কিছুমান মানুহ থাকে, দেখাত তেনেই অপ্ৰয়োজনীয় যেন লগা কাম কিছুমান কৰি থাকে। যি সময়ত মানুহে নিজৰ অন্ন-বস্ত্ৰ-বাসস্থানৰ উন্নতৰ সংস্কৰণৰ সন্ধানত জীৱন পাত কৰে, সেই সময়ত তেনে লোকে সেইবিলাকৰ পৰা ফালৰি কাটি গৈ অন্য কিছুমান কাম কৰি জীৱনৰ অন্য অৰ্থৰ সন্ধান কৰে। সেই কামবিলাক নকৰিলেও হয়তো তেওঁ সুকলমেই জীৱনটো পাৰ কৰাই দিব পাৰিলেহেঁতেন, কিন্তু তেওঁ সেই সহজ জীৱনক স্বীকাৰ নকৰি কিছুমান নলগা জেং আঁজুৰি লয়। সেই আঁজুৰি লোৱা কাৰবাৰটোৱেই তেওঁক আকৌ অন্যতকৈ কিছু পৃথক কৰি তোলে। সমাজত তেওঁ পৃথক হৈ উঠে। মানুহে তেনে লোকৰ উপস্থিতি কমকৈ অনুভৱ কৰে, কিন্তু অনুপস্থিতি বেছিকৈ অনুভৱ কৰে।
বৰ্তমান গোলাঘাটৰ হামদৈপুলৰ বাসিন্দা বিপুল কুমাৰ ঠাকুৰৰ দুখন সংকলন পঢ়ি মোৰ তেনে ধাৰণা হ’ল। নিজৰ গাঁঠিৰ ধন ভাঙি তেওঁ ক্ষুদ্ৰ আলোচনী উলিয়ালে। সেই কামটো কৰিবলৈ তেওঁৰ ভিতৰত নিশ্চয় কিবা এটা ভয়ানক বস্তুৱে ক্ৰিয়া কৰি আছিল। ‘ৰিদম’ আৰু ‘স্পন্দন’ নামৰ সেই দুখন আলোচনীৰ বাবে মানুহৰ ওচৰলৈ গৈ গৈ লেখা আনিলে, ছপা কৰিলে আৰু সেইবোৰ প্ৰকাশ কৰি মানুহৰ ওচৰলৈ লৈ গ’ল। সৰু এটুকুৰা ঠাইত থাকি সেই জাতীয় কাম একাটা কৰি থাকিবলৈ মানুহে নিজৰ ভিতৰত কি ধৰণৰ চেতনাৰ চৰ্চা আৰু অনুশীলন কৰিব লাগিব, সেয়া ভাবিবলগীয়া কথা। লগতে মৰসাহ এটাও পোহপাল দিব লাগিব। ক্ষুদ্ৰ আলোচনীৰ নিজস্ব আয়তন আৰু আয়ুস থাকে, কেতিয়াবা সেইবিলাকে সাময়িক চিন্তাৰো প্ৰতিফলন ঘটাই সমসাময়িক উদ্দেশ্য একোটাক স্থায়ী ৰূপত থৈ যায়। বানপানী শুকুওৱাৰ পাছত পানী কিমানলৈ উঠিছিল, সেয়া মানুহৰ ঘৰবিলাকত থকা দাগবিলাক চাই যিদৰে অনুমান কৰিব পাৰি, ঠিক সেইদৰে ক্ষুদ্ৰ আলোচনী একোখনেও মানুহৰ এটা নিৰ্দিষ্ট সময়ৰ চিন্তা-চেতনা কিমানলৈ উঠিছিল, সেয়া দাগ কাটি থৈ দিয়ে। বিশ্ব পৰিপ্ৰেক্ষিতত সেই সময়ত সেই নিৰ্দিষ্ট অঞ্চলৰ মানুহে কিহত ব্যস্ত থাকিব লগা হৈছিল বা কেনে সংঘাত আৰু সংকটৰ মুখামুখি হ’ব লগা হৈছিল, সেইবোৰ দাগ কাটি থোৱা থাকে। বৃহৎ আলোচনীবিলাকে যিবোৰ কথাক তুচ্ছ বুলি ভাবিব লগা হয় বা তেনে ঘটনাক জানি-বুজি আওকাণ কৰা হয়, সেইবোৰ ঘটনাক এনে আলোচনীয়ে তুলি ধৰাৰ প্ৰয়াস কৰিব পাৰে। তদুপৰি কিছুমান ন-প্ৰতিভাক চিনাক্ত কৰিব পাৰি। সমাজ সম্পৰ্কে সাধাৰণ মানুহৰ মতামতো এনে আলোচনীৰ দ্বাৰা প্ৰকাশ কৰিব পাৰি। সেয়ে এই আলোচনীবিলাকৰ এক সুকীয়া মৰ্যাদা আছে।
সৃষ্টিৰ অভিজ্ঞতা: পূৰবী বৰমুদৈ
প্ৰকল্প ৰঞ্জন ভাগৱতী
কালৰ গতিত সেই আলোচনীবিলাক হেৰাই যায়। কাৰোবাৰ ব্যক্তিগত সংগ্ৰহত হয়তো তাৰে দুই-এটা সংখ্যা ওলায় আৰু পিছৰ পুৰুষে সেইবোৰৰ কোনো উৱাদিহ নাপায়। পইচা-পাতিৰ নাটনিৰ বাবে সেই সময়ত কাগজ, ছপা আদি কামত হাত ধৰিব লগা হোৱা বাবে উৱলি যোৱাৰ সম্ভাৱনা এটা অনবৰতে লৈয়েই তেনে আলোচনীয়ে জন্ম লয়। কিন্তু বিপুল কুমাৰ ঠাকুৰে নিজৰ উদ্যোগত প্ৰকাশ কৰা আলোচনীসমূহ পুনৰ একত্ৰ কৰি কিতাপৰ আকৃতিত প্ৰকাশ কৰি পেলাইছে। দেখাত তেনেই সাধাৰণ যেন লগা কাম। কিন্তু সেই কামটোৱে এটা সময়ক সহজে হেৰাই যাব নোৱৰা কৰি পেলালে। তেনে মানুহৰ সেই ধৰণৰ প্ৰচেষ্টাক আজি হয়তো অদৰকাৰী যেন লাগিব, কিন্তু পৰৱৰ্তী সময়ত সেইবিলাকে আচৰিত ধৰণৰ কিছুমান তথ্য আৰু প্ৰতিচ্ছবি মানুহৰ সমুখত তুলি ধৰিব। ভালেকেইজন সেই সময়ৰ নবীন আৰু বৰ্তমান প্ৰতিষ্ঠিত লোকক আমি সেই সংকলনটিত দেখিবলৈ পাইছোঁ। তদুপৰি কেইবাগৰাকীও নাম থকা লোকে নিজৰ চিন্তা আৰু মতামত নিজৰ ৰচনাৰ যোগেদি প্ৰকাশ কৰি নিজক সমাজৰ ওচৰত উন্মুক্ত কৰি ৰাখিছে। আমি তেনেদৰেই এই সংকলনটিৰ পৰা লাভৱান হওঁহক।
‘বাখৰুৱা’ বুলি ক’লে আমি কি বুজোঁ বাৰু? এই শব্দটোৰ ব্যৱহাৰ প্ৰায় নেহোৱাৰ দৰে। কাৰণ বাখৰুৰ ব্যৱহাৰেই নোহোৱা হৈ পৰিল। সকলো শব্দই মানুহৰ প্ৰয়োজনতহে সৃষ্টি হোৱা। মানুহে খেতি-বাতি কৰে, ধান-মাহ সামৰে, সেই ধান সামৰি সাঁচি ৰাখিবলৈ ভঁৰাল ব্যৱহাৰ কৰে। কিন্তু কম খেতি, অলপীয়া ধান সাঁচি ৰাখিবলৈ সেইজনৰ সিমান সাঠন নাথাকিবও পাৰে। গতিকে তেনে লোকে বাঁহৰ গাধৈ ফালি সৰুকৈ একোটা কোঠালি সাজি লয়। সেইটো বাখৰু। যিহেতু ধান খেতি কৰা আমাৰ নৱ প্ৰজন্মৰ হাতৰ পৰা আঁতৰি গৈছে আৰু খেতিৰ মাটি বিলাকত অন্য বিশাল আকৃতিৰ বস্তু কিছুমানহে গজি উঠিছে, সেয়ে মানুহৰ হাতৰ পৰা এই জাতীয় শব্দবোৰো হাত সৰকি গৈছে। উৎপাদন আৰু উৎপাদন শৈলীয়েহে ভাষা এটা বা এটা অঞ্চলৰ সাহিত্য-সংস্কৃতিৰ ৰূপ নিৰ্ধাৰণ কৰে।

গতিকে আজিৰ তাৰিখত বহুতো শব্দ অব্যৱহাৰে লুপ্ত কৰি পেলাইছে। বিপুল ঠাকুৰদেৱৰ এই গ্ৰন্থখনে আমাক সেই শব্দটোৰ ওচৰ চপাই আনিলে। বা ক’ব পাৰি যে শব্দটো বিচাৰ-খোঁচাৰি চাবলৈ বহুতৰ সুবিধা হ’ল। শব্দৰ লগত উমলি জামলি থকাসকলৰ বাবেতো কথাই নাই। জনাসকলে জানে যে বিপুল ঠাকুৰে বিভিন্ন আলোচনী-পত্ৰিকাত বিভিন্ন বিষয়ত ৰচনা লিখি থাকে। সেই ৰচনাখিনিৰ এটা অংশ সংকলিত কৰিছে, তাৰ নাম দিছে— ‘বাখৰু’। গতিকে নামটোতে লেখকৰ পৰিচয় পাব পাৰি। বেটুপাতৰ ‘বাখৰু’ নামটোৰ তলতে এটা শাৰীত লিখিছে— ‘এমুঠি খৰমিহলি চিন্তাৰ কুঠি’। অসমীয়া ভাষাত তেনেই ব্যৱহাৰ নোহোৱা শব্দ কিছুমানৰ চৰ্চাৰে তেখেতে সাহিত্য সৃষ্টি কৰিছে। এয়া এক অন্য ধৰণৰ অনুশীলন বিপুল ঠাকুৰৰ সাহিত্যত দেখিবলৈ পোৱা যায়। তেখেতৰ এই গ্ৰন্থখনৰ বিষয়সমূহ চিত্তাকৰ্ষক। বিজ্ঞান মনস্কতাৰ পৰা সংস্কৃতি, নাৰীৰ পৰা সমাজ জীৱন পোহৰ কৰা ব্যক্তিলৈকে বহু বিষয় তেখেতে সামৰিছে এই সংকলনটিত। চুটি চুটি ৰচনাসমূহত বিভিন্ন তথ্যৰে গধুৰ হৈ আছে। এটা সময়ত সেই তথ্যসমূহে মানুহক কিছুমান অন্য দিশ দেখুৱাব পাৰিব।

গ্ৰন্থ অনেক লিখা হৈছে, অনেক গ্ৰন্থ সময়ত নাইকিয়া হৈ গৈছে। সেইতো এটা ভিন্ন প্ৰসংগ। মই এই ৰচনাখন লিখাৰ কাৰণটো পৃথক। মানুহ এজনে নিজৰ গাঁঠিৰ ধন ভাঙি এই কিতাপবিলাক ছপা কৰি থাকিবলৈ যে নিজৰ মাজত এটা ভাবৰ জন্ম দিছে, সেইটো বহুত ডাঙৰ কথা। বহুত পইচা খৰচ কৰিবলৈ সামৰ্থ্য থকা লোকে পইচাৰ ব্যৱহাৰ নাজানি এনে কামত ব্যৱহাৰ কৰে যে সমাজত কোনে যোগাত্মক প্ৰভাৱ নপৰে। অযথা কোঢ়াল সৃষ্টি কৰা অনুষ্ঠান একোটাতে বহু ধন পানী কৰি দিয়ে। মঞ্চ-লাইটৰ পোহৰত এগাল মানুহৰ উপস্থিতিত গামোচা এখন পাবলৈকে বহু পইচা মানুহে খৰচ কৰি পেলায়। তাৰ পৰিৱৰ্তে এনে ধৰণৰ সৃষ্টিমুখী কামে মানুহক কিছু পৰিমাণে হ’লেও অন্য পথ দেখুৱাব পাৰে। বিপুল ঠাকুৰে কোনো বৃহৎ অনুষ্ঠানৰ পদবী পাব বুলি, কিবা পুৰস্কাৰ পাব বুলি এই কিতাপবিলাক ছপাই খৰচ কৰি থকা নাই। কেৱল নিজৰ মাজত এক সুন্দৰৰ সন্ধান কৰিছে। এয়া আজিৰ তাৰিখত এক বিকল্প হ’ব পাৰে। কেৱল কিতাপ ছপা কৰাকেই মই সৃষ্টিশীল কাম বুলি বুজাব খোজা নাই, মই ক’ব খুজিছোঁ যে অৰ্থপূৰ্ণ কামত যদি পইচা খৰচ কৰা নহয়, তেনে সমাজত ইয়াৰ ভাল প্ৰভাৱ নপৰে, কেৱল বিভিন্ন পৰ্যায়ৰ কোঢ়ালহে সৃষ্টি কৰিব। কোঢ়াল তেনেই অৰ্থহীন কাৰবাৰ। সেয়ে বিপুল ঠাকুৰৰ এই কিতাপ দুখনে মোক কিছু কথা ভবাত সহায় কৰিলে।
আহক, আনন্দ উদ্যোগী কবিসকল, আপোনালোকৰ কবিতা পাঠ কৰক
হীৰেন ভট্টাচাৰ্য

বাজপায়ীৰ বাছ আৰু দুটি সুৰীয়া কণ্ঠ
বিদ্যুৎ কুমাৰ ভূঞা

লোহা উপন্যাসৰ প্ৰসঙ্গত
ডা° ধ্ৰুৱজ্যোতি বৰা

যদি জীৱনে কান্দে নাই নাই বুলি
চন্দ্ৰ ফুকন

ভূপেন হাজৰিকাৰ ‘নতুন পুৰুষলৈ এখনি সৰু চিঠি’
ড° ভূপেন হাজৰিকা
HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক

