অসমীয়া কৃষ্টিৰ চমু আভাস (৬)

অসমীয়া কৃষ্টিৰ চমু আভাস (৬)
  • 28 Dec, 2012

পূৰ্বৰ খণ্ড: অসমীয়া কৃষ্টিৰ চমু আভাস (৫) 

ছয়.

সমত ‘চিত্ৰ-চিত্ৰাৰ্দ্ধ’ আৰু ‘আলেখ্য’ৰ বহু নিদৰ্শন দেখা যায়। ‘কামৰূপ অনুসন্ধান সমিতি’ৰ মিউজিয়াম দেখিলে গেৌৰৱত অসমীয়াৰবুকু ফুলিউঠে। কিন্তু মোৰ মতে সেই সংগ্ৰহ আৰ অনুসন্ধান এতিয়াও কেঁচুৱা অৱস্থাতেই আছে। তাৰ অনুসন্ধান আৰু প্ৰকাশ দেখিলে মনত হয় যেন সেইবিলাক অতি মৃদু গতিতহে চলিছে। তাৰ বাবে আমি সূৰ্য্যকুমাৰ ভূঞা আদি কৰি অসমৰ আন আন প্ৰত্নতত্ববিদ পণ্ডিতসকলক অনুৰোধ কৰোঁ যেন তেওঁলোকে নানান শাখা হাতত লৈ বিজ্ঞান মতে অনুসন্ধান বিশ্লেষণ কৰি অসমৰ গৃঢ়ততত্ব আৰু কাহিনী অসমীয়াৰ চকুৰ আগত সোনকালে মেলে। পুৰণি বস্তুৰে যেন নতুন সংস্কৰণ কৰি প্ৰকাশ নকৰে। অসমৰ গৌৰৱ সুপণ্ডিত ড° বাণীকান্ত কাকতি ডাঙৰীয়ালৈও আমাৰ একান্ত মিনতি যেন তেখেতে কেৱল পুথিগত বিদ্যাৰে বিশ্লেষণ কৰি পুথি নেলেখি প্ৰত্যেক জাতিৰ মানুহৰ লগত বেলেগ বেলেগ ভাষাত কথা পাতি নিজ অভিজ্ঞতাৰে পুথি লিখে। নহ’লে অতি কষ্টৰে লিখা তেখেতৰ পুথিৰ বহুতো ভুল থাকিবৰ সম্ভাৱনা থাকে। যি কি নহওক, ‘কামৰূপ অনুসন্ধান সমিতি’ৰ ঘৰটোৰ বাহিৰেও গোটেই অসমখনেই এটা বিৰাট মিউজিয়াম। ডাঙৰ ডাঙৰ শিলৰ যে কিমান আৱশ্যক তাৰ প্ৰমাণ পাওঁ নগা, মিকিৰ, খাচী আদিৰ শ্মশানত। মানুহ মৰিলে তাৰ স্মৃতি স্তম্ভ শিল পুতি থিয় কৰি যে দিব লাগে আজিও এই প্ৰথা এইবিলাক জাতিৰ মাজত দেখা যায়। এয়া হ’ল প্ৰস্তৰ যুগীয় প্ৰথা। আদিম যুগত অসমত এই প্ৰথা অষ্ট্ৰিক, ইণ্ডো-বৰ্ম্মম, মঙ্গোলীয় জাতিৰ মাজত বিশেষভাৱে আছিল। শেষত এই শিলবিলাক কাটি চিত্ৰিত কৰা হ’ল, তাৰে বহু চিত্ৰাৰ্দ্ধ (Teracotta) আজিও পাৰ্ব্বত্য অঞ্চলবিলাকত দেখা যায়। শেহত ডিমাপুৰত মঙ্গোলীয় খছাৰীসকলে গছ, লতা, চৰাই আঁকি এই স্তম্ভবিলাক উন্নত ধৰণেৰে সাজিলে; পাটশদীয়াৰ হাজাৰ ঘৰ কছাৰীসকলে কটা শিলৰ চিত্ৰাৰ্দ্ধবোৰেও তেনে গঢ় ল’লে। শেহত বৌদ্ধযুগ আহিল; অজন্তা, ইলোৰা, চাঞ্চী আদিত চিত্ৰকলা বাঢ়িলে। তাৰ ঢৌ অসমলৈও আহিল। আজিও অসমত শিলৰ, মাটিৰ, তামৰ, কাঁহৰ চিত্ৰ-চিত্ৰাৰ্দ্ধৰ বহুতো নিদৰ্শন গোটেই অসমতে সিঁচৰতি হৈ পৰি আছে। মহাপুৰুষীয়া বৈষ্ণৱ যুগৰ পৰা আমি আলেখ্যৰ অসংখ্য নিদৰ্শন পাওঁ। তাৰ আগতো যে আলেখ্যৰ উৎকৰ্ষ সাধন হৈছিল, তাৰ প্ৰমাণ পাওঁ ভাস্কৰ বৰ্ম্মনে পঠিওৱা ৰাজদূত হংসবেগৰ লগত উপঢৌকনবিলাকৰ ভিতৰত ছবি আঁকিবৰ তুলি, নানা ৰঙৰ মহীৰে ভৰা মহীচুঙা, কেতবোৰ অঁকা ছবি আৰু পৰিষ্কাৰ অঙ্কনযোগ্য পট— এইবিলাকত। আজিও কামৰূপ অনুসন্ধান সমিতিৰ ঘৰত আৰু বহুতো অসমীয়াৰ ঘৰত নানান ৰহণেৰে অঁকা ছবিৰে পৰিপূৰ্ণ সাঁচিপতীয়া পুথি পাওঁ। তদুপৰি পুৰণি দোলাত, চকধৰাত, জাপিত, পেৰাৰ ঢাকনিত, জপাত এনে আলেখ্যৰ নিদৰ্শন দেখা যায়। এইবিলাক ছবিৰ নিদৰ্শন অসমীয়া কৃষ্টি আৰু সংস্কৃতিৰ বহুমূলীয়া পৰিচয়। তদুপৰি শ্ৰীশ্ৰীশঙ্কৰদেৱে পতা নাট-ভাওনাৰ কাৰণে বৰপেটাৰ তাঁতিকুছিত আঁকি বোৱা তিনি কুৰি হাত বহল আৰু চাৰি কুৰি হাত দীঘল সাতবৈকুণ্ঠৰ লীলাৰ ছবিৰে ভৰা বৃন্দাবনী কাপোৰখন বয়ন শিল্পৰ পৰা শ্ৰেষ্ঠ নিদৰ্শন হ’লেও আলেখ্যৰ ফালৰ পৰা ইয়াৰ যথেষ্ট মূল্য আছে। এই সম্পত্তি হেনো এতিয়াও কুচবিহাৰত আছে। কিন্তু এই অধীনে কুচবিহাৰত বিচাৰোঁতে সেই নিদৰ্শনৰ কোনো সম্ভেদকে নাপালে। যি কি নহওক, চিত্ৰ, চিত্ৰাৰ্দ্ধ আৰু আলেখ্যৰ উৎকৰ্ষ সাধন যে অসমত এসময়ত যথেষ্ট হৈছিল তাৰ প্ৰমাণ বহুতো পোৱা যায়। আনকি আহোমসকলৰ সময়তো ইয়াৰ চৰ্চ্চা হৈছিল। এতিয়াও আন আন মূৰ্ত্তি আৰু সাঁচিপাতৰ চিত্ৰাৱলী আৰু তলাতল ঘৰৰ কাৰেঙৰ প্ৰাচীৰৰ গাত প্ৰাচীৰ-আলেখ্য (Fresco)ৰ ক্ষীণ নিদৰ্শন পোৱা যায়। এতিয়াও কছাৰীসকলৰ শেষ ৰাজধানী খাচপুৰ, মায়-বং আদিত এনে চিত্ৰ-চিত্ৰাৰ্দ্ধৰ নিদৰ্শন পোৱা যায়। মুঠতে ক’বলৈ গ’লে, চিত্ৰ-চিত্ৰাৰ্দ্ধ আৰু আলেখ্যত এসময়ত অসমীয়া কেতিয়াও পিছপৰা নাছিল। বৰং এইবিলাকৰ যতেষ্ট উৎকৰ্ষ সাধন হৈছিল।

বয়ন শিল্পৰ কৃষ্টিৰ বিষয়ে আলোচনা কৰা যাওক। অসম এখন বিচিত্ৰ প্ৰদেশ। ইয়াত আজি বিবিধ জাতিৰ মানুহে বাস কৰে। সেই কাৰণে নৃতত্ব আৰু ভাষা তত্বৰ বিদ্যাৰ্থীসকলৰ ই এখন বিশাল বিদ্যাৰ নিকেতন। ইয়াত উলঙ্গ নগাও থাকে। আৰু অদ্ধ-ন নগা, মিকিৰ, কুকি, তিপৰা, লুচাই, আবৰ, মিচিমি, অংকা, দফলা, গাৰো, কোচ, ৰাভা আদিও বাস কৰে। এজাতৰ গাৰোৱে কাপোৰ নবয়, গছৰ বাকলি পিন্ধে, গাত লয়। সেই গছৰ বাকলি বা ছালৰ উম যথেষ্ট থাকে; তাক গাত ল’লে জাৰ গুচে। অৰ্দ্ধলগ্ন জাতিৰ কিছুমানে কঁকালত ওদালৰ ছাল বা বেতৰ টেঙালি বান্ধি গাঁত খান্দি এবিধ তাঁত লগাই কাপোৰ বয়। তাৰ সূতা কপাহ, পশুৰ নোম, গছৰ আঁহ এইবিলাকৰ পৰা তৈয়াৰ কৰি লয়। ক্ৰমবিকাশৰ ফলত কপাহ খেতি কৰি সেই কপাহ বুটলি আনি নেওঠনিত তেওঠি ধনুৰে ধুনি পাজী তুলি যঁতৰত সূতা কাটি চোতালত কুৰ মৰা খুঁটা আদি পুতি বাটি কাঢ়ি বো তুলি ৰাচত সূতা সুমুৱাই তাঁত মেলি কাপোৰ উলিওৱা অসমীয়া কৃষ্টিৰ এটা ডাঙৰ পৰিচয়। তদুপৰি লাহ, নীল আদিৰে সূতা বুলোৱাও সংস্কৃতিৰ এটা ডাঙৰ নিদৰ্শন। কপাহী মেখেলা, ৰিহা, আঘোৰাণ, চুৰীয়া, গামোচা, পাগ, টঙালী, চাদৰ, চেলেং, বৰকাপোৰ; বড়োসকলৰ দখনা, মেখেলা আদি; ডিমাছা খছাৰীসকলৰ ৰিগু, ৰিজাংফাই, ৰিখাওদছা আদি চালে অসমীয়াৰ সাজ-পাৰ যে কিমান ওখ ধৰণৰ তাক বুজিব পাৰি। তাৰ লগে লগে মিৰজাই চোলা, চুটিয়া চোলা, এঙা চোলাস হাতীশুঁৰীয়া চোলা, বৰপাগ, মথুৰা পাগ, হাতীশুঁৰীয়া পাগ, সূত্ৰধাৰী পাগ ইত্যাদি সাজ-সৰঞ্জাম দেখিলে কোন অসমীয়াৰনো প্ৰাণৰ প্ৰাণত গহীন ভাব নাহে? সেই প্ৰাচীন খিংখাপ, গোমচেং, চাতোন আদি উৎকৃষ্ট কাপোৰ ব’বলৈ আজি মিল-কাৰখানাৰ কাপোৰ পাই অসমীয়া কাজী শিপিনীৰ পাহৰি পেলালে। এতিয়া জানে কেৱল এড়ি, মুগা, পাট আৰু কপাহী কাপোৰ ব’বলৈ। মুগা অসমীয়া শিপিনীৰ শ্ৰেষ্ঠ অৱদান। চোমনীৰ পৰা মুগা আনি ভাওৰীত সূতা কাটি কাপোৰ বই এনে সোণালী কাপোৰ উলিয়াব কোনে পাৰে? আজি এই পৃথিৱীত সামান্য অসমীয়া মানুহেও সোণাৰ বস্ত্ৰ, সোণাৰ চোলা পিন্ধি গেৌৰৱ অনুভৱ কৰিব পাৰে। (ক্ৰমশঃ)

(ছপাৰ ভুল বুলি অনুভৱ কৰা অশুদ্ধি শুধৰোৱাৰ বাহিৰে ৰচনাৰ বানান পদ্ধতিত হাত দিয়া হোৱা নাই)

।। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই কনিহা ছাত্ৰ সন্মিলনীৰ সভাপতি হিচাপে প্ৰদান কৰা ভাষণটি পিছত ‘অসমীয়া কৃষ্টিৰ চমু আভাস’ নামেৰে পুস্তিকা আকাৰে ছপা হৈ ওলাইছিল। যদিও বৰ্তমানে ৰাভাদেৱৰ ৰচনা আৰু সৃষ্টিসমূহৰ স্বত্ত্ব উকলি যোৱা নাই, জাতীয় স্বাৰ্থত বৰ্তমানে প্ৰায় দুষ্প্ৰাপ্য হৈ পৰা পুস্তিকাখনি ধাৰাবাহিক ৰূপত ‘নীলা চৰাই’ত প্ৰকাশ কৰা হৈছে। এই সম্পৰ্কত কাৰোবাৰ কিবা আপত্তি থাকিলে অনুগ্ৰহ কৰি আমাক জনালে (editor @nilacharai.com) প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব। —সম্পাদক, নীলা চৰাই ।।

❧ | পৰৱৰ্তী খণ্ড: অসমীয়া কৃষ্টিৰ চমু আভাস (৭)

অসমীয়া কৃষ্টিৰ চমু আভাস (৬) | বিষ্ণুপ্ৰসাদ ৰাভা

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক