বিশ্বনাথ চাৰিআলিত বৰ্ণমৰ মৃণালী শৰ্মা ৰাষ্ট্ৰীয় নাট সমাৰোহ

বিশ্বনাথ চাৰিআলিত বৰ্ণমৰ মৃণালী শৰ্মা ৰাষ্ট্ৰীয় নাট সমাৰোহ
  • 16 Jan, 2025

সমৰ নাট্য ইতিহাসত ইতিমধ্যেই সুদৃঢ় খোজ দিবলৈ সক্ষম হোৱা উত্তৰ অসমৰ অন্যতম নাট্য-চৰ্চাৰ অনুষ্ঠান বিশ্বনাথ চাৰিআলিৰ ‘বৰ্ণম’ নাট্যগোষ্ঠীয়ে জন্মলগ্নৰে পৰা নিয়মীয়া নাট্যচৰ্চাৰ লগতে বিগত দহ বছৰ ধৰি ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ নাট্যদলৰ অংশগ্ৰহণৰে অনুষ্ঠিত কৰি আহিছে এটি ৰাষ্ট্ৰীয় পৰ্যায়ৰ নাট সমাৰোহৰ। বিগত বছৰৰ দৰে এই বছৰো এই মৃণালী শৰ্মা সোঁৱৰণী ৰাষ্ট্ৰীয় নাট সমাৰোহখনি যোৱা ৫ জানুৱাৰীৰ পৰা ৭ জানুৱাৰী (২০২৫)-লৈ বিশ্বনাথ চাৰিআলিৰ কমলাকান্ত নাট্য ক্ষেত্ৰত অনুষ্ঠিত হৈ যায়।

ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় নাট্য সমাৰোহসমূহৰ শিকনীয় দিশ যথেষ্ট থাকে। দেশ-বিদেশৰ বহু নাট্যদলৰ সমাহাৰৰে অনুষ্ঠিত এনে নাট্য সমাৰোহত এহাতেদি যিদৰে নাটকীয় চিন্তা, কৌশল তথা ভাবৰ আদান-প্ৰদান হয়, তেনেদৰে আদান-প্ৰদান হয় নাট্যকৰ্মীসকলৰ মৰম আৰু আন্তৰিকতাৰ। অসমৰ বিভিন্ন প্ৰান্তত বহুকেইটা আগশাৰীৰ অপেচাদাৰী নাট্যগোষ্ঠীয়ে অশেষ কষ্ট, শ্ৰম আৰু আন্তৰিকতাৰে প্ৰতি বছৰে এনেধৰণৰ নাট সমাৰোহ পাতি দেশ-বিদেশৰ নাট্যকৰ্মীসকলৰ সৃষ্টি, তেওঁলোকৰ অভিনয় প্ৰতিভা ৰাইজৰ মাজলৈ লৈ যোৱাত অগ্ৰণী ভূমিকা গ্ৰহণ কৰি আহিছে। বিশ্বনাথ চাৰিআলিৰ ‘বৰ্ণমে’ও বিগত দহটা বছৰে এই নাট সমাৰোহ অবিৰতভাৱে অনুষ্ঠিত কৰি এক সুস্থ নাট্যচিন্তা তথা নাট্যচিন্তাৰ বিনিময়, শেহতীয়া নাট্যধাৰাৰ প্ৰসাৰ তথা বিকাশ সাধনৰ লগতে নতুন নাট্যকৰ্মী সৃষ্টিত উল্লেখনীয় অৱদান আগবঢ়াই অহাটোৱে অসমৰ নাট্য আন্দোলনৰ ক্ষেত্ৰখনত ইতিবাচক বাৰ্তা বহন কৰিছে। প্ৰতি বছৰে ভালেকেইটা আগশাৰীৰ নাট্যদলে ‘বৰ্ণম’ৰ এই নাট সমাৰোহৰ মাধ্যমেৰে বিশ্বনাথ চাৰিআলিৰ লগতে দাঁতি-কাষৰীয়া অঞ্চলসমূহৰ নাট্যানুৰাগী ৰাইজক নতুন নতুন নাট্যচিন্তাৰ খোৰাক যোগায়।

চলিত বৰ্ষৰ আৰম্ভণিতে অনুষ্ঠিত দশম বাৰ্ষিক মৃণালী শৰ্মা ৰাষ্ট্ৰীয় নাট সমাৰোহৰ মঞ্চত প্ৰথম নিশা দুখনকৈ নাট ক্ৰমে পশ্চিম বংগৰ মুৰ্ছিদাবাদৰ ‘শ্বুহৰিদ’ৰ প্ৰযোজনাত বিশিষ্ট নাট্যকাৰ-পৰিচালক হৰপ্ৰসাদ দাসৰ পৰিচালনাৰে শেখৰ সমাদ্দাৰৰ ‘স্বীকাৰোক্তি’ আৰু ‘বৰ্ণম’ৰ নিজা প্ৰযোজনাত বৰেণ্য গল্পকাৰ ছৈয়দ আব্দুল মালিকৰ গল্পৰ আধাৰত কুশল ডেকাই দিয়া নাট্যৰূপ ‘কাঠফুলা’ মঞ্চস্থ হয়। ‘স্বীকাৰোক্তি’ নাটখনত সুন্দৰ অভিনয় কৰে সুদক্ষ অভিনেতা দেৱাশিস সান্যাল, শান্তনু সেনগুপ্ত, আশিস ভৌমিক আৰু মহুৱা চক্ৰৱৰ্তীয়ে।

‘কাঠফুলা’ নাটকখনৰ দুটি গুৰুত্বপূৰ্ণ মূল চৰিত্ৰ মমতাজ আৰু বেদানাৰ চৰিত্ৰত সাৱলীল অভিনয়েৰে দৰ্শকৰ সমাদৰ লাভ কৰে প্ৰতিভাৱান যুৱ শিল্পী নয়নজ্যোতি শইকীয়া আৰু প্ৰাচী শৰ্মাই। নাটখনৰ অন্যান্য চৰিত্ৰসমূহ ৰূপায়ণ কৰে তপন গোস্বামী (চফুৰ), মিলন দাস (ডাক্তৰ), খঞ্জন কুমাৰ বৰা (মদন) আৰু দীপাংকৰ বৰা (বনুৱা)-ই। অভিনয়, সংগীত, পোহৰ— সকলো দিশৰ সুষম মিশ্ৰণৰে ছৈয়দ আব্দুল মালিকৰ এই বিখ্যাত গল্পটোৰ নাটকীয় উপস্থাপনৰ ক্ষেত্ৰত পৰিচালক কুশল ডেকা পূৰামাত্ৰাই সফল হোৱা বুলি একাষাৰে ক’ব পাৰি।

নাট সমাৰোহৰ দ্বিতীয় নিশাৰ প্ৰথমখন নাটক আছিল গুৱাহাটীৰ ভয়চ্ থিয়েটাৰে নিৱেদন কৰা যশস্বী নাট্যকাৰ হিল্লোল কুমাৰ পাঠকৰ ৰচনা আৰু বিশিষ্ট নাট পৰিচালক মাণিক ৰয়ৰ পৰিচালনাৰে ‘মধুমক্ষিকা’ । এগৰাকী অভিনেত্ৰীৰ মঞ্চপ্ৰীতি, অভিনয়ৰ দুৰ্বাৰ বাসনা আৰু তাৰ বিপৰীতে পৰিস্থিতিৰ পাকচক্ৰত পৰি সংঘাতজৰ্জৰ জীৱনৰ সঁচা নাটকখনত সোমাই পৰি সন্মুখীন হোৱা ৰূঢ় বাস্তৱৰ আধাৰত নিৰ্মিত নাট্য কাহিনীটোত সুদক্ষ অভিনয় কৰে সুনিপুণ অভিনেত্ৰী ৰুণুমী দেৱী, সুদক্ষ অভিনেতা মাণিক ৰয়, মুকুট নাথ আৰু অৰিন্দম বৰাই।

দ্বিতীয় নিশাৰ দ্বিতীয়খনি নাটক আছিল পশ্চিম বংগৰ শান্তিপুৰ ৰংগপীঠে নিৱেদন কৰা বিশ্বজিৎ বিশ্বাসৰ ‘সাতঘৰীয়া’। এগৰাকী সাধাৰণ নাৰীৰ জীৱন সংগ্ৰামৰ নিটোল কাহিনীৰে সজোৱা নাটখনিয়ে উপস্থিত দৰ্শকসকলক আপ্লুত কৰি তোলে। বিশেষকৈ পশ্চিম বংগৰ এটি পিছপৰা গ্ৰামাঞ্চলৰ কিছু নিভাঁজ ছবি, তাৰ কিছু লোকসংস্কৃতিৰ অংশ, ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ আদিও উপস্থাপন কৰা হৈছে এই নাটকখনিৰ মাধ্যমেৰে। নাটকখনিৰ অভিনয় শিল্পীসকল হৈছে— নীলিমা বিশ্বাস, প্ৰশান্ত বিদ্বান্ত, অমিত মাহাতু, সমীত মাহাতু, জয়ন্ত লাহিড়ী, কল্যাণ কুমাৰ বসু, বিশ্বজিৎ বিশ্বাস, মিঠুৰাণী গোস্বামী, প্ৰণতি ধানী, ৰ’জী মণ্ডল, ৰহিত শেখ আৰু ৰিমি খাতুন।

naat

দ্বিতীয় নিশাৰ তৃতীয়খনি নাটক আছিল অসম বুৰঞ্জীৰ নজহা-নপমা চৰিত্ৰ মূলাগাভৰুক কেন্দ্ৰ কৰি খ্যাতনামা নাট্যকাৰ-পৰিচালক ড প্ৰাঞ্জল বুঢ়াগোহাঁইৰ ৰচনা আৰু পৰিচালনাৰে ধেমাজিৰ লিভিং থিয়েটাৰে (বিদ্যা দ্য লিভিং স্কুল) নিৱেদন কৰা— ‘আইচু’ । বিশেষভাৱে অসমীয়া নাৰীৰ বীৰত্ব গাথা তথা আহোম ৰাজত্বকালৰ বিভিন্ন দিশৰ প্ৰতিফলন, বিভিন্ন ঘাত-প্ৰতিঘাতক নেওচি কিদৰে মূলাগাভৰুৱে এদল গাভৰুক অস্ত্ৰ-শস্ত্ৰ শিক্ষাৰে প্ৰশিক্ষিত কৰি ৰণলৈ সাজু কৰি তুলিছিল, তাৰো সুন্দৰ আভাস নাটখনিৰ মাধ্যমেৰে নাট্যকাৰ-পৰিচালকে সজাই তুলিছে। মলয়া বৰুৱা, বিজয়লক্ষ্মী গগৈ, চয়নিকা শইকীয়া, খামচেং দিহিঙ্গীয়া, প্ৰস্তুতি দেউৰী, বনশ্ৰী মাচেং, ৰিমি চমচল, প্ৰত্যাশা দাস, মল্লিকা কুতুম, দিব্যানুজ বৰুৱা, জ্যোৎস্না ফুকনৰ অভিনয়েৰে নাটখনিয়ে দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়।

তৃতীয় তথা অন্তিম নিশা মঞ্চায়ন হয় তিনিখনকৈ আকৰ্ষণীয় ভিন্ন স্বাদৰ নাটক। ওৰিশাৰ ভুৱনেশ্বৰৰ ‘নায়িকা নাট্য চেতনা’ৰ দ্বাৰা পৰিৱেশিত সুবোধ পাটনায়কৰ ৰচনা আৰু সুজাতা প্ৰিয়ম্বদাৰ অভিনয় তথা পৰিচালনাৰে ‘ৰেৱতী সেৱতী ও তিবতি’ৰ লগতে মহাৰাষ্ট্ৰ পুনেৰ ‘অৰ্চা’ নাট্যগোষ্ঠীয়ে নাট্যকাৰ চাদাদ হাচানৰ ৰচনা আৰু সতীশ কুমাৰৰ পৰিচালনাৰে নিৱেদন কৰা ‘খোল দ’’ নাটখনিয়ে বিশেষ সমাদৰ লাভ কৰে। ‘খোল দো” নাটকখনত অভিনয় কৰে সতীশ কুমাৰ আৰু প্ৰৱীণ খাশি গাইকোৱাদে। তাৰ উপৰি সেই নিশা নাট সমাৰোহৰ মঞ্চত মঞ্চায়ন হয় বৰপেটাৰ মুখা নাট্যগোষ্ঠীয়ে নিৱেদন কৰা অসমৰ বিশিষ্ট নাট্যকাৰ প্ৰভাত গোস্বামীৰ ৰচনা আৰু যশস্বী পৰিচালক নিৰ্মল দাসৰ পৰিচালনাৰে ‘এটা নিশাৰ সংগিনী’ নাটকখনি। সাধাৰণ একোজন ব্যক্তি যিকোনো মুহূৰ্ততে সাৱধান হৈ থকা সত্ত্বেও বিপদত পৰিব পাৰে। মানৱতা ৰক্ষা কৰাৰ বাবে বা মানৱীয় প্ৰমূল্যবোধ ৰক্ষা কৰিবলৈ যাওঁতে আমি কেতিয়াবা একোটা আশা নকৰা বিপদ চপাই ল’বলগীয়া হয়। এনে এক পটভূমিত ৰচিত ‘এটা নিশাৰ সংগিনী’ নাটখনিত নিৰ্মল দাস, মনোজ দাস, মনজিৎ জেমছ, দীপশিখা দাসে সুদক্ষ, সাৱলীল অভিনয়েৰে দৰ্শকক বিমুগ্ধ কৰি তোলে।

২০০৫ বৰ্ষতে প্ৰতিষ্ঠা হোৱা বিশ্বনাথৰ ‘বৰ্ণম’ নাট্যগোষ্ঠীয়ে ইতিমধ্যেই অসমৰ বিশিষ্ট নাট্যকৰ্মী, পৰিচালক কুশল ডেকাৰ পৰিচালনা আৰু নেতৃত্বত অসমৰ তথা দেশৰ বিভিন্ন মঞ্চৰ লগতে বিদেশতো নাটক মঞ্চায়নৰে সুনাম কঢ়িয়াই আনিছে, অঞ্চলবাসীক গৌৰৱান্বিত কৰিছে। আজি ‘বৰ্ণম’ অসমৰ এক জাকতজিলিকা নাট্যচৰ্চাৰ অনুষ্ঠান। বিশ্বনাথৰ এচাম নাটকবলীয়া যুৱকৰ বহু কষ্ট আৰু ত্যাগ জড়িত হৈ আছে ‘বৰ্ণম’ৰ এই যাত্ৰাপথত। ‘বৰ্ণম’ৰ এই নাট্যযাত্ৰা অব্যাহত থাকক,— আমাৰ শুভ ইচ্ছা আৰু সহযোগিতা সদায় থাকিব।

❧ | আৰু পঢ়ক:

বিশ্বনাথ চাৰিআলিত বৰ্ণমৰ মৃণালী শৰ্মা ৰাষ্ট্ৰীয় নাট সমাৰোহ | হিমাংশু ৰণ্‌জন ভূঞা

Follow Nilacharai on Facebook