অসমীয়া কৃষ্টিৰ চমু আভাস (৪)

অসমীয়া কৃষ্টিৰ চমু আভাস (৪)
  • 17 Sep, 2012

পূৰ্বৰ খণ্ড: অসমীয়া কৃষ্টিৰ চমু আভাস (৩)

চাৰি.

যে তিয়া নকৈ সনাতন ধৰ্ম আৰ সনাতন সমাজ প্ৰতিষ্ঠিত হ’ল, বৌদ্ধ যুগৰ সেই পণ্ডিতসকল ব্ৰাহ্মণত পৰিণত হ’ল। সেই চতুৰ কৃত্ৰিম ব্ৰাহ্মণসকলৰ যাদুকৰী কল্পনামূলক চক্ৰান্তত অসমৰ আদিম ৰজাসকল দীক্ষিত হৈ প্ৰজাসকলৰ পৰা বেলেগ জাতিত পৰিণত হ’ল। এইদৰে ৰজা আৰু প্ৰজাৰ মাজত বিভেদ সৃষ্টি কৰি ব্ৰাহ্মণসকলে ব্ৰাহ্মণ্য প্ৰাধান্য পুনৰ্স্থাপন কৰিলে। বৌদ্ধ ধৰ্মৰ আগতে যি উদাৰ বৈদিক সনাতন ধৰ্ম আছিল, আদিম উলঙ্গ বৰ্ব্বৰ যুগৰ যাদুকৰী দলৰ পৰা ধাতু যুগত পুৰোহিত শ্ৰেণীত পৰিণত হোৱা আৰু বৌদ্ধ যুগৰ সৰ্ব্বনাশ হোৱাৰ পাছত বৌদ্ধ পণ্ডিতসকলে সনাতন ধৰ্ম প্ৰতিষ্ঠা হোৱাৰ লগে লগে নিজক উচ্চতম শ্ৰেণীৰ বুলি চিনাকি দিয়া নতুন ব্ৰাহ্মণসকলে সিহঁতৰ একচেতীয়া লিখনকলাৰ সহায় লৈ ছলে-বলে কৌশলে পুৰাণ শাস্ত্ৰ লিখি চতুৰ্বৰ্ণ সৃষ্টি কৰি সকলোৰে নমস্য হৈ সেই উদাৰ সনাতন ধৰ্ম জটিল কৰিলে। কৃষ্টি, সভ্যতা শেষত সিহঁতৰে একচেতীয়া সম্পতি হ’ল। বৌদ্ধ ধৰ্ম লোপ পোৱাৰ পাছত নতুন সনাতন ধৰ্ম আৰু নতুন সমাজ প্ৰতিষ্ঠিত হোৱাৰ লগে লগে এই ব্ৰাহ্মণ সম্প্ৰদায়ে এনে প্ৰতিপত্তি নিজস্ব প্ৰাধান্য ৰাখি লাভ কৰিলে। শেহত এই ব্ৰাহ্মণ আৰু ব্ৰাহ্মণ সম্পৰ্কিত জাতিসকলে নতুন শাস্ত্ৰ পুৰাণাদি ৰচনা কৰিলে। আদি কৃষ্টি, সভ্যতাৰ ৰূপ পৰিৱৰ্ত্তিত হ’ল, নতুন ৰূপান্তৰ ৰূপায়িত হ’ল। ঠাই, নৈৰ নাম সলনি হ’ল, আদিম দেৱ-দেৱী পুৰাণ শাস্ত্ৰৰ যোগেদি নিজৰ কৰি ল’লে। যেনে অসমক ডিমাছা কছাৰীসকলে কামৰূপ নুবুলিছিল, ‘কামৰূ’হে বুলিছিল; কামাখ্যা নুবুলিছিল, ‘কাম-লক্ষী’হে বুলিছিল, বড়ো-কছাৰীসকলে ‘কামক্ষী’ (খী), ‘কামক্ষা’হে বুলিছিল। এতিয়াও খেৰই পূজাৰ সময়ত গোসাঁই-গোসানীৰ আসন দিওঁতে ‘বাথৌ ব্ৰাই’ৰ বাওঁপিনে ‘ৰাগদেও’ৰ কাষতে ‘কামক্ষী’ গোসানীৰ আসন বড়ো-কছাৰীসকলে আজিও দিয়ে। খছাৰীসকলে ব্ৰহ্মপুত্ৰ নুবুলিছিল, ‘ভুল্লুংবুথুৰ’হে বুলিছিল, লৌহিত্য নুবুলিছিল, ‘টিলাও’হে বুলিছিল, ভৰালী বা ভৰলু নুবুলিছিল, ‘ভল্লী’হে (য’তে কেঁচাইখাতী গোসানীৰ থান থাকে, ত’তেই ওচৰতে ভৰালী বা ‘ভল্লী’ নদী থাকিবই) বুলিছিল। আৰু কিমান ক’ম? যেতিয়া কালিকাপুৰাণ, যোগিনীতন্ত্ৰ ৰচিত হ’ল, তেতিয়া তন্ত্ৰ প্ৰণেতাসকলে নানা গল্পৰে সজাই ‘কামৰূ’ক কামৰূপ কৰিলে, ‘কামলক্ষী” বা ‘কাম-খী’ (ক্ষী) বা ‘কাম-ক্ষা’ক কামাখ্যা কৰিলে, ‘ভুল্লুংবুথুৰ’ক ব্ৰহ্মপুত্ৰ কৰিলে, ‘টিলাও’ক লাওটি, লুইটি, লোহিত, লৌহিত্য কৰিলে। আহোমসকল যেতিয়া অসমলৈ আহিছিল, তেতিয়া তেওঁলোকে ব্ৰহ্মপুত্ৰ নদৰ নাম শুনা নাছিল, ‘টিলাও’হে শুনিছিল। এইদৰে পশ্চিমৰ এটা ডাঙৰ কৃষ্টি আৰু সভ্যতাই অসম অধিকাৰ কৰিলে। মুছলমানে যেতিয়া প্ৰথম অসম আক্ৰমণ কৰিছিল, তেতিয়া অসমক কামৰূপ বোলা নাছিল, ‘কামৰূ’ বা ‘কামৰূদ’ বুলিছিল। এইদৰে অসমৰ ভাষা-কৃষ্টি আৰু সভ্যতাই নতুন গঢ় ল’লে। (ক্ৰমশঃ)

(ছপাৰ ভুল বুলি অনুভৱ কৰা অশুদ্ধি শুধৰোৱাৰ বাহিৰে ৰচনাৰ বানান পদ্ধতিত হাত দিয়া হোৱা নাই)

।। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই কনিহা ছাত্ৰ সন্মিলনীৰ সভাপতি হিচাপে প্ৰদান কৰা ভাষণটি পিছত ‘অসমীয়া কৃষ্টিৰ চমু আভাস’ নামেৰে পুস্তিকা আকাৰে ছপা হৈ ওলাইছিল। যদিও বৰ্তমানে ৰাভাদেৱৰ ৰচনা আৰু সৃষ্টিসমূহৰ স্বত্ত্ব উকলি যোৱা নাই, জাতীয় স্বাৰ্থত বৰ্তমানে প্ৰায় দুষ্প্ৰাপ্য হৈ পৰা পুস্তিকাখনি ধাৰাবাহিক ৰূপত ‘নীলা চৰাই’ত প্ৰকাশ কৰা হৈছে। এই সম্পৰ্কত কাৰোবাৰ কিবা আপত্তি থাকিলে অনুগ্ৰহ কৰি আমাক জনালে (editor @nilacharai.com) প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব। —সম্পাদক, নীলা চৰাই ।।

❧ | পৰৱৰ্তী খণ্ড: অসমীয়া কৃষ্টিৰ চমু আভাস (৫)

অসমীয়া কৃষ্টিৰ চমু আভাস (৪) | বিষ্ণুপ্ৰসাদ ৰাভা

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক