অসমীয়া কৃষ্টিৰ চমু আভাস (৫)

অসমীয়া কৃষ্টিৰ চমু আভাস (৫)

পূৰ্বৰ খণ্ড: অসমীয়া কৃষ্টিৰ চমু আভাস (৪)

পাঁচ.

ভাষা হিচাবে অসমীয়া সম্পূৰ্ণ বেলেগ। ইয়াৰ বৰ্ত্তমান গঠন প্ৰণালী প্ৰাচীন আদিম অসমীয়া ভাষাৰে ঐতিহাসিক পৰিণতি। সেই কাৰণে ‘ইয়াণ্ডাবু’ সন্ধিৰ পিছত যেতিয়া ইংৰাজে অসম অধিকাৰ কৰিলে, সেই সময়ত বৃটিচ শাসনৰ প্ৰাৰম্ভত আমোলাৰ ভাষা হ’ল বঙালী। স্বৰ্গীয় আনন্দৰাম ঢেকিয়াল ফুকন, স্বৰ্গীয় গুণাভিৰাম বৰুৱা, স্বৰ্গীয় হেমচন্দ্ৰ বৰুৱা আদি মহাপুৰুষসকলৰ আপ্ৰাণ চেষ্টাত আৰু এণ্ডাৰ্চন চাহাবৰ ঊনৈশ শতিকাৰ শেহ ভাগত ‘এচিয়াটিক জাৰ্নেল’ৰ প্ৰবন্ধই বুজাই দিলে যে অসমীয়া এটা সুকীয়া ভাষা; এই ভাষাৰ লগত বঙালী ভাষাৰ কোনো সম্বন্ধ নাই। বঙালীয়ে কয়, আমাৰ পিতা, তাহাৰ পিতা, তোমাৰ পিতা! কিন্তু অসমীয়াই কয়, মোৰ পিতা, তাৰ পিতায়েক, তোমাৰ পিতায়েৰা। এই গঠন হ’ল বড়ো-খছাৰীৰ পৰা অহা। বড়ো ভাষাত কয়, ‘আইনি আফা, বেনি বেফা, নেনি নেফা’। বাক্যৰ গঢ়ও বেলেগ; এই ভাষাত প্ৰথম কবিতা কোনে জানে, ‘বেং কান্দে তড়ড়ৎ চাপ্‌ড়া মাটিৰ তলত, নতুন তিৰীৰ ছাৱা কান্দে ছিড়া কানিৰ তলত’, অথবা ৰংপুৰ কুচবিহাৰৰ ‘তাৰ্‌ নাক্‌ ডাংৰা বেটাটা মোৰ্‌ চকু ডাংৰী বেটাটাৰ মন্‌ ফুচুলাই গেল্‌ হাতেৰ খাৰু দি’, নাইবা ‘অ’ মোৰ বাপ্‌ মুই আৰ কাম কৰিবাৰ নাপাৰং ৰে’ ইত্যাদি। শেহত আমি মাৰ্জ্জিত ভাষাত পাওঁ লেহী ডঙৰাৰ ডাকৰ বচন, বৰাহীৰজা মানকফাৰ আদেশত মাধৱ কন্দলীয়ে লিখা ৰামায়ণ, ভট্টদেৱৰ কথাগীতা, শঙ্কৰ-মাধৱ-দামোদৰ আদি মহাপুৰুষসকলৰ বৈষ্ণৱী সাহিত্য, শুকনাৰায়ণদেৱৰ পদ্মপুৰাণ, দুৰ্গাবৰীৰ গীত, আইনাম, বিয়ানাম, বৰগীত, বনগীত, বাৰমাহী গীত, দেহ-বিচাৰৰ গীত, গৰখীয়া গীত, থিয়-নাম, হীৰা নাম, বুৰঞ্জী আৰু আধুনিক যুগৰ প্ৰাৰম্ভৰ নবীন সাহিত্য আৰু আধুনিক সাহিত্য।

শ্ৰীশঙ্কৰদেৱৰ যুগতে হ’ল অসমীয়া শিল্পৰ চৰম বিকাশ। এই পৃথিৱীত যিসকল মহাপুৰুষে জন্মগ্ৰহণ কৰিছিল, তাৰ ভিতৰত তিনিজন মহাপুৰুষ আছিল কৃষ্টিৰ আকৰ। এজন হৈছে স্বয়ং শ্ৰীকৃষ্ণ। ‘কৃষ’ ধাতু লগ্ন কৃষ্টিৰ আকৰ কাৰণে তেওক কৃষ্ণ বুলিছিল। তেওঁ কি নাজানিছিল? গীত, বাদ্য, নৃত্য, ৰাজনীতি, ধনুৰ্বিদ্যা ইত্যাদি? তেওঁ  আছিল সৰ্বগুণনিধি। আৰু এজন আছিল ইটালীৰ লিওনাৰ্দো দ্যা ভিন্সি— তেও একেলগে বৈজ্ঞানিক, চিত্ৰকৰ আৰু ৰাজনীতিজ্ঞ পুৰুষ আছিল। আৰু এজন আছিল আমাৰ এই অসমৰে মহাপুৰুষ শ্ৰীশ্ৰীশঙ্কৰদেৱ, যাক আজিও অসমে গুৰু বুলি পূজা কৰি থাকে। সঁচাকৈয়ে আজি শ্ৰীশ্ৰীশঙ্কৰদেৱৰ যিকোনো কৃষ্টি বা সাহিত্য বাদ দিলে অসমীয়াৰ মৃত্যু হ’ব। শ্ৰীশ্ৰীশঙ্কৰ নাথাকিলে অসমীয়াৰ একোৱেই নাথাকে। এনে যি শ্ৰীশ্ৰীশঙ্কৰদেৱ, তেৰাই কিনো নাজানিছিল, কিনো নিদিছিল আৰু কিনো নিলিখিছিল! অসমীয়াক তেৰাই সকলো দি গৈছিল। অসমীয়াৰ গীত, বাদ্য, নৃত্য, সুৰ, সঞ্চৰাগ, সাহিত্য, ভাৱনা, নাম, কীৰ্ত্তন, ঘোষা, বৰগীত, অঙ্ক, নাট, নামঘৰ, খোল, মৃদঙ্গ, তাল, ভাঁজঘৰ, দোলযাত্ৰা, হাটী, ধন-পুঁজি (Bank), সমাজ, ধৰ্ম্ম, বিচাৰ নীতি, আইন, নৈতিক আন্দোলন, অহিংসা, ত্যাগ, ভোগ, বৈৰাগ্য, সমাধি— সকলো শ্ৰীশ্ৰীশঙ্কৰদেৱেহে অসমীয়াক দি গৈছিল। কেৱল অসমীয়াইহে সেইবিলাক ভালকৈ আয়ত্ত কৰিব পৰা নাই। এই শঙ্কৰদেৱৰ আলমতে অঙ্কীয়া নাট পাওঁ, ভাৱনা পাওঁ, পদ্ধতিত ৰচা বৰগীত, ৰাগ, সুৰসঞ্চ আদি পাওঁ। আজিও অসমীয়াই ভাৱনা পাতে মুখত-গাত ৰং, পিঠাগুৰি, হেঙ্গুল, হাইতাল নানা তৰহৰ সাজ-অলঙ্কাৰ পিন্ধি। পাতনিতে সৰু ধেমালি, বৰ ধেমালি, ঘোষা ধেমালি বাজে, নান্দী সুহাই একতালিৰ পিছত সূত্ৰধাৰ ভঙ্গিমাৰ চেৱে চেৱে সূত্ৰধাৰে নাচে, তাৰ পাছত গোসাঁই-গোসানী, ৰজা-ৰাণী, সৈন্য-সামন্ত, গোপিনী, বহুৱা আদি প্ৰৱেশ কৰে। নাটকৰ ঘটনা নানান গীত-বাদ্য-নৃত্যৰে হাঁহি, বিলাপ, বচনেৰে অঙ্গী-ভঙ্গীৰে প্ৰকাশিত হয়, শেহত কল্যাণ খৰমানত সমাপন হয়। এয়ে অসমৰ উৎকৃষ্ট অঙ্কীয়া নাট-ভাৱনা। এই নাট-ভাৱনা নাট্যশাস্ত্ৰ লিখা ভাৱনাৰ প্ৰকাশভঙ্গীও শাস্ত্ৰ সমৰ্থিত। কিন্তু তাৰ প্ৰকাশভঙ্গী, তাৰ গীত-মাত, সুৰ-সঞ্চ সকলো অসমীয়া। ভাৰতৰ আন আন সঙ্গীতৰ লগত বিশেষ সামঞ্জস্য নাই। মণিপুৰী নৃত্য কামৰূপীয়া সঙ্গীত পদ্ধতিৰ এটা শাখাহে। মণিপুৰৰ আদি নাম ‘মিতেই লৈপাক’ (মিশ্ৰিত জাতিৰ বাসভূমি); মানহঁতে এই দেশক ‘কা-ছে’ বা ‘কা-থে’ বুলিছিল; ‘মেখেলী’ নৈৰ পৰা সিহঁতক ‘মেঘলী’ বা ‘মগলু’ বুলিছিল; অসমীয়াই ‘মগলৌ’ বোলে। সিহঁতৰ আদি দেৱতা ‘পাখংবা’ বা নাগ। সিহঁত অষ্ট্ৰিক আৰু তিব্বত বৰ্ম্মীয় মিশ্ৰিত জাতি। গতিকে সিহঁত মিশ্ৰিত নাগ। সিহঁতৰ ‘লাই-হৰাওবা’ নৃত্যই সেই আদিম অষ্ট্ৰিক আৰু মঙ্গোলীয় মিশ্ৰিত শিল্পৰ আভাস দিয়ে। অসমৰ ৰংপুৰত যেতিয়া ৰাজেশ্বৰ  সিংহ ৰজা আছিল, তেতিয়া মানে মণিপুৰ আক্ৰমণ কৰাত মণিপুৰৰ ৰজা জয়সিংহই তেওঁৰ জীয়েক কুৰঙ্গনয়নীৰ সৈতে পলাই আহি অসম ৰজাৰ আশ্ৰয় লৈছিল। মণিপুৰ ৰজাক ৰাজ সন্মান দিবলৈ বিৰাট আয়োজন কৰা হৈছিল। ঢুলীয়া, খুলীয়া, গায়ন, বায়ন সকলোৱে মিলি ৰাৱন বধ ভাওনা কৰিছিল। লগতে নটুৱা আদি নাচো নিশ্চয় দেখুওৱা হৈছিল। যেতিয়া মানক খেদি মণিপুৰ উদ্ধাৰ কৰা হ’ল আৰু মগলৌ কুঁৱৰী কুৰঙ্গনয়নীক ৰাজেশ্বৰ সিংহই বিবাহ কৰিলে, তেতিয়া মণিপুৰ ৰজাক বিদায় দিওঁতে মণিপুৰ ৰজালৈ অসমৰ আন আন দানৰ লগত নিশ্চয় অসমীয়া গায়ন-বায়ন, নটুৱা আদিও দিছিল। সেই অসমীয়া গায়ন-বায়ন, নটুৱাই মণিপুৰলৈ গৈ মণিপুৰত নৃত্য-বাদ্য-গীতৰ উৎকৰ্ষ সাধন কৰাইছিল। তাৰ ফলতে আজি মণিপুৰী নৃত্য জগদ্বিখ্যাত আৰু সেই মণিপুৰী নৃত্যত আজিও অসমীয়া নৃত্যৰ ছাঁ দেখা যায়। মণিপুৰীয়া ৰাসনৃত্যৰ গোপিনীৰ সাজ-সজ্জা আৰু অসমীয়া নটুৱাৰ সাজ-সজ্জাৰে উন্নত ধৰণৰ অনুকৰণ। আজি কামৰূপীয়া সঙ্গীত পদ্ধতিৰ শাখা এই মণিপুৰীয়া নৃত্য জগদ্বিখ্যাত হোৱাত অসমৰে গৌৰৱ চৰিছে, টুটা নাই। কিন্তু তাৰে ঘাই কামৰূপীয়া সঙ্গীত পদ্ধতি অসমীয়া সত্ৰ আৰু নামঘৰবিলাকৰ ভিতৰ চোতালত থকাৰ কাৰণে আজিও এই অসমীয়া সূক্ষ্ম কলা অসূৰ্য্যস্পৰ্শা। এনে স্থিতিশীলতাৰ যদি কিবা মূল্য আছে, তেন্তে অসমীয়াই নিশ্চয় যথা সময়ত সেই মূল্য পাব। মোৰ মতে, ভাৰতত তিনিটা ঘাই সঙ্গীত পদ্ধতি আছে— হিন্দুস্থানী সঙ্গীত, কৰ্ণাটকী সঙ্গীত পদ্ধতি আৰু কামৰূপীয়া সঙ্গীত পদ্ধতি। কামৰূপীয়া পদ্ধতিৰ নিজস্ব তাল আছে, ৰাগ আছে, আৰু নৃত্য আছে। তালৰ মাত্ৰা বিচিত্ৰা বিজ্ঞান সন্মত। তাল বহু আছে, যেনে— ৰূপক, একতালী, পৰিতাল, যতি, খৰমান ইত্যাদি। ৰাগও তেনে, যেনে— বেলোৱাৰ, আশাৱৰী, কানাড়া, পৰ্ব্বী, কল্যাণ ইত্যাদি। এই ৰাগবিলাগৰ বৰ্ণনা মালিতাও আছে। নৃত্যৰ কথা নকওঁৱেই। এই কামৰূপীয়া নৃত্য ভাৰতৰ ভিতৰত শ্ৰেষ্ঠ। তদুপৰি পৃথিৱীত নোহোৱা জাতীয় নৃত্যশাস্ত্ৰ ৰূপে অসমীয়াৰ ‘শ্ৰীহস্তমুক্তাৱলী’ আছে। গতিকে সঙ্গীতত অসমীয়াৰ এনে বহুমূলীয়া সম্পদ থাকিও আজি জগতৰ আগত অসমীয়াৰ নৃত্যকলা দেখুৱাবলৈ অসমীয়া অপাৰগ। তাৰ বাবে লাগে পুঁজি চৰ্চ্চা, সাধনা আৰু সাধনা আশ্ৰম। তাৰ বাবে লাগে বাট দেখুৱাওঁতা অসমীয়া বিষ্ণু ভাটখাণ্ডে। (ক্ৰমশঃ)

(ছপাৰ ভুল বুলি অনুভৱ কৰা অশুদ্ধি শুধৰোৱাৰ বাহিৰে ৰচনাৰ বানান পদ্ধতিত হাত দিয়া হোৱা নাই)

।। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই কনিহা ছাত্ৰ সন্মিলনীৰ সভাপতি হিচাপে প্ৰদান কৰা ভাষণটি পিছত ‘অসমীয়া কৃষ্টিৰ চমু আভাস’ নামেৰে পুস্তিকা আকাৰে ছপা হৈ ওলাইছিল। যদিও বৰ্তমানে ৰাভাদেৱৰ ৰচনা আৰু সৃষ্টিসমূহৰ স্বত্ত্ব উকলি যোৱা নাই, জাতীয় স্বাৰ্থত বৰ্তমানে প্ৰায় দুষ্প্ৰাপ্য হৈ পৰা পুস্তিকাখনি ধাৰাবাহিক ৰূপত ‘নীলা চৰাই’ত প্ৰকাশ কৰা হৈছে। এই সম্পৰ্কত কাৰোবাৰ কিবা আপত্তি থাকিলে অনুগ্ৰহ কৰি আমাক জনালে (editor @nilacharai.com) প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব। —সম্পাদক, নীলা চৰাই ।।

❧ | পৰৱৰ্তী খণ্ড: অসমীয়া কৃষ্টিৰ চমু আভাস (৬)

অসমীয়া কৃষ্টিৰ চমু আভাস (৫) | বিষ্ণুপ্ৰসাদ ৰাভা

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক