথা সুৰ, সংগীত সজ্জা খুবেই সুন্দৰ। তদুপৰি আৱহ সংগীতেও ছবিখনৰ সফলতাত ইন্ধন যোগাইছে। এই দিশত অভিজ্ঞ সংগীত পৰিচালক প্ৰণয় দত্ত প্ৰশংসাৰ পাত্ৰ। জনপ্ৰিয় কণ্ঠশিল্পী দীক্ষুৰ কণ্ঠৰ ‘দে ভগৱান ফুলাই দে’ আৰু আচুৰ্য বৰপাত্ৰৰ কণ্ঠৰ ‘পে পে নে নে’ শীৰ্ষক গীত দুটিয়ে ইতিমধ্যে বিপুল জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে। ছবিখনৰ লোকেশ্যন, দৃশ্যায়ন, সম্পাদনা, পোহৰ সজ্জা, ৰূপসজ্জা, সাজসজ্জা আদি কাৰিকৰী দিশৰ কামবোৰ সঁচাই অতুলনীয় হৈছে। ছবিখনৰ চিত্ৰগ্ৰহণ বিতুল দাসৰ, ৰূপসজ্জা বিজেয়িতা পাটগিৰি আৰু সাজসজ্জা জুৰি কলিতাৰ। সেইদৰে, শব্দসজ্জা চৌভিক ফুকনৰ। ছবিখনৰ সহকাৰী পৰিচালনা জ্যোতিস্মান চেতিয়া আৰু হেমন্ত গগৈৰ।
ৱেব ছিৰিজৰ পৰা ডাঙৰ পৰ্দাৰ পূৰ্ণাংগ চলচ্চিত্ৰলৈকে বিদুৰভাইৰ যি যাত্ৰা, তাত সোমাই আছে কাহিনী-চিত্ৰনাট্যকাৰ, পৰিচালকৰ পৰা অভিনেতা, অভিনেত্ৰী, সংগীত শিল্পী, ৰূপসজ্জা শিল্পী, সাজসজ্জাৰ শিল্পীকে ধৰি প্ৰত্যেক গৰাকী কলাকুশলীৰ আন্তৰিক প্ৰচেষ্টা, অক্লান্ত কষ্ট, কামটোৰ প্ৰতি থকা নিভাঁজ আন্তৰিকতা আৰু আত্মবিশ্বাস, সৰ্বোপৰি এক সফল টিমৱৰ্ক— যাৰ ফলত কম বাজেটৰ যদিও সৰ্বাংগসুন্দৰ ৰূপত ছবিখনৰ প্ৰতিটো দিশ উপস্থাপিত হৈছে আৰু আটাইতকৈ ডাঙৰ কথা, কোনো সুপ্ৰতিষ্ঠিত নামী-দামী অভিনয় শিল্পী বা তাৰকা শিল্পী নথকা সত্ত্বেও ছবিখন উপভোগ কৰিবলৈ দৰ্শকৰ লানি নিছিগা সোঁত বৈছে।
মন কৰিবলগীয়া যে পেনপেনীয়া প্ৰেম কাহিনী, নায়ক-নায়িকাকেন্দ্ৰিক বা সুন্দৰ লোকেশ্যন, ভিএফএক্সৰ ব্যৱহাৰৰে অত্যাধুনিক কাৰবাৰৰ গান-নাচ নহ’লেও চিনেমা এখনে যে মানুহক আকৰ্ষিত কৰিব পাৰে, দৰ্শকে আদৰি লয় অথবা সমাজখনৰ তথা জীৱনৰ দৈনন্দিন সমস্যাবোৰ ছবিৰ মাধ্যমেৰে উপস্থাপন কৰিব পৰা যায়, সেই কথা ছবিখনে ইতিমধ্যে প্ৰমাণ কৰিছে। পৰিশেষত এটা কথাই ক’ ব বিচাৰিছোঁ যে ‘বিদুৰভাই’ ছবিখনৰ মাজেৰে এক সন্তুলিত ৰূপত দৰ্শকে এক মুহূৰ্তও আমনি নোপোৱাকৈ কাহিনী আগুৱাই নিয়াত যুৱ পৰিচালক সুব্ৰত কাকতি সম্পূৰ্ণৰূপে সফল হৈছে। ‘বিদুৰভাই’ৰ পূৰ্বে ‘শ্ৰী ৰঘুপতি’ৰ দৰে বাণিজ্যিকভাৱে সফল ছবিও সুব্ৰতই পৰিচালনা কৰি অসমবাসীক উপহাৰ দিছিল। তেখেতৰ দুয়োখন ছবিৰ উপভোগ কৰাৰ পাছত এটা কথা স্বীকাৰ কৰিবই লাগিব যে অসমীয়া ছবিজগতে এগৰাকী সুনিপুণ, পৰিপক্ব, দায়িত্বশীল পৰিচালক লাভ কৰিছে। তেওঁৰ পৰা আমি আগলৈও ভাল ভাল ছবি নিশ্চিতভাৱে আশা কৰিব পাৰোঁ।
❧ | আৰু পঢ়ক:
- শ্ৰী ৰঘুপতি: ৰুচিসম্পন্ন বাণিজ্যিক ছবি
- অনুৰ: চুটিগল্পৰ চিনেমেটিক ৰূপাঙ্কন
- অল কোৱাইট অন দ্য ৱেষ্টাৰ্ন ফ্ৰণ্ট: বধ্যভূমিৰ নৈঃশব্দ্য
- বুলু ফিল্ম: চিনেমা চলিল, পইচা আহিল— খেলা খতম?
- অৰিবাম শ্যাম শর্মাৰ চিনেমা
Follow Nilacharai on Facebook